পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ নতুন প্ৰজন্মৰ লেখিকা শৰ্মিষ্ঠা প্ৰীতমলৈ অ'এনজিচিৰ অসম সম্পদে আগবঢ়াইছে যন্ত্ৰচালিত এখনি হুইল চেয়াৰ৷ বৃহত্তৰ লাকুৱা নাগৰিক মঞ্চৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এই উপহাৰ প্ৰদান কৰি খোজকঢ়াত শাৰীৰিক বাধা থকা লেখিকা গৰাকী জীৱনত কিছু সকাহ প্ৰদান কৰাৰ সুখবৰ পোৱা গৈছে৷ নাগৰিক মঞ্চই লেখিকা গৰাকীৰ নগাঁও জিলাৰ ফুলগুৰিস্থ বাসগৃহত এক অনুষ্ঠানত এই উপহাৰ প্ৰদান কৰে৷ সভাত অ'এনজিচিৰ প্ৰতিনিধিৰ সৈতে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, ৰহাৰ ৰাজহ চক্ৰৰ বিষয়া আদিকে ধৰি সুধীজন উপস্থিত আছিল বূলিও জানিব পৰা গৈছে৷

২. কেৰেলা ৰাজ্যপালৰ পদৰ পৰা অৱশেষত পদত্যাগ কৰিলে শীলা দীক্ষিতে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা নতুনকৈ কালি ৰাজ্যপালৰ দ্বায়িত্ব লাভ কৰিছে চাৰি গৰাকী ব্যক্তিয়ে৷ তেখেত সকল হৈছে ৰাজস্থানত কল্যাণ সিং, মহাৰাষ্ট্ৰত চি বিদ্যাসাগৰ ৰাও, কৰ্ণাটকত বাজুভাই ৰুডাভাই ভালা আৰু গোৱাত মৃদুলা সিনহা৷ চৰকাৰী সলনিৰ পাছতে পুৰণি ৰাজ্যপালক পদত্যাগৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ বিতৰ্কৰ মাৰ নৌযাওতেই এই নতুন নিযুক্তিৰ খবৰে সংবাদ শিৰোনামাত স্থান লাভ কৰিছে৷

৩. হংকং আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসমত উৎপাদিত চাহে লাভ কৰিলে বিশেষ সমাদৰ৷ বাণিজ্য মেলাত অংশ লোৱা অসমৰ চাহ খেতিয়ক সকলৰ উপস্থিতিত এক সংবাদমেলত এই কথা ৰাজ্যৰ চাহ সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদ দাসে সদৰী কৰিছে৷ উন্নত পেকেজিঙো আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ বাবে অন্যতম প্ৰয়োজনীয় দিশ বুলিও তেখেতে মত প্ৰকাশ কৰে৷

৪. আজি মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি৷ এই তিথিক মহোৎসৱ ৰূপে আজি বৰদোৱা, বৰপেটা, মধুপুৰ, মাজুলীকে ধৰি অসমৰ বিভিন্ন সত্ৰ তথা নামঘৰ সমূহত পালন কৰা হৈছে৷ বৰপেটা সত্ৰত ইয়াক সাতদিনীয়াকৈ কীৰ্তন মহোৎসৱৰ ৰূপত পাৰম্পৰিক ভাৱে পালন কৰা হৈছে৷

৫. সন্ত্ৰাসবাদৰ পথ এৰি স্বাভাৱিক জীৱন যাত্ৰা আদৰি লবলৈ অহা বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ৪৬গৰাকী যুৱকলৈ কালি কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিসেষ শাখাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ডেৰ লাখকৈ টকাৰ অনুদান প্ৰদান কৰা হয়৷ উত্তৰ-পূৱৰ সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ আৰু সংস্থাপন আঁচনিৰ অধীনতে এই অনুদান প্ৰদান কৰা হৈছে বুলিও জানিব পৰা গৈছে৷

৬. অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনালে অসম বিধান সভাই৷ এই উদ্দেশ্যে অসম বিধান সভাৰ এটি সৰ্বদলীয় প্ৰতিনিধি দলে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক সাক্ষাৎ কৰিবলৈ অহা ছেপ্তম্বৰ মাহতে ৰাওনা হব বুলি সুখবৰ প্ৰকাশিত হৈছে৷

৭. সাহসী অটোচালক ব্ৰজেন ৰাজবংশীৰ পত্নী বিজু ৰাজংশীক অসম চৰকাৰৰ বীজ নিগমত অনুকম্পামূলক নিযুক্তি প্ৰদান কৰা হৈছে বুলি কালি সদনক জনায় অসম চৰকাৰে৷ উল্লেখযোগ্য যে পল্টন বজাৰত হোৱা এক ডকাইতিৰ ঘটনাত সাহসেৰে বাধা দিবলৈ গৈ ২০১২চনত ব্ৰজেন ৰাজবংশীয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল৷ সাহসিকতাৰ নিদৰ্শন দেখুওৱা লোকসকলৰ পৰিয়ালক নিযুক্তিৰ বাতৰি সঁচাই প্ৰেৰণামূলক বাৰ্তা নিশ্চয়কৈ হব পাৰে৷

৮. নলবাৰীৰ শুক্লেশ্বৰ মেধি স্মৃতি ন্যাসে অহা ৩০ আগষ্টৰ আবেলি স্থানীয় নাট্য মন্দিৰত আয়োজন কৰিছে "সাংস্কৃতিক ৰাষ্ট্ৰবাদ" শীৰ্ষক এক স্মাৰক বক্তৃতাৰ৷ ২০০৫ চনত আততায়ীৰ হাতত নিহত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যবাহীজনৰ এই স্মাৰক বক্তৃতা প্ৰদান কৰিব বিশিষ্ট সোঁপন্থী চিন্তাবিদ ইন্দ্ৰেশ কুমাৰে৷

৯. অহা ৬ ছেপ্তেম্বৰত নগাঁও প্ৰেক্ষাগৃহটো গণশিল্পী খগেন মহন্তৰ নামত কৰা হব উছৰ্গা৷উক্ত অনুষ্ঠানতে চন্দ্ৰ ফুকন আৰু সাৰদাকান্তৰ বৰদলৈৰ নামত উছৰ্গিত নাট্যপ্ৰবৰ বঁটাৰে ৰতন লহকৰ আৰু শিল্পপ্ৰাণ বঁটাৰে শিল্পী নীলপৱন বৰুৱাক সন্মানিত কৰা হব৷ অনুষ্ঠানটোত অৰ্চনা মহন্ত, অংগৰাগ মহন্তৰ লগতে উপস্থিত থাকিব বলিউডৰ শিল্পী ৰাজা মুৰাদো৷

১০. প্ৰিয়া বসুমতাৰী হত্যাকাণ্ডৰ বিষয়টোত ন্যায়িক তদন্তৰ নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে৷আনহাতে ঘটনাটো সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(নিয়া)য়ো আৰ চি৩/২০১৪ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা প্ৰকাশ পাইছে৷

No comments:

Post a Comment