পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. "ইণ্ডিয়ান এক্সপ্ৰেছ" কাকতৰ বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপলৈ মহাৰাষ্ট্ৰৰ পুনেৰ "সৰহদ" নামৰ সংস্থটোৱে ২০১৪ বৰ্ষৰ বাবে আগবঢ়াইছে ডঃ ভূপেন হাজৰিকাৰ নামত প্ৰৱৰ্তিত স্মাৰক বঁটা। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফল উত্তৰ-পূৱৰ বিশিষ্ট ব্যক্তি সকলক এই বঁটা প্ৰদান কৰাৰ অৰ্থে সংগঠনটোৱে এই বঁটা ২০১২বৰ্ষৰে পৰা প্ৰৱৰ্তন কৰিছিল।
২. দিল্লীৰ চিৰি ফৰ্ট অডিটৰিয়ামত অহা ২২-২৪ আগষ্টত আয়োজিত হৈছে নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেল নামৰ চিনেমা, সংগীত আৰু খাদ্যৰ এক বিশেষ মহোৎসৱৰ।

৩. অসম চৰকাৰে ৰাজ্যৰ বাতৰি কাকত সমূহত প্ৰকাশিত চৰকাৰী বিজ্ঞাপনৰ নিৰিখ পঞ্চাশ শতাংশকৈ বৃদ্ধি কৰাৰ সুখবৰ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বহা এখন উচ্চ পৰ্যায়ৰ বৈঠকে বাতৰি-কাকত মালিক সন্থাৰ বহুদিনীয়া দাবী মানিয়েই এই নিৰিখ বৃদ্ধি কৰা বুলি জানিব পৰা গৈছে।

৪. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে "ভাৰত-ৰত্ন" প্ৰদান কৰাৰ দাবী তুলি অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অনুৰূপ দাবী কেন্দ্ৰীয় মন্ত্ৰী ৰূপে সৰ্বানন্দ সোনোৱালেও উত্থাপন কৰাৰো খবৰ প্ৰকাশিত হৈছে।

৫. তেজপুৰ পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী সমিতিয়ে অহা ২৩,২৪,২৫ জানুৱাৰী ২০১৫ত তিনিদিনীয়াকৈ সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ আয়োজন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে। ঐতিহাসিক বাণ থিয়েটাৰত অনুষ্ঠিত হব লগা এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৯৯৫৪১-৬৮৭৯১ ত যোগাযোগ কৰিব পাৰিব।

৬. বিশিষ্ট ভাষাতত্ত্ববিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ প্ৰাক্তন মুৰব্বী ডঃ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামীলৈ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান "সদস্য মহীয়ান"। বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঞিলৈ "সাহিত্যাচাৰ্য" সন্মান সাহিত্য সভাই আগবঢ়োৱা বুলিও সুখবৰ প্ৰকাশ কৰিছে প্ৰধান সম্পাদত প্ৰহ্লাদ চন্দ্ৰ তাছাই।

৭. ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত এইবাৰ নতুনকৈ সংযোজিত হব প্ৰথম তিৱা ভাষাৰ চিনেমা। "পাংচি" অৰ্থাৎ বাঁহী নামেৰে নিৰ্মাণ কৰিবলৈ ওলোৱা ছবিখনৰ কালি জোনবিলত হৈ যায় শুভ মহুৰত। প্ৰদীপ দেউৰীৰ কাহিনীৰে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ ৩০লাখ টকাৰে নিৰ্মাণ হব লগা ছবিখনে ৰাজ্যৰ সাংস্কৃতিক জগতলৈ বিশেষ অৱদান আগবঢ়াব বুলিও তিৱা সাহিত্য সভাৰ সভাপতি লালসিং মাদাৰে মত প্ৰকাশ কৰিছে।

৮. ৰঙিয়াত ৰাজ্যৰ প্ৰথম "সংস্কৃত দিৱস" পালিত হোৱাৰ সুখবৰ। দিৱসত অংশগ্ৰহণ কৰি ১৮৫খন সংস্কৃত টোল থকাৰ পাছতো অসমৰ সংস্কৃত শিক্ষাই বিকাশ লাভ কৰা নাই বুলি স্বীকাৰ কৰিলে ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকে। মহাকবি কালিদাসৰ জন্মদিনটোকেই ভাৰতত সংস্কৃত দিৱস ৰূপে পালন কৰা হয়।

৯. মৰিগাঁৱৰ বিশিষ্ট লেখিকা তথা জালুগুটি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পোনা দেৱী মহন্তৰ "সাহিত্য সংস্কৃতি" নামৰ নামৰ গ্ৰন্থখনি যোৱা ৮ আগষ্টত হয় উন্মোচিত। উন্মোচন কৰে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে।

১০. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় সুপ্ৰভা গোস্বামীৰ "সেইজন ময়েই" নামৰ এখনি অনুবাদ গ্ৰন্থ। উন্মোচনী সভাত বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, অনুৰাধা শৰ্মা পূজাৰী আদিয়ে অংশ গ্ৰহণ কৰে।

No comments:

Post a Comment