গ্ৰন্থ আলোচনাঃ আহি থকা 'নীৰৱ বসন্ত':: বিজ্ঞানৰ আৱিস্কাৰ বনাম অভিশাপ? :: জুৰি বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনাঃ আহি থকা 'নীৰৱ বসন্ত':: বিজ্ঞানৰ আৱিস্কাৰ বনাম অভিশাপ? :: জুৰি বৰুৱা

গ্ৰন্থ আলোচনাঃ আহি থকা 'নীৰৱ বসন্ত':: বিজ্ঞানৰ আৱিস্কাৰ বনাম অভিশাপ? :: জুৰি বৰুৱা

Share This
,অসমীয়াৰ সুখ-দুখ,assam,assamese news,সুখ-দুখ live,সুখ-দুখ লাইভ,video,vlog,news,analysis,সুখদুখlive,অসমীয়া,সুখ দুখ live,সুখ দুখ লাইভ,assamese video,assamese music,mayurbora,dipagnkar malla baruah, অসমীয়া কাহিনী,অসমীয়া,অসমীয়া লিপি,অসমীয়া সাধু,অসমীয়া ব্যাকৰণ, himanta, sarbananda, gaurav gogoi, akhil, hiren gohain, nagen saikia, ananta kalita, কবিতা, গল্প, অসমীয়া কিতাপ, অসমীয়া কিতাপৰ পিডিফ, কিতাপৰ pdf, asomiya suwali, asomiya poem, nilim kumar,asomiya geet,asomiya koutuk,asomiya,ami asomiya,asomiya jokes, assam,assam news,assam latest news,assam news live,breaking news of assam,bjp assam,assam election news live, modi, shah, মোদী, অমিত শাহ, অসম, অসমীয়া প্ৰতিদিন, Asomiya Pratidin, Asomiya Khabar, Amar Asom, Dainik Janambhumi, অসমীয়া পেপাৰ, অনলাইন পেপাৰ, অসমীয়া পৰ্টেল, অসমীয়া চাকৰি, চাকৰি, Assamese news paper, online daily, Asomiya pratidin paper today, ZUBEEN GARG, জুবিন গাৰ্গ
আহি থকা 'নীৰৱ বসন্ত'
জুৰি বৰুৱা
১৯৪৩ চনৰ কথা। আমেৰিকাৰ বেছিভাগ ঠাইতে যুদ্ধ বিভিন্ন সামগ্রী প্রস্তুত কৰাৰ কাৰখানাবােৰ ক্রমান্বয়ে প্রাইভেট কোম্পানীবােৰৰ হাতলৈ গৈছিল। এই কোম্পানীবােৰে যুদ্ধৰ সামগ্ৰীৰ পৰিবৰ্তে আৰম্ভ কৰিছিল কীটনাশক দ্ৰব্যৰ উৎপাদন। এই কোম্পানীবােৰৰ আশে-পাশে থকা অঞ্চলবােৰ খেতিয়কসকলে লাহে লাহে কিছুমান পৰিবর্তন অনুভৱ কৰিবলৈ ধৰিলে। তেওঁলােকৰ গৰু-গাইৰ অস্বাভাবিক কিছুমান লক্ষণ দেখা দিলে। শস্য সাংঘাতিক পৰিমাণে নষ্ট হ’বলৈ ধৰিলে। আনকি মানুহবােৰৰ নানান নতুন অসুখত ভুগিবলৈ ধৰিলে। ২০২১ৰ পৰা ১৯৪৩ লৈ উভতি যােৱা জটিল। কিতাপ জপাই মই আকাশলৈ চালে। চৌপাশে শিমলুৰ বং থাকিলেও বাটৰ ধূলি মােহাৰি নিবলৈকে এজাক বৰষুণৰ প্রয়ােজন। বসন্তৰ উমান দিয়া, মন ফৰকাল কৰি তোলা এজাক হাতত সাবে, ভৰিত সাৰে অহা বৰষুণ। মুকলিকৈ খুলি নক'লেওঁ আমি সকলাে তেনে এজাক বৰষুণৰ অপেক্ষাত। ৰাছেল কাৰছন ( Rachel Carson ) ৰ 'Silent Spring পঢ়ি থাকোতে তেনে এজাক বৰষুণলৈ মনত পৰিল।
,অসমীয়াৰ সুখ-দুখ,assam,assamese news,সুখ-দুখ live,সুখ-দুখ লাইভ,video,vlog,news,analysis,সুখদুখlive,অসমীয়া,সুখ দুখ live,সুখ দুখ লাইভ,assamese video,assamese music,mayurbora,dipagnkar malla baruah, অসমীয়া কাহিনী,অসমীয়া,অসমীয়া লিপি,অসমীয়া সাধু,অসমীয়া ব্যাকৰণ, himanta, sarbananda, gaurav gogoi, akhil, hiren gohain, nagen saikia, ananta kalita, কবিতা, গল্প, অসমীয়া কিতাপ, অসমীয়া কিতাপৰ পিডিফ, কিতাপৰ pdf, asomiya suwali, asomiya poem, nilim kumar,asomiya geet,asomiya koutuk,asomiya,ami asomiya,asomiya jokes, assam,assam news,assam latest news,assam news live,breaking news of assam,bjp assam,assam election news live, modi, shah, মোদী, অমিত শাহ, অসম, অসমীয়া প্ৰতিদিন, Asomiya Pratidin, Asomiya Khabar, Amar Asom, Dainik Janambhumi, অসমীয়া পেপাৰ, অনলাইন পেপাৰ, অসমীয়া পৰ্টেল, অসমীয়া চাকৰি, চাকৰি, Assamese news paper, online daily, Asomiya pratidin paper today, ZUBEEN GARG, জুবিন গাৰ্গ
দুই মিলিয়নতকৈ অধিক কপি বিক্ৰী হােৱা এই কিতাপখনে মানৱ জাতিৰ সন্মুখত এক সত্য দাঙি ধৰিছিল এনেকৈ ‘মানুহে যদি প্রকৃতিক বিষ দিব পাৰে, প্রকৃতিও মানুহৰ বাবে বিষ হৈ পৰিব পাৰে। ডি ডি টিৰ দৰে কীটনাশকৰ বিৰুদ্ধে পােন প্ৰথমবাৰৰ মুকলি কৰি কাৰছনে বিশ্ববাসীৰ সন্মুখত আধুনিক পৰিবেশ বিজ্ঞানক জনপ্রিয় কৰি তােলাত ডাঙৰ ভূমিকা লৈছিল। ক’ভিউ-১৯ ৰ পৰৱৰ্তী পৃথিৱীখনত কাৰছনৰ 'নীৰৱ বসন্ত'ৰ গুৰুত্ব সেয়ে দিনক দিনে বাঢ়িছেহে। 

