হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. ধনস্বাস্থ্য বিভাগ ৰূপে নিজৰ বিভাগটোক নামাকৰণ কৰিবলৈ আবেদন জনালে গৌতমবৌদ্ধ ৰয়ে৷ জনস্বাস্থ্যৰ নামত খালী নিজৰ নিজৰ আৰ্থিক সম্পদ আহৰণ কৰা বিষয়া-ঠিকাদাৰৰ অতপালি তেওঁৰ সহানুভূতিশীল মনে সহ্য কৰিব নোৱাৰিয়েই এই প্ৰস্তাৱ তোলা বুলিও তেখেতৰ ড্ৰাইভাৰে আমাৰ সংবাদদাতাক বেকত কৰিছে৷
২. "তৃতীয় শক্তি" নাম ৰহস্য কাহিনীটোত এতিয়া নতুন মোৰ লোৱা বুলি জানিব পৰা গৈছে৷ বাতৰি কাকতৰ এজন নিঃকিন মালিক আৰু এজন খঙাল কৃষকৰ মতানৈক্যৰ ফলত এতিয়া চোৰাংচোৱা বিভাগেও প্ৰতিবেদন সলাবলৈ বাধ্য হব পাৰে বুলি টুটকীয়া মহলে সম্ভাৱনা প্ৰকাশ কৰিছে৷ পিছে ৰসাল গগৈয়ে লোকৰ এই কাজিয়া চাই বৰ ৰং পোৱা বুলিও কইনাধৰাৰ ৰংপুৰৰ পৰা খবৰ আহিছে৷

৩. "অবৈধ" শব্দক অবৈধ ঘোষণা কৰিবলৈ দাবী তুলিলে সদৌ অগৰুদ্দিন বাহিনী পাৰ্টিয়ে৷ তেওঁলোকৰ মতে অবৈধ কথা-বতৰা পাতিবই নালাগে, এনে অবৈধ শব্দৰ ব্যৱহাৰে অবৈধ চিন্তা, অবৈধ চৰ্চা আৰু অবৈধ কৰ্মৰ দিশলৈহে মানুহক আকৰ্ষিত কৰিব৷ সেয়ে বাংলাদেশী হলেও এনে শব্দৰ ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ বুলি পাৰ্টিটোৱে কালি দিছপুৰত স্পষ্ট কৰি দিয়ে৷ এনে মত বৈধ-নে-অবৈধ তাকে লৈ এতিয়া সৰ্বত্ৰ চৰ্চা চলা বুলিও এতিয়া খবৰ আমালৈ আহিয়ে আছে৷

৩. তদন্ত ঘোষণাৰ ক্ষেত্ৰত নতুন এক অভিলেখ গঢ়াৰ মন ঠিক কৰিছে ৰসাল গগৈদেৱে৷ আজি ন্যায়িক, কাইলৈ আয়োগৰ, আবেলিলৈ চিবিআই, পৰহিলৈ নিয়া, সন্ধিয়া স্কটলেণ্ড য়াৰ্ডৰো তদন্ত ঘোষণা কৰিবলৈ তেওঁ পিছ নোহোহকে বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে৷ তদন্ত ঘোষণা কৰাটো তেখেতৰ হবিলৈ পৰিণত হোৱাৰ পাছৰে পৰাই তেওঁ প্ৰশাসনত লেকাম টনাতো এৰিয়েই দিছে বুলিও এতিয়া সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে৷

৪. পৰিকল্পনা শিতানৰ তিনি হেজাৰ কোটি টকাৰ ব্যৱহাৰ নোহোৱাকৈ পৰি থকাৰ কথাত এতিয়া সদৌ অসম গাঁওবাসী ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে৷ সেই পইচা কেনেই হৰণ-ভগন কৰিব তাকে লৈ পৰি পৰি কল্পনা কৰি থকাতকৈ কামত লগাই দেশৰ দহৰ উন্নতি কৰি পূণ্য অৰ্জন কৰিবলৈকো তেওঁলোকে শাসকীয় দলৰ নেতা সকললৈ আহ্বান জনাইছে৷ এনেদৰে কল্পনা কৰি কৰি টোপনি গৈছে যদি নেতা সকলৰ টোপনি ভাঙিবলৈ ৰাইজে লাগিলে ভোৰ-তাল বজাবলৈকো প্ৰস্তুত বুলিও গাঁওবাসী ৰাইজে আগ্ৰহ প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে৷

৫. ৰাজ্যৰ ১১৬১খন চৰকাৰী হাস্পতালতে জীৱন-দায়িনী ঔষধ নাই বুলি প্ৰকাশ পালে বাতৰি৷ সেয়ে শৌচনীয় অৱস্থা হোৱাৰ আগেয়েই নিজৰ প্ৰাণ বচাই শৰ্মাদাই পলায়ন কৰা বুলিও এতিয়া সদৌ অসম বেমাৰী সন্থাই সন্দেহ প্ৰকাশ কৰিছে৷ বহুতে আকৌ জাপানী জ্বৰৰ স্কৰ কাৰ্ডৰ দ্বায়িত্বৰ পৰা পলাবলৈহে দাদাই খৰখেদা লগাইছিল বুলিও মত প্ৰকাশ কৰিছে৷

