সোণালী জয়ন্তী বৰ্ষত ধেমাজি মহাবিদ্যালয়
ড° বুলজিৎ বুঢ়াগোহাঁই

ধেমাজি মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ হ’ল ভৱেন পেগু আৰু বৰ্তমানৰ অধ্যক্ষ হ’ল ড°বুদ্ধিন্দ্র বৰুৱা। বৰ্তমান ধেমাজি মহাবিদ্যালয়ত ১৫টা বিভাগ আছে । বিভাগবোৰ হ’ল – অসমীয়া , অৰ্থনীতি বিজ্ঞান, শিক্ষাতত্ত্ব, ইংৰাজী , বুৰঞ্জী, দৰ্শন, ৰাজনীতি বিজ্ঞান, সমাজশাস্ত্র , গণিত , পদাৰ্থ বিজ্ঞান , উদ্ভিদ বিজ্ঞান, প্রাণী বিজ্ঞান, ৰসায়ন বিজ্ঞান, ইলেক্ট্রনিকচ্ আৰু কম্পিউটাৰ চাইন্স এণ্ড এপ্লিকেশ্বন ।
ধেমাজি মহাবিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা উৎকৰ্ষতাৰ কেন্দ্রৰ হিচাপে স্বীকৃতি লাভ কৰিছে। ধেমাজি মহাবিদ্যালয়ে ছাত্র-ছাত্রীসকলৰ শৈক্ষিক দিশৰ বিকাশৰ লগতে বৌদ্ধিক, শাৰীৰিক,আধ্যাত্মিক, মানসিক দিশৰ বিকাশৰ বাবেও বিশেষ ভূমিকা পালন কৰি আহিছে। ধেমাজি মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে শৈক্ষিক দিশৰ লগতে সমাজ জীৱনৰ বিভিন্ন দিশ যেনে- সাহিত্য, বিজ্ঞান, সঙ্গীত, নাটক, সাংবাদিকতা, কৃষি, উদ্যোগ, ব্যৱসায়, ৰাজনীতি, ক্রীড়া, চিত্র-ভাস্কর্য্য আদিলৈ বৰঙণি আগবঢ়োৱা বঢ়াবলৈ সক্ষম হৈছে । ধেমাজি মহাবিদ্যালয়ৰ উত্তৰণ কামনা কৰিছোঁ।
No comments:
Post a Comment