পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী উমা ভাৰতীক আছুৰ প্ৰতিনিধিয়ে কৰিলে সাক্ষাৎ। ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহ খননৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী সুৰক্ষাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিজে পৰিদৰ্শনৰ বাবে আহিব বুলি প্ৰকাশ কৰাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে মাজুলীক স্বীকৃতি দিয়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰাৰ সুখবৰ প্ৰকাশিত হৈছে।

২.
"আমি অসমীয়া" নামৰ স্বেচ্ছাসেৱী সংগঠনে মুকলি কৰিলে মহিলা সুৰক্ষা তথা আৰ্তজনৰ বাবে হেল্পলাইন ৯৮৬৪৫-২২৩৩৩ নম্বৰ। প্ৰয়োজন সাপেক্ষে মহিলা আয়োগ তথা আৰক্ষীৰ সহযোগতো আৰ্ত মহিলালৈ এই হেল্পলাইনে সহায়ৰ ব্য়ৱস্থা কৰিব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।

৩.
তিনিচুকীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি আবেলি ষষ্ঠ বদৌচা কাপ ফুটবলৰ ফাইনেলত মুখামুখি হব অসম ৰাইফলছ আৰু দুলীয়াজান অইল ইণ্ডিয়াৰ ফুটবল ক্লাৱ। চেম্পিয়নলৈ ১লাখৰ প্ৰাইজমানি, ৰাণাৰ্চ আপলৈ ৫০হাজাৰ টকাৰ প্ৰাইজমানি ঘোষিত হোৱা প্ৰতিযোগিতাখনৰ অন্তত আজি উন্মোচিত হব ১৪০পৃষ্ঠাৰ "বদৌচা" শীৰ্ষক এখনি স্মৃতিগ্ৰন্থও।

৪. ৰাজহ বিভাগৰ অফিচিয়েল মেম'ৰেণ্ডাম বাতিল নকৰি মুখ্যমন্ত্ৰীৰ অনুমোদনক্ৰমে সংশোধনী কৰা হব বুলি সম্ভাৱনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে ৰাজ্য চৰকাৰৰ বৈঠকৰ অন্তত প্ৰকাশ পাইছে। অসমত অচিৰেই ১৮৮৬চনৰ অসম ভূমি আৰু ৰাজহ অধিনিয়মৰ ঠাইত নতুন ভূমি আইন প্ৰৱৰ্তিত হব। কে এন শইকীয়াক লৈ গঠিত কমিটীয়ে অহা ছমাহৰ ভিতৰত এই আইনৰ খচৰা দাখিল কৰিব বুলিও প্ৰকাশ পালে সুখবৰ।

৫. বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ফটোগ্ৰাফিক ছছাইটি অৱ আছামে আয়োজন কৰা ৰাজ্যিক ভিত্তিক ফটোগ্ৰাফী প্ৰতিযোগিতাত দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ আলোকচিত্ৰ শিল্পী ৰেৱ কুমাৰ বৰাই দ্বিতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰিছে।

৬. উজনি অসমৰ লখিমপুৰৰ লীলাবাৰী আৰু তেজপুৰৰ শালনীবাৰীৰ পৰা পুনৰ আৰম্ভ হব বিমানসেৱা। ২০১৩ চনৰ ১ জানুৱাৰীৰ পৰা বন্ধ হৈ থকা এই বিমানসেৱাৰ বাবে নতুন কেন্দ্ৰীয় চৰকাৰে তৎপৰতা প্ৰদৰ্শনেৰে চাবচিডিৰ ধন মোকোলাই দিয়াৰ পাছতেই এতিয়া এই দুয়োখন ঠাইৰ লগতে শ্বিলঙলৈকো এলায়েঞ্চ এয়াৰৰ সৰু বিমান সেৱা ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ কৰাৰ সুখবৰ পোৱা গৈছে।

৭. বিশিষ্ট প্ৰকৃতিবিদ ৰবীন বেনাৰ্জীৰ জন্মদিৱস ১২আগষ্ট দিনটো কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিয়ে প্ৰকৃতি সুৰক্ষা দিৱস ৰূপে পালন কৰি আহিছে। এই দিৱসত "হাতী আৰু মানুহৰ সংঘাত" শীৰ্ষক ৰবীন বেনাৰ্জী স্মাৰক বক্তৃতা দিবৰ বাবে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আয়োজিত অনুষ্ঠানলৈ আহিব গ্ৰীণ অস্কাৰ বিজয়ী প্ৰকৃতিবিদ মাইক পাণ্ডে। গোলাঘাটৰ প্ৰকৃতিবিদ জীৱন দাসলৈ এই বৰ্ষৰ কাজিৰঙা ৱাইল্ড লাইফ ছচাইটিৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱাৰ সুখবৰো প্ৰকাশ পাইছে।

