হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম

১. "শান্তিপূৰ্ণ জংগী আন্দোলনৰ হাতপুথি" নামৰ এখনি বৃহৎ গ্ৰন্থ লিখি উলিয়াইছে বিখ্যাত নেতা কৃষকান্ত গগৈয়ে। আন্দোলনৰ পূৰ্ণ্য তীৰ্থ স্বৰূপ আমাৰ ৰাজ্যখনৰ নৱ-প্ৰজন্মইও গ্ৰন্থখন আদৰি লব বুলি আশা প্ৰকাশ কৰিছে। প্ৰতিবাদকাৰীয়ে হাত কাটি লোৱা, দেহত জুই লগাই লোৱা আদি নিয়ন্ত্ৰণ কৰি কেনেকৈ শান্তিপূৰ্ণভাৱে জংগী আন্দোলন গঢ়ি তুলিব পাৰি তাৰেই বাখ্যা গ্ৰন্থখনিত আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে।

২. অপহৰণকাৰীৰ কৱলৰ পৰা এজন অপহৃত অধ্যক্ষই পলায়ন কৰিবলৈ সক্ষম হোৱাৰ কাহিনীটো এতিয়া শিক্ষা বিভাগে প্ৰেৰণামূলক কাহিনীৰূপে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিব বুলিও খবৰ শুনিবলৈ পোৱা গৈছে। কেনেকৈ শিক্ষা আধাতে এৰি জংঘলত বন্দুক লৈ সোমোৱা সকলৰ জাল, নিজৰ পঢ়াশুনা, অধ্যয়নৰ পৰা সমৃদ্ধ হোৱা জ্ঞানেৰে এজন শিক্ষাবিদে ফালি থৈ আহিল তাক প্ৰচাৰ কৰাটো অতিশয় প্ৰয়োজন বুলিও সদৌ অসম শিক্ষাবিদ সন্থাই মত প্ৰকাশ কৰিছে। পঢ়া-শুনা কৰে যি, অজ্ঞানীক ঠগে সি, বুলিও টেগলাইন প্ৰৱৰ্তন কৰিবলৈকো সন্থাই দাবী তুলিছে বুলি জানিব পৰা গৈছে।


৩. "লাকী নম্বৰ ১০৫" নামৰ এখনি ৰহস্যধৰ্মী চিনেমা ছাগলীয়া গেট কৰ্মচাৰী সন্থাই নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে। পৃষ্ঠপোষক তাদেৰ বেপাৰীৰ আত্মজীৱনীমূলক ছবিখনত কেনেকৈ ৱে-ব্ৰীজ, টোলগেট আৰু টেক্সি বাই-পাছ ৰোড বনাই প্ৰতিদিনে ২০লাখতকৈ অধিক ধন আৰ্জন কৰিব পাৰি, তেনে এক বিশাল সফলতাৰ কাহিনীকে এই ছবিৰে  তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে বুলি পৰিচালক ছিণ্ডিকেট চৰকাৰে প্ৰকাশ কৰিছে।

৪. গ্ৰহ-গতি বেয়া হ'লে কেনেকৈ বেয়া দিনে লগ নেৰে তাকেই পুনৰ বাৰ প্ৰমাণিত হৈছে। খিচিৰিৰ দোকান এৰি দাম্ভিকতা মৰা জালুক শৰ্মাৰ ক্ষেত্ৰতে ঘটা অন্য এক বাতৰিয়ে সেই কথাই তুলি ধৰিছে। তেখেতে মুকলি কৰা সাৰদাময় বিস্কুট ফেক্টৰীৰো চাউল উকলাৰ বাবে তাকো এনফৰ্ছমেণ্টমেণ্ট ডাইক্টেৰটে সাঙুৰি জব্দ কৰা বুলি বাতৰি প্ৰকাশ পাইছে। এতিয়া শৰ্মাদাৰ সম্পত্তিৰ পাহাৰতো এই বিভাগৰ চকু নপৰিবৰ বাবে তাবিজ লবলৈকো শুভাকাংখীয়ে দাদালৈ টুইট কৰা পৰিলক্ষিত হৈছে।

৫. জলসিঞ্চনত তিনি হাজাৰ কোটি টকাৰ বৃহৎ কেলেংকাৰী সাধি বিভাগটোৰ  অসমীয়া ধনলোভী বিষয়া সন্থাই এক নতুন অভিলেখ সৃষ্টি কৰিছে। কাৰ্বি পাহাৰৰ এহেজাৰ কোটিৰ কেলেংকাৰীৰ পাছত এই সফলতাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এতিয়া খেতি-বাতি বিভাগেও সেই অভিলেখ ভাঙিবলৈ বুলি দুৰ্নীতিৰ বীজ ৰোপন কৰিবলৈ যো-জা কৰাৰ খবৰো প্ৰকাশ পাইছে।

