পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি দেশৰ ৬৮তম স্বাধীনতা দিৱস। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে দিল্লীৰ লাল-কিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসী উদ্দেশ্যি ভাষণ প্ৰদান কৰি তেওঁৰ প্ৰতিশ্ৰুতিৰ ওপৰত ভৰসা ৰাখিবলৈ আহ্বান জনায়। ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰে শক্তিশালী দেশ গঢ়াৰ প্ৰতিশ্ৰুতি, দুখীয়াৰ বাবে বেংকিং সুবিধাৰ সৈতে ১লাখ টকাৰ বীমা আৰু ৰাজ্য সমূহলৈ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অধিক দ্বায়িত্ব অৰ্পণ কৰিব বুলিও তেখেতে ভাষণত প্ৰকাশ কৰিছে। ইফালে আজি কংগ্ৰেছ দলৰ মুখ্যকাৰ্যালয়ত পতাকা উত্তোলন কৰে সভানেত্ৰী ছোনিয়া গান্ধীয়ে। অসমৰ মুখ্যমন্ত্ৰীয়ে খানাপাৰাৰ খেলপথাৰত হোৱা উদযাপনত পতাকা উত্তোলন কৰা বুলিও জানিব পৰা গৈছে।

২. ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, অসমে ৰাজ্যিক প্ৰযুক্তি পৰিবেশ, সমাজ আৰু যুক্তৰাষ্ট্ৰীয় শিশু পুঁজিৰ সহযোগত অসমৰ বিভিন্ন জিলাৰ গৱেষণাগাৰৰ অভাৱত ভোগা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভ্ৰাম্যমাণ বিজ্ঞান গৱেষণাগাৰৰ শুভাৰম্ভ কৰিছে। স্বাধীনতা দিৱসৰ দিনাই গুৱাহাটী আৰু যোৰহাটত এনে গৱেষণাগাৰ অসম বিজ্ঞান সমিতি আৰু যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহক পৰিচালনাৰ বাবে প্ৰদান কৰা হৈছে বুলি সুখবৰ প্ৰকাশিত হৈছে।

৩. স্বাধীনতা দিৱস উপলক্ষে ৪৪ ৰাজপুতনা ৰাইফলছৰ মেজৰ বৰদাৰজনলৈ মৰণোত্তৰ ভাৱে আগবঢ়োৱা হৈছে সেনাবাহিনীৰ সাহসিকতাৰ সৰ্বোচ্চ সন্মান অশোক চক্ৰ। ৯গৰাকীকৈ শৌৰ্য চক্ৰ, ৩৯জনলৈ সেনা পদক আগবঢ়োৱা হৈছে। লগতে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ ৯৯১জনলৈ সাহসিকতা আৰু বিশিষ্ট সেৱাৰ বাবে আৰক্ষী পদক আগবঢ়োৱা হৈছে।

৪. অসম চৰকাৰে কালি ২০গৰাকীলৈ শিল্পী আৰু সাহিত্যিক পেঞ্চন, ২০গৰাকীলৈ সাহিত্যিক বঁটা আৰু ৫গৰাকী শিল্পীৰ পৰিয়াললৈ পৰিয়াল পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছে। শিল্পী পেঞ্চন মাহে ৪হাজাৰ টকাকৈ, সাহিত্যিক বঁটা ৪০হাজাৰ টকা আৰু শিল্পীৰ পৰিয়ালৰ পেঞ্চন মাহে দুহেজাৰ টকাকৈ প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে।

৫. বিশেষ সেৱাৰ বাবে অসম আৰক্ষীৰ দুজন বিষয়ালৈ ২০১৪বৰ্ষৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। অসম আৰক্ষীৰ ডিআইজি(প্ৰশাসন) অপূৰ্ব জীৱন বৰুৱা আৰু ডিআইজি(এপি) শুভ্ৰজ্যোতি হাজৰিকাই এই পদক লাভ কৰাৰ সুখবৰ। উৎকৃষ্ট সেৱাৰ বাবে দহগৰাকীলৈ আৰু এঘাৰ গৰাকী আৰক্ষীলৈ সাহসিকতাৰ আৰক্ষী পদক আগবঢ়োৱাৰো সুখবৰ পোৱা গৈছে।

৬. স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ উল্লেখনীয় বৰঙণিৰ বাবে ২০গৰাকী ব্যক্তিলৈ ক্ৰীড়া পেঞ্চন আৰু ২০গৰাকী জ্যেষ্ঠ ক্ৰীড়া ব্যক্তিত্বলৈ এককালীন সাহাৰ্য আগবঢ়াইছে অসম চৰকাৰে। পেঞ্চনাৰ সকলে মাহিলী ৪হাজাৰকৈ টকা আৰু এককালীন সাহাৰ্যৰ বাবে মনোনীত হোৱা সকলে চল্লিশ হাজাৰ টকা আৰু ৰূপৰ ফলক লাভ কৰিব। আনহাতে ক্ৰীড়া জগতলৈ জীৱনজোৰা সেৱাৰ স্বীকৃতি স্বৰূপে নগাঁৱৰ পুনিলাল দাসলৈ মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ পৰা এক লাখ টকাৰ এককালীন সাহাৰ্যও ঘোষণা কৰাৰ সুখবৰ।

৭. সাৰদা চীট ফাণ্ড কেলেংকাৰীৰ গোচৰত দেশৰ ২৮টা স্থানত চিবিআইয়ে তালাচী চলোৱা বুলি বাতৰি প্ৰকাশ পাইছে। মাতংগ সিঙৰ বাসভৱনতো তালাচী চলাৰ লগতে গুৱাহাটীত মনোৰঞ্জনা সিঙৰ দুটাকৈ বাসভৱন ছীল কৰাৰো বাতৰি প্ৰকাশ পাইছে।

৮. অসম চুক্তিয়ে ভৰি দিলে ত্ৰিশ বছৰত। এই চুক্তিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পদক্ষেপত অসন্তুষ্ট সদৌ অসম ছাত্ৰ সন্থাই অনশন কাৰ্যসূচীৰ পালন কৰিছে। চুক্তিৰ দফা সমূহক অতি শীঘ্ৰেই ৰূপায়ণ কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপো দাবী কৰিছে ছাত্ৰ সংগঠনটোৱে।

৯. চাবুৱা এক্টিং একাডেমি আৰু ডি.ডি.আৰ মহাবিদ্যালয়ৰ ড্ৰামা এণ্ড মিউজিক ছ'চাইটিয়ে এমহীয়াকৈ আয়োজন কৰা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ অন্ত মঞ্চস্থ কৰে শিশুনাট "প্লেটফৰ্ম"ৰ। ডঃ দিগন্ত দত্তৰ পৰিচালনাতে এই নাট মঞ্চায়ন হয় যোৱা ২৭জুলাইত ডি.ডি.আৰ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত।

১০. হিন্দী-অসমীয়া গীতৰ ফিউজনেৰ অচিৰেই মুক্তি লভিব এটি ভিডিঅ' এলবাম "দিল-জানিয়া"ই। মুম্বাইৰ সংগীতজগতত ব্যস্ত অসমৰ সংগীত প্ৰতিভা নিশান্ত আৰু নিতুলৰ সংগীত আৰু কণ্ঠৰেই এলবামটো সমৃদ্ধ হৈছে বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment