হাস্য ব্যংগৰে সত্য সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্য সন্ধান

হাস্য ব্যংগৰে সত্য সন্ধান

Share This
লোকেল গুজৱ.কম
১. "সাৰদা সাৰদা"  নামৰ ভাওনা এখনে আজি গুৱাহাটীত খলকনি তুলিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। ভাওনাখনত অংশ লোৱা ৰাইজ সকলে কেইবাজন নিৰ্বাচিত মানুহৰ ঘৰতো এই ভাওনা প্ৰদৰ্শন কৰিলে। এতিয়া টিভিৰ পৰ্দাতো ভাওনাখনৰ বিষয়ে অহৰহ আলোচনা কৰাৰ ফলত এতিয়া অসমৰ কনমানি সকলে সেইখন ভাওনা নিজৰ নিজৰ ঘৰলৈ মাতিবলৈকো মাক-দেউতাকক খাটনি ধৰা বুলি জানিব পৰা গৈছে।

২. "পৰমানন্দ" নামৰ বিশেষ আনন্দ বিধে সাহিত্য সভা বাকৰিত ৰাইজক মনোৰঞ্জন কৰি থকাৰ মাজতে "সদানন্দ" বোলা এবিধ আনন্দ প্ৰকাশন পৰিষদৰ বাকৰিত পাবলৈও অসমৰ সাহিত্যৰসিক সকল সক্ষম হোৱা বুলি জানিব পৰা গৈছে। এতিয়া ৰাষ্ট্ৰজুৰি ভিডিঅ' হিট হোৱা "নিত্যানন্দ"ৰ অসমীয়া ৰূপো অতি সোনকালেই অসমীয়া সাহিত্যৰ পথাৰত দেখিবলৈ পোৱা যাব প্ৰাপ্তবয়স্ক সাহিত্যপ্ৰেমী সংস্থাই আশা প্ৰকাশ কৰিছে।

৩. জালুকগুটি শৰ্মাৰ দশা এতিয়া ভাল চলা নাই বুলি গোপন খবৰ আমালৈ আহিছে। পাখি কটাৰ ঘাঁ শুকাবলৈ নাপাওতেই দিল্লীৰ পৰা ভিনদেউ সকলৰ দল আহি দোকান-ঘৰ সকলোতে নিমখ ঢালিবলৈ অহা বুলি প্ৰচাৰ হোৱা বাতৰিটো জালুকগুটি ফেন ক্লাৱ সন্থাই দুখ প্ৰকাশ কৰিছে। ভাল ৰত্ন এটি ধাৰণ কৰি শৰ্মাদাক তাৰ প্ৰতিব্যৱস্থা হাতত লব লৈকো ফেনক্লাৱে কাতৰ অনুৰোধ জনাইছে।

৪. প্ৰেছত কিতাপ ছপা নৌহওতেই সাহিত্যিকৰ চাৰ্টিফিকেট পালে প্ৰেছৰ মালিক টিখালাল আগৰৱালাই। সাহিত্য সভাত ৰাইজে "পৰমানন্দ"ৰ সুখ পাই থকালৈকে সকলো সম্ভৱ বুলিও প্ৰেছৰ মেচিনমেনে মত প্ৰকাশ কৰিছে। পিছে প্ৰেছত থকা কিতাপখনৰ আচল লেখক বাতৰি কাকতৰ সাতজন নিশকটীয়া উপ-সম্পাদকহে বুলিও গোপন খবৰ লিক্ হোৱা বুলিও গুজৱ ওলাইছে।

৫. হেলিকপ্টাৰত উঠি বহুদিনৰ মূৰত পানী চাবলৈ পোৱাৰ বাবে বৰুণ দেৱতাক ধন্যবাদ দিলে ৰসাল গগৈয়ে। নতুনকৈ মন্ত্ৰী হোৱা সকলেও ভৰ-বাৰিষা পানী চাবলৈ হেলিকপ্টাৰ পাই আনন্দ লভাৰ মাজতে নতুন দালালচামৰ কাক কাক লগত লৈ গল তাকেলৈও এতিয়া ভিতৰুৱা অৰিয়াঅৰি আৰম্ভ হোৱা বুলি গুজৱ ওলাইছে।