৬. ""হুইপ হুইপ হুইপ" নামৰ এখনি নাটক প্ৰযোজনা কৰিবলৈ ওলাইছে কইনাধৰা প্ৰডাকচন। বিষমবাদী প্ৰডাকচনৰ "হিপ হিপ হুৰেই" নামৰ নাটখনিৰ বিফলতাৰ পাছত অতি উৎসাহেৰে এই নাটকখনি প্ৰযোজনা সংস্থাটোৱে মঞ্চস্থ কৰিবলৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে। ইয়াৰ দ্বাৰা অসমৰ শ্ৰেষ্ঠ ৰাজনৈতিক নাটৰ প্ৰডাকচন হাউচৰূপে ৰসাল গগৈৰ মালিকাধীন প্ৰডাকচনটোৱে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিব বুলিও খবৰ আহিছে।

৭. নগাঁৱৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত দালাল দপদপনিক লৈ বাতৰি প্ৰকাশ কৰাত এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ৰাজ্যৰ প্ৰায়বোৰ পৰিবহন বিষয়াৰ কাৰ্যালয়তে দালাল সকলে ৰাইজৰ সুকলমে সেৱা আগবঢ়াই স্বাৱলম্বী হৈ থকাৰ পাছতো মাত্ৰ নগাঁৱৰ দালাল সকলৰ সেৱাকহে বাতৰি কাকতত স্থান দিয়াত সদৌ অসম পৰিবহন দালাল সন্থাই ক্ষোভ প্ৰকাশ কৰিছে। বাতৰি পৰিবেশনৰ আগতে অলপ আগতীয়া হোম-ৱৰ্ক কৰিবলৈকো সাংবাদিকজনক তেওঁলোকে পৰামৰ্শ প্ৰদান কৰিছে।

৮. পাঞ্জাবাৰীৰ পাহাৰত অতি খৰকৈ সন্দেহযুক্ত নাগৰিকৰ গাঁও গঢ় লৈ উঠাৰ বাতৰি পোৱা গৈছে আৰু লগতে তাত ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত বিজুলী সংযোগ প্ৰদান কৰাৰো বাতৰি প্ৰকাশ পাইছে। আচলতে সন্দেহযুক্ত সকলক সন্দেহমুক্ত কৰিবৰ বাবে কাগজ-পত্ৰ পাবলৈ সহায়ক কৰাৰ বাবেহে মানৱীয়তাৰ খাতিৰত এই বিজুলী সংযোগ খৰখেদাকৈ দিয়া হৈছে। এতিয়া সেই মানৱ-দৰদী পৃষ্ঠপোষক জনৰ নাম বাতৰি কাকতত প্ৰকাশ কৰিবলৈকো সচেতন মহলে দাবী তুলিছে।

৯. গুৱাহাটীত পুনৰ কালি বৰষুণ হোৱাত মাত্ৰ আধা ঘণ্টাৰ  ভিতৰতে বিস্তীৰ্ণ অঞ্চল ডুব যোৱাৰ লগতে তীব্ৰ যান-জঁটৰ সৃষ্টি হোৱাত ৰসাল গগৈয়ে সন্তোষ প্ৰকাশ কৰিছে। উচ্ছেদ অভিযানৰ আগতে দহ মিনিটতে পানী হৈ যোৱা ঠাইত এতিয়া সুদীৰ্ঘ ত্ৰিশ মিনিট অৰ্থাৎ তিনিশ শতাংশ বেছি সময়ৰ পাছতহে পানী জমা হোৱা বুলি প্ৰকাশ কৰি উচ্ছেদ অভিযানৰ সফলতা দাবী কৰিছে। অনাগত দিনত ইয়াক অন্ততঃ এঘণ্টালৈ বৃদ্ধি কৰিব বুলিও তেখেতে দৃঢ়তা প্ৰকাশ কৰা বুলিও জানিব পৰা গৈছে।

১০. মায়ঙত তিনি গভাইত চোৰক আটক কৰাত সদৌ অসম ক্ষুদ্ৰ চোৰ সংঘই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাত চিকা মাৰি হাত গোন্ধোৱা বুলি সমালোচনা কৰি ডাঙৰ চোৰ ধৰিবৰ বাবে দিছপুৰৰ ফালে চকু দিবলৈকো সন্থাই লালটুপি সকললৈ প্ৰত্যাহ্বান জনাইছে।

No comments:

Post a Comment