পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণ

পৰ্যবেক্ষণ

Share This

আন এজন কংচেন বৰপাত্ৰগোঁহাইৰ আৱশ্যক হৈছে
দেৱব্ৰত গগৈ
আজি আমাক আন এজন কংচেন বৰপাত্ৰগোঁহাইৰ আৱশ্যক হৈছে। ইতিহাসলৈ উভতি চালে সেয়াই অনুভৱ হয়।
নগাৰ উপদ্ৰৱ আজিৰ কথা নহয়, বুৰঞ্জীৰ পাতে পাতে আছে নগাৰ উপদ্ৰৱৰ কাহিনী । বিশেষকৈ আহোম প্ৰশাসনৰ বুৰঞ্জীত নগাই অসমৰ সীমামূৰীয়া অঞ্চলত কৰা অশান্তিৰ কথা বহলাই পোৱা যায়। বুৰঞ্জী সাক্ষী আছে যে অসমৰ বাসিন্দাই কেতিয়াও নগাৰ সীমাত সোমাই উপদ্ৰৱ কৰা নাই । যি উপদ্ৰৱ হৈছে নগাসকলৰ দ্বাৰাই হৈছে।

নগাৰ সেই উপদ্ৰৱক আহোম প্ৰশাসনে কেতিয়াবা কঠোৰ হাতেৰে আৰু কেতিয়াবা মিতিৰালিৰে চম্ভালিছিল । আহোম সেনাই উপদ্ৰপ হোৱা অঞ্চললৈ গৈ নগালোকসকলক যুঁজত হৰুৱাইছিল । ঠিক যুঁজ বুলি ক'লে ভুল কৰা হব আজিৰ দিনত সেনা-আৰক্ষীয়ে উগ্ৰপন্থীক ধৰিবলৈ কৰা সৰু-সুৰা অপাৰেচনৰ লেখীয়া আছিল । নগাই যি যি অঞ্চলত অশান্তি কৰিছিল সেই অঞ্চলত অসমৰ আন আন ঠাইৰ পৰা সাহসী পৰিয়াল কিছুমান নি তাতে ঘৰ-বাৰী পাতি বহুৱাই দিছিল । জনসমাগম হোৱাৰ বাবে নগাই পুনৰ অশান্তি নকৰিছিলহি ।

আহোম সেনাই অপাৰেচন চলোৱাৰ পাছত নগাই আহোম সেনাৰ হাতত ৰজালৈ বুলি হাতী , হাতীৰ দাঁত , নগা-কাপোৰ আৰু নগা জীয়ৰী আদি উপহাৰস্বৰূপে পঠাইছিল আৰু আহোম প্ৰশাসনক একপ্ৰকাৰ ভালৰি বুলাইছিল । উপদ্ৰৱকাৰী নগাক নাকী লগোৱা আহোম প্ৰশাসনৰ বিষয়াসকলৰ ভিতৰত কংচেন বৰপাত্ৰগোঁহাই , ঘনশ্যাম বুঢ়াগোঁহাই আদিৰ নাম উল্লেখযোগ্য ।

নগাই ভৈয়ামলৈ অহা-যোৱা কৰা বাটবোৰত শৃংখলা বজাই ৰাখিবলৈ, যাতে নগাই সেই বাটবোৰত কোনো বেয়া কাম কৰিব নোৱাৰে তাৰবাবে অসমৰ সীমাৰ ভিতৰত এটা নিৰ্দিষ্ট পথহে নগাক ব্যৱহাৰ কৰিবলৈ দিছিল । সেই পথবোৰক অঞ্চল বিশেষে নগাআলি নাম দিছিল । এতিয়া হাস্যকৰভাবে যতেই নগাআলি নামটো আছে সেইখিনিকে "নাগালিম"ৰ অৰ্ন্তভুক্ত কৰিবলৈ নগা বিছিন্নতাবাদীসকলে কেন্দ্ৰীয় চৰকাৰ ওচৰত দাবী তুলিছে আৰু অসমৰ ইতিহাসক ভালদৰে অনুধাৱন কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বীসকলে নগাৰ দাবীক মান্যতা প্ৰদান কৰিবলৈ অগ্ৰসৰ হৈছে ।


নগাৰ অশান্তি, নগাই সৃষ্টি কৰা সমস্যা আগতে অসমৰ মাটিতে সমাধান হৈছিল আৰু তাত আগভাগ লৈছিল আহোম প্ৰশাসনৰ যোগ্য প্ৰশাসকসকলে । নগাই নিজৰ ভুল ধৰিব পাৰি ভাই-ৰজাৰ দেশত মিছাতে অশান্তি কৰিছো বুলি উপহাৰেৰে সেই ভুলক আঁতৰ কৰিছিল । পিছে এতিয়া কথাবোৰ বেলেগ হ'ল । দিল্লীত হাজাৰ মাইল দুৰত বহি থকাসকলে আমাৰ মাজৰ সাধাৰণ ভুল বুজা-বুজিখিনিক হৃদয়ংগম কৰিব নোৱাৰাৰ বাবেই, সমস্যাৰ সমাধানৰ প্ৰতি আন্তৰিকতা নথকাৰ বাবেই আজি নগা-সীমান্ত পুনৰ জ্বলি উঠিছে ।

অসমৰ অৰ্কমণ্য চৰকাৰখনে মাথো কেন্দ্ৰীয় চৰকাৰ ওচৰত অতিৰিক্ত বেটেলিয়নৰ বাবে দৰ্খাস্ত কৰিয়েই নিজৰ দায়িত্ব সামৰিছে। নগাৰ উপদ্ৰৱ আগতেও আছিল, আগলৈও থাকিব । কিন্ত সীমামূৰীয়া অসমবাসীক নগাৰ উপদ্ৰৱৰ পৰা কেনেকৈ বচাব পৰা যাব তাৰ সমাধানৰ উপায় যেতিয়ালৈকে অসম চৰকাৰে আন্তৰিকাৰে নুলিয়াই তেতিয়ালৈকে এই জুইকুৰা জ্বলিয়েই থাকিবই ।


সঁচা অৰ্থত বৰ্তমানে আমাক আন এজন কংচেন বৰপাত্ৰগোঁহাইৰ আৱশ্যক হৈছে ।

No comments:

Post a Comment