উদ্যোগকে দেশৰ আয়ুসৰেখা বুলি পতিয়ন গৈ প্রতিপত্তিশালী দেশ হিচাপে গঢ়ি উঠা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এলখেনি নদীৰ পাৰত ১৯৫৭ চনত স্প্ৰীংডেল চহৰত কাৰছনৰ জন্ম হৈছিল। নিজৰ শােৱা কোঠাৰ পৰা কাৰছনে দেখা পাইছিল আমেৰিকাৰ আঠা ফেক্টৰীত ক'লা ক'লা ধোঁৱাবােৰ। ফেক্টৰীৰ কীটনাশক গােন্ধে কাৰছনৰ দিন আৰু ৰাতিবােৰত আঠাৰ দৰে লাগি ধৰিছিল। স্প্ৰীংডেলৰ ১২০০ পৰিয়ালৰ বাবে এই গোন্ধ দৈনন্দিন ৰুটিনৰ অংশ হৈ পৰিলেও কাৰছনৰ বাবে সেয়া আছিল অগ্রহণযােগ্য।

কাৰছনৰ এলেহুৱা পিতৃ আৰু কয়লাৰ ফেক্টৰীৰ ছীফটত কাম কৰা বায়েকক দেখি দেখি অতিষ্ঠ হৈ পৰা মাকে আশা দেখিছিল মাত্র কাৰছনক লৈ। তেওঁ সপােন দেখিছিল কাৰছনেই এদিন স্প্ৰীংডেলৰ প্ৰদূষিত পৰিবেশৰ পৰা গােটেই পৰিয়ালটোকে উদ্ধাৰ কৰিব বুলি। পেনছিলভেনিয়া মহিলা কলেজৰ এটা স্কলাৰশ্বিপে কাৰছনক মুকলি কৰিছিল এই পৰিবেশৰ পৰা। গ্রেজুৱেচনৰ পিচত কাৰছন পাইছিলগৈ বাল্টিমূৰ। বাল্টিমূৰত জন হ'পকিনচ বিশ্ববিদ্যালয়ৰ পৰা প্রাণী বিজ্ঞানত কাৰছনে লাভ কৰিছিল স্নাতকোত্তৰ ডিগ্রী। কিন্তু তাৰ পিচতেই কাৰইনৰ পৰিয়ালে ভােগা অত্যাধিক ঋণৰ বোজাত তেওঁ উভতি আহিবলগীয়া হৈছিল আকৌ স্প্ৰীংডেললৈ। 

