পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. শিক্ষাৰ অধিকাৰ আইনৰ অধীনত ৰাজ্যৰ অনগ্ৰসৰ অঞ্চলত ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে স্থাপন কৰিব ৫০০খন নতুন প্ৰাথমিক বিদ্যালয়৷ এই আঁচনিৰ অধীনত ইতিমধ্যে ৰাজ্যত ২১খন স্কুল খোলাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি কালি বিধান সভাত সদৰী কৰিলে শিক্ষামন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে৷


২. দেশৰ কেন্দ্ৰীয় কেবিনেটে কালি ৰে'লৱে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰখন এশ শতাংশ বিদেশী বিনিয়োগৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ সংস্কাৰ নীতিৰ অধীনত প্ৰতিৰক্ষা ক্ষেত্ৰতো ৪৯ শতাংশ পৰ্যন্ত বিদেশী বিনিয়োগৰ বাবেে উন্মুত্ত কৰি দিয়া হব বুলি বাতৰি প্ৰকাশিত হৈছে৷

৩. শিক্ষাৰ অধিকাৰ আইন থকাৰ পাছতো শিক্ষাৰ পোহৰৰ পৰা বহু শিশু বঞ্চিত হৈ থকাৰ কথা তুলি ধৰি সজাগতাৰ বাবেউ ত্তৰ গুৱাহাটীৰ চাংসাৰীত বাটৰ নাট প্ৰদৰ্শন কৰিলে শৰাইঘাট মইনা পাৰিজাতে৷ চৈধ্যটি শিশুৱে অংশ লোৱা এই বাটৰ নাটে দৰ্শক তথা ৰাইজৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰা বুলিও জানিব পৰা গৈছে৷

৪. কাইলৈ গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা প্ৰদান কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ প্ৰাক্তন মুৰব্বী ডঃ অৰবিন্দ মজুমদাৰে৷উক্ত সভাতে মু্ম্বাইত কৰ্মৰত কৰ্কট ৰোগৰ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়াক ২০১৪চনৰ কমলা শইকীয়া স্মাৰক বঁটা প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে৷

৫. ধুবুৰী জিলাৰ ছাগলীয়া পৰীক্ষণ আৰু টোল গেটত কৰ ফাঁকি, দুৰ্নীতি, বেই ব্ৰীজৰ অনিয়ম, অন্য ৰাস্তাৰে গাড়ী পাৰ কৰোৱা আদি বিষয় সংবাদ মাধ্যমে তুলি ধৰাৰ পাছত এতিয়া বিষয়টোত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে৷ ধুবুৰী জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ মহীন শইকীয়াক এই দ্বায়িত্ব অৰ্পণ কৰি তিনিদিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে বুলিও জনসংযোগে প্ৰকাশ কৰিছে৷ 

৬. জিলা ভিত্তিক টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা বিবেচনা কৰি আছে অসমৰ শিক্ষা বিভাগে৷ লগতে ৰাজ্যত নতুনকৈ বিদ্যালয় পৰিদৰ্শক নিযুক্তি প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে বুলি কালি শিক্ষামন্ত্ৰীয়ে বিধান সভাত প্ৰকাশ কৰিছে৷ ৭১০৪গৰাকী ঠিকা ভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে বিশেষ টেটৰ ব্যৱস্থা কৰিব বুলিও কৰিলে প্ৰকাশ৷

৭. উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে দেশৰ আন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক অধিক সজাগ আৰু জ্ঞানলব্ধ কৰিবলৈ চিবিএছইৰ পাঠ্যক্ৰমত সুনিৰ্দিষ্ট আৰু পৰ্যাপ্ত তথ্য সন্নিবিষ্ট কৰা হব বুলি কালি সংসদত প্ৰকাশ কৰিলে মন্ত্ৰী স্মৃতি ইৰাণীয়ে৷ বৰ্ডৰ পাঠ্যপুথি সম্পৰ্কীয় সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সাংসদ নৱ শৰণীয়াৰ এক প্ৰশ্নৰ উত্তৰত সদনত এই কথা সদৰী কৰিছে৷

৮. আজি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হব মুম্বাইৰ অংগনা থিয়েটাৰ নিবেদিত আৰু উজ্বলা বৰ্মন পৰিচালিত ষ্টেইনৱে গ্ৰেণ্ডৰ নাটক "পিয়ানো"ৰ হিন্দী নাট্যৰূপ৷ এই মঞ্চায়নত অভিনয় কৰিব বলিউদৰ শিল্পী ৰধুবীৰ যাদৱ ৰোশনি আশ্ৰিজা আদিয়েও৷

৯. অসমত এনকেফেলাইটিছ ৰোগৰ সংহাৰ ৰোধিবলৈ কেন্দ্ৰীয় দল বিচাৰিলে মন্ত্ৰী সৰ্বানন্দ সোনোৱালে৷ কালি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনক সাক্ষাৎ কৰি এই সন্দৰ্ভত অচিৰেই দল প্ৰেৰণৰ বাবে তেখেতে আহ্বান জনায়৷

১০. অনাগত স্বাধীনতা দিৱস উপলক্ষে অসমতো খাদী বৰ্ডে বৃদ্ধি কৰিছে তৎপৰতা৷ মুঠ বিশ হাজাৰ পতাকা তৈয়াৰ কৰাৰ লগতে বিভিন্ন ঠাইলৈ প্ৰেৰণৰো ব্যৱস্থা গ্ৰহণ কৰাৰ কথা বৰ্ডে সদৰী কৰিছে৷


No comments:

Post a Comment