আজিৰ ভাল খবৰবোৰ
১. সাহিত্য আলোচনী "গৰীয়সী"ৰ প্ৰতিষ্ঠাপক সম্পাদক, যশস্বী কথাশিল্পী-সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ স্মৃতিত প্ৰৱৰ্তন কৰা "গৰীয়সী-চন্দ্ৰপ্ৰসাদ শইকীয়া চুটি গল্প পুৰস্কাৰ ২০১৩" কালি প্ৰদান কৰা হয়। গুৱাহাটীস্থ ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত মুখ্য অতিথিৰূপে ডঃ বীৰেন্দ্ৰ নাথ দত্তই বঁটা সমূহ প্ৰদান কৰে। যোৰহাটৰ ন-কছাৰীৰ অনুপম আৱিস্কাৰ গগৈয়ে প্ৰথম, শিৱগাৰ চেপনৰ কবিতা কৰ্মকাৰে আৰু ইউ বি ফটোজৰ ফটো সাংবাদিক নীলিম ডেকাই তৃতীয় পুৰস্কাৰ লাভ কৰে। গৰীয়সীৰ সম্পাদক ডঃ লক্ষ্মীনন্দন বৰাই সভাপতিত্ব কৰা অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচোধুৰীয়েও সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে।
২. ৰঙিয়াৰ এগৰাকী আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ কৌশিক হালৈয়ে ৰঙিয়াৰ প্ৰেগমেটিক একাডেমিৰ পৰা ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হৈ মেডিকেল পঢ়িবৰ বাবেও ছীট পাবলৈ সক্ষম হোৱাৰ পাছতো আৰ্থিক সমস্যাই বাধাৰ সৃষ্টি হোৱাৰ সময়তে সহায়ৰ বাবে আগবাঢ়ি আহিল স্থানীয় প্ৰেগমেটিক একাডেমী শৈক্ষিক ন্যাস। ন্যাসে ছাত্ৰজনলৈ মেডিকেল পঢ়ি থকা পাঁচ বছৰৰ বাবে মাহে দুহেজাৰকৈ টকাৰ মুঠ ১লাখ ২০হাজাৰ টকাৰ জলপানি আগবঢ়াইছে। দিন হাজিৰা কৰা পিতৃজনক সকাহ দিবৰ বাবে গ্ৰহণ কৰা এই উদ্যোগক সচেতন ৰাইজে শলাগ লৈছে।
৩. বিটিএডিত জীৱন-সম্পত্তিৰ অধিকাৰ আৰু সুৰক্ষা নিশ্চিত কৰিব বুলি ২২টা অবড়ো সংগনৰ উমৈহতীয়া মঞ্চ সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰতিনিধিৰ দলক প্ৰতিশ্ৰুতি দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে। প্ৰতিনিধিৰ দলটোৱে সাক্ষাৎকালত ১৯দফীয়া দাবীৰ এখনি স্মৰক পত্ৰও মন্ত্ৰীজনক প্ৰদান কৰে।
৪. ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱক অৰ্জুন বঁটাৰ নিৰ্বাচন কমিটিৰ মুখ্য নিৰ্বাচক ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰিলে কেন্দ্ৰীয় ক্ৰীড়া সচিব অজিত চৰণে। তদুপৰি ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক তথা দ্ৰোণাচাৰ্য বঁটাৰে সন্মানিত অজিত পাল সিঙক দ্ৰোণাচাৰ্য বঁটাৰ নিৰ্বাচক কমিটিৰ নেতৃত্ব প্ৰদান কৰাৰ সুখবৰ প্ৰকাশিত হৈছে।