তাৰপিছত কাৰছনৰ জীৱনটো লেবৰেটৰিৰ পৰা হঠাৎ সলনি হয় সম্পাদনালৈ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মৎস্য আৰু বন্যপ্রাণী সেৱাৰ বিজ্ঞান সম্পাদক হিচাপে কাৰছনে যোগদান কৰে। এই সময়ছােৱাত অবৈতনিক ভাৱে কাৰছনে 'The Atlantic and Reader's Digest' শীর্ষক এক আলােচনীতে লিখিবলৈ আৰম্ভ কৰে। কাৰছনে সাগৰক ইমানেই ভাল পাইছিল যে তেওঁ সাগৰ সম্পর্কে সকলােবােৰ তথ্যই লিখিবলৈ আৰম্ভ কৰে। গ্রীষ্মকালীন বন্ধত সাগৰীয় কোন ঠাইত ফুৰিবলৈ যাব পাৰি, সাগৰীয় প্রাণীবােৰৰ জীৱন চক্ৰ কেনেকৈ বুজিব পাৰি আদি কথাবােৰেৰে কাৰনে মানুহৰ মাজত পৰিবেশৰ জনপ্রিয় কৰি তোলাৰ দৰে কাম কেৱল লিখাৰ মাধ্যমৰে চলাই আহিল। এই কথা তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল যে মানুহে যি ভাল পায়, তাকেই সংৰক্ষণ কৰে। সেয়ে পৰিবেশৰ প্রতি প্ৰেম আৰু কৌতূহল দুয়ােটা থকাটোৱে অত্যন্ত জৰুৰী। এনে কাৰণতে সাগৰ সম্পৰ্কীয় বিভিন্ন অভিজ্ঞতা আৰু কৌতূহলেৰে লিখি উলিয়াইছিল তিনিখনকৈ শ্রেষ্ঠ কিতাপ, 'The Sea around us', 'The edge of the Sea' আৰু "Under the Sea wind"  সাগৰৰ নেদেখা অভিজ্ঞতাক এই তিনিখন গ্রন্থৰে কাৰছনে মানুহৰ মাজলৈ লৈ গৈছিল। 'The Sea Around us শীর্ষক গ্ৰন্থখনৰ বাবে কাৰছনে লাভ কৰিছিল ৰাষ্ট্ৰীয় গ্রন্থ পুৰস্কাৰ। 

তাৰ পিচতাে কাৰছনে বিশ্ববাসীয়ে মনত ৰাখিছে "Silent Spring" ৰ বাবেহে। কিতাপখনৰ আৰম্ভণি হৈছে এটা মীথৰ পৰা “A fable for tomorrow' অর্থাৎ ‘কাইলৈৰ বাবে এটা কল্পনা। যত কাৰছনে লিখিছিল, ‘আমেৰিকাৰ এনেকুৱা এখন নগৰৰ বিষয়ে, য'ত সকলাে সুখী হৈ থাকিব পাৰে চৌপাশৰ সৈতে।' এটা মীথ অলীক কল্পনা সম্ভাৱনা মানৱ জাতি কল্পনাত বাচি থকাটো? হয়তাে লকডাউনৰ যাতনা সহ্য কৰি তাকে আমি এক কল্পনা বুলিয়ে মাফ কৰি দিলাে আৰু ৰৈ যােৱা জীৱনৰ পৰা চৌপাশৰ মুকলি প্রকৃতিক চাই আকৌ এবাৰ বুজিলাে অতদিনে নুবুজা এই সম্পর্কৰ আদৰক। প্ৰকৃতিৰ সৈতে নথকা মানুহৰ কোনাে কাৰণতে আন কাৰােবাৰ সৈতে সম্পর্ক থাকিব নােৱাৰে। কাৰছনে বুজোৱা এই উপলব্ধিকে মানৱ জাতিয়ে বুজাত পলম কৰিলে বাবেই আজিৰ এই পৃথিৱী ইমান জটিল। প্রকৃতিক ধ্বংস কৰাটো মানুহৰ আটাইতকৈ কুৎসিত বুদ্ধি- এই কথাকে কাৰছনে বুজাই গৈছিল সৰলকৈ।
xukhdukh.com, amazon.com, Rachel Carson Books
গ্ৰন্থখন পোনে পোনে আমাজনৰ পৰা কিনিবলৈ ওপৰৰ ফটোত ক্লিক কৰক

