মোৰ জীৱনৰ প্ৰথম কবিতাটো লিখিছিলো ১৯৮৩ চনত
| তেতিয়া অসম আন্দোলনৰ ভৰপক | বিদ্যালয়ত শ্ৰেণী বৰ্জন হৈয়েই থাকে | আমি
স্কুললৈ গৈ কাৰ্য্যালয়ৰ সমুখত বহি দিও যাতে চাৰ সকলে সোমাব নোৱাৰে | এনেকৈ
এবাৰ শ্ৰেণী বৰ্জন কৰোতে বৰমা থানাৰ পৰা বহুতো পুলিছ আহি আমাৰ ওপৰত লাঠি
চালনা কৰিছিল | প্ৰথমে বহুত ঘটনা কৈ আমাক ভয় খুৱাইছিল | কিন্তু কোনো উঠি
নোযোৱাত আমাৰ ওপৰত লাঠিৰে কোবাবলৈ লৈছিল | আমি দুই একোব খাই পলাই সাৰিছিলো |
পুলিছ অনাত আমাৰ অঞ্চলৰ এজন ছাত্ৰনেতাই আগভাগ লৈছিল যিজনে আন্দোলনৰ
ঘোৰ বিৰোধিতা কৰিছিল |
সেই সময়ত অসমত কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচন জাপি দিছিল | সদৌ অসম ছাত্ৰ সন্থাই এই নিৰ্বাচনৰ তীব্ৰ বিৰোধিতা কৰিছিল | নিৰ্বাচন যাতে হ’ব নোৱাৰে তাৰ বাবে ঠায়ে ঠায়ে বহুতো দলঙ কোনোবাই জলাই দিছিল | এনেয়ে ৰাস্তা ঘাটৰ অবস্থা নাই তাতে দলঙবোৰ জ্বলাই দিছিল | .. কিন্তু নিৰ্বাচন হৈছিল | এয়াই জুয়ে পোৰা ৮৩ৰ নিৰ্বাচন | হাতৰ আঙুলিত লিখিব পৰা ভোটাৰে ভোট দি নিৰ্বাচন "সফল" কৰিছিল | যিবিলাকে অসম আন্দোলন বৰ্জন কৰিছিল সেই মানুহবিলাকে ভোট দি এখন অবৈধ চৰকাৰ গঠন কৰাত সহায় কৰিছিল | তেতিয়া “জয় আই অসম” এই বাক্যটোৱে গাত শিহৰণ তুলিছিল | সকলোতে জয় আই অসম | যিটো লোৱা হোছিল বেজবৰুৱা দেৱৰ এটি কবিতাৰ পৰা | “অসম আকৌ উন্নতি পথত জয় আই অসম বোল” | হয় আমি জয় আই অসম বুলিছিলো |
ছাত্ৰ সন্থাই উলিওৱা সোভাযাত্ৰাত “জয় আই অসম” বুলি টেটু ফালি চিঞৰিছিলোঁ | দোকান, ঘৰ, চাইকেল, ৰিক্সা ,গাড়ী- মটৰ সকলোতে “জয় আই অসম” বুলি ছাত্ৰ সন্থাৰ স্বেচ্ছাসেৱকে লিখি দিছিল | আমাৰ ঘৰৰ চাইকেলখনৰ চেইন কভাৰটো “জয় আই অসম” বুলি বগা ৰঙেৰে সুন্দৰকৈ লিখি দিছিল | মোৰ মনকো এই জয় আই অসম বাণীয়ে বৰকৈ আন্দোলিত কৰিছিল | কোনোবা এখন স্কুলৰ আলোচনীত মোৰ বয়সৰ ছোৱালী এজনীয়ে এটা কবিতা লিখিছিল – “মই কবিতা লিখো কিয় ?” | মোৰ মনতো কবিতা লিখাৰ হেঁপাহ জাগিছিল | মনতে ভাবিলোঁ – মইও চোন লিখিব পাৰো “ মই জয় আই অসম বোলো কিয় ?” লিখিছিলোঁ জীৱনৰ প্ৰথম কবিতা – “মই কবিতা লিখো কিয় ?”ৰ আৰ্হিত | সেই ছোৱালীজনীৰ নাম ধাম এতিয়া একো মনত নাই | তথাপিতো সেই “অনামিকা”ৰ ওচৰত মই আজিও কৃতজ্ঞ | আচলতে শৈশৱত লোকৰ আৰ্হি লবলৈ মন যায় | কাৰোবাৰ ভাল হাতৰ আখৰ দেখিলে তেনেকৈ লিখিবলৈও চেষ্টা কৰিছিলোঁ | এতিয়া মোৰ স্মৃতিৰ গৰ্ভৰ পৰা তুলি দিলো মোৰ শৈশৱৰ প্ৰথম কবিতা বা পদ্যটো

মই জয় আই অসম বোলো কিয় ?:
মই জয় আই অসম বোলো কিয় ?
অসম মাতৃক মনত পেলাবলৈ |
মই জয় আই অসম বোলো কিয় ?
বিদেশীৰ বুকু কঁপাবলৈ |
মই জয় আই অসম বোলো কিয় ?
অসমীয়া ডেকাক জগাবলৈ |
মই জয় আই অসম বোলো কিয় ?
বিদেশী বহিস্কাৰ কৰিবলৈ |
মই জয় আই অসম বোলো কিয় ?
দেশপ্ৰেম জাগ্ৰত কৰিবলৈ |
মই জয় আই অসম বোলো কিয় ?
অসমী আইক পূজিবলৈ...।
এই কবিতাটো আমাৰ বিদ্যালয়ৰ আলোচনী “জ্যোতি”ত প্ৰকাশৰ বাবে দিছিলো | সেইবাৰ আমাৰ প্ৰথম আলোচনী ওলাব | দি মনত এক উগুল ঠুগুল ভাব – ওলাব নে নোলাব | আৰু মোক আচৰিত কৰি দি কবিতাটো “জ্যোতি”ৰ প্ৰস্তাবনা সংখ্যাত প্ৰকাশ পাইছিল | সিদিনা নামটো “শ্ৰী দীপুল চন্দ্ৰ হালৈ, সপ্তম শ্ৰেণী...”-- প্ৰথম ছপা আখৰত দেখি কিমান আনন্দ লাগিছিল সেই কথা মই ভাষাৰে বুজাব নোৱাৰিম |
No comments:
Post a Comment