হাস্য ব্যংগ(লঘু লেখা) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগ(লঘু লেখা)

হাস্য ব্যংগ(লঘু লেখা)

Share This
ৰাইজৰ যে তামাম স্বাধীনতা
(১)
আজি পুৱাৰে পৰা প্ৰশ্ন উঠিয়েই আছে। বোলে এনেহে স্বাধীনতা দিৱস। স্বাধীনতা দেখুন নায়েই। ৰাতিপুৱা দেৰিলৈ শুবলৈ নিদিয়ে মায়ে। পুৱাই খেচ-খেচনি। উঠ, শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। শুনিলেই খং উঠি যায়! মই শিয়াল নেকি হাঁহ ধৰিবলৈ, নে তুমি শিয়ালৰ মাক! কেঁচা টোপনিতে কবলৈ মন গলেও জোকাই নলও। গালি খালেও অলপ পৰ দেৰিলৈকে পৰি ৰোৱাতো মোৰ স্বাধীনতা, মায়ে জানে। তেনেকৈ গালি পৰাটো মাৰ স্বাধীনতা....ময়ো জানো! ইজনে সিজনক সিমানকন স্বাধীনতা নিদিলে নহয়.....
(২)
ৰাতি ৰাতি ডিউটি পৰিছে, মাজৰাতিও বাইকৱালা, গাড়ীৱালা ৰাখি ৰাখি সকলো চেক কৰিব লাগে। যাক ইচ্ছা কৰো, যিহকে তিহকে খুলি চেক কৰো, হাৰাশাস্তি কৰো। সেয়া মোৰ স্বাধীনতা।

মোকেই বাৰে বাৰে ডিউটি দিয়ে বুলি ঘৰত শ্ৰীমতীয়ে অভিযোগ কৰে। বন্ধৰ দিনত ঘৰত নথকাৰ বাবে খঙ কৰে। সেয়া তেওঁৰ স্বাধীনতা। কামৰ মানুহ বুলিহে মোকহে বাৰে বাৰে ডিউটিত ৰাখে সেই কথা মই বুজাও। কামৰ মানুহক চিলেক্ট কৰাটো ছাৰৰ স্বাধীনতা। সেইটোত মই বাধা দিবলৈ যামেই বা কিয়?

আকৌ, কাৰোবাক অকন সন্দেহ হ'লে, বাইক ৰখা দেৰি কৰা হ'লেও এঠাপৰ দু-ঠাপৰ দিও। সেয়া মোৰ স্বাধীনতা।কাৰোবাক ভাল দেখো, দামী কাপোৰকানি দেখো, ইংৰাজীত আংকল বুলি মতা শুনো...যিয়েই নহওক... মই মন গ'লেই চেক নকৰাকৈ পঠাই দিও। মোৰ বিবেকক সেইকন সিদ্ধান্ত লবলৈ চাৰেও স্বাধীনতা দিয়ে! অ'চি চাৰেও মোৰ স্বাধীনতাক সন্মান কৰে! মোক বেছি লাই দিয়ে বুলি সেয়ে লগৰ বোৰে জ্বলে, জ্বলক, সেয়া তেওঁলোকৰ স্বাধীনতা!

(৩)
সেইজন মানুহে বোলে ঢেৰ ঘোঁচ খায়। তেওঁ সেইকন কৰিবলৈ স্বাধীনতা পাইছে বাবেইতো কৰিছে। কোনোবাই চেপা মাৰি থাককচোন! পাৰে যদি চাব। তেওঁ খায়, ওপৰৱালাইও পায়! ইজনে সিজনক স্বাধীনতা দিয়ে। কিছুমান স্বাধীনতাত কম্প্ৰমাইজ থাকে, কিছুমানত চাৰপ্ৰাইজ!

যেনে আমি এদিন থানাৰ ভিতৰতে লক-আপৰ পাছফালে খিৰিকিত বহি লাল অকন খাই আছিলো। অ'চি ছাৰ সোমাই আহিল নহয়, মাজৰাতিখন! এনেকৈ সোমাই দুৱাৰ নক নকৰি সোমাই অহাৰ স্বাধীনতাকন ছাৰে এনেকৈ ব্যৱহাৰ কৰি দি দিলে নহয় চাৰপ্ৰাইজ! আমি বোলো আজি নিগমে মৰিলো, চাৰে নহ'লে দাণ্ডা দিব, নহ'লে নিলম্বন। ভাগ্যে, ঠাণ্ডা দিনৰ বতৰ আছিল বুলিহে, ছাৰৰো মন কুমলিল! আমাক বোলে, মনে মনে খাইছ, আমাৰ কি জাৰ-জহ নাই, লগৰটোৱে কিলাকুটিৰে খুচি ইংগিত দিয়াতহে মই বুজিলো। দি দিলো, ছাৰকো ডাঠকৈ অলপ বাকী! ছাৰে যেনেকৈ ছাৰপ্ৰাইজ দিছিল, ময়ো গিলাছতো ছাৰ এইটো বুলি ৰাখি! ছাৰ গাটো অলপ টঙাই লওক বুলি কৈ ছাৰপ্ৰাইজ দি দিলো নহয়। ছাৰে ক্ষমা কৰাৰ স্বাধীনতাকন ব্যৱহাৰ কৰিলে, আমিও ছাৰে দিয়া দয়াৰ স্বাধীনতাকন! সেয়ে এতিয়া থানাৰ পিছফালৰ টিনৰ ছালিত যোগাৰ থাকেই....ছাৰে দিয়া স্বাধীনতাকন উপভোগ কৰাৰ বাবেই!