কিন্তু Silent Springৰ মূল বিষয়ে বিশ্ববাসীৰ সন্মুখত মুকলি কৰিছিল ডি ডি টিৰ প্ৰভাৱত পৰি দিনে দিনে বিষ হৈ পৰা এখন আমেৰিকাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ তেতিয়া ঔদ্যোগিকভাৱে এক নম্বৰ দেশ হিচাপে প্রতিপত্তিশালী হৈ পৰিছে। বিলাস আৰু বৈভৱৰ এখন ৰাষ্ট্ৰত অভাৱশূন্য হৈ পৰা সময়তে কাৰছনে দেখুৱালে দেশখনৰ মাটি, জীৱন চক্ৰ, পৰিস্থিতিতন্ত্র কীটনাশক দ্ৰব্যৰে বিষলৈ পৰিণত হােৱা আচল ছবিখন। পােন প্ৰথমবাৰৰ বাবে কাৰনে বিজ্ঞান আৰু আধুনিকতাক প্ৰত্যাহ্বান জনালে। ইয়াৰ আগলৈকে বিজ্ঞান সমাজত আবিষ্কাৰ কদৰ আছিল বেছি। অথচ সেই আবিষ্কাৰেই যে এদিন উভতি আহিব পাৰে মানৱ শৰীৰলৈ আৰু ভয়াৱহ কৰি তুলিব পাৰে মানৱ জাতিৰ ভবিষ্যৎ- এই কথাৰ মুকলি স্বীকাৰােক্তি কৰা নাছিল কোনেও।

ডি ডি টি প্রথম সংশ্লেষিত কৰা হৈছিল ১৬৭৪ চনত আৰু ১৯৩৪ চনত কীটনাশক দ্রব্য হিচাপে ইয়াৰ আৱিষ্কাৰ হৈছিল। পাউল হাৰমান মূলাৰে এই কামৰ বাবেই ১৯৪৮ চনত লাভ কৰিছিল নােবেল পুৰস্কাৰ। দ্বিতীয় মহাযুদ্ধৰ সময়ত আনকি সৈনিকসকলৰ গাৰ ওকণি মাৰিবলৈও ডি ডি টি ব্যৱহাৰ কৰা হৈছিল। কিন্তু ডি ডি টি কেৱল ইয়াৰ তীক্ষ্ণ প্রতিক্রিয়াৰ বাবেই জনপ্রিয় হােৱা নাছিল। ডি ডি টিক জনপ্রিয় কৰা হৈছিল ইয়াৰ অতিৰিক্ত উৎপাদন আৰু তাৰ বাবে লগোৱা অতিৰিক্ত শ্ৰমৰ বাবে। কাৰছনে প্রকাশ কৰিছিল যে দ্বিতীয় বিশ্বযুদ্ধৰ পিচত কাম হেৰােৱা পাইলটবােৰ আৰু তেওঁলােকে শ্রমদান কৰি উৎপাদন কৰা বুজনসংখ্যক ডি ডি টিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত নতুন বজাৰ আৰু উপভােক্তাৰ জন্ম দিয়াটো অতি প্রয়োজনীয় হৈ পৰিছিল। কাৰছনৰ মতে নিউক্লিয়াৰ শক্তিৰ সমান্তৰালকৈ সকলােৰে অগোচৰে আমাৰ চৌপাশে এক নীৰৱ বসন্ত বিয়পি পৰিছিল। মানুহে প্ৰকৃতিৰ ওপৰত চলােৱা ৰাসায়নিক বিক্রিয়াবােৰ উভতি যদি মানুহৰ দেহলৈকে আহে, তেন্তে তাত হতবাক হ'ব লগা একো নাই। এই কথা ক্ষোভেৰে লিখিছিল কাৰছনে।

