জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
সৰিয়হ ফুটোৱা বিলাহী, মাছৰ টেঙা
উপকৰণঃ
ৰৌ বা বাহু মাছৰ ডাঙৰ আকাৰৰ ছয় টুকুৰা৷
ক'লা সৰিয়হ এচামুচ৷
পকা ৰঙা বিলাহী ডাঙৰ আকাৰৰ চাৰিটা৷
আদা সৰু এটুকুৰ, নহৰু পাঁচ ফোঁটা৷
কেঁচা জলকীয়া চাৰিটা (স্বাদ অনুসাৰে)৷
নিমখ, হালধি অকন, মিঠাতেল মাছ ভাজিব পৰা জোখৰ৷ পিয়াজ মধ্যমীয়া আকাৰৰ দুটা৷

ৰন্ধন প্ৰণালীঃ
মাছ কেইটুকুৰ ভালদৰে ধুই নিমখ-হালধি সানি ভাজিবৰ বাবে সাজু কৰি লওক৷ এতিয়া কেৰাহী কম জুইত গৰম কৰি তাত প্ৰয়োজনীয় পৰিমানৰ মিঠাতেল ঢালি দিয়ক৷ তেল গৰম হ'লে তাত মাছ কেইটুকুৰ অলপ সময় ভাজি লওক৷ একেবাৰে ৰঙা অথবা টান হোৱালৈ নাভাজিব৷ মাছখিনি হয়মানে বিলাহী কেইটি সৰু সৰুকৈ কুটি লওক৷আদা-নহৰুৰ পেষ্ট তৈয়াৰ কৰি লওক৷

তাৰ পাছত মাছখিনি কাঢ়ি সেই তেলতে সৰিয়হ চামুচ ঢালি ঢাকোনখন মাৰি সৰিয়হখিনি ফুটিবলৈ দিয়ক৷ এতিয়া আদা নহৰুৰ পেষ্টখিনি নিমখ হালধিৰে সৈতে ঢালি লগতে বিলাহীখিনিও দি দিব৷ বিলাহীখিনি গলি যোৱালৈ কম জুইতে অপেক্ষা কৰক৷

বিলাহীখিনি গলি যাবলৈ ধৰিলে তাত দুকাপ পানী ঢালি দি উতলিবলৈ দিয়ক৷ এতিয়া পিয়াজ কেইটি ঘূৰণীয়া ৰিং ৰিং আকৃতিত কাটি সাজু কৰক৷ উতল অহা যেন দেখিলে তাত মাছকেইটুকুৰ দি পুনৰ অলপ সময় উতলিবলৈ দিয়ক৷ এতিয়া কাটি থোৱা পিয়াঁজৰ সৈতে জলকীয়া কেইটি দীঘলে দীঘলে ফালি তাত দি দিয়ক৷ এইদৰে পাঁচ মিনিটমান কম জুইত উতলিবলৈ দিলেই সোৱাদ লগা ব্যঞ্জনটি তৈয়াৰ হৈ উঠিব৷ গৰমে গৰমে এতিয়া ভাতৰ লগত ইয়াক পৰিবেশন কৰক৷

No comments:

Post a Comment