পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰসমূহ
১. যোৰহাটৰ বহু প্ৰত্যাশিত মহিলা বিশ্ববিদ্যালয়ত অহা ২০আগষ্টৰ পৰা আৰম্ভ হব পাঠদান। স্থায়ী ভৱনৰ বাবে মাটি চূড়ান্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত অসম কৃষি বিশ্ববিদ্যালয়ৰ এটি ভৱনত অস্থায়ীভাৱে ৮টা বেলেগ বেলেগ বিভাগৰ ক্লাছ আৰম্ভ কৰা হব বুলি বিশ্ববিদ্যালয়খনৰ মেণ্টৰ ডঃ কমল মল্ল বুজবৰুৱাই প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত বিবিএ, বিচিএ, অৰ্থনীতি বিজ্ঞানকে ধৰি বিষয়সমূহ আৰম্ভ কৰি ছমাহৰ পাছত ফেশ্বন ডিজাইনিং, জুৱেলাৰী মেকিং আদি স্বনিয়োজনমূলক পেশাদাৰী শিক্ষাও আৰম্ভ কৰা হব বুলি সদৰী কৰিছে।

২. আই আই টি গুৱাহাটীৰ অধ্যাপক অৰূপ কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰীৰ সমুখত "হলিষ্টিক এপ্ৰচ ফৰ মিটিগেটিং ফ্লাড হেজাৰ্ড অৱ গুৱাহাটী চিটি" শীৰ্ষক এক প্ৰেজেণ্টেচন কালি উপস্থাপন কৰে। বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু শীৰ্ষ বিষয়াই অংশ লোৱা সভাত মুখ্যমন্ত্ৰীয়ে বিষয়টোত দ্ৰুত কাৰ্য সম্পাদনৰ বাবেও নিৰ্দেশ দিয়াৰ কথা জানিব পৰা গৈছে।



৩. কমনৱেলথ গেমচৰ পদকৰ তালিকাত ১৩টা সোণ, ২০টা ৰূপ আৰু ১৪টাব্ৰঞ্জৰ পদকেৰে পঞ্চম স্থানলৈ উন্নীত হ'ল ভাৰত। ৫৬ বছৰ পাছত এথলেটিকছত মিলখা সিঙৰ ইতিহাস পুণৰাবৃত্তি কৰি ডিচকাছ থ্ৰপৰে সোণৰ পদক আনিলে বিকাশে। মল্লযঁজত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰেও উজলিল ভাৰতীয় দলটো।

৪. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত বিলম্ব নকৰিবলৈ নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। আছুৰ প্ৰতিবাদৰ পাছতে এই নিৰ্দেশ লাভ কৰি আজি মন্ত্ৰী অজন্তা নেওগ আৰু প্ৰণতি ফুকনে সমাধিস্থলী ভ্ৰমণ কৰা বুলিও জানিব পৰা গৈছে। দুটা পৰ্যায়ত এই সমাধিস্থলীৰ কাম কৰা হব আৰু তাৰ বাবে প্ৰথম পৰ্যায়ত দহ কোটি টকা ধাৰ্য কৰা, এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ আৰু ২০১৫চনৰ নৱেম্বৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৫. তেজপুৰৰ বাণ থিয়েটাৰত কালিৰে পৰা আয়োজিত হৈছে নটসূৰ্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ। কালিৰ বিশেষ অনুষ্ঠানত ২০১৩বৰ্ষৰ অন্নদা কুমাৰ পদ্মপতি শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী বঁটা নিতুমণি কলিতা আৰু স্পেইনী বৰ্মনক প্ৰদান কৰা হয়। বিশিষ্ট শিল্পী উদয় শংকৰ শইকীয়া আৰু বিষ্ণ খাৰঘৰীয়াকো থিয়েটাৰৰ মঞ্চত সম্বৰ্ধনা জনোৱাৰো সুখবৰ পোৱা গৈছে।

৬. বহু সংখ্যক বিশেষ আদালত স্থাপন নকৰাকৈ কেতবোৰ স্পৰ্শকাতৰ গোচৰ কেনেদৰে নিষ্পত্তি কৰিব পৰা যাব, সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰশ্ন তুলিলে দেশৰ উচ্চতম ন্যায়ালয়ে। সাংসদ সকলৰ বিৰুদ্ধে থকা গোচৰ সমূহ ফাৰ্ষ্ট ট্ৰেকৰ অধীনত নিষ্পত্তি কৰিবলৈ দিয়া আবেদন খাৰিজ কৰি সাংসদ সকল বিশেষ শ্ৰেণীৰ লোক নহয় বুলিও আদালতখনে স্পষ্ট কৰি দিয়ে।

৭. বলিউদৰ ধ্ৰুপদী চলচ্চিত্ৰ "উমৰাও জান"ৰ পৰিচালক মুজফ্ফৰ আলীলৈ আগবঢ়োৱা হৈছে এইবৰ্ষৰ ৰাষ্ট্ৰীয় সদ্ভাৱনা বঁটা। ১৬খনকৈ চলচ্চিত্ৰ নিৰ্মাণ কৰা ৬৯বছৰীয়া সমাজকৰ্মী, ছুফী কবিজনে দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সদ্ভাৱনাৰ প্ৰসাৰ ঘটোৱাৰ ক্ষেত্ৰত যোগোৱা অৰিহণাৰ বাবেই এই স্বীকৃতি প্ৰদান কৰা হৈছে।

