হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. গুৱাহাটীত আলুৱে হাফ-চেঞ্চুৰী কোবোৱাৰ কথা প্ৰকাশ পোৱাত খাৰখোৱা সন্থাই সন্তোষ প্ৰকাশ কৰিছে। এতিয়া আলুৰ দামে চেঞ্চুৰী কোৱাই ৰাষ্টীয় অভিলেখ গঢ়াত সহায় কৰিবলৈকো নহৰুল ছাৰক আগতীয়াকৈ সন্থাই আহ্বান জনাইছে।

২. ফাঁচী বজাৰত আলু বেপাৰী সংঘই এইবাৰ মঞ্চস্থ কৰিছে "ভয়ঙ্কৰ কৃত্ৰিম নাটনি" নামৰ এখনি নতুন নাটক। শীতলীকৰণ গৃহত আলু ৰূপ ধৰি স্বয়ং লক্ষ্মীদেৱীহে বসতি কৰাৰ এক ধাৰ্মিক কাহিনী এই নাটক যোগে তুলি ধৰিবলৈ চেষ্টা কৰা বুলিও জানিব পৰা গৈছে।

৩. নগাৰ বিভীষিকাতকৈ ঘৰত শ্ৰীমতীৰ খেচখেচনিৰ অত্যাচাৰ বেছি অশান্তিকৰ বুলি প্ৰকাশ কৰিলে শুই শুই বানচ লোৱা বিধায়ক তালুকদাৰদাই! সেয়ে নগাৰ উপদ্ৰৱলৈ চকু-কান মেলি চাবলৈ মনটো শান্ত কৰাৰ পৰিবেশ গঢ়াৰ বাবেহে মন্ত্ৰী-বিধায়ক সকলে কালি দৰমহা বৃদ্ধিত সৰ্ব-সন্মতি দিয়া বুলি প্ৰকাশ কৰিছে।

৪. ধেমাজিত ৰেখা চাপৰিত প্ৰৱল বৰষুণৰ ফলত মাথাউৰি ছিগাত বৰুণ দেৱতাক ধন্যবাদ জনালে জল-ধনসম্পদ বিভাগৰ ঠিকাদাৰ সন্থাই। এইদৰেই কৃপা বৰষি থাকিলে অহা বছৰৰৰ পৰা প্ৰতি বছৰেই দেৱতাৰ সন্মানত বৰুণ দিৱস সন্থাই পালন কৰিব বুলিও শপত খোৱাৰ কথাও জানিব পৰা গৈছে। ভেকুলী বিয়া পাতি হাতে হাতে ফল পোৱাতো এতিয়া সন্থাৰ বিষয়ববীয়া সকলে মিঠাই বিতৰণ কৰাৰ খবৰ আমালৈ আহিয়েই আছে।

৫. দৌৰবীৰ পৰমাৰ সৈতে সভাপতিৰ দৌৰত ভাগ লোৱাৰ পৰা এগৰাকী জ্যেষ্ঠ লেখিকাই আগতীয়াকৈ নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ বাতৰি পোৱা গৈছে। এতিয়া ভগৱানে পৰমাক সদবুদ্ধি দিলেই, নিজে পৰমানন্দে মেডেল বাইদেউক গতাই দিবগৈ বুলিও সচেতন ব্যক্তিসকলে আশা প্ৰকাশ কৰিছে। কলি যুগত এতিয়া ভগবানে সদবুদ্ধি সঠিক সময়ত দিবনে নিদিব তাকে লৈও পিছে আশংকা ভক্তগণৰ মাজত দূৰ হোৱা নাই বুলিও জানিব পৰা গৈছে।

৬. ডিফু কলেজত অধ্যক্ষক প্ৰহাৰ কৰা ছাত্ৰ সকলৰ সেইকেইখন হাত নহয় হাতোৰাহে বুলি চিকিৎসক সকলে ঘোষণা কৰিছে। সেয়ে গুণ্ডামী, ভণ্ডামী আদিৰ কাৰণে বিখ্যাত যুৱ হাতোৰা পাৰ্টিয়ে তেওঁলোকক অচিৰেই কেম্পাছ ইণ্টাৰভিউ যোগে নিজৰ দলত ভৰ্তি কৰিবলৈ ঠিৰাং কৰাৰো গোপন খবৰ জানিব পৰা গৈছে।

৭. বছৰি গড়ে ৮৪টা মানে মাহে প্ৰতি সাতটাকৈ বিদেশী বহিস্কাৰ হৈ থকাৰ বাতৰি পাই সদৌ অসম আন্দোলনকাৰী সংঘই সন্তোষ প্ৰকাশ কৰিছে। মেদিনী কঁপাই দিয়া আন্দোলনটোৰ ফলত অসম চুক্তিখন হ'ল বুলিহে অন্ততঃ ত্ৰিশ বছৰ ধৰি কমচেকম সাতটাকৈ
প্ৰতি মাহে বিদেশী বিতাড়িত হৈ আছে, নহ'লে খাটা খোলাই মুস্কিল হৈ পৰিলহেতেন বুলিও সংঘই মত প্ৰকাশ কৰিছে।

৮. দৰমহা বৃদ্ধিৰ বিধেয়কক লৈ বিৰোধী দলৰ নহয়, কেৱল বিসম্বাদী দলৰ জনপ্ৰতিনিধি সকলেহে প্ৰতিবাদ কৰাকলৈও এতিয়া প্ৰশ্ন উঠিছে। পইচা কাক নালাগে হাত দাঙিবলৈ আহ্বান জনোৱা পেনপেন বৰাই এতিয়া এইসকলৰ ছিণ্ডিকেট দোকানৰ অগাধ ধনৰ ফলত দৰমহা চুবলগীয়া নোহোৱাৰ বাবেহে এনেদৰে চং ধৰিবলৈ সাহস কৰিছে বুলিও সৱল ইংগিত প্ৰকাশ কৰিছে।

৯. মৌদী চাৰে কালি কাশ্মীৰত গৈ পাকিস্তানী সেনাই ভাৰতৰ লগত এনেয়ে তল-খুঁচৰীয়া যুদ্ধ কৰি থাকিল লাভ নাই বুলি ভাষণ প্ৰদান কৰে। ছাৰৰ শক্তিশালী ভাষণ শুনি পাকিস্তানী সেনাৰ বোধোদয় ঘটে আৰু এনে কাম ভৱিষ্যতে নকৰে বুলিও কানত ধৰি শপত খায়। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই বিৰল খবৰটো লাভ কৰি দেশবাসীয়ে বিমলানন্দ লাভ কৰা বুলিও ছাৰে টুইট যোগে প্ৰকাশ কৰিছে।

১০. ৰাহু মাইনাক প্ৰশংসা কৰি টুইট বা ফেচবুকত প্ৰতিদিনে একোটাকৈ বন্দনা পোষ্ট কৰিব পৰা সকলক অচিৰেই "সৃষ্টিশীল বন্দনাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ" দি সন্মান জনোৱা হব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। ছ'চিয়েল মেডিয়াত এনে লোক দুৰ্লভ হৈ পৰাৰ বাবে চিন্তাত পৰা মাতৃ আৰু ভগ্নীয়ে এনে প্ৰমোচনেল অফাৰ আগবঢ়াবলৈ গোপনে সিদ্ধান্ত লোৱাৰ কথাও সূত্ৰই প্ৰকাশ কৰিছে।

No comments:

Post a Comment