The Silent Spring প্রকাশ পাইছিল ১৯৬২ চনৰ ২৭ ছেপ্টেম্বৰত। তাৰ আগতেই কিতাপখনৰ প্রকাশিত তথ্যৰ সত্যসত্যতা অনুসন্ধান কৰিবৰ বাবে প্রকাশক মিফলিনে সেইখনৰ সমালােচনাৰ দায়িত্ব দিছিল জীৱ বিজ্ঞনী ৰনাল্ড ক্লিমেন্টক। কিতাপখন প্রকাশ পােৱাৰ পিচত 'The Newyork Times'ত তিনি সপ্তাহলৈকে সেইখন ধাৰাবাহিকভাৱে শ্রেষ্ঠ জনপ্রিয় কিতাপ আহিল। কাৰছনৰ বক্তব্যই পােন প্রথমবাৰৰ বাবে বিশ্ববাসীৰ সন্মুখত দুটা শ্ৰেণীত সবলভাৱে চিনাক্ত কৰাই দিছিল। এটা বিজ্ঞানৰ সফলতাৰে চমক সৃষ্টি কৰা বিজ্ঞানীৰ শ্ৰেণী আৰু আনটো সাধাৰণ বিজ্ঞান প্রতি অতদিনে বিশ্বাস আৰু আশাৰে ৰৈ থকা মানুহ। এই দুটা শ্ৰেণীৰ মাজেৰে বিভাজনে বিজ্ঞানক ৰাজনীতিৰে অংশ হিচাপে প্রতিপন্ন কৰিছিল। এনে কাৰণতে যদিহে কোনাে সভ্যতাক কেৱল জ্ঞানেৰে জোখা হয়, তেন্তে ২১ শতিকা সদায় কৃতজ্ঞ  ৰাচেল কাৰছন নামৰ মহিলাগৰাকীৰ ওচৰত। যাৰ বাবেই দেশসমূহত পৰিবেশ আন্দোলনসমুহ আৰম্ভণি ঘটিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৃথিৱীখন বৈজ্ঞানিক সফলতাৰে ভৰপূৰ হৈ পৰাৰ পিছতে কেনেকৈ উন্নত শক্তিশালী দেশসমূহৰ পৰা অনুন্নত, নির্ভৰশীল দেশবােৰলৈ বিজ্ঞান সােমাই গ'ল– তাৰ আচল ছবিখনেহে আমাক পৰিবেশ পৰিবৰ্তনৰ মূল কাৰণসমূহ বুজাত সফল কৰিব।

কাৰছনে দেখুৱাইছে কেনেকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগে দ্বিতীয় বিশ্বযুদ্ধৰ পিচত ডি ডি টি আৰু অন্যান্য বাসায়নিক দ্রব্যসমূহৰ ঘৰুৱা উৎপাদন মুকলি কৰে। এই ডি ডি টি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশাল অঞ্চলুবােৰত আকাশৰ পৰা ছটিয়াই পেলােৱাৰ ধাৰাবাহিক প্রকল্পও আৰম্ভ হ'ল। সেই বিস্তৰ পথাৰবােৰত আৰম্ভ কৰা হ’ল লাখ লাখ কৃষি। কাৰছনেই পোন প্রথমবাৰৰ বাবে আমেৰিকাবাসীক এই কথা মুকলিকৈ কোৱাৰ সাহস কৰিলে যে কৃষি উৎপাদন বাঢ়িল যদিও শ শ চৰাই আৰু জীৱচক্ৰৰ বাবে প্রয়ােজনীয় অণুজীৱ এই কাৰ্যৰ বাবে হেৰাই গ'ল আৰু এই ৰাসায়নিক দ্রব্যবােৰ খাদ্য শৃংখল জৰিয়তে মানুহৰ দেহত সক্রিয় হবলৈ ধৰিলে। 