৫. এছিয়ান এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত অহা ১৫ডিচেম্বৰৰ পৰা ৭দিনীয়াকৈ অভয়াপুৰীত অনুষ্ঠিত হব দ্বিতীয় সংখ্যক অভিয়াপুৰী ৰাষ্ট্ৰীয় গ্ৰন্থমেলা। উত্তৰ শালমৰা মহকুমা প্ৰশাসন আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ সহযোগত অভয়াপুৰী গান্ধী ময়দানত এই গ্ৰন্থমেলাখনত দেশৰ আগশাৰীৰ গ্ৰন্থ বিক্ৰেতাই অংশ লব বুলিও জানিব পৰা গৈছে।
৬. হাইলাকান্দি জিলাত কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত কাৰণ নেদেখুৱাকৈ অনুপস্থিত থকাৰ অভিযোগত ৫৯গৰাকী শিক্ষকক নিলম্বন কৰাৰ বাতৰি প্ৰকাশ পাইছে। উপায়ুক্তই বিষয়টোত কেইবালানি অভিযান চলাই অভিযোগ সন্দৰ্ভত সত্যতাৰ প্ৰমাণ পোৱাত প্ৰাথমিক শিক্ষা বিষয়াক এই নিলম্বন কাৰ্যকৰীকৰণৰ বাবে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।
৭. কাইলৈ তেজপুৰত অনুষ্ঠিত হব তেজপুৰ জিলা ক্ৰীড়া সন্থা আয়োজিত সোহনলাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেল। দুলীয়াজান অইল ইণ্ডিয়া ফুটবল একাদশে আছাম ৰাইফল দলৰ সৈতে চূড়ান্ত খেলখনত অংশ লব। ক্ৰীড়া মন্ত্ৰী অজিত সিঙে মুখ্য অতিথি ৰূপে অংশ লব লগা সামৰণি অনুষ্ঠানতে প্ৰতিযোগিতাখনিৰ ঐতিহ্য সামৰি পংকজ বৰুৱাৰ সম্পাদনাৰে উন্মোচত হব স্মৰণিকা "বুনিয়াদ"ৰো।
৮. গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী চেন্নাই এক্সপ্ৰেছ ৰেলৰ পৰা কালি ৰঙিয়াত ৰে'ল আৰক্ষীয়ে ৪৭গৰাকী শিশু তথা কিশোৰ উদ্ধাৰ কৰাৰ সফলতা লাভ কৰিছে। এটি স্বেচ্ছাসেৱী সংগঠনৰ খবৰৰ ভিত্তিত চেন্নাইৰ সূতা কোম্পানীলৈ চাপ্লাই দিয়া শিশু শ্ৰমিকৰ দলটোক উদ্ধাৰ কৰি এতিয়া পৰিয়ালৰ সৈতে যোগাযোগ চলাই আছে জি.আৰ.পি কৰ্তৃপক্ষই।
৯. বিশ্বনাথ মহকুমাৰ বেদেতীত যোৱা ৫আগষ্টত মহকুমা কৃষি বিভাগে বিশ্বনাথ চাৰিআলি যান্ত্ৰিক প্ৰতিষ্ঠানৰ সহযোগত মেচিনৰ দ্বাৰা কেনেকৈ ধানৰ কঠীয়া ৰোপন কৰিব পাৰি স্থানীয় ৰাইজক প্ৰদৰ্শন কৰে। কৃষি বিষয়া হেমেন্দ্ৰ কুমাৰ বড়িয়ে আওপুৰণি পদ্ধতিৰ ঠাইত উন্নত তথা বৈজ্ঞানিক সঁজুলিৰ ব্যৱহাৰেৰে কৃষি কৰ্মক আগুৱাই নিয়াৰ বাবে চৰকাৰৰ বিভিন্ন কৃষি আঁচনিৰ সুবিধা লবলৈকো কৃষক সমাজক আহ্বান জনায়।
১০. সোণাপুৰত চিলিং সীমাতকৈ অধিক কৃষিভূমি ক্ৰয় কৰা বিষয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দিয়া লিখিত অভিযোগৰ ভিত্তিত টিপচেম চিমেণ্টৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ দিলে কামৰূপ(মহানগৰ) জিলাৰ উপায়ুক্তই।

No comments:
Post a Comment