পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দেশৰ সবাতোকৈ বৃহৎ কেলেংকাৰী ৰূপে পৰিগণিত হোৱা কয়লা ব্লক আবণ্টনৰ গোচৰত উচ্চতম ন্যায়ালয়ে ১৯৯৩চনৰ পৰা আবণ্টিত সকলো কয়লা ব্লকেই বেআইনী ঘোষণা কৰি, দিলে ঐতিহাসিক ৰায়। এই ব্লক সমূহৰ আবণ্টন বাতিল কৰাৰ সন্দৰ্ভত অহা ১ছেপ্তেম্বৰত ছুপ্ৰিম কৰ্টে শুনানি গ্ৰহণ কৰিব বুলিও গোচৰটোৰ জৰিয়তে এই ৰায়প্ৰাপ্তিত অৰিহণা যোগোৱা আইনজীৱী প্ৰশান্ত ভূষণে কালি সংবাদ মাধ্যমক সদৰী কৰিছে।

২. যোৱা ২১আগষ্টত অনুষ্ঠিত হোৱা বিধান সভাৰ উপনিৰ্বাচনৰ মুঠ ১৮খন আসনৰ ভিতৰত মাত্ৰ সাতখন আসনতহে বিজেপি দল জয়ী হৈছে। বিহাৰ, মধ্যপ্ৰদেশ, কৰ্ণাটক আৰু পাঞ্জাৱত এই উপ-নিৰ্বাচনৰ ফলাফল অত্যাধিক প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা মোদী চৰকাৰৰ ৯০ দিনৰ কৰ্মফল বুলিও সচেতন মহলে বিশ্লেষণ আগবঢ়াইছে।

৩. শিৱসাগৰ নাট্যমন্দিৰত কালি অনুষ্ঠিত হোৱা অঞ্জলী দত্ত স্মাৰক বক্তৃতা প্ৰদান কৰিলে বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনে। শিৱসাগৰ প্ৰেছ ক্লাৱে আয়োজন কৰা এই অনুষ্ঠানতে ৪৫গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক মুঠ আঢ়ৈ লাখ টকাৰ জলপানি প্ৰদান কৰাৰো সুখবৰ। অনুষ্ঠানটোতে বৰ্ষীয়ান সাংবাদিক গুণ বৰুৱা আৰু অৰণ্য মানৱ যাদৱ পায়েঙক সম্বৰ্ধনাও জনোৱা হয়।

৪. অসমৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে নতুন দৰমহা আয়োগ গঠনৰ বাবে নো সিদ্ধান্ত লোৱা নাই ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে অৱশ্যে কৰ্মচাৰী সকলৰ ছমাহৰ বকেয়া ধন আদায় দিয়াৰ বাবে ২০১৪-১৫চনৰ বাজেটত ৩৫০কোটি টকা ধাৰ্য কৰি ৰাখিছে বুলিও কালি বিধান সভাত সদৰী কৰে।

৫. অসমৰ আৰক্ষীৰ আধুনিকীকৰণৰ বাবে বিগত দহটা বছৰত কেন্দ্ৰীয় চৰকাৰে অসমলৈ ৫২০কোটি টকা মোকোলাই দিছে বুলি কালি বিধান সভাত গৃহ বিভাগে প্ৰকাশ কৰিছে।প্ৰায় ৬৯কোটি টকাৰ যান-বাহন আৰু ৯২.৪৯কোটি টকা অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ত খৰছ কৰা হৈছে। সীমান্তৰ শেহতীয়া ঘটনাক লৈ গৃহ বিভাগৰ স্থায়ী কমিটিয়ে বিধান সভাত উদ্বেগ প্ৰকাশ কৰি অধিক সীমান্ত ৰক্ষী চকী স্থাপনৰ বাবে অসম আৰক্ষীত অতিৰিক্ত পদ সৃষ্টিৰ বাবেও কমিটিয়ে অনুমোদন জনাইছে বুলি সুখবৰ প্ৰকাশ পাইছে।

৬. গোলাঘাটৰ ৰঙাজানত শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে নাগালেণ্ডৰ আগ্ৰাসী হত্যাস হিংসা দখলৰ বিৰুদ্ধে ৭টা দল-সংগঠনে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী পালন কৰি থকা প্ৰতিবাদকাৰী সকলৰ ওপৰত বৰ্বৰ পুলিচ নিৰ্যাতনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

৭. লণ্ডন নিবাসী সমাজ-হৈতেষী অসমীয়া ডাঃ কৰুণাসাগৰ দাসে গুৱাহাটী বৰবাৰীৰ "যুগলবন্দী সত্ৰীয়া একাডেমি"ক লণ্ডনত হব লগা এখনি আন্তঃৰাষ্ট্ৰীয় চিকিৎসক সন্মিলনত অসমৰ সত্ৰীয়া সংস্কৃতি তথা বিহু প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱাৰ সুখবৰ জানিব পৰা গৈছে।

৮. নুমলীগড় শোধনাগাৰে ইণ্ডিয়া টুডে পি এছ ইউ বঁটা ২০১৪ৰ মিনিৰত্ন শাখাত শ্ৰেষ্ঠ পৰিবেশ অনুকূল ৰাজহুৱা খণ্ডৰ বঁটা লাভ কৰাৰ সুখবৰ পোৱা গৈছে। ২১ আগষ্টত এই বঁটা দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছোৱানৰ পৰা কোম্পানীটোৰ পৰিচালন সঞ্চালক পি পদ্মনাভনে গ্ৰহণ কৰে।

৯. নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে চলিছে প্ৰস্তুতি। ডেৰশ বছৰীয়া জয়ন্তী বৰ্ষৰ আৰম্ভণী অনুষ্ঠানত অহা ১৭-১৯ নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱাৰ সুখবৰো প্ৰকাশিত হৈছে।

১০. যোৰহাটৰ জে বি কলেজত অসমীয়া বিভাগৰ সহযোগত অনুষ্ঠিত হ'ল সাহিত্য অকাদেমিৰ মুখামুখি অনুষ্ঠান। নতুন প্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠান সঞ্চালনা কৰে বিশিষ্ট সাহিত্যিক শান্তনু তামুলীয়ে। ইয়াত কেইবাগৰাকীও খ্যাতি অৰ্জন কৰা প্ৰবীণ তথা নবীন সাহিত্যিকে অন্তৰংগ আলাপত অংশ লয়।

No comments:

Post a Comment