বিশ্লেষণঃ আঞ্চলিকতাবাদক ধ্বংস কৰি নিৰ্বাচন জিকাৰ সহজ অংক :: কিশোৰ কুমাৰ কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ আঞ্চলিকতাবাদক ধ্বংস কৰি নিৰ্বাচন জিকাৰ সহজ অংক :: কিশোৰ কুমাৰ কলিতা

বিশ্লেষণঃ আঞ্চলিকতাবাদক ধ্বংস কৰি নিৰ্বাচন জিকাৰ সহজ অংক :: কিশোৰ কুমাৰ কলিতা

Share This
ASSAM ELECTION, AGP, BJP, CONGRESS, অসম নিৰ্বাচন, গণ পৰিষদ, বিজেপি, কংগ্ৰেছ
আঞ্চলিকতাবাদক ধ্বংস কৰি নিৰ্বাচন জিকাৰ সহজ অংক
কিশোৰ কুমাৰ কলিতা
২০১৬ৰ বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত অসমত চলিছিল কংগ্ৰেছ চৰকাৰবিৰােধী তীব্র প্রতিষ্ঠানবিৰােধী ঢৌ। কংগ্ৰেছ চৰকাৰৰ আমােলত সীমাহীন দুর্নীতি হােৱাৰ অভিযােগ তুলি ভাৰতীয় জনতা পার্টিয়ে উত্থাপন কৰিছিল ‘পৰিবৰ্তনৰ প্রতিশ্ৰুতি। অসমবাসীৰ আগত সজোৰে ঘােষণা দিছিল খিলঞ্জীয়া লােকৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ আপােচহীন সংকল্প। 
অসম ভৱিষ্য দর্শন দস্তাবেজ ২০১৬-২৫' (Assam Vision Document 2016-25) শীর্ষক বিজেপিৰ দস্তাবেজ প্ৰস্তাৱনাত মুখ্যমন্ত্রী পদ প্রার্থী সর্বানন্দ সােণোৱালে কৈছিল যে তেওঁলােকৰ ভাৰতীয় জনতা পার্টিয়ে যদি ক্ষমতা দখলৰ সুযােগ লাভ কৰে তেন্তে দলটোৱে ৰাজ্যখনৰ  সৰ্বস্তৰৰ বিকাশৰ এক নতুন যুগ আনিবলৈ অতিৰিক্তভৱে নিজকে সমর্পণ কৰিব। ‘অসম চুক্তি আৰু অনুপ্রৱেশ’ শীর্ষক শিতানত দলটোরে নিম্নোক্ত প্রতিশ্রুতিসমুহ উল্লেখ কৰিছিল— 
  • অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব। 
  • অসম চুক্তিৰ ৬নং দফা অনুযায়ী সাংবিধানিক, বিধায়িনী, সামাজিক আৰু সাংস্কৃতিক সুৰক্ষা প্রদান। 
  • সত্ৰ আৰু অন্যান্য ধর্মীয়, সাংস্কৃতিক আৰু পাবিবেশিক ভূমি অনুপ্রৱেশকাৰীৰ হাতৰ পৰা সুৰক্ষিত কৰা। 
  • চৰকাৰী মাটি বেদখল কৰি থকা সন্দেহযুক্ত লােকক আইনী যথাযথ প্রক্রিয়াৰ দ্বাৰা উচ্ছেদ কৰা। 
  • অনুপ্রৱেশকাৰীক নিযুক্তি দিয়া উদ্যোগ, ব্যৱসায় প্রতিষ্ঠান, SME আদিক কঠোৰভাৱে নাকী লগাবলৈ আইন প্রণয়ন। 
  • অসমৰ ভাৰত-বাংলাদেশ সীমান্ত সম্পূর্ণভাৱে ছীল কৰি দিবলৈ কেন্দ্রীয় চকাৰৰ সৈতে নিকটভাৱে কাম উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ সকলাে সন্দেহযুক্ত আৱাসীৰ নাগৰিকত্ব পৰীক্ষা কৰা। 

বিজেপি দলে আগবঢ়োৱা এই বৃহৎ আৰু দৃঢ় প্রতিশ্রুতিৰ পাছতাে কিন্তু দলটোৱে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল। নিজৰ আসন ৩০ খনত সীমাবদ্ধ থকাৰ বিপৰীতে মিত্র দল অসম গণ পৰিষদ আৰু বি পি এফে লাভ কৰিছিল মুঠ ১৪ খন আৰু ১২ খন আসন। আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দল লাভ কৰা আসন সংখ্যা আছিল ক্রমে ২৬ খন আৰু ১৩ খন (কংগ্ৰেছ আৰু এ আই ইউ ডি এফে লাভ কৰা সৰ্বমুঠ আসন হৈছিল ৩৯)। 

