হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This

লোকেল গুজৱ.কম
১. "ৰঙা পুলিচৰ ৰাইদাঙ" নামৰ এখন ভাওনা কালি সৰুপথাৰ ৰংগমঞ্চত মঞ্চস্থ কৰি দেখুৱালে সদৌ অসম ৰঙা পুলিচ সন্থাই৷ দুখীয়া নিচলাৰ পিঠিত ৰাইদাঙ চলোৱাত বিশ্বৰ কোনো বাহিনীয়েই এনে নিৰ্মমতা প্ৰদৰ্শন কৰিব নোৱাৰে বুলিও ভাওনাখনত তুলি ধৰা হয় ৷ প্ৰতিবাদী কণ্ঠৰ টেটু চেপাতো ৰঙা পুলিচৰ সমান বিশেষজ্ঞ নাই বুলি ভাওনাখনৰ পৰিচালক নগেন শৰ্মা আৰু প্ৰযোজক ৰসাল গগৈয়ে দাঁতি নিকটাই প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে৷

২. গগৈ চাৰৰ ঘৰলৈ ফলাখৰি পাৰ্চেল কৰি পঠিয়াই সৰুপথাৰৰ বৰজীয়ৰী বীৰংগনা দাসে গঢ়িলে এক নতুন অভিলেখ ৷ ওচৰত পালে সেই ফলাখৰিৰে কোবাবৰ মন থকা বুলি এখন পত্ৰত মনৰ ভাৱ ব্যক্ত কৰি ক'লা মেকুৰীৰে আবৰ্ত হৈ থকা ছাৰলৈ তেওঁ ডাক যোগেই এই ফলাখৰি প্ৰেৰণ কৰিছে৷ নিজৰ কৃতকৰ্মৰ কথা অনুভৱ কৰি বাইদেউৰ হাতেৰেই দুকোব মান খাই লবলৈকো বীৰংগনাই পত্ৰখনিত আহ্বান জনোৱা বুলি গোপন খবৰ জানিব পৰা গৈছে৷

৩. ডিব্ৰুগড়ক ৰাজ্যৰ "উদীয়মান ৰেপ কেপিটেল" ঘোষণা কৰি দিবলৈ দাবী তুলিলে সচেতন মহিলা সংস্থাই৷ ৰাখী বন্ধনৰ দিনাৰ ঘটনাৰ পাছত কালিও দুৰ্বৃত্তই পাঁচ মহীয়া কেঁচুৱাক দলিয়াই দি মাতৃক দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত কৰে। ৰাজধানী এক্সপ্ৰেছতো এজনে জোৱানে চলোৱা অপচেষ্টা আদিৰে ধৰি ৰখা ধাৰাবাহিকতালৈ লক্ষ্য ৰাখিলে দিল্লীৰ দৰেই ডিব্ৰুগড়কো এই স্বীকৃিত প্ৰদান কৰিবলৈ তোলা অভিনৱ দাবীয়েও এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

৪. বিজুলীৰ পাছত শান্তিও এতিয়া অসমৰ পৰা অন্তৰ্ধান হৈ পৰাত সকলোৱেই উদ্বিগ্ন হৈ পৰিছে৷ ৰাজ্যখনত বৰ্ধিত হত্যা, হিংসা, অপহৰণৰ ফলতে এতিয়া বিজুলীৰ পাছত শান্তিয়েও আত্মগোপন কৰিছে বুলি এচাম লোকে মত প্ৰকাশ কৰিছে৷ পিছে গোপন খবৰ অনুসৰি নগা অথবা আন্তৰ্জাতিক নাৰী ব্যৱসায়ী সংঘইহে শান্তিক অসমৰ পৰা অপৰহণ কৰিছে৷ কিন্তু এতিয়া লোকলজ্জ্বাৰ ভয়ত গাওঁবুঢ়া গগৈয়ে কথাটো স্বীকাৰ নকৰা বুলিও অভিযোগ উঠিছে৷


৫. পৰিবহন বিষয়াৰ কাৰ্যালয় বন্ধ হব বুলি খবৰ ওলোৱাৰ পৰাই বিভাগটোৰ দালাল সন্থাৰ টোপনি নাইকীয়া হোৱা বুলি খবৰ ওলাইছে ৷ ইমান দিনে লক্ষ্মীদেৱীৰ অবিৰত আশীষ লভি থকা দালাল সন্থাই এতিয়া প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাতকৈ ড্ৰাইভিং লাইচেন্স লৈ এই অফিচ বন্ধ কৰাৰ হুমকি দিয়া গদকাৰী চাহাবৰ ড্ৰাইভাৰ ৰূপে নিজৰ নতুন কেৰিয়াৰ আৰম্ভ কৰাহে উচিত হব বুলি বিবেচনা কৰিছে৷ ড্ৰাইভাৰৰ পৰা ডাইৰেক্টৰ হোৱাৰ চৰ্টকাটটো অন্তত এতিয়া কমিচন হাৰা হোৱা সকলক কৈ দিবলৈকো সন্থাই চাৰলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷

৬. "কাপুৰুষ ৰজা" নামৰ নাটকখনি কালি থিতাতে লিখি উলিয়ালে নাট্যকাৰ অবিজিত ভট্টাচাৰ্যই৷ এইবাৰ নায়ক চৰিত্ৰটোত ৰসাল গগৈ চাৰে নিজেই নিজৰ চৰিত্ৰ ৰূপায়ণ কৰিব বুলিও ভট্টাচাৰ্যই প্ৰকাশ কৰিছে৷ ৰাজগাদী থিয়েটাৰৰ মঞ্চত এইবাৰ কইনাধৰা প্ৰডাকচনৰ নতুন নাটে ৰাইজক আমোদ দিয়াৰ লগতে কাপুৰুষালিয়ে কেনেকৈ মানুহক পাগল কৰি দিব পাৰে তাৰো কৰুণ দৃশ্য দেখিবলৈ পাব বুলি খাটাঙ খবৰ জানিব পৰা গৈছে৷

৭. কনপোনা গগৈয়ে কালি টিভিত স্ক'ৰ কম হৈ থকাক লৈ উদ্বেগ প্ৰকাশ কৰাত প্ৰৱল গালি শপনিৰ সন্মুখীন হব লগা হয় বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত খবৰ মতে, ৰাষ্ট্ৰীয় চেনেল এটাত প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ স্ক'ৰ ইমানহে হৈছে বুলি কোৱাৰ ফলতে কনপোনাৰ এনে দুৰৱস্থা হয়৷ মানুহৰ জীৱনৰ মূল্য বা কোনো ঘটনাৰ মূল্য মৃত্যু হোৱা মানুহৰ সংখ্যাৰে জুখিব নোৱাৰি বুলি শিক্ষাটো বিদেশৰ পৰা তেখেতে লৈ নহা কথাটোক লৈও এতিয়া ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তাতকৈ খাৰখোৱা স্কুলতে জীৱন সম্পৰ্কে বেছি ভাল শিক্ষা পালেহেতেন বুলিও পোনাকনক ৰাইজে স্পষ্ট কৰি দিছে৷

৮. নলবাৰীৰ ড্ৰীম হোটেলত অসংযত অৱস্থাত দিবাস্বপ্ন চাই থকা অৱস্থাত কুৰিগৰাকী কলেজীয়া যুৱক-যুৱতীক আটক কৰিলে লালটুপি বাহিনীয়ে ৷ সপোন দেখাৰ বয়সতে সপোনত আপোন-পাহৰা হৈ থাকিলে কাপোৰ কানি অসংযত হোৱাটো স্বাভাৱিক বুলি উল্লেখ কৰি সদৌ অসম সপোন প্ৰয়াসী যুৱ সংঘই এইদৰে সপোনৰ ডেউকা ভঙা কাৰ্যক তীব্ৰ গৰিহণা দিছে৷ লালটুপি বাহিনীৰ এনে পদক্ষেপে ৰাজ্যত প্ৰেম-পীৰিতিৰ পৰিবেশ বিনষ্ট কৰিব বুলি সংঘই ভৱিষ্যতবাণী কৰিছে৷

৯. টিভিৰ ষ্টুডিঅ'ৰ আলোচনাত অভিনয় বিষয়ক এক বিশেষ বৰ্ষাকালীন কৰ্মশালাৰ আয়োজন কৰিছে সদৌ দিছপুৰ জনপ্ৰতিনিধি বিকাশ কেন্দ্ৰই৷ সদনত কৰাৰ দৰেই অভব্য আচৰণ টিভিৰ ষ্টুডিঅত কৰাৰ পৰা বাৰণ কৰিবলৈ বিশেষ ভাৱে এই কৰ্মশালাত প্ৰশিক্ষণ দিয়া হব৷ ঘঁৰিয়াল চকুলো টোকা, ফৰফৰীয়াকৈ মিছা কথা কোৱা, ভদ্ৰভাৱেৰে শব্দৰে কূটাঘাত কৰা আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় এই প্ৰশিক্ষণে সামৰি লব বুলিও আয়োজন সংস্থাই সদৰী কৰিছে৷
 

১০. বানপানীত উটি থকা মানুহক বেছিকৈ দেখুৱাব নোৱাৰি দুখ প্ৰকাশ কৰিলে লাইভ টিভি নিউজ সংস্থাই৷ বানপানীৰ দৃশ্যাৱলী অতি পাৰম্পৰিক আৰু আবেগহীন হৈ পৰাৰ ফলতে সেই স্পৰ্শকাতৰতাৰ অভাৱ হোৱাৰ কথাটো অনুভৱ কৰি টিআৰপিৰ ক্ষেত্ৰত এনে বাতৰিৰ অৰিহণা একদম নিম্নতম হোৱা বুলিও সংস্থাটোৱে মত প্ৰকাশ কৰিছে৷ বানপানীত বস্ত্ৰহৰণ, মন্ত্ৰী-বিষয়াক পহুখেদা আদি ঘটনা সংঘটিত কৰাৰ লগে লগেই কিন্তু ৰাইজৰ দুখ-দুৰ্দশালৈ পুনৰ কেমেৰা টোঁৱাব পৰা যাব বুলিও বান-বিধ্বস্ত ৰাইজলৈ সহানুভূতি সহ সংস্থাটোৱে প্ৰকাশ কৰিছে৷

No comments:

Post a Comment