পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি অসমৰ প্ৰায়বোৰ চহৰৰে ছবিঘৰত মুক্তি লাভ কৰিছে ব্ৰজেন বৰা পৰিচালিত ছবি "মহাপুৰুষ"য়ে। ছবিখনৰ নিৰ্মাণত বিভিন্ন কাৰণত এটা দশকৰো অধিক কাল লগাৰ উপৰিও অভিনয় কৰা সাত গৰাকী শিল্পী ইতিমধ্যেই স্বৰ্গগামী হোৱা স্বত্বেও ডাবিং কৰি ছবিখন মুক্তি দিয়া হৈছে বুলি জানিব পৰা গৈছে। ছবিখনত হাদি আলম বৰা, দীনেশ দাস,গায়ত্ৰী মহন্ত আদি শিল্পীয়েও অভিনয় কৰিছে।

২. উত্তৰ-পূৰ্বাঞ্চলৰ ৬৩খন শিক্ষানুষ্ঠানৰ ২০১৬গৰাকী বিদ্যাৰ্থীক বিশেষ প্ৰশিক্ষণ দিয়াৰ বাবে বিশেষ কাৰ্যসূচী হাতত লৈছে আই আই টি, গুৱাহাটীয়ে। গ্ৰীষ্মকালীন আৰু শীতকালীন ছুটিৰ এই কাৰ্যসূচীৰ উপৰিও ২৫০গৰাকী কলেজীয়া ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে ৮হাজাৰকৈ বৃত্তি প্ৰদান কৰাৰ বাবেও আঁচনি প্ৰস্তুত কৰি কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীক প্ৰদান কৰাৰ কথা সদৰী কৰিছে সঞ্চালক গৌতম বিশ্বাসে। এই প্ৰশিক্ষণৰ দ্বায়িত্ব দেশৰ ১৬ আই আইটিৰ লগতে আন শিক্ষানুষ্ঠানকো প্ৰদান কৰা হব বুলিও জানিব পৰা গৈছে।

৩. কালি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো নাগৰিককে বেংকিং ব্যৱস্থাৰে সামৰি লোৱাৰ উদ্দেশ্যৰে "প্ৰধানমন্ত্ৰীৰ জন-ধন যোজনা"ৰ শুভ উদ্বোধন কৰে। এই আঁচনিৰ জৰিয়তে খোলা একাউণ্টৰ সৈতে ৰু-পেৰ এখন এটিএম কাৰ্ড, এইচ.ডি.এফ.চি-আৰগ' কোম্পানীৰ ১লাখ টকাৰ দুৰ্ঘটনা বীমা আৰু এল.আই.চিৰ ৩০ হাজাৰ টকাৰ বীমা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। একেদিনাই দেশত ১.৫কোটিৰো অধিক লোকে এই সুবিধা গ্ৰহণ কৰাৰো সুখবৰ প্ৰকাশিত হৈছে। গুৱাহাটীতো কালি বিজেপিৰ সাংসদ সকলৰ উপস্থিতিত এই আঁচনি মুকলি কৰা হৈছে।

৪. গুৱাহাটী হাইকৰ্টে সামাজিক দায়বদ্ধতাৰ উদাহৰণেৰে দিলে এক বিশেষ ৰায়। মাৰপিটৰ ঘটনাৰ জামিন প্ৰদান কৰি গহপুৰৰ দুই যুৱকক সাত দিনৰ বাবে গহপুৰ সদৰত অৱস্থিত কনকলতাৰ মূৰ্তি পৰিস্কাৰ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ খবৰেও লাভ কৰিলে সংবাদ শিৰোনামা।

৫. কাজিৰঙাত গঁড় হত্যা ৰোধৰ বাবে চলোৱা প্ৰচেষ্টাত কালি বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজনকৈ চোৰাং চিকাৰী নিহত হোৱাৰ বাতৰি প্ৰকাশ পাইছে। তাৰে এগৰাকী অসম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত জোৱান বুলিও জানিব পৰা গৈছে।

