পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. বিশিষ্ট শিল্পী প্ৰভাত শৰ্মালৈ আবাহন থিয়েটাৰৰ "ডঃ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা"৷পাঠশালাত অনুষ্ঠিত ৩৫সংখ্যক নাট্যবৰ্ষৰ যাত্ৰাৰ এক গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানতে শিল্পীজনক পৰহি ২০১৪-১৫বৰ্ষৰ এই বঁটা প্ৰদান কৰাৰ সুখবৰ পোৱা গৈছে৷আবাহন থিয়েটাৰে ডঃ শইকীয়াৰ সন্মানত প্ৰৱৰ্তন কৰা এই বঁটাত আছে দহ হাজাৰ নগদ ধন, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু এটি স্মাৰক৷এই অনুষ্ঠানতে থিয়েটাৰখনৰ বাৰ্ষিক মুখপত্ৰ "ৰংবেদিকা"ও উন্মোচিত হয়৷


২. গোলাঘাট জিলাত হোৱা হিংসাত্মক পৰিস্থিতি আৰু আৰক্ষীৰ বৰ্বৰতাক লৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত তাৎক্ষণিক ভাৱে প্ৰতিবেদন বিচাৰিলে গৃহ মন্ত্ৰালয়ৰ পৰা৷ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজেজুক ঘটনাৱলীৰ অঞ্চল ভ্ৰমণ কৰি সবিশেষ বুজ লবৰ বাবে গৃহমন্ত্ৰী ৰাজনাথ সিঙে নিৰ্দেশ দিয়াৰো কথা প্ৰকাশ পাইছে৷আজি গৃহৰাজ্য মন্ত্ৰীজনে এই সীমান্ত অঞ্চল ভ্ৰমণ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে ক্ষতিগ্ৰস্ত লোক সকললৈ উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব আৰু নিজ নিজ গাঁৱত বসতিৰ ব্যৱস্থা কৰিব বুলিও গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে৷

৩. আজিৰে পৰা খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী প্ৰশিক্ষণ মহাবিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হব উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰীসকলৰ এখন সন্মিলন৷ ৰাজ্য সমূহে ড'নাৰ মন্ত্ৰালয়ৰ অধীনত কৰা বিভিন্ন কাম-কাজৰ পৰ্যালোচনা আগবঢ়াব লগা এই সন্মিলন উদ্বোধন কৰিব ড'নাৰ মন্ত্ৰী ভি কে সিঙে৷ এই সন্মিলনত গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজেজুও উপস্থিত থকাৰ সম্ভাৱনা থকাৰ কথাও প্ৰকাশিত হৈছে৷

৪. কালি দেশজুৰি পালিত হয় সদ্ভাৱনা দিৱস৷ ভাৰতৰত্ন ৰাজীৱ গান্ধীৰ জন্মদিনটো এই দিৱস ৰূপে পালিত হয়৷ৰাজীৱ গান্ধীৰ ৭০তম জন্ম দিৱসৰ সৈতে সংগতি ৰাখি কালি দিছপুৰ সচিবালয়ৰ চৌহদতো অনুষ্ঠিত সদ্ভাৱনা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও অংশ গ্ৰহণ কৰে৷ 

৫. ৰঙাজানত হোৱা অসম আৰক্ষীৰ বৰ্বৰ আতিশয্যৰ বিৰুদ্ধে অসম বিধান সভাৰ সমুখত গণ প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ বিধান সভাৰ অধ্যক্ষই ইতিহাসত প্ৰথমবাৰৰ প্ৰতিবাদকাৰীৰ সমুখলৈ ওলাই আহি দুখ-দুৰ্দশাৰ বুজ লয় আৰু বিষয়টোত চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘটনাত নিহত যুৱকৰ পৰিয়াললৈ ৫লাখ টকাৰ ক্ষতিপূৰণ আৰু ঘৰ জ্বলা পৰিয়াললৈ ৫০হাজাৰকৈ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰাৰ বাতৰিও সংবাদ পত্ৰই প্ৰকাশ কৰিছে৷

৬. দেশৰ একমাত্ৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠান ডি আৰ ডি অ'ৰ পুৰস্কাৰ বিতৰণ সভাত অংশ গ্ৰহণ কৰি বিজ্ঞানীসকলক প্ৰেৰণা যোগালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ কঠোৰ পৰিশ্ৰম আৰু সু-পৰিকল্পনাৰে দেশক এই ক্ষেত্ৰখনক অধিক আগুৱাই নিয়াৰ লগতে নিৰ্ধাৰিত সময়তকৈ আগতেই প্ৰকল্প সমূহৰ লক্ষ্যত উপনীত হবলৈ প্ৰচেষ্টা চলাবলৈকো বিজ্ঞানী সমাজক প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷

৭. ৰাষ্ট্ৰীয় নাগৰিকঞ্জী উন্নীতকৰণৰ বিষয়টোত কেন্দ্ৰৰ পুঁজিৰ সময়োচিত ব্যৱহাৰ নকৰা বিষয়ত আসাম পাব্লিক ৱৰ্কচৰ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক বিষয়টোত দাখিল কৰা শপতনামা সন্দৰ্ভত সন্তুষ্ট নোহোৱা বুলি জানিব পৰা গৈছে৷ এতিয়া দ্বায়িত্বশীল বিষয়াক অহা ২৩ছেপ্তেম্বৰত ন্যায়ালয়ত উপস্থিত হবলৈকো নিৰ্দেশনা জাৰি কৰা বুলি সুখবৰ প্ৰকাশিত হৈছে৷

৮. প্লাষ্টিক আৱৰ্জনাৰ পৰা নিস্কাশিত দ্ৰব্য পৰা পুনৰ ব্যৱহাৰ কৰিব পৰা পেট্ৰলিয়াম ইন্ধনলৈ ৰূপান্তৰ কৰাৰ এক কৌশল আৱিস্কাৰৰ গৱেষণাত সফলতা দাবী কৰিছে ডেৰাডুনস্থিত ভাৰতীয় পেট্ৰ'লিয়াম প্ৰতিষ্ঠানৰ গৱেষকসকলে৷ ডেইলী মেইলে প্ৰকাশ কৰা বাতৰি অনুসৰি এই কৌশলৰে ডিজেলতকৈ অধিক কাৰ্যক্ষম ইন্ধন প্ৰস্তুত কৰিব পৰা যাব৷

৯. অহা ৩১ আগষ্টত গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব উইভাৰ বাৰ্ডছ কাৰ্নিভেল-২০১৪৷ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-অভিভাৱক সকলৰ অংশ গ্ৰহণেৰে শৈক্ষিক দিশ তথা প্ৰতিভা বিকাশৰ বাবেই জুৰোডৰ বৃন্দাবন গাৰ্ডেনত এই আয়োজন কৰা বুলি প্ৰকাশ কৰিছে আয়োজক দেবেন্দ্ৰ নাথ আচাৰ্য ফাউণ্ডেচনে৷

১০. কালি গুৱাহাটীৰ জ্যোতি চিত্ৰবনত দুটাকৈ শ্ৰব্য এলবাম "দুপৰীয়া" আৰু "হামাদেৰ আসাম" উন্মোচন কৰিলে বিশিষ্ট ছবি পৰিচালক, অভিনেতা ব্ৰজেন বৰাই৷

2 comments: