হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰাষ্ট্ৰীয় গুজৱ.কম
১. আমিৰ খানৰ পি.কে. চিনেমাখনৰ পোষ্টাৰ দেখাৰ পাছত এতিয়া বাৰৰ পৰা সুৰা পি পি ওলোৱা সকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া "অপনা ৰেডিঅ' পেহনকে চলো" নামৰ শ্লোগানেৰে দেশত পুনৰ ৰেডিঅ' জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা চলাব বুলিও আমিৰ ফেন ক্লাৱে মত প্ৰকাশ কৰিছে।

২. মণি কংকৰ আয়াৰে বয়সৰ সৈতে বুদ্ধি নাহে বুলি প্ৰমাণ কৰিছে বুলি এজন টুটকীয়াই টুইট কৰিছে। সেয়ে ইলেকচনৰ পাছত চাহৰ দোকান দি স্বাৱলম্বী হম বুলি ঘোষণা কৰাৰ পাছতো এতিয়া আনৰ ঘৰত ভৃত্য হৈয়েই আছে বুলিও আঙুলিয়াই দিছে।


৩. ৰাহুল বাবা ভাল মানুহ কিন্তু ভুল পাৰ্টিত আছে বুলি আঙুলিয়াই দিছে আন এজন গুণগ্ৰাহীয়ে। তেওঁৰ দৰে প্ৰতিভাবান মানুহ আচলতে ঘৰৰ দেউতাক-ককাকৰ পৰিয়ালকেন্দ্ৰিক বেপাৰ চলোৱাতকৈ আধুনিক নতুন বেপাৰ চলাব লাগে বুলি মতামত আগবঢ়াইছে। সেয়ে আধুনিক মনৰ বাবাৰ আইডিয়া মামৰে খোৱা পাৰ্টিত কামত অহা নাই বুলিও গুণগ্ৰাহীজনে প্ৰকাশ কৰিছে।

৪. "নটৱাৰ বুক বোম্ব"ৰ প্ৰত্যুত্তৰত অচিৰেই মৌনমোহন সিঙ এখন বিস্ফোৰক গ্ৰন্থ লিখি মুকলি কৰিব বুলি জানিব পৰা গৈছে। শ্ৰেষ্ঠ ভাষাত লিখিব লগা গ্ৰন্থখনক এতিয়া কৌতূহলৰ সৃষ্টি হৈছে। তাকে দেখি নিৰৱতাহে শ্ৰেষ্ঠ ভাষা বুলিও সিঙ চাৰৰ দ্বাৰোৱানজনে আঙুলিয়াই দিয়া বুলিও গুজৱ ওলাইছে।

৫. বিধান সভাত কাইলৈৰ পৰা প্ৰতিদিনে পুৱাই চকীক লৈ মিউজিকেল চেয়াৰ খেলাবলৈ সিদ্ধান্ত লোৱা বুলি গম পোৱা গৈছে। সফল জনে কনিষ্ঠ হলেও আগৰ চীটত বহিব পাৰিব আৰু তেতিয়া জ্যেষ্ঠজনে কিন্তু সদন ত্যাগ কৰিব নোৱাৰিব বুলিও দিছপুৰ ক্ৰীড়া সন্থাই বিষয়টোত নীতি-নিয়ম স্পষ্ট কৰি দিছে।

৬. কনপোনা গগৈয়ে কালি এনডিটিভি আৰু নিউজ এক্স টিভিত ওলাবলৈ পোৱাৰ সফলতা দাবী কৰিছে। তেওঁ অচিৰেই ৰাষ্ট্ৰীয় পদূলিৰ দেওনা পাৰ হৈ আন্তৰ্জাতিক চেনেলটো মহিলা মাছ বিষয়ক সাৰুৱা বক্তৃতা দিবলৈ পাবই বুলি টুইট যোগে আশা প্ৰকাশ কৰিছে।

৭. চলমেনক প্ৰত্যাহ্বান জনাবলৈহে উলংগ হৈ পোষ্টাৰ বনাইছিল বুলি প্ৰকাশ কৰিছে আমীৰ খানে। পিছে এতিয়া বলিউডৰ কিং কোন বুলি চলোৱা সমীক্ষাক এতিয়া বলিউডৰ "উলংগ কিং খান" কোন বুলিহে নামাকৰণ কৰা হব বুলিও জানিব পৰা গৈছে! প্ৰতিযোগিতাখন এতিয়া অধিক আকৰ্ষণীয় হব বুলিও ফেন সকলে আশংকা কৰিছে।

৮. ৰাজহুৱা স্থানত বিকিনি নিষিদ্ধ কৰিবলৈ আহ্বান জনাই সংবাদ শিৰোনামা পাইছে গোৱাৰ পাব্লিক ৱৰ্ক বিভাগৰ মন্ত্ৰীয়ে। পিছে এতিয়া পাব্লিকৰ মনোৰঞ্জনৰ পৰা বঞ্চিত কৰিবলৈ ওলোৱাৰ বাবে গোৱালৈ টিকট কটা পৰ্যটক সন্থাই তেওঁক প্ৰৱল সমালোচনা কৰিছে আৰু টিকেট কেনচেল কৰাৰো ভাবুকি দিয়া বুলি গুজৱ ওলাইছে।

৯. মাত্ৰ বিলাহী আৰু পিয়াঁজেই দামী বস্তু নহয়, এতিয়া আলু, ঘেঁহু, চাউল আদিও বিলাসী বস্তুত পৰিণত হোৱাত খানা-পিনা মন্ত্ৰী ৰাম বিলাসে দেশৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছে। এতিয়া প্ৰতিদিনেই পুৱা-গধূলি এপেট ভোজন কৰাটো এতিয়া বিলাসিতা হৈ পৰিছে আৰু ফলত প্ৰতিজন ভাৰতীয় মানুহেই বিলাসী জীৱন যাপন কৰিবলৈ পাইছে। এয়াইতো নৰেন চাৰে কোৱা ভাল দিন বুলিও খানা-পিনা মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে।

১০. কনপোনা গগৈয়ে দেশৰ ভিতৰতে আটাতকৈ খৰচী লোকচভা প্ৰাৰ্থী হোৱাৰ গৌৰৱ কঢ়িয়াই অনাৰ পাছতে এতিয়া ৰসাল গগৈ চাৰেও দৰমহাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম শীৰ্ষ তিনিটা স্থান লাভ কৰাৰ সপোন দেখিছে। তাকে দেখি বাপ-চাইহে বেটা বুলিও ৰঙিলী বুঢ়ীয়ে টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

No comments:

Post a Comment