জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

শেহতীয়া ৰেচিপিৰ বাবে তলৰ শিৰোনামাবোৰত ক্লিক কৰকঃ
কিছু ৰেছিপি এই পৃষ্ঠাতে স্ক্ৰল কৰি পঢ়িব পাৰিব
বাকী সকলো এই শিতানৰ লঘু আহাৰ, খাদ্য সম্ভাৰৰ দিহাৰ বাবে ইয়াত ক্লিক কৰক
-------------------------------------------------------------------------------
পালেং শাকৰ মাছৰ আঞ্জা
#অঞ্জল বৰা

উপকৰণঃ
ডাঙৰ আকাৰৰ বাহু বা ৰৌমাছ কেইটুকুৰামান ধুই লওক৷ পানী শুকুৱাৰ পিছত তাত হালধি আৰু নিমখ (কম পৰিমাণে) সানি ৰাখক৷ পালেঙখিনি ঠাৰিৰ পৰ চিঙি তিনি-চাৰিবাৰ ধুই মিহি মিহিকৈ কাটি লওক৷ (মিক্সাৰ আছে যদি তাত দি মিহি কৰি ল'ব পাৰে)৷ এটা ডাঙৰ আকৃতিৰ বিলাহী সৰু সৰুকৈ কাটি লওক৷ পিয়াঁজ এটা কুটি লওক৷ কেচা জলকীয়া দুটা দীঘলে দীঘলে ফালি ৰাখক৷

ৰন্ধন পদ্ধতিঃ


মাছখিনি গৰম তেলত ভাজক (ফ্ৰাই কৰক)৷ বেছি ৰঙাহৈ যাবলৈ নিদিব৷ এতিয়া মাছখিনি কাঢ়ি থৈ সেই তেলতে পিয়াঁজখিনি দি অলপ সময় ভাজক৷ এতিয়া কাটি ৰখা পালেঙখিনি তাত দি অলপ সময় লৰাই কম জুইত ঢাকোন মাৰি ৰাখক৷ অলপ পিছত পালেং শাকখিনিৰ পৰা পানী ওলালে তাত অলপ নিমখ আৰু হালধি দিয়ক৷ (মনত ৰাখিব পালেঙখিনি প্ৰথম দিওঁতেই তাত নিমখ দিলে আন্দাজ নাপাব৷ সেয়ে পালেঙখিনি অলপ শুকুৱাৰ পিছত নিমখ দিব৷) নিমখ আৰু হালধি দিয়াৰ লগতে কাটি ৰখা বিলাহী আৰু জলকীয়া দি দিয়ক৷ ২মিনিটমান কম জুইত ৰখাৰ পিছত পালেঙৰ পানীৰ অনুপাত চাই তাৰ লগতে আপোনাৰ প্ৰয়োজন হোৱা পানী (গৰম পানী) দি দিয়ক৷ লগতে ভাজি ৰখা মাছ কেইটুকুৰা দি দিয়ক৷ এতিয়া এবাৰ ঢাকোন মাৰি উতল আহিলেই নমাই ৰাখক৷ তাৰ পাছত সুন্দৰকৈ খোৱা টেবুলত গৰমে গৰমে পৰিবেশন কৰক আৰু জুতি লওক৷



১০ মিনিটৰ ভিতৰতে তৈয়াৰ কৰিব পৰা এই আঞ্জা ভাড়াঘৰ বা মেছত থকা অকলশৰীয়া ব্যক্তিসকলে চেষ্টা কৰিব পাৰে৷ লগতে এই আহাৰে পেটৰ সমস্যা কৰাৰো সম্ভাৱনা নাথাকে৷



২. ৱিকেণ্ড স্পেছিয়েল হায়দৰাবাদী চিকেন দম কা বিৰিয়ানী
-----------------------------------------------------------------

#পংকজ বৰা, নৰৱে

উপকৰণঃ চিকেন (মুৰ্গী)- ৬০০ গ্ৰাম (হাড় থকা, ভৰিৰ টুকুৰা কেইটা হ'লে ভাল৷ হাঁড়ৰ মজ্জাৰ পৰা এটা বঢ়িয়া সোৱাদ ওলায়)
বাচমটি চাউল- ৫০০ গ্ৰাম (মই বাচমটিৰ সলনি আমাৰ কণজহা আৰু থাইলেণ্ডৰ জেছমিন চাউল ব্যৱহাৰ কৰি চাইছিলো যদিও পৰীক্ষা অসফল হ'ল)
আদা-নহৰু বটা আধা কাপ
বিলাহী-২ টা
ইলাচী- ৫ টা
দৈ ১ কাপ
শুকান জলকীয়া গুড়ি-৩ চামোচ
চেফ্ৰ'ন- এচিকুট
গাখীৰ-১ চামুচ
হালধি-১ চামুচ
ধনিয়া আৰু কেঁচা জলকীয়া মিশ্ৰণ- ১/৪ কাপ
দেশী ঘীঁ- ৩ চামোচ
তেল- ১/২ কাপ
গৰম মছলা- ১ চামোচ
নিমখ পচন্দ অনুসৰি
মিহি মিহিকৈ কটা পদিনা, কেঁচা জলকীয়া আৰু ধনিয়া পাত- অলপ মান
মুগাৰঙীকৈ ভজা পিয়াঁজ ১ কাপ

