পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা ২০১৪ কালি মুম্বাইত কৰ্মৰত খ্যাতি সম্পন্ন কৰ্কট ৰোগৰ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শইকীয়াক প্ৰদান কৰা হয়। বিশিষ্ট সাংবাদিক কনকসেন ডেকাৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰি ডাঃ শইকীয়াই ৰোগবিধৰ বাবে বিশেষ ভাৱে কাম কৰি অহা দীপশিখা ফাউণ্ডেচনলৈ বঁটাৰ সৈতে লাভ কৰা এক লাখ টকা দান কৰাৰ কথাও ঘোষণা কৰে। আনহাতে স্মৃতি দিৱসত আয়োজিত ত্ৰয়োদশ শ্বহীদ সাংবাদিক কমলা শইকীয়া স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক তথা চিন্তাবিদ ডঃ অৰবিন্দ মজুমদাৰে।

২. ৰাষ্ট্ৰীয় ঘাইপথ গ্ৰীডৰ দৰে দেশত ৪৫০০ কিল'মিটাৰ সামৰি এক আভ্যন্তৰীণ জল পৰিবহন গ্ৰীড বিকাশৰ বাবে পৰিকল্পনা কৰিছে নতুন কেন্দ্ৰীয় চৰকাৰে। ২০হাজাৰ কোটি খৰচেৰে দেশৰ ছটা ৰাষ্ট্ৰীয় জলপথ সামৰি লব লগা এই প্ৰকল্পত অসমৰ দুটা জলপথ অন্তৰ্ভুক্ত হব বুলি সুখবৰ প্ৰকাশিত হৈছে।
 
৩. অহা ১১ আগষ্টত অসম বিধান সভাত দাখিল হব লগা বাজেটে ৰাজ্যৰ কৰ্মচাৰী সকললৈ সু-খবৰ কঢ়িয়াই আনিব।সদৌ অসম কৰ্মচাৰী পৰিষদৰ সতে আলোচনাত লোৱা সিদ্ধান্ত ওপৰত ভিত্তি কৰিয়েই এই বাজেটে ৬মাহৰ বকেয়া ধন আদায় দিয়াটো নিশ্চিত কৰিব বুলি জানিব পৰা গৈছে।

৪. লামডিং-শিলচৰ ৰে'লপথৰ মিটাৰগজৰ পৰা ব্ৰডগজলৈ উন্নীতকৰণৰ কাম অহা ১ অক্তোবৰৰ পৰা আৰম্ভ হব। এই উন্নীকৰণৰ ফলত ৰে'ল যোগাযোগ ব্যাহত হৈ পৰিব। ইফালে ঘাইপথ ৰূপে ইষ্ট-ৱেষ্ট কৰিডৰৰো কাম শেষ নোহোৱাত এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে বৰাক উপত্যাকাৰ লগতে মিজোৰামকো ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে। ত্ৰিপুৰাই আগতীয়াকৈ তাৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰো সুখবৰ পোৱা গৈছে।

৫. নগাঁৱত স্থাপিত হব মেডিকেল কলেজ। চহৰৰ পৰা ৫ কিল'মিটাৰ দূৰৈত নিৰ্মাণ চলি থকা মেডিকেল কলেজৰ প্ৰাৰম্ভিক ভাৱে অহা বৰ্ষৰ পৰা আৰম্ভ হব। জিলা প্ৰশাসনে ১২০বিঘা মাটি আবণ্টন দিয়াৰ লগতে ইয়াত মেডিকেল পঢ়িবৰ বাবে ১০০খন আসনৰ সুবিধা থাকিব বুলিও সুখবৰ প্ৰকাশিত হৈছে।

৬. দিল্লীত যোৱা ৭ আৰু ৮আগষ্টত অনুষ্ঠিত ৱৰ্ল্ড এডুকেছন ছামিট ২০১৪ত গুৱাহাটীৰ ৰয়েল গ্ল'ৱেল স্কুলে "দ্য বেষ্ট ষ্টাৰ্ট আপ স্কুল"ৰ বঁটা লাভ কৰিছে। স্কুলখনৰ "স্কুল ফৰ চেঞ্জ" শীৰ্ষক প্ৰকল্পৰ বাবেই এই বঁটা লাভ কৰিছে। ছামিটখনত "ইমাৰ্জিং ট্ৰেণ্ড ইন স্কুল এডুকেশ্যন" বিষয়ত বক্তৃতা প্ৰদান কৰা স্কুলখনৰ অধ্যক্ষ অৰূপ মুখোপাধ্যায়কো বক্তামণ্ডলীৰ শ্ৰেষ্ঠ বক্তা ৰূপে স্বীকৃতি প্ৰদানৰ সুখবৰ পোৱাগৈছে।

৭. কালিৰে পৰা দিল্লীত অনুষ্ঠিত হৈছে বিজেপি দলৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক। এই বৈঠকে নতুন সভাপতি ৰূপে অমিত শ্বাহৰ নিযুক্তিত অনুমোদন প্ৰদান কৰে। দলটোৰ নিৰ্বাচনী সফলতাৰ পাছত প্ৰথমবাৰ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নেতা-কৰ্মীলৈ কৃতজ্ঞতা প্ৰকাশ কৰে।

৮. আজি যাদু দিৱস উপলক্ষে সদৌ অসম যাদু কলা সংস্থা আৰু পৌদ্দাৰ এণ্টাৰটেলৰ সহযোগত গুৰুকুল মেজিক একাডেমিয়ে "এখন মঞ্চত ২৫জন মেজিচিয়ান" শীৰ্ষক এক অনুষ্ঠান কটন কলেজৰ কে বি আৰ হলত সন্ধিয়া পাঁচ বজাৰ পৰা আয়োজন কৰিছে।

৯. বিশিষ্ট কবি, গল্পকাৰ মহেন্দ্ৰ তালুকদাৰৰ তিনিখন ভিন্নধৰ্মী গ্ৰন্থ কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয়। প্ৰতিশ্ৰুতি প্ৰকাশনে প্ৰকাশ কৰা কাব্যগ্ৰন্থ "তোমাৰ প্ৰেমত নপৰা হ'লে" আৰু "কাজিৰঙাৰ উচুপনি"ৰ লগতে গল্প সংকলন "এজাক বৰষুণ" উন্মোচিত হয়। সভাত ইছমাইল হুছেইন, তবিউল হুছেইন, পবিত্ৰ কুমাৰ শৰ্মা, মৃণালিনী দেৱী আদি সুধীজনেও অংশগ্ৰহণ কৰে।

১০. গুৱাহাটী প্ৰেছ ক্লাৱত কালি অশোক শৰ্মাৰ গ্ৰন্থ "অসমীয়া লিপিৰ পৰিচয়" শীৰ্ষক গ্ৰন্থখনি উন্মোচিত হয়।

No comments:

Post a Comment