হাস্য ব্যংগ (ৰস ৰচনা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগ (ৰস ৰচনা)

হাস্য ব্যংগ (ৰস ৰচনা)

Share This
কনপোনাৰ কনফিডেঞ্চ

বিদেশত থাকোতে কনপোনাৰ কিমান কনফিডেঞ্চ আছিল জনা নাযায়। জানিবৰ উপায়ো নাছিল! তেতিয়া ৰাহু ককাইদেউয়ে ৰাউলিং ভিঞ্চি নাম লোৱাৰ দৰে কনপোনাও বা বিদেশৰ মাটিত বেলেগ নাম লৈ থাকিবও পাৰে। মোমাইদেউৰ দেশ ইটালীৰ পাছপৰ্টে ককাইদেৱে লোৱাৰ দৰে, আজো-ককা, ছশ বছৰীয়া শিপা থকা থাইলেণ্ড মাগুৰ দেশৰ পাচপোৰ্টলৈওটো থাকিব পাৰে আমাৰ কনপোনা কোনে জানে!

যি কি নহওক, কনপোনাক আণ্ডাৰ এষ্টিমেট কৰা সকলৰ অৱস্থা এতিয়া টাইট! এতিয়া বোলে কনপোনা ফেন ক্লাৱৰ টেগ লাইনেই বনাই দিয়া হৈছে "ডণ্ট আণ্ডাৰ এষ্টিমেট দ্যা পাৱাৰ অফ কমনপোনা"! আচলতে কাৰ কি প্ৰতিভা আছে, টিলেন আছে, মানে সেই টেলেণ্ট, সেইটো নেদেখুওৱালৈকে কোনে জানে! গুৱাহাটীত বাইকৱালা এটা থূলামামাই কাৰোবাকৰ ধৰকচোন, দেখিব, ভিনিদেউ ডিএছপি ওলাবই ওলাব, সেয়ে থূলা মামাই উলা-ভাই মূলা পালেহে ধৰে। কাৰ ক'ত পোতন আছে, শিপা আছে, গা-গছ চাই ধৰিব নোৱাৰে বুলি কনিষ্টবল হলেও বুজে!

বিদেশত কনপোনা চৰি মেলি আহিছে। বোলে অসমীয়াত কয়েই নহয়, বোলে, নানা দেশ ফুৰে যি, নানা কথা শিকে সি। সেয়ে কনপোনাই যে বহুত কথা নাজানে কেনেই কবহে! পিছে আমাৰ খাৰখোৱা কেইটামানে ভাবিলে, চহা ল'ৰা, বিদেশত পাপাকৰ পইচাৰে দিন কাতি আহিছে, মৌজ কৰি আহিছে। (গুৱাহাটীত গাঁৱৰ পৰা আহি মৌজ কৰি থকা কেইটাৰ ৰেহ-ৰূপ দেখিয়েই বিদেশৰ কথাবোৰ বুজিবই পাৰিয়েই দিয়কচোন! ৰেখাডাল টানি ভাবি ললেই হ'ল।) ইফালে নিজকে থলুৱা ষাঁড় বুলি ভাবি থকা খাৰ-খোৱা কেইটাই নিজৰ ঠাইতে খোৱা-কামোৰা, চান্দা-ডনেশ্বন কৰি থাকোতেই আকৌ সেই দেশ-বিদেশ ফুৰি ঘটা অমূল্য জ্ঞানকন লব নাপালেই নহয়!

এটা কথা মন কৰিব, বা মনত পেলাব। কনপোনাৰ বাপেকক বাৰুকৈ গ'ল দি খেলৰ পৰা বাহিৰ কৰিম বুলি মহা-গোঁজৰণি দি থকাজন আছিল আগতে ঘোঁৰাৰ গাড়ীত স্কুল যোৱা ল'ৰাহে! কালৰ বলত, তেওঁ পাছত গৈ যেনিবা এহাজাৰ কোটি মানৰ মালিক হবগৈ পাৰিলে কি ডাল হব! না শিক্ষা দীক্ষা ভালকৈ লব পাৰিলে, ছাত্ৰ সন্থা, অমুক-তমুক নাম ধৰি কালেকচন কৰি থাকোতেই গ'ল। তাৰ পাছত কূটনীতি,ৰাজনীতি কৰি থাকোতেই বয়সত পাব লগা একেকুৱা "বিদেশী শিক্ষা" কপালত নফলিয়ালেই নহয়। সেয়ে এইজনা খিলাড়ীয়ে গ'ল দিম দিম বুলি ভাবি থাকোতেই কনপোনা আহি হাজিৰ!