ৰন্ধণ প্ৰণালী
--------------
১) মুৰ্গীৰ মাংসখিনি ভালকৈ ধুই লওক
২) এটা ডাঠ তলি থকা পাত্ৰত মাংস, পদিনাৰ পেষ্ট, দৈ, এটা মিহিকৈ কটা বিলাহী , ধনিয়া-জলকীয়া বটা, নিমখ, আদা-নহৰু বটা, হালধি গুৰি, শুকান জলকীয়া গুড়ি, তেল, আৰু কেঁচা জলকীয়া ভালকৈ মিহলি কৰক আৰু ৩-৬ ঘন্টা মেৰিনেট কৰি ৰাখক৷
৩) মেৰিনেট কৰা মাংসখিনি কম তাপত ১৫ মিনিট সিজাওক৷
৪) বাচমতি চাউল খিনি ১ ঘন্টা পানীত তিয়াই কোমালাই ৰাখিব(অতি প্ৰয়োজনীয়)৷ তাৰ পাচত সৰহ পানীত অলপ গৰম মছলা, ৪ টামান ইলাছি, এচামুছ নিমখ আৰু একদম অলপমান ঘীঁ দি চাউলখিনি আধা সিজাওক আৰু পানী খিনি সম্পূৰ্নকৈ কাঢ়ক৷(আমাৰ চাউলধোৱা খৰাহী হ'লে ভাল, মই পাস্তা চানলি ব্যৱহাৰ কঁৰো)
৫) তলি ডাঠ পাত্ৰলৈ (লিকটি লাগি নধৰা বিধৰ হ'লে ভাল) তলত এটা ইতিমধ্যে আধা সিজোৱা মুৰ্গী মাংসৰ এটা তৰপ ৰাখক (মই তলিত অলপ বাটাৰ দি লঁও তেতিয়া লাগি নধৰে)৷ তাৰ ওপৰত আধা সিজোৱা বাচমতি চাউলৰ এটা তৰপ দিয়ক৷ এনেকৈ দুটা তৰপ কৰক৷ মনত ৰাখিব যে তলৰ তৰপটো যাতে সদায় মাংস আৰু ওপৰৰ তৰপটোট চাউলৰ হয়৷
৬) মাংসৰ যদি কোনো জোল ৰৈ গৈছিল ওপৰৰ পৰা ঢালি দিয়ক আৰু মুগাৰঙীকৈ ভজা পিঁয়াজ, গাখীৰত তিয়াই থোৱা চেফ্ৰন,অলপ অপকৈ ঘীঁ, কাটি ৰখা কেঁচা পদিনা-ধনিয়া পাত ওপৰত চতিয়াই দিয়ক৷ (আচলতে প্ৰতি তৰপ চাউলৰ ওপৰতে দিব)
৭)পাত্ৰটো বায়ুৰুদ্ধ ভাৱে ঢাকনি দি অতি কম তাপত ৪৫ মিনিটৰ পৰা ১ ঘন্টা সিজিবলৈ দিয়ক৷
৮) দৈ, পিয়াঁজ, তিঁয়হ, বিলাহী দি তৈয়াৰ কৰা ৰাইঠাৰ লগত গৰমে গৰমে পৰিৱেশন কৰক

* হায়দৰাবাদৰ বাৱাৰচি , মাদিনা বা পেৰেদাইজৰ বিৰিয়ানিৰ লগতে সমানে ফেৰ মাৰিব পৰা হৈছিল দেই অমুকাৰ বিৰিয়ানি৷ অন্ততঃ হায়দৰাবাদ হাউছৰ বিৰিয়ানিতকৈ কেইবাগুণ ভাল হৈছিল৷
---------------------------------------------
ব্যঞ্জনঃ ৩ বাঁহগাজ আৰু বিলাহীৰ সৈতে মাছৰ তেলবিহীন (বইল) আঞ্জা



উপকৰণঃবাহু মাছ ৩-৪ পিচ বা ভাঙন মাছ তিনি চাৰিটা ধুই লওক ৷
বিলাহী ২-৩টা, নহৰু ৩-৪ফোটা, আদা অলপ, পিয়াঁজ এটা যতনাই লওক৷
জলকীয়াঃ নিজৰ সহ্যৰ সীমা বা জুতি অনুসাৰে ৷
এতিয়া অলপ ধনীয়া পাত আৰু শুকান বাঁহগাজ বা কেঁচা বাঁহগাজ ৰান্ধিবৰ বাবে উলিয়াই লওক ৷