৬. "ছমাহৰ বকেয়া" নামৰ নাটকখনিক লৈ এতিয়া সদৌ অসম চৰকাৰী কৰ্মচাৰী সন্থা বিপদত পৰা বুলি জানিব পৰা গৈছে। ৩৩মাহৰ বকেয়াৰ ভিতৰত ছমাহৰ দিলেও হব বুলি চহী কৰা কেইজনৰ এতিয়া পিঠিৰ চাল বখলা-বখল কৰিলৈকো সদৌ অসম ধাৰুৱা কৰ্মচাৰী সন্থাই প্লেন যুগুত কৰা বুলি চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ। নেতাগিৰিৰ আচল শিক্ষা দিয়া হব বুলিও ধাৰুৱা সন্থাই শপত খোৱাৰ কথাও এই সূত্ৰই প্ৰকাশ কৰিছে।

৭. হাতী পাৰ্টিয়ে অহা অক্টোবৰৰ সময়তে ৰাজনৈতিক অভিবৰ্তনৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে। সেয়ে তাত গাবৰ বাবে মহিলা সকলে "এয়ে মোৰ শেষ গান, ৰাজনীতিৰ পথাৰত হব কল্যাণ খৰমান" গীতটি অনুশীলন আৰম্ভ কৰা বুলিও বিশেষ সূত্ৰে জানিব পৰা গৈছে।

৮. নিঃকিন বৰুৱাৰ চেনেল "কনফিউজ টাইম "ৰ টিআৰপি বৃদ্ধি কৰি নিঃকিনক আৰ্থিক ভাৱে সকাহ দিয়াৰ বাবে ভাওনাৰ দুজন ৰথী-মহাৰথী নতুনমানি শইকীয়া আৰু খেতিয়ক গগৈলৈ বৰুৱাই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। ভাওনাখনৰ আঁৰৰ মানুহ আইডিয়া ভূঞালৈকো মৰমতে এখন আই-টেন গাড়ী উপহাৰ দিয়া বুলিও গুজৱ ওলাইছে টেন পাৰ্চেণ্ট টিআৰপি বঢ়াৰ বাবেই আই-টেন দিছে, টুৱেণ্টি বঢ়া হ'লে আই-টুৱেণ্টিয়েই দিলেহেতেন বুলিও দ্বাৰোৱান বৰাদাই আমাক জনাইছে।

৯. অসমীয়া আঞ্চলিক ভাষা হোৱাৰ বাবেই সেই ভাষা নকয় বুলি প্ৰকাশ কৰিলে আন্তঃজাৰ্তিক ব্যৱসায়ী তথা ৰাজনৈতিক নেতা অগৰুদ্দিন চাহাবৰ পুত্ৰই। ইণ্টাৰনেচনেল ভাষা ক'লেই কাম সিজিলে এনেকুৱা সৰু-সুৰা ভাষাকৈ মুখখন কিয়নো বেয়া কৰেনো বুলিও তেখেতে চিলেটী ভাষাত টুইট কৰি প্ৰকাশ কৰাৰ খবৰ পোৱা গৈছে।

১০. "কাপুৰুষ বঁটা" নামৰ ৰাজ্যিক বঁটা এটিক প্ৰৱৰ্তনক লৈ এতিয়া খানাপাৰাৰ আকাশ বতাহ উত্তাল হৈ পৰা বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ পাহাৰৰ টিঙত উঠি থাকি ৰাইজৰ বাবে কৰিব লগা কাম কৰিবলৈ সাহস নকৰি খালী আবোল-তাবোল বকি থকা বয়োবৃদ্ধৰ নামটো এই বঁটাৰ বাবে মনোনীত কৰাৰ ফলতে এনে উত্তাল বতাহ চলিবলৈ ধৰা বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

No comments:

Post a Comment