জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
ৰ’ষ্টেড চিকেনঃ ঘৰতে বনোৱাৰ দিহা 
#মনালী চি. দত্ত
ঘৰতে বনোৱা ৰ’ষ্টেড চিকেন
উপকৰণঃ 
অলপ ডাঙৰ ডাঙৰকৈ কটা কুকুৰা মাংসৰ টুকুৰা ১০টা ৷
তন্দুৰী চিকেন মচালাঃ ডাঙৰ চামুচেৰে ডেৰ চামুচ
ময়দাঃ ডাঙৰ চামুচেৰে তিনি চামুচ
ৰিফাইন তেলঃ ডাঙৰ চামুচেৰে এক চামুচ
জলকীয়া গুড়ি পাউদাৰঃ ডাঙৰ চামুচেৰে এক চামুচ
ভিনেগাৰঃ সৰু চামুচেৰে এক চামুচ৷
নিমখঃ স্বাদ অনুসৰি৷
হালধিঃ এচিকুট ৷

ৰন্ধন প্ৰণালীঃ

মাংস কেইটুকুৰা ভালকৈ ধুই এখন চুৰীৰে মাংস কেইটুকুৰত মছলা লাগিবলৈ সহজ হোৱাকৈ অলপ অলপ খুচি দিয়ক৷মছলা জাতীয় উপকৰণখিনি একেলগে মিক্স কৰি লওক৷ তাতে ৰিফাইন তেল চামুচো তাতে দি মছলাখিনি সানি লওক৷ তাৰ পাছত অকনমান প্ৰয়োজনীয় পানী দি এতিয়া মচলাখিনি পেষ্টৰ ৰূপত সাজু কৰি লওক৷ এতিয়া মাংস কেইটুকুৰত পেষ্টখিনি ভালকৈ সানি দিয়ক৷ তাৰ পাছত দুঘণ্টামান ৰেফ্ৰিজাৰেটৰত থৈ মেৰিনেট হবলৈ দিয়ক৷

মেৰিনেট কৰি লোৱা মাংসখিনি এতিয়া এখন মাইক্ৰ’অভেনত দিব পৰা এখন প্লেটত সজাই লওক৷ এতিয়া ৩০ছেকেণ্ডৰ বাবে মাংসখিনি প্ৰি-হিট কৰক৷

তাৰ পাছত মাইক্ৰ’ৱেভত ৮০০ৱাট পাৱাৰত কম্বিনেচন ম’ডত ছয় মিনিটৰ বাবে সিজিবলৈ দিয়ক৷

এতিয়া প্লেটখন বাহিৰলৈ আনি মাংসৰ টুকুৰাবোৰ লুটিয়াই দি, পনৰ ছয় মিনিটৰ বাবে একে পাৱাৰত সিজিবলৈ দিয়ক৷ 

ভালকৈ সিজিলেনে নাই এইবাৰ পৰীক্ষা কৰি চাওক৷ খোৱাৰ টেবুলত গৰমে গৰমে পৰিবেশনৰ বাবে প্লেটত ভালকৈ সজাই দিয়ক৷ প্ৰয়োজনবোধে ৬০০ৱাট পাৱাৰত এক মিনিটমান পুনৰ গৰম কৰি ল’লেও ভাল৷ কাৰণ গৰমে খোৱাতেই ইয়াৰ জুতি পোৱা যায়৷

No comments:

Post a Comment