(ডা: বিকাশ বৰুৱালৈ ক্ষমা প্ৰাৰ্থনাৰে)
প্ৰতিম প্ৰতাপ বৰুৱা
উগ্ৰপন্থী দমনত নামত এসময়ত সেনা-আৰক্ষী নামধাৰী এজাক মানুহৰ অবৰ্ণনীয় অত্যাচাৰৰ সন্মুখীন হ’ব লগা হৈছিল সেই নিৰীহসকলেই। নাৰী-ধৰ্ষণৰ দৰে ভয়ানক ঘটনাবোৰ সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছিল। (ৰাজু বৰুৱা, ভনীমাই দত্ত আদি নামবোৰ মনত আছেনে? সেই নামবোৰে আজিও আপোনাৰ হৃদয় কঁপাই তোলেনে? যদি নোতোলে তেন্তে অনুগ্ৰহ কৰি এই লেখাটো নপঢ়িব।) একেসময়তে বিপ্লৱৰ নামতো নিৰীহৰ ওপৰত অত্যাচাৰ, বোমা বিস্ফোৰণ, হত্যা চলি আছিল। আৰু আজিও বিভিন্ন কাৰণত সেই একেই নিৰীহজন হত্যাৰ বলি হৈছে। প্ৰায় প্ৰতিদিনে মাত্ৰ নিৰীহজনৰ বিৰুদ্ধে হিংসা-হত্যাৰ খবৰ। সন্মুখত উদ্যত মৰণাস্ত্ৰ লৈ থকা অস্ত্ৰধাৰীজন কোন, কি তেওঁৰ পৰিচয়, কি তেওঁৰ উদ্দেশ্য, কি তেওঁৰ আদৰ্শ, কি তেওঁৰ দাবী, তেওঁ কাক প্ৰতিনিধিত্ব কৰিছে আদি কথাবোৰ সেই নিৰীহজনৰ বাবে ডাঙৰ কথা নহয়। সেই কথাবোৰ সেই নিৰীহসকলৰ সৰহসংখ্যকেই হয়তো বুজিও নাপায়। সেই মৰণাস্ত্ৰটোৰ পৰা ওলাই অহা গুলীটোৱে সেই নিৰীহজনৰ প্ৰাণ ল’ব বা লৈছে – সেইটোহে ডাঙৰ কথা। কিন্তু কি দোষ সেই নিৰীহজনৰ? মৃত্যুৰ আগমুহূৰ্ততো সেই নিৰীহজনে বুজি নাপায় তেওঁক কিয় হত্যা কৰা হ’ল।
এটা কথা সত্য যে অসমত হত্যা-হিংসাৰ ভয়াবহ দিনবোৰ আৰম্ভ হোৱাৰ দিন ধৰি আজিলৈকে সাধাৰণ, নিৰীহ, সৰ্বশ্ৰান্তজনৰে ৰক্ত আটাইতকৈ বেছিকৈ বৈছে। নিৰীহৰ তেজেৰে, আনকি শিশুৰ তেজেৰে নিজৰ হাত ৰাঙলী কৰি নিজকে বিপ্লৱী বা আইন-শৃংখলাৰক্ষাকাৰী বা অসমপ্ৰেমী বা অসমৰ সেৱক বা মানৱপ্ৰেমী বা মানৱতাবাদী বা আন একোৱেই ক’ব পৰা নাযায়। অসমপ্ৰেমী, জাতিপ্ৰেমী, মানৱপ্ৰেমী আদি শব্দবোৰত থকা প্ৰেম শব্দটো এইসকল নিষ্ঠুৰ মানুহৰ সৈতে যিকোনো ক্ষেত্ৰত ব্যৱহাৰ কৰাটোও আমাৰ মতে এটা ঘৃণনীয় অপৰাধ। এইসকল মানুহে প্ৰেমৰ অৰ্থ নাজানে।
আমি আগতে প্ৰায়ে আচৰিত হৈছিলো – মানুহ কেনেকৈ ইমান নিষ্ঠুৰ হ’ব পাৰে, মানুহ কেনেকৈ ইমান হিংস্ৰ হৈ উঠিব পাৰে? কিন্তু আজিকালি আচৰিত নহওঁ। হয়, মানুহ ভয়ানকভাৱে নিষ্ঠুৰ। মানুহৰ হিংস্ৰতাৰ আৰু মানুহৰ নিষ্ঠুৰতাৰ সীমাও নাই আৰু তুলনাও নাই। মানুহৰ বৰ্বৰতাৰ বা মানুহৰ কিছুমান আচৰণৰ বৰ্ণনা কৰিবলৈ বহুতে যে পশুতুল্য শব্দটো ব্যৱহাৰ কৰে সেয়াও একপ্ৰকাৰৰ অপৰাধ। মানুহ পশুতুল্য নহয়, হ’ব নোৱাৰে। কাৰণ পশু মানুহৰ সমান নিষ্ঠুৰ নহয়। পশুৱে মানুহৰ দৰে নিৰীহক হত্যা কৰি তেজৰ খেলা নেখেলে।
আজিৰপৰা বহুত বছৰ আগতে, আমি সৰু হৈ থাকোতেই ডা: বিকাশ বৰুৱাদেৱে লিখিছিল সেই বিখ্যাত নিৱন্ধ - শেষ বুলেট। সেই নিৱন্ধটো আকৌ এবাৰ পঢ়ি চাবলৈ সুবিধা নোপোৱা আজি বহুবছৰ হ’ল যদিও ডা: বিকাশ বৰুৱাদেৱলৈ ক্ষমা প্ৰাৰ্থনাৰে আজি আমি পুনৰ লিখিছো – হে হত্যাকাৰীসকল, তোমালোকে যদি কোনোবা নিৰীহক হত্যা কৰিবই লাগে তেন্তে মোক হত্যা কৰা। মোৰ হত্যাই অসমৰ শেষ হত্যা হওক। তোমালোকে নিজৰ নিজৰ বন্দুকবোৰ সাজু কৰা আৰু তোমালোকৰ শেষ গুলীবোৰ মোৰ বুকুলৈকে মাৰি পঠিওৱা। এয়া মোৰ বুকু পাতি দিছো। কিন্তু নিৰীহজনৰ তেজেৰে আৰু নিজৰ হাত ৰাঙলী নকৰিবা।
-------------------**------------------------
লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্চ্,ওৱান এ, বেটেৰী লেন্, ৰাজপুৰ ৰোড, দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com
No comments:
Post a Comment