কাৰছনৰ এই গ্রন্থ সমালােচনাও হ'বলৈ ধৰে জোৰদাভাৱে। কাৰছনৰ বক্তব্যৰ বিৰুদ্ধে আটাইতকৈ খঙত গৰজি উঠে বিজ্ঞানী সমাজ। আমেৰিকাৰ ৰাসায়নিক সমাজে কাৰছনক কঠোৰভাৱে সমালােচনা কৰে। এই সমাজকে সদস্য বিখ্যাত বিজ্ঞানী ডঃ উইলিয়াম জে ডাৰ্বেই কাৰছনক সমালােচনা কৰি লিখে- 'Silence, Miss Carson'। তেওঁ লগতে কাৰছনৰ সমালােচনা কৰে দায়িত্বশীল, অত্যন্ত জ্ঞান-বিজ্ঞানীসকলৰ আৱিষ্কাৰক মানি নােলােৱাৰ বাবে। আনকি ডাৰ্বেই এই কথা উল্লেখ কৰে যে বিজ্ঞানে অগ্রগতি কৰিব বিচাৰে যদি কাৰছনৰ এই কিতাপক অৱহেলা কৰিব লাগিব। কেৱল এয়াই নহয়। ৰাছেল কাৰছনক আমেৰিকাত প্রতিপন্ন কৰিব বিচৰা হয় ৰাছিয়াৰ প্ৰচাৰক হিচাপেও। পশ্চিমীয়া দেশসমূহৰ খাদ্য উৎপাদন কৰা দক্ষতা হ্রাস কৰাটোৱে হৈছে কাৰছনৰ মূল উদ্দেশ্য— এনে ধৰণৰ বক্তব্যৰ মুখামুখি হয় কাৰছন। ইমানৰ পিচতাে 'The Silent Springক অৱহেলা কৰা নহয়। তাৰ পৰিবৰ্তে নিজৰ বক্তব্য মুকলিকৈ দাঙি ধৰিবলৈ কাৰছনক আবেদন জানাই ৰাষ্ট্ৰপতিৰ অনুসন্ধান কমিটীয়ে। ১৯৬৩ চনত জুন মাহত ছিনেটত উপস্থিত হৈ কাৰছনে কেৱল আহিবলগীয়া বিপদৰে কথা কৈ ৰৈ নাযায়। বৰঞ্চ তাৰবাবে প্রয়ােজনীয় আঁচনি সম্পর্কেও নিজৰ বক্তব্য ৰাখে। তেওঁ কয় যে এখন দেশে ব্যৱহাৰ কৰা অথবা উৎপাদন কৰা কীটনাশক ঔষধ সম্পর্কে জনাৰ অধিকাৰ আছে দেশখনৰ জনসাধাৰণৰ। ইয়াৰ পিচৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিত আকাশমার্গেৰে ডি ডি টি ছটিওৱা কার্য বন্ধ হৈ পৰে। আনকি তাৰ পিচতাে আমেৰিকা যুক্তৰাষ্ট্ৰত ডি ডি টিৰ উৎপাদন বন্ধ কৰাটোত সফল নহ'ল কাৰছন। ১৯৭২ চনত কাৰছনৰ মৃত্যুৰ ৮ বছৰ পিছত আমেৰিকা যুক্তৰাই ডি ডি টিৰ উৎপাদন বন্ধ কৰে, কেৱল ৰাজহুৱা স্বাস্থ্যজনিত উদ্দেশ্যৰ বাহিৰে। ২০০৭ চনত চীন দেশে ইয়াৰ উৎপাদন বন্ধ কৰাৰ কথা ৰাজহুৱা কৰে। ২০০৮ চনত আংশিকভাৱে ভাৰতবৰ্ষত ডি ডি টিৰ উৎপাদন বন্ধ হয়। অৱশ্যে কৃষিজনিত কামত ইয়াৰ ব্যৱহাৰ বন্ধ কৰিলেও মহৰ বংশবৃদ্ধি হ্রাস কৰিবলৈ এতিয়াও আমাৰ দেশত ডি ডি টিৰ উৎপাদন অব্যাহত আছে। কাৰছনৰ ‘The Silent Spring আজিও আমেৰিকাৰ কেইবাখনাে শক্তিশালী আইনৰ উৎসস্বৰূপ। ৰাষ্ট্ৰপতি নিক্সনৰ শাসনকালত 'বিশুদ্ধ বতাহ আৰু পানী আইন' তথা ১৯৭০ চনত দেশখনত আৰম্ভ কৰা হয় 'পাৰিবেশিক সুৰক্ষা এজেন্সি'। কিন্তু কাৰছনৰ এই যুঁজখন ইমানাে সহজ নাছিল। ৰাসায়নিক কোম্পানীসমূহেও কাjছনে উল্লেখ কৰা মীথটোৰ এটা পেৰডি উলিয়াইছিল— এটা নির্জন বর্ষ। পাঁচ পৃষ্ঠাৰ এক তথ্য পত্ৰৰ জৰিয়তে এই পেৰডি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিখন বাতৰি কাকততে ডাঙৰ ডাঙৰ হেডলাইনেৰে প্রকাশ পাইছিল এনেদৰে— কীটনাশক অবিহনে আমেৰিকাবাসীয়ে নিজৰ বাবে প্রয়ােজনীয় খাদ্য উৎপাদন কৰিব নােৱাৰে।