মন কৰিবলগীয়া কথাটো হ'ল কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বাওঁপন্থী শক্তিবােৰৰ মাজত মিত্রজোট নথকাৰ বাবে বিজেপি নেতৃত্বাধীন মিত্রজোটে ভােট বিভাজনৰ সুৰঙাৰে প্রায় বিশখন আসন লাভ কৰিছিল যাৰ ভিতৰত আহিল কাটিগড়া, গােসাইগাঁও, মঙলদৈ, লামড়িং, নগাঁও, ৰহা, সৰভোগ, বৰপেটা, উদাৰবন্দ, গােলকগঞ্জ, সােণাই আদিৰ দৰে সমষ্টি। অর্থাৎ বর্তমান গঠন হােৱা কংগ্ৰেছ নেতৃত্বাধীন মহাজোট যদি ২০১৬ সনতো থাকিলহেঁতেন তেন্তে মহাজোটে অতি সহজে ৫৯ খন আসন লাভ কৰিলেহেঁতেন।

আমি লগতে মনত ৰখাটো দৰকাৰ যে তীব্র প্রতিষ্ঠানবিৰােধী টৌ থকাৰ পিচতে ২০১১ চনৰ অসম বিধানসভা নির্বাসিত কংগ্ৰেছ দলে অকলে ৭৯ খন আসন লাভ কৰিছিল। অসম গণ পৰিষদ আৰু বিজেপি দলে উক্ত নির্বাচনত মে ৯ আৰু ৫ খন আসন লাভ কৰাৰ বিপৰীতে এ আই ইউ ডি এফ আৰু বি পি এফে লাভ কৰা আসন আছিল মে ১৮ আৰু ১২ খনকৈ আসন। এতিয়া ২০২১ নির্বাচনৰ আগত সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব (সংশোধনী) আইনৰ পৰিপ্ৰেক্ষিতত (বর্তমান কংগ্ৰেছ নেতৃত্বাধীন মহাজোট গঠনৰো মূল ভিত্তি হৈছে এই আইনৰ বিৰােধিত) বিজেপিবিৰুদ্ধ এক প্রতিষ্ঠানবিৰােধী ঢৌ বলাৰ পিচতো দলটোৱে দৃঢ়তাৰে কৈছে যে এই মিত্ৰজোঁটে অর্থাৎ অগপ, বিজেপি, ইউ পি পি এলৰ ৰাজনৈতিক বন্ধনে ১০১ খন আসন লাভ কৰিব (২০১৬ চনত অগপ-বিজেপি আৰু বি পি এফৰ সৰ্বমুঠ আসন সংখ্যা আছিল ৮৬ খন)।


অসমীয়া ভাষিক জাতীয়তাবাদ, অসমৰ থলুৱা ভাষাসংস্কৃতিক ‘কা’ৰ জৰিয়তে অস্তিত্ব সংকটলৈ নিক্ষেপ কৰা বুলি এক মহাঅভিযােগ অনাৰ পিচতে বিজেপিয়ে কিহৰ বাবে ইমান দৃঢ়তাৰে শতাধিক আসন পাব বুলি কৈছে? আমাৰ দৃষ্টিৰে সমগত নির্বাচনত বিজেপিয়ে পূর্বৰ তুলনাত আসন বেছিকৈ পাব বুলি নিশ্চিত হৈ থকাৰ কাৰণবােৰ এনেধৰণৰ-

১. জনগাঁথনিৰ পৰিবর্তনঃ আমি সকলােৱে জ্ঞাত যে ভাৰতবর্ষ বিভাজনৰ আটাইতকৈ কৰুণ আৰু ব্যাপক পৰিণতি ভুগিবলগা হ'ল আমাৰ দাঁতি কাষৰীয়া ৰাজ্য ত্ৰিপুৰাৰ খিলঞ্জীয়া জনগােষ্ঠীবােৰে। দেশ বিভাজনৰ পটভূমিত ত্ৰিপুৰালৈ লক্ষ লক্ষ লােকৰ প্ৰব্ৰজন ঘটিছিল (যাৰ সৰহসংখ্যকে আছিল বাংলাভাষী হিন্দু) আৰু প্রায় এটা দৰ্শকৰ ভিতৰতে এিপুৰাৰ স্থানীয় লােক হৈ পৰিছিল সংখ্যালঘু। ঔপনিবেশিক যুগ আৰম্ভ হােৱাৰ পিচৰে পৰা অসমলৈ ধৰাবাহিকভাৱে হােৱা প্ৰব্ৰজনে অনুৰূপ এক জনগাঁথনিগত পৰিবর্তন অসমত ইতিমধ্যে সৃষ্টি কৰিছে বুলি আমি ভাবাে। অর্থাৎ বিগত প্রায় দুটা শতিকাত অসমলৈ হােৱা ধাৰাবাহিক প্ৰব্ৰজনৰ পৰিণতিত অসমৰ থলুৱা জাতি-জনগােষ্ঠীবােৰ ইতিমধ্যে সংখ্যালঘুত পৰিণত হৈছে আৰু এইসকল লােকে ৰাজ্যখনৰ ৰাজনৈতিক ভবিষ্যৎ নির্ধাৰণ কৰাৰ বাবে সংখ্যাগত দিশৰ পৰা অসমর্থ। আমাৰ হাতত ২০২১ লােকপিয়লৰ তথ্য আহি পৰা নাই যদিও বিজেপিয়ে ইতিমধ্যে নিশ্চিত হৈছে যে অসমীয়া ভাষিক সম্প্রদায় তথা ক্ষুদ্ৰবৰ খিলঞ্জীয়া জনগােষ্ঠীবােৰক উপেক্ষা কৰি হলেও অন্যান্য প্ৰব্ৰজিত অনা-মুছলমান লােকৰ সমর্থন অসমত চৰকাৰ এখন প্রতিষ্ঠা কৰিব পাৰিব। সেয়ে ‘কা আন্দোলনৰ তীব্ৰ বিৰােধৰ পিচতাে বিজেপিয়ে এই সংখ্যাগৰিষ্ঠ লােকৰ সহযােগত এখন চৰকাৰ গঠন কৰিব পাৰিব বুলি দৃঢ়তাৰে ক'ব পাৰিছে। 

