হাস্য ব্যংগৰে জীৱন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে জীৱন

হাস্য ব্যংগৰে জীৱন

Share This
ৰসাল হিতোপদেশ
১. গোটেই ৰাতি শুবলৈ এ.চি. চলালে টকা খৰছ নহয়, কিন্তু দিনত কম পোহৰ থাকিলে যদি কিবা এটা পঢ়ো বুলি লাইটটো জ্বলাই ল'লেই মনলৈ আহে, ধুৰ এনেয়ে খৰছ কৰিছো! লগে লগেই গম পাব, এক অলস অৰ্থহীন বিলাসী জীৱনৰ সৈতে আপুনি অভ্যস্ত হৈ পৰিছে৷

২. টকা দুশ দি বিদেশী সুৰাৰ কোৱাটাৰ এটি কিনি আনিবলৈ মনটো বেয়া নালাগে, কিন্তু আপেল এক কেজিৰ দাম এশ বিশ টকা বুলি শুনিলেই আপুনি সাত-জাপ মাৰি উঠিব৷ সেয়া স্বাভাৱিক, জানি থওক, আপেলত নিচা নথকাৰ বাবে আপুনি জগৰীয়া নহয়!

৩. তিনি ইঞ্চি দীঘল কপাহযুক্ত ধুম্ৰদন্দিকাডাল ছটকা দিবলৈ অকনো অস্বস্তি নহয়, কিন্তু ষোল্ল পৃষ্ঠাৰ দৈনিক বাতৰিকাকতখন কিনিবলৈ ছয় টকাটো বৰ গধুৰ হৈ পৰে৷ আনৰ পৰা লৈ এবাৰ চকু ফুৰাব পাৰিলেই যেন শান্তি৷ আপুনিও জানে, বেয়া খবৰবোৰ পঢ়ি মনটো গধুৰ কৰাতকৈ মনটো পাতল কৰিবৰ বাবে চিগাৰেটডাল আপোনাৰ বাবে বেছি প্ৰয়োজনীয়!

৪. আপুনি যদি মাত্ৰ দেওবাৰেহে মাছ মাংস কিনিবলৈ যাবলৈ লৈছে, গম পাব যে আপোনাৰ জীৱন ৰেফ্ৰিজাৰেটৰত থোৱা পাচলি খোৱা জীৱন হৈ পৰিছে, সেই শুকান, চেঁচা, ৰসহীন! তাতকৈ প্ৰতি সন্ধিয়া বাৰলৈ গৈ সতেজ সুৰা-মাছ-মাংস খাওক, আৰু সেৱা কৰ দি দেশ বচাওক!

৫. আপোনাৰ যদি আনৰ আৰ্জিত ধনেৰে জীৱনটো খোৱাৰ মন, তেন্তে সদৌ অসম জাতীয় সংগঠন এটা পঞ্জীয়ন কৰি লওক৷ আপোনাৰ মনে মিলা বন্ধুৰ সৈতে জাতীয় স্বাৰ্থত ক'লা বেপাৰীৰ পৰা ধন আনি আনি প্ৰতিটো সন্ধিয়া অন্ততঃ "ক'লা কুকুৰ" ব্ৰেণ্ডৰ সুৰাপান কৰক! তাৰে দুই এগিলাচ দি প্ৰভুভক্ত ভাইটি এজাক পুহিবলৈ নাপাহৰিব! সেইজাক নহ'লে আপোনাক সমালোচনা কৰা সকলৰ ঘৰলৈ শিলগুটি কোনে দলিয়াব?

৬. ভিনদেউৰ যদি ক'লা টকা বহুত তেন্তে ফেচবুকত আপুনি তেনে বাইদেউক টাৰ্গেট কৰক! ভালকৈ পতাব পাৰিলে দেখিব বাইদেউৰ প্ৰযোজনাত ভিচিডি অথবা অসমীয়া চিনেমাৰ পৰিচালক আপুনি হোৱাৰ সম্ভাৱনা বাৰুকৈয়ে বৃদ্ধি পাইছে৷ 

৭. আপুনি যদি ফেচবুকত বেছি লাইক আৰু বন্ধুৰ সংখ্যা গোটাব বিচাৰিছে, তেন্তে "মোদীময় জয়গান" গোৱা আৰম্ভ কৰক৷ দেখিব সেই ভক্তি সংগীতৰ ফেন সকল নিজে নিজেই আপোনাৰ কাষ চাপি আহিছে৷

৮. যদি ভাল ভাল সাহিত্যিকৰ মুখা খুলি দিব বিচাৰিছে, তেন্তে ধুনীয়া ছোৱালীৰ নাম আৰু ফটোৰে ফেক একাউণ্ট খুলি ইনবস্কলৈ নিমন্ত্ৰণ কৰক৷ দেখিব, তেওঁলোকে সহজেই ৰাতি গভীৰ হোৱাৰ লগে লগেই সকলো খুলিব দিবলৈ আৰম্ভ কৰি দিছে৷ ৱালত অতিপাত ভদ্ৰতা দেখুওৱা সকল ইনবক্সত সমানুপাতিক ভাৱেই অভদ্ৰ বুলিও এগৰাকী গৱেষকে তথ্য প্ৰকাশ কৰিছে৷

৯. ইংৰাজীৰ লভ কোটেচন ব্যৱহাৰ কৰাতকৈ প্ৰেমপত্ৰত সংস্কৃত শ্লোক ব্যৱহাৰ কৰক! আজিকালি লভ জেহাদৰ দিনত নম্ৰ, ভদ্ৰ, সংস্কাৰীৰ মুখা পিন্ধি মানুহৰ সৰলতাৰ সুযোগ লবলৈ এই শ্লোক সমূহ খুৱ কাৰ্যকৰী ৰূপত ব্যৱহাৰ হবলৈ লৈছে বুলি জনা যায়৷ পাৰিলে সংস্কৃতত প্ৰেম প্ৰসংগ কিতাপখন সংগ্ৰহ কৰি ললে সুবিধা হব!

১০. প্ৰেমত সফলতা লাভ কৰিবলৈ "ছোৱালীৰ মাকৰ মন জিনাৰ হাতপুথি" নামৰ কিতাপখন সংগ্ৰহ কৰি লব পাৰে৷ তাত "উপহাৰৰ জৰিয়তে কেনেকৈ লেভেল মাৰিব", অধ্যায়টো ভালকৈ পঢ়িলে সফলতা লভাটো খাটাং৷

No comments:

Post a Comment