পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. মহাপুৰুষ মাধৱদেৱ স্থাপিত যোৰহাট জিলাৰ ঢেকীয়াখোৱা নামঘৰত কাইলৈৰ পৰা আৰম্ভ হব পাৰম্পৰিক পালনাম মহোৎসৱ। ৩১শাওনৰ পৰা ৩১ভাদলৈ মাহজোৰাকৈ আয়োজিত এই মহোৎসৱলৈ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে পৰিচালনা সমিতিয়ে।

২. অহা আঠমাহত সলনি হব উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যুৎ খণ্ডৰ ছবি। দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য আৰু উদ্যোগ পৰিসংঘ(ফাইনাৰ)ই আয়োজন কৰা উত্তৰ-পূৱৰ সাংসদ সকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ লৈ ড'নাৰ মন্ত্ৰী ভি কে সিঙে দিলে এই প্ৰতিশ্ৰুতি। অঞ্চলটোৰ ২০০০মেগাৱাট বিজুলী শক্তিৰ চাহিদা পূৰণ, "মেডিচিটী"ৰ আৰ্হিৰ চিকিৎসা প্ৰকল্পৰে চুপাৰ স্পেচিয়েলিটি চিকিৎসা আদিৰ প্ৰতিশ্ৰুতিও মন্ত্ৰীজনে কালি প্ৰদান কৰে। অহা ২১,২২ আগষ্টত এক সন্মিলন যোগে গুৱাহাটীত মুখ্যমন্ত্ৰী সকলৰ পৰা বিগত দহ বছৰত এই মন্ত্ৰালয়ৰ অধীনত কি কি কাম সমাপন কৰিলে তাৰ খতিয়ান লোৱা হব বুলিও তেখেতে সদৰী কৰে। 

৩. বিদেশৰ বিভিন্ন বেংকত জমা ৰখা ক'লাধন মজুতকাৰী ৬০০ গৰাকী ভাৰতীয়ৰ নাম আৰু পৰিচয় নতুনকৈ বিশেষ তদন্তকাৰী গোটে লাভ কৰাৰ সুখব। কেন্দ্ৰীয় অৰ্থনৈতিক চোৰাংচোৱা ব্যুৰ'য়ে এইসকল ব্যক্তিৰ বিৰুদ্ধে গোচৰৰ তদন্ত আৰম্ভ কৰিছে বুলি তদন্তাকাৰী সংস্থাই সংবাদ মাধ্যমক অৱগত কৰিছে।

৪. দেশক শক্তিখণ্ডত আত্ম-নিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰত সেৱাৰত ৰাজহুৱা খণ্ডৰ কোম্পানী তেল আৰু প্ৰাকৃতিক গেছ নিগম (অ'এনজিচি)য়ে ১৪ আগষ্টত পালন কৰিলে ৫৯তম প্ৰতিষ্ঠা দিৱস। দমন আৰু কৃষ্ণ গোদাৱৰী গভীৰ সমুদ্ৰতলৰ পৰাও উৎপাদন আৰম্ভ কৰাৰ দিশে সৱল ৰূপত কোম্পানীটো আগবাঢ়ি যোৱাৰ সুখবৰো প্ৰকাশিত হ'ল এই প্ৰতিষ্ঠা দিৱসতে।

৫. স্বাধীনতা যুঁজাৰুৰ জীৱনক লৈ জাহ্নু বৰুৱাই নিৰ্মাণক কৰা চিনেমা "অজেয়"ৰ বিশেষ দৰ্শনী আয়োজিত হ'ল কালি গুৱাহাটীৰ লাখটকীয়াৰ গোল্ড চিনেমাত। পূৰ্বোত্তৰ সাংস্কৃতিক সমন্বয় সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে কৰা এই বিশেষ আয়োজনত পৰিচালক জাহ্নু বৰুৱা, প্ৰযোজক শংকৰলাল গোৱেংকাৰ উপৰিও অভিনেতা-অভিনেত্ৰী সকলেও অংশগ্ৰহণ কৰে।