৬. অসম চিকিৎসা মহাবিদ্যালয়ত এশ এটা সমস্যাই নাই, এশ এটা পদো খালী থকাৰ বাতৰি পোৱা গৈছে৷ বিষয়টোত ডাঃ নহৰুল চাহাবে কোনো কান নিদি নাকত দামী মিঠাতেল দি শুই থকা বুলিও ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ ছাৰে অনবৰতে শুই থকা তুলিখনত কপাহৰ সলনি আচলতে আলু-পিঁয়াজৰ কমিচনৰ ধনেৰে ভৰি থকা বুলিও তেখেতৰ বনকৰা মহিলাই গোপন খবৰ প্ৰকাশ কৰিছে৷ সেয়ে চাৰে সেইখন এৰি হস্পিতেল বা বেমাৰী চাবলৈ নাযায় বুলিও সন্দেহ প্ৰকাশ পাইছে৷

৭. ইলেকচনৰ বতৰ নোহোৱাকৈয়ে চাহ বাগানত কিয় আঠুৱা বিলাব তাকে লৈ প্ৰশ্ন তুলি ককৰ্থনা সহ্য কৰিব লগা হ'ল এগৰাকী জ্যেষ্ঠ নেতাই৷ আঠুৱা ইলেকচনত প্ৰতিৰোধ গঢ়িবলৈ নহয়, মেলেৰীয়া, জাপানিজ এনকেফেলাইটিজ আদি ৰোগৰ পৰা প্ৰতিৰোধৰ বাবেহে বুলি ভালেমান বুজনি দিয়াতহে নেতাজনে অনিচ্ছা স্বত্বেও নিজা জনগোষ্ঠীৰ মানুহৰ বাবে চেংচন দিয়া বুলি জানিব পৰা গৈছে৷

৮. অহা ছয়মাহত কাজিৰঙাক বেদখলমুক্ত কৰিব বুলি আদালতক জনাই হাবিবন বিভাগ এতিয়া বিপদত পৰাৰ খবৰ৷ বনৰজাৰ আত্মীয়ক খেদিবলৈ গৈ চাকৰিলৈ বিপদ মাতি আনিবলৈ কোনেও ৰিক্স লবলৈ বিচৰা নাই বুলিও জানিব পৰা গৈছে৷ ওলোটাই শপতনামাত চহী কৰা বিষয়াই ডেপুটেচন দিল্লীলৈ পলায়ন কৰি দুয়োকুল ৰক্ষা কৰাৰ পাঙ পাতিছে বুলি জ্যোতিষ ৰত্নই ভৱিষ্যতবাণী প্ৰকাশ কৰিছে৷

৯. "লভ জেহাদ" নামৰ এবিধ নতুন খেল মেন অৱ দ্যা মেচ বাদশাহ চাৰৰ পৃষ্ঠপোষকতাত সদৌ বাৰত জুৰি খেলাবলৈ স্থিৰ কৰা বুলি খবৰ পোৱা গৈছে৷ এই খেল বিধত প্ৰেমত ঘৃণা ঢালি কেনেকৈ ৰাজনৈতিক ফায়দা লোৱা হয়, তাকেই বাস্তৱত খেলাৰ ৰূপত উপস্থাপন কৰিবলৈ বাদশাহ চাৰে মন ঠিক কৰা বুলিও এতিয়া গুজৱ ওলাইছে৷

১০. "বিৰাট কোহলীৰ বেটিং ফ্লপ হোৱাত অনুস্কা শৰ্মাৰ অৱদান" এই বিষয়টোত গৱেষণা কৰাৰ বাবে চাৰিজনকৈ ক্ৰীড়া সাংবাদিকলৈ সন্মানীয় পিএইডি ডিগ্ৰী প্ৰদান কৰাৰ সুখবৰ পোৱা গৈছে৷ ডীম ইউনিভাৰ্চিটীৰ পৰা এনে অশ্বডিম্ব গৱেষণালৈকো পিএইচডি ডিগ্ৰী প্ৰদান কৰাটো এয়া প্ৰথম নহয় বুলিও বিশ্ববিদ্যালয়খনে স্পষ্ট কৰি দিছে৷ লাগিলে ছয় দিনৰ ভ্ৰমণসূচী লৈ আহিলে ইৰাণী বাইদেউকো এক ডজনমান এনে ডিগ্ৰী দি পঠাব বুলিও অফাৰ আগবঢ়োৱাৰ খবৰেই গুজৱ নিউজৰ সংবাদ শিৰোনামা দখল কৰিছে৷

No comments:

Post a Comment