হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. "মেখেলা পিন্ধিব নাজানা, কেনেকৈনো বনোৱা ইমান ডাঙৰ বাহানা..." শীৰ্ষক বিহুগীতটি এতিয়া ভাইৰেল হিট ৰূপে পৰিগণিত হৈ পৰিছে। গোলাঘাটৰ সীমান্তৰ সহনশীলা মহিলা সংঘই এজন মহান পুৰুষ শাসকে কাপুৰুষালিৰ উদাহৰণ দাঙি ধৰাক লৈ লিখি উলিওৱা গীতটিয়ে এতিয়া প্ৰতিবাদী ৰাইজৰ মুখে মুখে জনপ্ৰিয় হৈ পৰা বুলি জানিব পৰা গৈছে।

২. সদৌ অসম প্ৰতিমূৰ্তি নিৰ্মাণ সংঘই জানিব পৰা মতে ৰসাল গগৈৰ মেখেলা পিন্ধোৱা প্ৰতিমূৰ্তিৰ অস্বাভাৱিক ভাৱে হঠাৎ চাহিদা বৃদ্ধি পোৱাত সংঘই অসহায়তা প্ৰকাশ কৰিব লগা অৱস্থা হৈছে। আগতে চুৰীয়া পিন্ধাই নিৰ্মাণ কৰি ৰখা ৰেডিমেড প্ৰতিমূৰ্তিৰ সলনি এতিয়া মাত্ৰ মেখেলা পিন্ধোৱা মূৰ্তিহে ৰাইজে প্ৰজ্বলন কৰিব বিচৰাৰ বাবেই এই বিষম পৰিস্থিতি স্থিতি হোৱা বুলিও জানিব পৰা গৈছে।

৩. "ৰবৰৰ গুলী পিঠি পাতি লোৱা আহা কনপোনা" বুলি এখন প্ৰত্যাহ্বান ধৰ্মী বাটৰ নাট আজি গোলাঘাটৰ ৰাইজে ৰাজপথত প্ৰদৰ্শন কৰা বুলি জানিব পৰা গৈছে। এ.কে-৪৭ ৰে ৰবৰৰ গুলী কৰা বুলি বিশিষ্ট মৎস্য গৱেষক কনপোনা গগৈয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰা মন্তব্যৰ পাছতে এতিয়া সদৌ অসম সজাগতা বৃদ্ধি পৰিষদে সাংসদ সকলৰ সচেতনতা বৃদ্ধি কৰিবলৈকে এই বাটৰ নাটখনি প্ৰদৰ্শন কৰিছে বুলিও খবৰ আহিছে।

৪. কু-কৰ্মৰ পাপৰ বোজা লবলৈ আগৰ লুটিপুতি খোৱা বন্ধু সকলে এতিয়া অস্বীকাৰ কৰাত এতিয়া কইনাধৰাৰ গাঁওবুঢ়া মানসিক ভাৱে ভাগি পৰিছে বুলি জানিব পৰা গৈছে। পাগলৰ ডাক্তৰে ছাৰক চিকিৎসা আগবঢ়াই "একোডাল হোৱা নাই, একোডাল হোৱা নাই" মন্ত্ৰটো জোনাকী ৰাতি পাপনৰ গীত শুনি শুনি আওৰাই থাকিবলৈ বুলি পৰামৰ্শ দিয়া বুলিও গুজৱ ওলাইছে। নীল, ৰকি, প্ৰদ্যুত আদি বন্ধুসকলৰ মোবাইল ফোন কিৰিং কিৰিং বাজি বাজি বন্ধ হৈ যোৱাৰ পাছতে ছাৰৰ এই মানসিক বিকাৰটো আৰম্ভ হোৱা বুলিও গোপন খবৰ বাহিৰ হৈছে।

৫. লাল টুপি বাহিনীৰ জিলাধিপতি শিলগুটি চেতিয়াক এইবাৰ "গীল হৰিণাপহু চিকাৰী" ৰাষ্ট্ৰীয় বঁটাৰ বাবে মনোনীত কৰাৰ বাবে গুণাগঁথা কৰা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে লালটুপি বাহিনীক লৈ গৌৰৱ প্ৰকাশ কৰা ৰসাল গগৈয়ে "অসমীয়া প্ৰতিবাদী হত্যাৰ মাষ্টাৰ ব্লাষ্টাৰ" জনৰ স্মৃতিত এই বঁটা প্ৰৱৰ্তন কৰিবলৈ ওলোৱা বুলিও গুজৱ ওলাইছে।