৮. অসম সাহিত্য সভাৰ ২০১৫-১৭বৰ্ষৰ কাৰ্যকালৰ বাবে সভাপতিকে ধৰি বিষয়ববীয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি মঙলদৈত অাৰম্ভ হোৱা কাৰ্যনিৰ্বাহক অধিৱেশনে প্ৰতিটো পদৰ বাবে ৫জনীয়া পেনেল নিৰ্বাচন কৰিব। শতবৰ্ষ উদযাপনৰ বাবে প্ৰস্তুতি চলোৱা বৰ্ষটোত সভাপতি পদৰ বাবে যুঁজ আকৰ্ষণীয় হব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে।

৯. বিধায়ক এলেকা উন্নয়ন পুঁজি আৰু সোণাৰি পৌৰসভাৰ যুটীয়া উদ্যোগত সোণাৰিত স্থাপিত হ'ল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ এটি আবক্ষ মূৰ্তি। ৰাজহুৱা খেলপথাৰৰ সমুখত স্থাপন কৰা মূৰ্তিটো কালি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে বিধায়ক শৰৎ বৰকটকীয়ে।

১০. গুৱাহাটীত সংযোজিত হ'ল ২৪ঘণ্টাই সেৱাৰত ৰেডিঅ' টেক্সি সেৱা এক্সেল কেৱছ। ফৰ্ড ফিয়েষ্টাৰ বাতানুকূল সেৱা দিনত ১৮টকা প্ৰতি কিল'মিটাৰ আৰু ৰাতি ২২ টকাকৈ প্ৰতি কিল'মিটাৰত ধাৰ্য কৰা হৈছে। ৯৭০৭০-৯৭০৭০ নম্বৰ বাব www.xcellcabs.com যোগে সেৱা বুক কৰিব পাৰিব বুলি কোম্পানীটোৱে প্ৰকাশ কৰিছে।

১১. "ফটো মিউজিংছ ৱৰ্ল্ড ফটোগ্ৰাফী ডে অনলাইন ফটো কনটেষ্ট" হৈছে গুৱাহাটীত আয়োজিত। উত্তৰ-পূৱৰ জনজীৱনক তুলি ধৰা পাঁচখনকৈ ফটো www.photomusings.org  ১৩ আগষ্টৰ ভিতৰত আপলোড কৰিব পাৰিব বুলিও আয়োজক সংস্থাই প্ৰকাশ কৰিছে।

১২.
কাইলৈৰ পৰা আৰম্ভ হব অসম বিধান সভাৰ বাজেট অধিবেশন, আজি অনুষ্ঠিত হব সৰ্বদলীয় বৈঠক। বিত্ত বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে অহা ১১ আগষ্টত বাজেট দাখিল কৰিব। তাৰ পূৰ্বে ৰাজ্যৰ বিশিষ্ট অৰ্থনীতিবিদ, শিক্ষাবিদ তথা বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীয়ে আলোচনাত মিলিত হৈছে আৰু এই বাজেটত কৃষিখণ্ডৰ লগতে গ্ৰামাঞ্চলৰ বিকাশক বিশেষ গুৰুত্ব দিয়া হব বুলিও সম্ভাৱনা প্ৰকাশ পাইছে।

১৩. কমনৱেলথ গেমচত পুৰুষ হকীৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। ছেমিত নিউজিলেণ্ডক পৰাজিত কৰি দলটোৱে এইবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  ফাইনেলত অংশ লব।

১৪. কালি নিশালৈকে কমনৱেলথ গেমচৰ পদকৰ তালিকাত মুঠ ৫৫টা পদকেৰে পঞ্চমস্থানত জিলিকি ৰৈছে ভাৰতৰ নাম। ১৪টা সোণ, ২৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদকেৰে খোদিত হৈছে ভাৰতীয় খেলুৱৈৰ জয়যাত্ৰাৰ ইতিহাস।

১৫.
অহা মাহত অসম ভ্ৰমণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে সংসদত গঁড় হত্যাৰ বিষয়টোত উত্থাপন কৰাৰ পাছত বিষয়টোত তেখেতে উদ্বিগ্নতা প্ৰকাশ কৰাৰ খবৰো প্ৰকাশ পাইছে। বৃহৎ নদীবান্ধৰ ভৱিষ্যত আদি স্পৰ্শকাতৰ বিষয়তো প্ৰধানমন্ত্ৰীজনে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment