বাটে ঘাটে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বাটে ঘাটে

বাটে ঘাটে

Share This
কৃষ্ণ জুকাৰবাৰ্গ !
হেমচন্দ্ৰ দত্ত

চাহ খাওঁ বুলি হোটেল এখনত গৈ বহিলোঁ। মোৰ কাষৰ টেবুলখনত দুজন বয়সীয়া মানুহে কথা পাতি আছে। স্বাভাৱিকভাৱে তেওঁলোকে পাতি থকা কথাৰ টুকুৰা অংশ ওফৰি আহি মোৰ কাণতো পৰিলহি । তেহে টঙ কৰিলোঁ তেখেতলোকে ফেচবুকৰ কথা পাতি আছে।

- আপোনাক ৰাতি বহু দেৰিলৈকে অনলাইনত পাওঁ । গৃহিনীয়ে গালি নিদিয়ে নে ?
- নিদিয়ে। তেওঁকো মই স্মাৰ্টফোন এটা কিনি দিছোঁ। তেওঁৱো অনলাইন হৈ থাকে।
- মোৰজনীহে বৰ কিবা হে ! দামী ফোন এটা কিনি দিয়াৰ পিছতো অলপো চেঞ্জ নহ’ল । খাই বৈ অকনমান এন্টাৰটেইনমেণ্ট কৰোঁ বুলি মোবাইলটো হাতত তুলি লওঁহে তেওঁৰ আকৌ ভোৰ-ভোৰণি আৰম্ভ হৈ যায়!
- মই পিছে আপোনাৰ মিচেচক দিনত প্ৰায়ে অনলাইনত পাওঁ !
- আপোনাৰ অফিচটোত কাম কম । আপুনি দিনত সময় পায়। মই আকৌ অফিচ আৱাৰত নেট খুলিবলৈ সময়ে নাপাওঁ।
- হেৰি, এটা কথা লক্ষ্য কৰিছে নে?
- কি ?
- ফেচবুকটো যদি ২০ বছৰ মান আগতে ওলালহেতেন, কিমান ভাল হ’লহেতেন !
- বহুত ভাল হ’লহেতেন ! ( দুয়োজনৰ মুখ-মণ্ডলত এইবাৰ মনালিছাৰ হাঁহিটোৰ দৰে একোটা মনোৰম হাঁহি বিয়পি পৰিল )

তেখেতলোকৰ কথা শুনি মনতে শ্ৰীৰাম বুলিলোঁ।

হয়, ফেচবুকে অনেক ভাল কাম কৰিছে। মই নিজ চকুৰে দেখা কথা। যি মানুহে এসময়ত কম্পিউটাৰটো খুলিব নাজানিছিল, তেওঁলোক এতিয়া একোজন ফেচবুক expert ! যি মানুহৰ ই-মেইল আইডি নাছিল, তেওঁলোকৰ সম্প্ৰতি দুটাকৈ মেইল আইডি ! মোৰ ধাৰণা ফেচবুক নহাহেতেন, বহু মানুহে কম্পিউটাৰ চলাবলৈ নিশিকিলে হেতেন । আনকি বয়সীয়াসকলকো কম্পিউটাৰ-ফ্ৰেণ্ডলি কৰাত ফেচবুকৰ এই অনুপ্ৰেৰণাক অস্বীকাৰ কৰিব পৰা নাযায় ।

আৰু এই জুকাৰবাৰ্গ মানুহজন ! তেওঁ বাৰু কম কৃষ্ণ নে ? পৃথিৱীখনক হাতৰ মুঠিলৈ আনি তেওঁ যি চমৎকাৰিত্বৰ পৰিচয় ডাঙি ধৰিছে, তাৰ কোনো তুলনা নাই । নিজক ধুনীয়াকৈ পৰিবেশন কৰিবলৈ আমাক ষ্টেটাচ অপচন দিছে। কোনোবাই যদি সেই ষ্টেটাচ নাচাওঁ বুলি আছে, তেওঁকো চোৱাবলৈ টেগ দিছে। আনৰ ৱালত থকা ভাল কথাবোৰ অন্য কাৰোবাক দেখুৱাবলৈ আমাক শ্বেয়াৰ অপচন দিছে। আৰু ফুচফুচীয়া কথা পাতিবলৈ আমাক ইনবক্স দিছে ! ( বহুতে আকৌ ফুচফুচীয়া কথাক প্ৰাইভেচী বুলিও অভিহিত কৰে ! কোনো ৰসিকৰ মতে আকৌ লীলাক্ষেত্ৰ! )

ইমানবোৰ অৱদানৰ পিছত জুকাৰবাৰ্গক কৃষ্ণ বোলাত জানো কাৰোবাৰ আপত্তি আছে ?

কৃষ্ণ মাৰ্ক এলিয়ট জুকাৰবাৰ্গ !

No comments:

Post a Comment