জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ছাগলী মাংসৰ শুকান ভাজি

উপকৰণঃ 

ছাগলী মাংস আধা কেজি (চাৰিজনৰ জোখাৰে)৷
পিয়াজ মজলীয়া আকাৰৰ পাঁচটা৷
আলু মজলীয়া আকাৰৰ দুটা৷ নহৰু ডাঙৰ চাই এটা৷ আদা এটুকুৰ৷
গৰম মছলা এক চামুচ, মীট মছলা এক চামুচ, জিৰা গুৰি এক চামুচ,
ধনীয়া গুৰি এক চামুচ, ৰঙা জলকীয়া গুৰি এক চামুচ৷
হালধি আৰু নিমখ স্বাদ অনুসাৰে৷ ৰিফাইন তেল অলপমান৷

ৰন্ধন প্ৰণালীঃ 
ছাগলী মাংসখিনি সৰু সৰুকৈ কাটি লব৷ আলু দুটাও মধ্যমীয়া আকাৰত কাটি, পিয়াজখিনিও সৰু সৰুকৈ কাটি লওক৷ আদা নহৰুখিনি পেষ্ট তৈয়াৰ কৰি সাজু কৰি লওক৷


এতিয়া কেৰাহীত কম জুইত তেলখিনি গৰম হোৱালৈ অপেক্ষা কৰক৷ গৰম হোৱা তেলত পিয়াজখিনি দি লগতে ওপৰত উল্লেখ কৰা মছলাখিনি এটা এটাকৈ ঢালি দিয়ক৷ এতিয়া মিশ্ৰনটো ৰঙচুৱা হোৱাকৈ ভাজি তাতে আদা-নহৰু পেষ্টটো ঢালি দিয়ক৷


এতিয়া সৰু সৰুকৈ কুটি লোৱা মাংসখিনি তাতে দি অলপ লৰাই দিয়ক৷ পাঁচ মিনিটমান এনেকৈ মাজে মাজে লৰাই তাৰ ওপৰত আলু কেইটুকুৰ ঢালি দিয়ক৷ মাংসখিনি এইদৰে কম জুইতে সিজিবলৈ দিব আৰু যাতে তলত লাগি নধৰে তালৈ লক্ষ্য ৰাখিব৷ তাৰ বাবে অকনমান গৰম পানীও দি দিব পাৰে, যিকন পাছলৈ এনেয়েও শুকাই যাব৷ এনেকৈ আধা ঘণ্টামানৰ পাছত ব্যঞ্জনটোৰ ৰন্ধন সম্পূৰ্ণ হৈ উঠিব৷ এতিয়া ভাত অথবা ৰুটিৰ সৈতে গৰমে গৰমে পৰিবেশন কৰি ব্যঞ্জনটোৰ সোৱাদ লওক৷
আজিৰ আখলৰ দিহা যুগুতালে মনালী চি দত্তই৷
এই শিতানৰ শেহতীয়া লেখা সমূহৰ বাবে ক্লিক কৰক৷
জুতি লগা আখল পৃষ্ঠালৈ যাব খুজিলে ইয়াত ক্লিক কৰক৷

No comments:

Post a Comment