জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চুজি আৰু কাষ্টাৰ্ডৰ পুডিং 
ৰুমঝুম শইকীয়া
পুৱাৰ জলপান হিচাবে পৰিবেশন কৰিব পৰা এবিধ সুস্বাদু লঘু আহাৰ প্ৰস্তুত কৰাৰ দিহা দিবলৈ প্ৰয়াস কৰিছো৷ চুজি আৰু কাষ্টাৰ্ডৰ পুডিং, এইবিধ জলপান কম সময়তে প্ৰস্তুত কৰি আলহীক দিব পাৰে ৷ কিয়নো তৈয়াৰী কৰিবৰ বাবে সময়ো কম লাগে আৰু খাবলৈও সুস্বাদু ৷


উপকৰণসমূহ : গাখীৰ আধা লিটাৰ, চুজি টেবুল চামুচেৰে ৩ চামুচ,
কাষ্টাৰ্ড পাউদাৰ টেবুল চামুচেৰে ১ চামুচ, মিল্কমেইড টেবুল চামুচেৰে ৩ চামুচ,
মাখন ১০০ গ্ৰাম পেকেটৰ তিনি ভাগৰ এভাগ,
কেইটামান কাজু,এলমণ্ড আৰু কিচমিচ, চকলেটৰ সৰু টুকুৰা এটা
(কিটকেট্ বা ডায়েৰী মিল্ক জাতীয় )৷

ৰন্ধন প্ৰণালীঃ
প্ৰথমে চুজি খিনি কম জুইত ৰঙচুৱা নোহোৱাকৈ ৫মিনিটমান ভাজি লব ৷ এটা সৰু চচ্ পেনত গাখীৰ, মিল্কমেইড, কাষ্টাৰ্ড পাউদাৰ আৰু চুজিখিনি একেলগে মিলাই লওঁক ৷ এতিয়া মজলীয়া জুইত চচ্ পেনটো তুলি দিয়ক ৷ নমোৱাৰ সময়লৈকে ভালদৰে লৰাই থাকিব ৷ থপ্ থপীয়া হ'লে গৰমে গৰমে এটা পাত্ৰত ঢালি দিব ৷ এতিয়া ওপৰত কাজু,কিচমিচ,এলমন্ড দি চকলেটৰ টুকুৰাটো ৰুকনি এখনেৰে ওপৰত ৰুকি দিব ৷ ইচ্ছা কৰিলে গৰমে গৰমে সৰু সৰু বাটিতো এইধৰণে সজাই ফ্ৰীজত থৈ পৰিবেশন কৰিব পাৰে ৷ (এইখিনি ৩জনৰ বাবে জোখৰ হব ৷)
 'লেখিকাৰ মোবাইল ০৯৭৪ - ৩০৪৩১৯০৯ ই মেইল : rumjhum.saikia1@gmail.com ২৮-৮-২০১৪ ডোহা,কাটাৰৰ পৰা
-------
শেহতীয়া সকলো জুতি লগা আখলৰ লেখাৰ বাবে ইয়াত ক্লিক কৰক।
জুতি লগা আখল পৃষ্ঠালৈ যাব খুজিলে ইয়াত ক্লিক কৰক।

No comments:

Post a Comment