এনেদৰে বিগত ৫০ বছৰ ধৰি এখন কিতাপ বিশ্ববাসীক কেৱল পৰিবেশ সম্পর্কে সচেতনেই কৰােৱা নাই, বৰঞ্চ পৰিবেশত কীটনাশকৰ প্ৰভাৱৰ আৰৰ ৰাজনীতি সম্পর্কেও সঁকীয়াই আছে। কিন্তু ৫০ বছৰৰ পিচতো কাৰছন সমালােচনাৰ পৰা বাচি যােৱা নাই। আফ্রিকাত মেলেৰিয়াৰ ফলত মৃত্যু হােৱা হেজাৰ হেজাৰ শিশুৰ জীৱনক লৈ মিছেল ক্ৰিকটনে ৰচনা কৰা 'State of Fear' এটি চৰিত্ৰই এনেদৰে কৈছে—ডি ডি টি নিষিদ্ধ কৰাৰ বাবে হিটলাৰৰ ৰাজত্বতকৈও অধিক মানুহ মৃত্যুমুখত পৰিছে মেলেৰিয়াৰ বাবে।'

আজিৰ তাৰিখত কিন্তু The Silent Spring'ৰ পক্ষ লােৱা জনতা বেছি। কাৰণ এটাৰ পিচত এটা দুর্যোগে ইতিমধ্যে মানৱ জাতিক ভৱিষ্যৎ প্রজন্ম সম্পর্কে ভাবিবলৈ বাধ্য কৰাইছে। বিশেষকৈ ক'ভিডৰ পিছৰ পৃথিৱীখনত মানুহৰ প্রয়ােজনীয়তা আৰু বিজ্ঞানৰ কৰিশ্মা দুয়ােটাক লৈয়ে অসংখ্য কৌতূহলৰ জন্ম হৈছে। দেশসমূহৰ সাধাৰণ জনমানসতাে এই কথা সােমাই গৈছে যে কেৱল পৰিবেশৰ পৰা লুণ্ঠনেই শেষ সত্য নহয়, প্রকৃতিয়েও মানৱ জাতিক নীৰৱ বসন্ত হৈ লাহে লাহে নিঃশেষ কৰি আনিব পাৰি। য'ত ৰৈ পুৱাৰ খিৰিকী মেলি দিয়াৰ আনন্দ নাথাকিব পাৰে। থাকিব পাৰে সপােনৰ দৰে একোটা মীথ। কেৱল মীথ।
----------------------
লেখিকাৰ প্ৰকাশিত গল্প সংকলন

লেখিকা অসমীয়া ভাষা সাহিত্যৰ পথাৰত এগৰাকী প্ৰতিভাশালী গল্পকাৰ-নিবন্ধকাৰ ৰূপে পৰিচত। কটন কলেজৰ বাৰ্ষিক আলোচনী 'কটনিয়ান'ৰো সম্পাদনাৰ দায়িত্ব একালত লোৱা লেখিকাৰ গল্প সংকলন 'বেবিলনৰ দিন বেবিলনৰ ৰাতি'। TISS ৰ দৰে শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লভা লেখিকা, বৰ্তমান যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত সহকাৰী-অধ্যাপক ৰূপে কৰ্মৰত। লেখিকাৰ ফোন : ৭০৮৬৭৮০৮৩৮। লেখাটি পূৰ্বতে 'সাদিন' পৰিপূৰিকাতো প্ৰকাশ পাইছে। লেখিকাৰ অনুমতি মৰ্মে ইউনিকোড সংস্কৰণ ৰূপে পুনৰ প্ৰকাশ কৰা হৈছে 'অসমীয়াৰ সুখ-দুখ'ৰ পাতত। লেখিকাৰ নিজা ব্লগৰ ঠিকনাঃ https://juribaruah.blogspot.com/
লেখিকাৰ গল্প সংকলনখন 'হোম ডেলিভাৰী' পাবলৈ 'বৰ্ণ' বুক ডিষ্ট্ৰিবিউটৰচ সৈতে হোৱাটচএপ নম্বৰ 8822396733 ত যোগাযোগ কৰিব পাৰিব।

No comments:

Post a Comment