৬. ৰাজনীতিক অপৰাধীৰ পৰা মুক্ত কৰিবলৈ মোদী চৰকাৰে যো-জা চলোৱাৰ সুখবৰো প্ৰকাশিত হৈছে। প্ৰাপ্ত খবৰ মতে জনপ্ৰতিনিধি আইনৰ সংশোধন কৰি গুৰুতৰ অপৰাধত জড়িত ৰাজনীতিকক ১৩বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বাৰণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হব ।

৭. অসম নাগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ অঞ্চল সমূহত এতিয়া শান্তিপূৰ্ণ অৱস্থা ঘূৰি অহাৰ লগে লগেই প্ৰায় ছয় হেজাৰ লোক নিজ গৃহলৈ উভতি গৈছে বুলি ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে। ১৭কোটি টকাৰে আন্তঃৰাজ্যিক সীমান্তৰ ৮১খন আৰক্ষী চকীৰ আন্তঃগাঁথনি উন্নত কৰা হব বুলিও প্ৰকাশ পাইছে। গোলাঘাটৰ বি-ছেক্টৰত ২৯টা সুৰক্ষা পিকেট স্থাপন কৰি নিৰাপত্তা সুনিশ্চিত কৰাৰ দ্বায়িত্বত চিআৰপিএফৰ পাঁচটা, সীমা সুৰক্ষা বলৰ পাঁচটা আৰু অসম আৰক্ষীৰ তিনিটাকৈ কোম্পানীত নিয়োজিত কৰি ৰখা হৈছে বুলিও জিলা প্ৰশাসনে প্ৰকাশ কৰিছে।

৮. সামাজিক নিৰাপত্তা আঁচনি অনুসৰি কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিব অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন। এমপ্ল'য়িজ পেঞ্চন আঁচনিৰ অধীনত ভাত্তা বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ পৰা দেশৰ ২৮লাখ পেঞ্চনাৰ উপকৃত হব বুলি জানিব পৰা গৈছে। এই আঁচনিৰ অধীনলৈ দেশৰ পাঁচ লাখ বিধৱা পেঞ্চনাৰকো অন্তৰ্ভুক্ত কৰা হব বুলি সুখবৰ প্ৰকাশিত হৈছে।

৯. মৰাণ অঞ্চলক শিশু-কিশোৰৰ প্ৰতিভা বিকাশৰ অনুষ্ঠান "মৌ-কোঁহ"ৰ উদ্যোগত পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ ১১৭ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি কালি মৰাণ মহাবিদ্যালয়ত অনুষ্ঠিত হয় এখনি স্মাৰক বক্তৃতানুষ্ঠান। "ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ উন্নতিত শিশু অনুষ্ঠানৰ ভূমিকা" শীৰ্ষক বক্তৃতাৰ সৈতে চিত্ৰাংকন প্ৰতিযোগিত অনুষ্ঠিত কৰাৰ লগতে ৮৪গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় বুলিও সুখবৰ জানিব পৰা গৈছে।

১০.
গুৱাহাটীৰ ১২ ঠাইৰ লগতে ধুবুৰীতো সমান্তৰালভাৱে সাৰদা কেলেংকাৰী গোচৰ সন্দৰ্ভত চিবিআইৰ তালাচী চলাৰ খবৰ। প্ৰাক্তন মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অঞ্জন দত্তৰ ঘৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান, প্ৰাক্তন ডিজিপি শংকৰ বৰুৱাৰ ঘৰ, গায়ক সদানন্দ গগৈৰ ঘৰতো তালাচী চলা বুলি খবৰ প্ৰকাশ পাইছে। সাৰদাই কৰা প্ৰৱঞ্চনাৰ বাবে শাস্তি পাবই লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ লগতে চিবিআইৰ তালাচীৰ বিষয়ত দলীয় হাইকামাণ্ডেও প্ৰতিবেদন বিচৰা বুলিও বাতৰি প্ৰকাশিত হৈছে।

No comments:

Post a Comment