ৰন্ধন পদ্ধতিঃ
চচপেন বা কেৰাহীত দুকাপ-তিনিকাপ পানী দি তাত বিলাহী খিনি কাটি নিমখ আৰু জলকীয়া ফালি দি দিব৷
লগতে বাঁহগাজ অলপ দি দিয়ক ৷ (বাঁহগাজ নাথাকিলেও কথা নাই, জুতি উঠিবই!)
বিলাহীখিনি অলপ সিজিলে তাত মাছ কেইটুকুৰা দি দিবো ৷ লগতে লহৰু দুফাল কৰি, তাতে দি দিয়ক৷ আদা অলপ থেতালি লৈ, কটা পিঁয়াজটো তাত দি দিয়ক৷  

এতিয়া কম জুইত দি অলপ দেৰী ঢাকি সিজিবলৈ দিয়ক ৷

মাছখিনি সিজি যোৱাৰ পাছত ধনীয়া (নকটাকৈ) দি নমাই দিব৷
১০-১৫ মিনিটতে সহজে হোৱা এই আঞ্জা বিশেষকৈ এলেহুৱা, বৰলা আৰু স্বাদৰ ভিন্নতা বিচৰা মানুহৰ বাবে খুৱ উপযোগী ৷
তাৰ পাছত সুন্দৰকৈ খোৱা টেবুলত গৰমে গৰমে পৰিবেশন কৰক আৰু জুতি লওক ৷
--------------------------------------
ব্যঞ্জন ৪: এক অনন্য সোৱাদঃ শুকুৱা ৰৌ মাছৰ সতে বাঁহ গাজ





ঘৰৰ পুখুৰীৰ ৰৌ-মাছ তুলি চকল চকলকৈ দলাত থৈ শুকুৱাই ৰাখিব৷ মাত্ৰ একেবাৰে খৰখৰীয়া

শুকান কৰি শুকুৱাই নেপেলাব৷ তাৰে তিনি টুকুৰামান মাছ ৰান্ধিবৰ বাবে যতনাই লওঁক৷ 

এতিয়া অনুমান অনুসৰি দি পিয়াজ এটা কাটি ৰঙচুৱা হোৱালৈ ভাজক৷ লগতে নহৰু দুফোটা সৰু সৰুকৈ চুঁচি দিয়ক (বা থেতেলিওৱা হলেও হব)৷ এইবাৰ মাছৰ টুকুৰা কেইটা হাতেৰে মোহাৰি পিটিকাৰ দৰে কৰি পিয়াজৰ সতে অলপ দেৰি ভাজক৷

মিঠা তেলত দি সংৰক্ষণ কৰি ৰখা ভোট জলকীয়া আধা চামুচমান (নিজৰ স্বাদ মতে) ঢালি দিয়ক৷ এতিয়া সংৰক্ষণ কৰি ৰখা বাঁহগাজৰ টুকুৰা তিনি চামুচ মাছৰ ওপৰত দি হেঁতাৰে লৰাই সানি দিয়ক৷ অলপ নিমখ আৰু অকন হালধি দি জুই কম ৰাখি বাঁহগাজ খিনি সিজালৈকে অনুমানত সাত-মিনিট মান ভাজক৷ দেখিব শুকান মাছৰ কোনোৱে বেয়া পোৱা গোন্ধৰ সলনি ব্যঞ্জনৰ সুগন্ধিয়ে আপোনাৰ জিভাৰ পানী পেলাইছে!

এতিয়া কেৰাহীৰ পৰা গৰমে গৰমে তুলি কাঁহৰ বাতিত পৰিবেশন কৰক৷
আৰু ভাত বা ঘৰুৱা সাঁজপানীৰ সতে ইয়াৰ অনন্য সোৱাদৰ জুতি লওক৷

প্ৰয়োজনীয় সামগ্ৰী তালিকাঃ
১. শুকুৱা ৰৌ মাছ
২. ভোট জলকীয়া
৩. বাঁহগাজ
৪. এটা পিয়াজ, দুফোট নহৰু, অকন মিঠাতেল, নিমখ, হালধি আৰু কেৰাহীৰ তলত জুই! 

-----------------------------------
উৎসঃ http://lal-ink.blogspot.in/

5 comments:

  1. চেফ্ৰ'ন = জাফৰান, কেসৰ

    ReplyDelete
  2. Axom aru uttarpubor'k bisho darbarot potisthito kora ek prosestha. Visit: www.northeastpost.in

    ReplyDelete
  3. অতি ভাল লাগিলে ।

    ReplyDelete
  4. ভাল লাগিলে ।

    অসমটিউব - এই ৱেবছাইতটোত আপুনি অসমীয়া তথা নৰ্থইষ্টৰ অডিও আৰু ভিডিও সমুহ বিছাৰি পাৱ, লগতে আপলোড আৰু শ্বেয়াৰ কৰিব পাৰিব |

    http://www.axomtube.com/

    ReplyDelete