৮. উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই মণিপুৰৰ ননেইৰ ওচৰত নিৰ্মাণ আৰম্ভ কৰা দলঙখনেই পৃথিৱীৰ ভিতৰত ওখ ৰে'ল দলং ৰূপে পৰিগণিত হব বুলি জানিব পৰা গৈছে। খুঁটাবোৰৰ উচ্চতা সৰ্বোচ্চ ১৪১মিটাৰ পৰ্যন্ত হোৱাৰ লগতে সমুদ্ৰ পৃষ্ঠৰ পৰাও এই স্থান ৰে'লৱে দলং থকাৰ আটাইতকৈ ওখ ঠাই বুলিও নিৰ্মাণ সংস্থাটোৱে সদৰী কৰিছে।

৯. আজি গুৱাহাটীৰ গনেশগুৰিৰ নেডফি হাটত উন্মোচিত হব ববিতা শৰ্মাৰ "দ্য মভিং ইমেজ এণ্ড আছামিজ কালচাৰ; জয়মতী, জ্যোতিপ্ৰসাদ আগৰৱালা এণ্ড আছামিজ চিনেমা" শীৰ্ষক গ্ৰন্থ। মুখ্যমন্ত্ৰীৰ উপৰিও যাদৱপুৰ বিশ্ববিদ্যালয়ৰ চলচ্চিত্ৰ অধ্যয়ন বিভাগৰ প্ৰাক্তন অধ্যাপক মিহিৰ ভট্টাচাৰ্যইও অক্সফ'ৰ্ড ইউনিভাৰ্চিটি প্ৰেছে প্ৰকাশ কৰা গ্ৰন্থখনিৰ উন্মোচনী সভাত অংশ লব।

১০. বৰগাং হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জয়া হাজৰিকাৰ ১৭টা গল্পৰে সমৃদ্ধ সংকলন "দেৱদাৰু" কালি হ'ল উন্মোচিত। আধুনিক যান্ত্ৰিকতাৰ মাজত হেৰাই যোৱা গুৰু-শিষ্যৰ গাঢ় সম্পৰ্কৰ পূৰ্ণ প্ৰতিফলন "দেৱদাৰু"ত সংকলিত হোৱা গল্পত দেখা পোৱাত সন্তোষ প্ৰকাশ কৰিলে উন্মোচনক বিশ্বনাথৰ মহকুমাধিপতি নাৰায়ণ কোঁৱৰে।

১১. নেচনেল হেৰাল্ডৰ ২০০০কোটি টকাৰ সম্পত্তিৰ মালিকীস্বত্ব লাভৰ বাবে ৰাজনৈতিক দলৰ পুঁজিৰ অপ-ব্যৱহাৰ বিষয়ক গোচৰত ছোনিয়া গান্ধী, ৰাহুল গান্ধীকে ধৰি অভিযোগৰ আঙুলি উঠা সকলৰ বিৰুদ্ধে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

১২. সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক। গৃহমন্ত্ৰীজনে অসম চুক্তি ৰূপায়ণৰ বাবে কেন্দ্ৰ দায়বদ্ধ বুলিও সন্থাক অৱগত কৰিছে। লগতে অচিৰেই খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা কৱচ দিয়াৰ বাবে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে আহ্বান আৰু ভাৰত-বাংলা সীমান্ত পৰিদৰ্শনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আমন্ত্ৰণ জনোৱা বুলিও জানিব পৰা গৈছে।

১৩. গুৱাহাটীৰ উলুবাৰীত ভাৰতীয় ষ্টেট বেংকে অনুষ্ঠিত কৰিছে তিনিদিনীয়াকৈ এক গৃহ লোন মেলা "এছ বি আই প্ৰপাৰ্টি ফেয়াৰ-২০১৪"ৰ। এই মেলাত ২১টা নিৰ্মাণ সংস্থাইয়ো অংশ গ্ৰহণ কৰিছে।

১৪. ৰেগিঙৰ বিৰুদ্ধে বাটৰ নাট অনুষ্ঠিত কৰি সজাগতাৰ বাবে সৃষ্টি চলাল সদৌ অসম ছাত্ৰ সন্থাই। গুৱাহাটীৰ কেইবাখনো মহাবিদ্যালয় প্ৰাংগণত এই বাটৰ নাট অনুষ্ঠিত কৰা বুলি জানিব পৰা গৈছে।

১৫. যোৱা মে' মাহত বিটিএডিৰ বাক্সা আৰু কোকৰাঝাৰ জিলাত সংঘটিত নৰসংহাৰৰ ঘটনাৰ সন্দৰ্ভত অৱশেষত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ ভিত্তিত তিনিটা পৃথক গোচৰ ৰুজু কৰা বুলি সূত্ৰত প্ৰকাশ পাইছে।

No comments:

Post a Comment