২. ভােটৰ বিভাজনঃ যদিহে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ মহাজোঁটত লগ লাগিলহেঁতেন তেন্তে বিজেপি তথা মিত্রশক্তিৰ বাবে চৰকাৰ গঠন কৰাটো নিশ্চিতভাৱেই এক ডাঙৰ প্ৰত্যাহ্বান হ'লহেতেন। কা-বিৰােধী সাম্প্রদায়িকতাবাদ-বিৰােধী, স্বৈৰাচাৰী শাসন-বিৰােধী আদি সকলাে ভোট পৰিলহেঁতেন মহাজোঁটৰ অংশীদাৰ প্ৰাৰ্থীৰ সপক্ষত। কিন্তু এতিয়া ৰাইজৰ দ'ল আৰু অসম জাতীয় পৰিষদেই বিজেপিৰ জয়ৰ বাট প্রশস্ত কৰাৰ বৃহত্তম সুযােগটোৰ সৃষ্টি কৰি দিছে। হিতাধিকাৰী, হিন্দুত্ববাদী, ‘কা’ সমর্থকসকলে বিজেপিৰ পক্ষত নিশ্চিত ভাৱে ভােট দিয়াৰ বিপৰীতে ‘কাবিৰােধী' সমগ্র ভােট দুটা বা তিনিটা ভাগত বিভক্ত হৈ পৰিব। গতিকে স্বাভাৱিকতে অসমীয়া তথা খিলঞ্জীয়া জাতি-জনগােষ্ঠীপ্রধান এলেকাবােৰতে তীব্র ‘কা’ বিৰােধিত থকাৰ পিচতে বিজেপি জয়ী হব।

৩. অগপৰ নিশ্চিত পতনঃ অসম গণ পৰিষদ দলৰ লগত মিত্ৰত হােৱাৰ দিনৰে পৰা বিজেপিৰ মূল লক্ষ্য আছিল অগপৰ ৰাজনৈতিক ভিত্তিত খহনীয়া আনি সেই গণভিত্তি বিজেপিৰ দখললৈ অনা। বিগত দুটা দশকত বিজেপিয়ে সেই কামত ষােল্ল অনাই সফল হৈছে আৰু এইবেলি অগপৰ দখলত থকা অসমীয়া ভাষী বৰ্ণহিন্দু জাতীয়তাবাদী আধিপত্যত থকা পাটাছাৰকুছি, বহমপুৰ, লখিমপুৰ আদিৰ দৰে সমষ্টি নিজ দখললৈ লৈ আনিছে। সন্দেহ নাই যে সমাগত কেইটামান বছৰৰ ভিতৰত অসম গণ পৰিষদ দলটো সম্পূৰ্ণৰূপে বিজেপিত জীণ যোৱাৰ বাহিৰে গত্যন্তৰ নাথাকিব। তদুপৰি অগপই দুই-চাৰিখন আসন পালেও সেয়া আজিৰ তাৰিখত সম্ভৱ হ’ব বিজেপিৰ কৃপাৰ বলতহে।
লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত। তেখেত অসমৰ এগৰাকী প্ৰতিষ্ঠিত নিবন্ধকাৰ-বিশ্লেষক। লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ অনুমতি ক্ৰমে ইউনিকোডত xukhdukh.com ত পুনৰ প্ৰকাশ কৰা হৈছে।
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবৰ বাবে একত্ৰ লিংকঃ 
 

No comments:

Post a Comment