৬. অহা কাইলৈ দিল্লীৰ শংকৰদেৱ ভৱনত বিয়লি চাৰি বজাৰ পৰা ইনলি ফাউণ্ডেচনে আয়োজন কৰিছে বিশেষ কিছু কাৰ্যসূচীৰ। "জাতি গঠন প্ৰক্ৰিয়া, অসম আৰু বৃহত্তৰ অসমীয়া জাতীয় জীৱন" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট বুৰঞ্জীবিদ উদয়াদিত্য ভৰালীয়ে। ডঃ ভবেন্দ্ৰ নাথ শইকীয়ালৈ শ্ৰদ্ধাৰ্ঘ, অসমীয়া শিশু-কিশোৰ সকলৰ সাংস্কৃতিক কাৰ্যসূচীৰ লগতে সাহসিকতাৰ বাবে প্ৰশংসিত শ্ৰেয়া বৰাক সম্বৰ্ধনা জনোৱা হব বুলিও জানিব পৰা গৈছে।

৭. স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে দৰিদ্ৰক সকাহ দিয়াৰ পৰিবৰ্তে দৰিদ্ৰতা নিৰ্মূলক লক্ষ্য কৰিবলৈ নতুন নীতি গ্ৰহণ কৰাৰ পৰামৰ্শ আগঢ়াইছে। কৰ্ম সংস্থানৰ হাৰ বৃদ্ধি, কৃষি উৎপাদন বৃদ্ধি, অৰ্থনৈতিক সুষম বিকাশৰ বাবে জিডিপি বৃদ্ধিৰ হাৰ অন্ততঃ সাত-আঠ শতাংশ কৰাৰ বাবে কাম কৰিবলৈকো তেখেতে পৰামৰ্শ আগবঢ়াইছে।

৮. ভাৰতত উৎপাদনৰ ক্ষেত্ৰ ৰূপে ব্যৱহাৰ কৰিবলৈ বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ উদ্যোগপতি সমূহক কালি আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। তেখেতে ভাৰতীয় মানুহৰ দক্ষতাৰ পূৰ্ণ ব্যৱহাৰেৰে দেশখনক উৎপাদনৰ এক উৰ্বৰ ক্ষেত্ৰ ৰূপে গঢ়ি তুলিবলৈকো সকলো পক্ষকে আহ্বান জনায়। লগতে দেশৰ সৰু-বৰ উদ্যোগ, প্ৰতিভাশালী নাগৰিকসকলক নতুন নতুন আৱিস্কাৰ আৰু উৎপাদনেৰে দেশক ৰপ্তানি কৰা দেশলৈ ৰূপান্তৰিত কৰাৰ বাবেও তেখেতে স্বাধীনতা দিৱসৰ ভাষণত আহ্বান জনায়।

৯. চিগাৰেট আৰু বিড়িৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা বিচাৰি কৰা জনস্বাৰ্থ জড়িত আবেদন গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। শিক্ষানুষ্ঠানৰ ওচৰত আৰু ১৮বছৰৰ তলৰ লোকক এই বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকা স্বত্বেও সততে এইবোৰৰ উলংঘন হোৱাৰ বিষয়টো বিবেচনা কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমূহৰ স্থিতি জনাবলৈ উচ্চতম ন্যায়ালয়ে জাননী জাৰী কৰিছে বুলিও জানিব পৰা গৈছে।

১০. মধ্য প্ৰাচ্যৰ আগশাৰীৰ টেলিকম সেৱা প্ৰদানকাৰী ছৌদি টেলিকমৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদত নিযুক্ত হৈছে অসমীয়া যুৱক শুভ্ৰ দাস। আই.আই.এম আহমেদাবাদ আৰু হাৰ্ভাড বিজনেজ স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰা শ্ৰভ্ৰ দাস গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত আই.এ.এছ বিষয়া শিৱপ্ৰসাদ দাস আৰু ইলু দাসৰ পুত্ৰ।

No comments:

Post a Comment