(৪)
তাই ফেচবুক খুলিছে। ঢেৰ ফ্ৰেণ্ড হৈছে, কোনোবা ডেকা, কোনোবা চাকৰিয়াল, কোনোবা বিদেশত থকা। তাই চাতৰীয়ে ভালৰ ভাল ফটোখন লগাই হেনো তাত টোপ দিয়ে। সেন্দুৰ ঢাকি চুলি আগলৈ দি মৰা ফটো! ৰাতি ৰাতিলৈ তাইৰ সতে চাটিং কৰা মানুহৰ অভাৱ নাই। ক' লেই নেট পেক, ৰিচাৰ্জ সকলো হৈ যায়! মই দিয়া মোবাইলতে এতিয়া তাইৰ মোৰ ফোন ধৰিবলৈ সময় নাই! সেয়া তাইৰ স্বাধীনতা, মই দিছো!

মই মাত মাতিলে, ইস নিজে চব মেনেজ কৰাত জ্বলিছো বুলি কব! মই বেলেগৰ লগত কথা পাতিলে জ্বলিছো বুলি কব, ইমান নেৰ' মাইণ্ডেড বুলি কব, সেয়া তাইৰ স্বাধীনতা। ৰাতি ৰাতি মই ৰাস্তাত খপীয়া পিটি থাকিলে তাইনো কি কৰিব, তাইৰো জানো টাইম পাছ এটা নালাগে!

ভদ্ৰ ভদ্ৰ লগা মানুহেও বোলে, ডেকা-বুঢ়া বুলি পিছপৰি নাথাকে, এই ফেচবুকত....! গাভৰু নালাগে, আনৰ পত্নীৰ লগতো চাৰ্টিং কৰি থাকে মাজৰাতি। ফেচবুকত পিঙ কৰে, যেন লোকৰ দুৱাৰত মাজৰাতি টোকৰহে মাৰিছে, ৱিনড' খোলা! সেয়া হেনো তেওঁলোকৰ স্বাধীনতা!

ফেচবুকত নাম নিলিখি ইংগিত দি দি কাৰোবাক গালি পাৰক, চোৰ বুলি কওক, সেয়াও হেনো বিশেষ স্বাধীনতা। অলপ পাছতে, পোষ্টটো ডিলিট কৰক, সেয়াও এক বেলেগ স্বাধীনতা। স্বাধীনতাৰ মানে অৰ্থই বিশাল...বুজিছেতো!

ইনবক্সত গৈ ময়ো লিৰিকি বিদাৰি চাই থাকো। কিবা মেচেজ বেয়া পাব লাগিলে, চোঁচৰাই আনিম। টিভি মাতি নিম, লাইভ ধৰিম! কি কৰিম চাব তেতিয়া লক-আপত সোমোৱাই! সেয়া হব মোৰ স্বাধীনতা!

(৫)
সেইদৰেই আপুনি আপোনাৰ স্বাধীনতা এনজয় কৰক! আমাকো কৰিবলৈ দিয়ক। যেনেকৈ বাইকত হেলমেট নিপিন্ধাটো আপোনাৰ স্বাধীনতা, তেনেকৈ ধৰিব পৰাটো, এশ টকা টিপতে লোৱাতো আমাৰ স্বাধীনতা!

ড্ৰাই ডেৰ দিনা পিছফালৰ খিৰিকি খুলি সমাজসেৱা কৰাটো দোকানীৰ স্বাধীনতা। ধৰা পেলাই বটল কাঢ়ি নি থানাৰ পাছফালে টিনৰ চালিত বহি এনজয় কৰাটো আমাৰ স্বাধীনতা। নে কি কয়! সেয়ে বোলো,
যিয়ে যি মন যায় কৰক, ধৰিব পাৰিলে ধৰক! সকলো স্বাধীন!

সাংবাদিকে বাতৰি লিখাৰ যেনেকৈ স্বাধীনতা আছে, তেনেকৈ ঘোঁচখোৱা বিষয়াই তেওঁলোকক কিনি লবৰো স্বাধীনতা আছে। বদনাম কৰাৰ বাতৰি দিয়া একেজন সাংবাদিকেই পিছদিনা টোপোলা লৈ "ষড়যন্ত্ৰমূলক ভিত্তিহীন" বুলি স্পষ্টীকৰণ নিজ হাতেৰে গোট গোটকৈ লিখি দিয়াৰো স্বাধীনতা আছে। মুঠতে স্বাধীন দেশ, স্বাধীন কথা! কৰক, ধৰক, তাৰ মাজতে কোনোবা মৰক, কি কথা! মৰা-জীয়া দুয়োটাৰ বাবেইতো স্বাধীনতা আছে! আপোনালৈকো স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো।

No comments:

Post a Comment