সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This

শিক্ষানুষ্ঠানলৈ কেৰিয়াৰ বিষয়ক লেখা প্ৰেৰণৰ পদক্ষেপ
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
আমাৰ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানবোৰে আয়োজন কৰা কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালাবোৰত অংশ গ্রহণ কৰি আৰু প্রত্যেক শনিবাৰে নিৰ্দ্ধাৰণ কৰি দিয়া বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত ছাত্র-ছাত্রী তথা অভিভাৱকসকলৰ কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ ফোনত দি কিছু কথা জানিব পাৰিছো।



আমাৰ ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকলে কেৰিয়াৰ বিষয়ৰ বহুত কথা নাজানে যেনে- হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কি কি শাখা/বিষয়ত পঢ়িব পাৰি, বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়িব বাবে সুবিধা আছে , বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অর্হতা লাগে, প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে কেনেদৰে পঢ়া শুনা কৰিব লাগে , সাধাৰণ জ্ঞান কেনেকৈ আহৰণ কৰিব পাৰি , বিভিন্ন চাকৰি কাৰণে কি কি অহর্তা লাগে, চাকৰিবোৰৰ বিজ্ঞাপনবোৰ ক'ত পোৱা যাব, বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয় কেনেকৈ গ'ম পোৱা যাব , ইন্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্রহ কৰিব পাৰি ইত্যাদি।

এই বিভিন্ন দিশ সামৰি কেৰিয়াৰ এটা লেখা প্রস্তুত কৰিছোঁ আৰু এই লেখাটি আমাৰ ৰাজ্য খনৰ সকলো জিলাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বোৰলৈ ডাক যোগদি প্রেৰণ কৰিব বিছাৰিছোঁ যাতে ছাত্র-ছাত্রীসকলে বিভিন্ন কেৰিয়াৰ বিষয়ে এটা ধাৰণা লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ বাবে বিদ্যালয়বোৰৰ ডাক ঠিকনা প্রয়োজন, আমাক এছ. এম. এছ. (৯৪৩৫১-৮৮৬৩০) অথবা ই-মেইল( buljit@gmail.com ) কৰি ঠিকনাবোৰ জনালে লেখাটি প্রেৰণ কৰিবলৈ সুবিধা হ’ব । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব ইতিমধ্যে গৃহ জিলা ধেমাজিৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়বোৰলৈ ডাক যোগদি লেখাটি প্রেৰণ কৰিছোঁ।



সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, 
গুৱাহাটী-৭৮১০১৭, অসম ।

No comments:

Post a Comment