সঁচাই কনপোনাক অন্তত ৰাজনৈতিক টেঙাবলেই হওক বা ফুটবলেই হওক, সেইখন পথাৰত আণ্ডাৰ-এষ্টিমেট কৰাটো আছিল সাংঘাতিক ভুল।হেৰৌ ফুটবল প্ৰশিক্ষণৰ তীৰ্থ স্বৰূপ ইংলেণ্ডত গৈ সেইখন খেলৰ বিদেশী টেকনিক শিকি আহিছে। শিকি অহাই নহয়, তাতো টিলেন, নহয়হে টেলেণ্ট দেখাই ৰূপহী গাভৰু বলীয়া কৰি থৈ আহিছে। বলীয়া কৰি থৈ অহাৰ সঠিক তথ্য পোহৰলৈ নাহিলেও বগী মেম আনি সাক্ষাৎ বৰঘৰ শুৱনি কৰিছে। এটা ভাত পিটিকিলেই গোটেই চৰু ভাতৰ উমান পোৱা অসমীয়া জাতিয়ে পিছে কেনেকৈ কথাটো টং ধৰিব নোৱাৰিলে এতিয়া আকৌ তাকো বিশ্লেষণ কৰিব লগা হৈ পৰিছে।

নিজৰ ঘৰতে মানে খোদ অসমতে ছোটা ভীম চাই, ল'ৰাৰ মুখত সলসলীয়া ফকতিয়া হিন্দীয়ে বাঁহ লৈছে। পিছে সেইজনেও টিভিত কনপোনাৰ মুখত ভঙা ভঙা অসমীয়া শুনি পেটত ধৰি হাঁহিবলৈ এৰা নাই।সৰুৰে পৰা দিল্লীত থকা, পোনে পোনে বিদেশলৈ যোৱা কনপোনা হাল বাবলৈ গ'ল, তাকে লৈও চৰ্চা। ল'ৰাটোক ভেঙুচালি কৰাৰো এটা সীমা উচিত।সেইবোৰৰ সীমা, জেউৰা সকলো তহিলং কৰি অসমৰ সাংবাদিকে যিখনহে ছবি কনপোনাৰ দাঙি ধৰিবলৈ ল'লে, যেন তেওঁ অসমৰ জনী লিভাৰ হিৰণ্য ডেকাৰ কেৰিয়াৰ খাবলৈহে আহিল! ব্যংগ ব্যংগ আৰু ব্যংগ! নাপায়হে...

এফালে কনপোনাৰ পিছত লাগিল এজাক মান তোষামোদকাৰী চামচা। আমাৰ নিচাদেউৰ পেহীয়েকৰ পুতেকৰ নন্দেকৰ দদায়েকৰ সখীয়েকৰ ভনীয়েকৰ পুতেকেও আত্মীয়তা বিচাৰি লগ দিলে। গাড়ী দিলে, ঘোঁৰা দিলে, লগত গাড়ী লৈ সমদল কৰিবলৈ আহিল। লাগিলে বাপেকৰ পেঞ্চনৰ পইচাৰে লোন মৰা গাড়ী, তথাপি বোলে তুলসী কনপোনাৰ লগত এইসোপা কলপতুৱাৰো মুক্তি হওক বুলি মাক-বাপেকেও তেল খৰছ দিবলৈহে ধৰিলে। আজিকালি আমাৰ কনবোপাই সেই ছাৰৰ কনপোনাৰ লগত ঘূৰে বুলি গৌৰৱ কৰা মানুহে বাটে ঘাটে ধেৰ হ'ল।

কনপোনাক বোলে বিদেশতে শাহু আইয়ে কানত ফুকি মন্ত্ৰ দিছিল। মানুহৰ মন আৰু হৃদয়লৈ পোনবাট খাদ্য আৰু হাঁহি। সেই ফৰ্মূলাকে লৈ কনপোনাই ব্ৰহ্মাস্ত্ৰ পাট মাৰিলে। বোলে মাছৰ পুখুৰীলৈ গলো, মাছ কিয় বঢ়া নাই চালো! আমাৰ মাছ লুভীয়া মানুহৰ মনটো কনপোনা পুখুৰীৰ পাৰলৈ যাওতেই লক-লকাই উঠিলেই নহয়। তাকো পুখুৰী লাইভ দিবলৈ টিভি চেনেলৰ হেতা-উপৰা! থিতাতে গৱেষণা কৰি কনপোনাই কৰি দিলে নহয় ঘোষণা, বোলে মাছ খাবলৈ পাবলৈ ৰাইজ আমি মহিলা মাছক গুৰুত্ব দিব লাগিব। মহিলা মাছৰ স্বাস্থ্য ভাল হলেহে উৎপাদন বাঢ়িব। সেয়ে আমি মাছ উভৈনদী কৰিবলৈ মহিলা মাছৰ সৱলীকৰণ কৰিব লাগিব! মহিলা মাছ, মহিলা মাছ.... মানুহৰ হাঁহি, গৰ্জনি, নতুন কৌতুক এটা পাই, অন্ধ্ৰ প্ৰদেশৰ বৰফ দিয়া মাছ খোৱা পেটত বাঢ়ি অহা লোভটোৰ সৈতে মানুহ হাঁহি হাঁহি ফিট! ইফালে কনপোনা হিট!

পাছৰ কেইদিন বোলে মাছ গৱেষক, মৎস্য বিশেষজ্ঞ, বোলে কোন কিমান পানীৰ মাছ চিনি পায় কনপোনাই সকলো বাতৰি-কাকতত আলোচনা! কনপোনাৰ ইমেজ বেয়া কৰিবলৈ যিমানেই হাঁহি-ব্যংগৰ মছলা সানিলে সিমানেই কনপোনাৰ মৎস্য ব্যঞ্জন মাছ লুভীয়া অসমীয়া মানুহৰ বাবে মছলাদাৰ-সুস্বাদ্য হৈ উঠিবলৈ ধৰিলে।

কনপোনাই জৈৱিক খেতি কৰিম বুলি ক'লে। ইফালে সাংবাদিকে বাখ্যা কৰিলে বোলে, বিদেশত পঢ়া-শুনা কৰি আহি মানুহক এইবাৰ গোৱৰৰে খেতি কৰিবলৈ শিকাব এই বিশেষজ্ঞই! পিছে গঞা ৰাইজে ভাবিলে শিপা এৰা নাই বপুৰা কনপোনাই, আমাৰ কেইটাই দুশ্ৰেণী পঢ়িয়েই বাইকৰ পৰা ননমা হ'ল, এইচোন আদৰ্শ ল'ৰাহে। বুঢ়া-মেথাৰ হৃদয়ত থমথমকৈ বহিল কনপোনা! এছিয়া ভিত্তিক আলোচনাচক্ৰ পাতি আন্তঃজাৰ্তিক মঞ্চৰ মানুহ আনি ৰঙামাটি গুৱাহাটী দেখুৱাই দিলেহি। পিছে সেই দল আহি বৰঝাৰৰ পৰা জালুকাবাৰী চক পাওতেই জালুবৰীয়াৰ ঘৰত কিবা অশনি সংকেত দিয়া অমংগল অমংগল চিনে দেখা দিবলৈ ধৰিলে। বিদেশী ডেবেৰা কুকুৰেও হেনো হঠাত ফেউৰাৰ দৰে ভুকি উঠিল, কৰবাত বিজুলী মাৰিলে, কৰবাত খিৰিকি এনেয়ে খোলখাই গ'ল। ঘৰৰ চেনেলটোটো কিবা বিজুতিৰ চিগনেল আহিল..মুঠতে হাহাঁকাৰ...!

লগে লগে জ্যোতিষ বিদ্যাত ৰাপ থকা জালুকবৰীয়া শৰ্মাদাই নখ বাচনি মাৰিলে। বোলে শেষ, বাপেকক খেদি গাদী লম বুলি ভাবি থাকোতেই এই ৰাহুতো আহি মোৰ মঙ্গল হোৱাৰ বাটত আহি বহিলহি! উস ইমান দিনে সৰু ল'ৰা কিনো উমান পায় বুলি ভাবি আছিলো। কথা সাংঘাতিক! লগে লগে টিভি খুলি দেখে বোলো "ইলেক্ট্ৰিক" বুলি আলোচনী এখনো উলিয়াইছে কনপোনাই, জালুকদাৰ যেন শ্বক হে লাগিল। আকৌ ঘোষণা দেউতাকে বোলে চৰকাৰী খৰছত টিভি চেনেল খুলিব, সেইটোও চলাব খোদ কনপোনাই! গেল, গেল শ্ৰমতী দোকানখানো গেল, শৰ্মাদাৰ হিয়াখন হাঁহাকাৰ কৰি উঠিল। হে হৰি, গোজেই কেতিয়া গজালি হ'ল ধৰিবই নোৱাৰিলো ঐ বুলি শৰ্মাদা জ্বৰ ঘমাদি ঘামি ঠাইতে ফিট! হঠাত কিবা এটা ধমৰ কৈ পৰা শব্দ ৰিণিকি ৰিণিকি শুনি বাইদেৱে দৌৰি আহি মূৰত পানী চানি ঢালিহে ৰক্ষা! সন্ধিয়ালৈ টিভিত ঘোষণা কৰিলে জালুকদাই, বোলে আমাৰ কনপোনা একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব, স্থানীয় খেলত অংশ লোৱাৰ দৰকাই নাই! টেঙাবল আমিয়ে খেলিব, আমি মাটিৰ মানুহ, বোকাৰ মানুহ.....ইত্যাদি!