৬. আজি চংবিজয় দলে ভগ্নী হত্যা লাইভ নামৰ টিভি কাৰ্যসূচী প্ৰদৰ্শন কৰি অসমৰ সন্ত্ৰাসবাদক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ এই উদ্দাম লাইভ টিভি গুলীবৰ্ষণৰ দৃশ্যই আইছিছৰ দৰে সংগঠনকো কেচেলুৱা বুলি প্ৰমাণ কৰিবলৈ সক্ষম হৈছে। হিৰ' ষ্টাইলত সাক্ষাৎকাৰ দি হত্যা কৰা ঘটনাই অসমৰ হত্যাকাৰী প্ৰতিভাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে বুলিও টিভি সাংবাদিক সন্থাই আজি প্ৰকাশ কৰিছে।

৭. গোলাঘাটত তেজৰ বোকাত এতিয়া পদুম ফুলৰ বীজ ৰোপন কৰি তাৰ জৈৱিক খেতি কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেতিয়ক সকল অচিৰেই আহি ওলাব বুলি অসমীয়া জ্যোতিষ সম্ৰাট হিৰো ইয়ঙে ভৱিষ্যতবাণী কৰিছে। তেজৰ বোকাত পদুমৰ খেতি কৰাত মেন অৱ দ্যা মেচ খেলুৱৈজন আহি এই খেতিৰ শুভ উদ্বোধন কৰাৰ দিনটো পঞ্জিকা চাই অচিৰেই ঠিক কৰিব পৰা যাব বুলিও তেখেতে প্ৰকাশ কৰিছে।

৮. কালি হেংদান লৈ ওলাই আহিবলৈ অসমীয়াক আহ্বান জনালে সদৌ অসম কণী-মাছ বেপাৰী চালানী সন্থাৰ উপদেষ্টা ছিণ্ডিকেটোদ্দিন আহমেদে। অন্ধপ্ৰদেশৰ মাছ অসমৰ চুকে-কোণে কাটি তেওঁৰ ব্যৱসায়লৈ অৰিহণা আগবঢ়োৱা সকলো মাছ বেপাৰীকো তেওঁ অসমীয়াৰ স্বাৰ্থৰ হকে আগুৱাই আহিবলৈ আহ্বান জনায়। যিখন চকীত বহি অসমীয়াৰ অপকাৰ কৰাৰ কথা চিন্তা কৰে, তেনে চকীৰ খুঁটা কাটিবলৈ লাগিলে মাছৰ বঠিও ব্যৱহাৰ কৰিবলৈকো তেওঁলোক পিছ নোহোঁহকে বুলিও আহমেদ ডাঙৰীয়াই কালি স্পষ্ট কৰি দিয়ে।

৯. কালি ৰাতি প্ৰসৱ বেদনাত ক্লান্ত হৈ বহুতো লেখক-লেখিকা তথা কবিয়ে ফেচবুকৰ বুকুতে গালি, গালাজ, চিন্তা, ভাৱনা, কবিতা আদি প্ৰসৱ কৰি দিয়ে। কালিৰ এই প্ৰতিবাদী পোষ্টৰ বানত খোদ ফেচবুকৰ মালিকপক্ষও চিন্তিত হৈ পৰাৰ লগতে অসমীয়া আখৰৰ পোষ্টৰ ফলত হোৱা সামূহিক বিজ্ঞাপনজনিত আয় অসমৰ আক্ৰান্ত সকললৈ সাহাৰ্য ৰূপে প্ৰদান কৰিবলৈ চিন্তা চৰ্চা চলাই থকা বুলিও এটা সূত্ৰই প্ৰকাশ কৰিছে।

১০. কালি গোলাঘাট জিলাৰ পৰা কোনো সন্দেহযুক্ত জাতীয়তাবাদী লোকে দিল্লীৰ দৰিয়াগঞ্জস্থিত গুমসূদা তালাচ কেন্দ্ৰলৈ ফোন কৰা বুলি জানিব পৰা গৈছে। কনপোনা গগৈক বাৰু টিভিতে দেখিছে, পিছে বাকী ১৩ আৰু ৬ মুঠ ১৯জন সাংসদ ক'ত নিৰুদ্বেশ হৈ আছে তাকে জানিবলৈকে পিঠিত কোব খাই সেহাই সেহাইয়ো কোনো সচেতন নাগৰিকে এই তালাচ কেন্দ্ৰৰ পৰা তথ্য জানিব বিচৰা বুলিও কেন্দ্ৰটোৱে আজি প্ৰকাশ কৰিছে।

No comments:

Post a Comment