পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. নিয়োগৰ বিকাশৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে। দেশৰ ষষ্ঠ অৰ্থনৈতিক সমীক্ষাত এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে।

২. কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীক সাক্ষাৎ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দলে। নৰ্থ ব্লকত হোৱা সাক্ষাতত মন্ত্ৰীজনে নদীয়েদি হোৱা অবৈধ প্ৰব্ৰজন অচিৰেই বন্ধ কৰাৰ প্ৰতিশ্ৰুতি ছাত্ৰ সন্থাৰ দলটোক প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

৩. অসম সাহিত্য সভাৰ অনাগত নিৰ্বাচনৰ সভাপতিৰ পেনেলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰি সংবাদ শিৰোনামা লাভ কৰিছে ডঃ পৰমানন্দ ৰাজবংশীয়ে। তেখেতে বিশিষ্ট লেখিকা নিৰুপমা বৰগোহাঁইৰ সমৰ্থনতে নিজৰ প্ৰাৰ্থীত্ব উঠাই লোৱা বুলি সংবাদ প্ৰকাশ পাইছে।


৪. কালি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত অনুষ্ঠিত কৰিলে ৰাজ্যিক অভিবৰ্তনত। অংশ ললে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোজ বৰুৱায়ো।

৫. চলিত বৰ্ষৰ শেহৰ ফালে বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হব আৰু তাৰ লগ লগেই অসমত বিদ্যুৎৰ নাটনি বহুখিনি দূৰ হব বুলি সদনক জনালে শক্তি মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে। গ্ৰাম্য বৈদ্যুতিকৰণৰ কাম ৫০শতাংশহে সম্পূৰ্ণ হোৱাৰ লগতে ৰাজ্যত ১৪টাকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ কাম চলি থকাৰ কথাও তেখেত প্ৰকাশ কৰিছে।

৬. বিশ্ব নাগৰিক দিৱস উপলক্ষে অহা ৯আগষ্টত গুৱাহাটী দূৰদৰ্শনে আয়োজন কৰিছে এক ব্যতিক্ৰমী অন্তৰংগ অনুষ্ঠান "অৰুণাভ প্ৰবীণ"ৰ। বিভিন্ন ক্ষেত্ৰৰ পুৰোধা সকলক লৈ অনুষ্ঠিত হব লগা দুঘণ্টীয়া অনুষ্ঠানটো চাৰি বজাৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হব। অনুষ্ঠান পৰিচালনা কৰিব ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে।

৭. ৰাজ্যৰ কেইবাখনো চিকিৎসা খালী হৈ থকা সকলো পদত নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ জাৰি কৰিছে বুলি সুখবৰ প্ৰকাশিত হৈছে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিবক এই নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

৮. অসমত জাপানীজ এনকেফালাইটিছে সংহাৰ ৰূপ ধাৰণ কৰা বিষয়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীক সাক্ষাৎ কৰিলে সাংসদ ৰামেশ্বৰ তেলী, কামাখ্যা প্ৰসাদ তাছা আৰু আৰ পি শৰ্মাই। এনে পৰিস্থিতিত অচিৰেই কেন্দ্ৰীয় সাহাৰ্যকাৰী সহ প্ৰেৰণ কৰাৰ বাবেই ডাঃ হৰ্ষবৰ্ধনক তেখেতলোকে দাবী জনাইছে।

৯. "ৱান লাইফ ইজ নট এনাফ" শীৰ্ষক আলোড়ণৰ সৃষ্টি কৰা নটৱৰ সিঙৰ গ্ৰন্থখনে চাৰি দিনত পঞ্চাশ হাজাৰ কপিৰ বিক্ৰীৰে এক অভিলেখৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে। কংৰ্গ্ৰেছৰ বহু ভিতৰুৱা কথা উন্মোচন কৰা নেতাজনে এই সফলতাত উৎসাহিত হৈ "মাই এৰেগুলাৰ ডায়েৰী" নামৰ আন এখন অধিক বিস্ফোৰক গ্ৰন্থ লিখিব বুলিও ঘোষণা কৰিছে।

১০. তেজপুৰৰ বাণ থিয়েটাৰত সফল ভাৱে সামৰণি পৰিছে চাৰিদিনীয়াকৈ আয়োজিত ফণী শৰ্মা নাট সমাৰোহৰ। থিয়েটাৰৰ মঞ্চত প্ৰমথ দাসৰ নাট "প্ৰমথ" মঞ্চস্থ কৰাৰো সুখবৰ প্ৰকাশিত হৈছে।
১১. জি এম ডি এৰ সৈতে পৰিবহণ বিভাগে আলোচনা কৰি সৱল ৰূপত পুনৰ প্ৰৱৰ্তন কৰিলে মহিলাৰ বাবে বিশেষ চিটীবাছ। আজিৰ পৰা বশিষ্ঠ-চানমাৰি হৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ চলিব এনে ৬খনকৈ নতুন মহিলা চিটী বাছ।

১২. আজি ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যু-বাৰ্ষিকী। এই উপলক্ষত নৱগ্ৰহত থকা সমাধিস্থলীত আনুষ্ঠানিকভাৱে এই দিৱস উদযাপনৰ দিহা কৰিছে কামৰূপ জিলা প্ৰশাসনে।

১৩. এঘাৰদিনীয়াকৈ গ্লাছগোত অনুষ্ঠিত হোৱা ২০সংখ্যক কমনৱেলথ গেমছৰ সফল সামৰণি পৰিল যোৱা দেওবাৰে। ৫৮টা স্বৰ্ণৰে শীৰ্ষস্থান লাভ কৰিলে ইংলেণ্ডে। পদকৰ তালিকাত পঞ্চম স্থান দখল কৰা ভাৰতে ১৫টা সোণ, ৩০টা ৰূপ আৰু ১৯টা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়।

১৪. অসমত স্থায়ী অধ্যক্ষ অবিহনেই ৬০০খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় চলি থকাৰ বিষয়ে পালে সংবাদ শিৰোনামা। স্থায়ী অধ্যক্ষ নিযুক্তিৰ দাবী তুলি ভাৰপ্ৰাপ্ত অধ্যক্ষ সন্থাই শিক্ষাৰ জগতখনত সুস্থিৰতা প্ৰদান কৰাৰ বাবেও ৰাজ্য চৰকাৰক তুলিলে দাবী।
১৫. ৰঙিয়া প্ৰেছ ক্লাৱত এক উন্মোচনী সভাত কবি ভাস্কৰ কলিতাৰ দুখনকৈ কাব্য গ্ৰন্থ উন্মোচিত হয়। "পোহৰৰ অজ্ঞাতে" আৰু "খুন্দিকন পাহাৰ আৰু জোনৰ সিটোফাল (দ্বিতীয় সংস্কৰণ)" উন্মোচন কৰিলে ৰঙিয়াৰ বিশিষ্ট শিক্ষাবিদ পৰেশ চন্দ্ৰ দত্তই।

No comments:

Post a Comment