দেখিছে নখ বাচনি মাৰিব পাৰিলে কিমান সুবিধা।(আমিতো নখ বাচনি প্ৰাথমিক শিক্ষাত বাধ্যতামূলক কৰিব লাগে বুলিয়ে ভাবো!) এনেয়ে নো কনপোনাৰ বাপেকেও কথাই প্ৰতি যে মায়ঙৰ বেজৰ নাম লয়নে। কিন্তু থলুৱা বস্তুত ভৰসা নথকা সকলো কথাতে আমেৰিকাৰ সৈতে তুলনা কৰা বাপেকেও কনপোনাক আন্তঃজাৰ্তিক যাদু বিদ্যাৰ প্ৰশিক্ষকজনৰ লগতে দি দিলে নহয়। মিঞাচাহেবৰ যাদুৰ আগত জালুকবাৰী হব এলাইবাদু হব বুলি ভাবি!

পিছৰ চোৱা ৰাইজে দেখিলেই নহয়.... নখ বাচনিত প্ৰথম ধৰা পৰা কনপোনাৰ প্ৰতিভা এতিয়া কেনেকৈ সঁচাকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে। সৌ সিদিনালৈকে অসমত ভঙা ভঙা কথা কোৱা কনপোনাই একদম শ্ৰীমতীৰ মাতৃভাষাত চংচদ কঁপাই দিলে। কঁপনি শুনি এতিয়া ইণ্টাৰনেচনেল চৰকাৰেও ভাবিবলৈ লৈছে, বোলে কনপোনাৰ ৰাজ্যৰ পৰা গঁড়ৰ চাপ্লাইটো বন্ধই কৰি দিও নেকি...মানুহজন দেখিবলৈহে বেঙা, ভিতৰি ভিতৰি বম চেঙা!

কনপোনাৰ টিলেন এতিয়া ৰাহু বাবাইয়ো বুজি পাইছে। পাবৰে কথা, কনপোনাৰ বিদেশী বোৱাৰীৰ মুখ চাই মাকৰ সৈতে ঘৰলৈ ঘূৰি অহাৰ পাছৰে পৰা মাকৰ মুখৰ পৰা কমখন কেটেৰা জেঙেৰা শুনিছেনে! "সেইবোৰহে ল'ৰা" টাইপৰ! বিদেশলৈকো গ'ল, শিকিলে বুজিলে, বোৱাৰীও ঘটিলে! বাঘা বাঘা লোকেল খিলাড়ীকেইটিক পানী পানী খুৱাই দিলে বুলি খোদ খিলাড়ীকেইজনে লিখিতকৈ জনোৱাৰ পাছত আৰু কনপোনাৰ টিলেন হিডেন হৈ থাকিব পাৰেনে! এইবাৰ একদম উজ্বলি উঠিছে... ইংলিছ মেডিয়াত প্ৰৱন্ধ, ইংলিছ মেডিয়াত সাক্ষাৎকাৰ, বগী বোৱাৰীক পাটৰ কাপোৰ সাজ পিন্ধাই জাতীয়তাবাদী মছালা সানা ফটো! এইবাৰ আৰু কথা নাই, শাশু আইৰ মন্ত্ৰৰে অসমীয়াৰ হিয়া জিনি, কনপোনা এতিয়া কনফিডেন্ট! এতিয়া আকৌ ফেন ক্লাৱে কনপোনাক কিং বনাবলৈ ৰাস্তা বনাবলৈ ধৰিছে...ৰাস্তাৰ কাষত সেই একেই হৰ্ডিং... "ডু নট আণ্ডাৰ এষ্টিমেট দ্যা পাৱাৰ অৱ এ কমন পোনা!"

No comments:

Post a Comment