পলতকে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলতকে সুখ দুখৰ বতৰা

পলতকে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. পাগলাদিয়া নৈৰ পাৰত চলিছে সেউজ বিপ্লৱঃ নলবাৰীৰ বালিতাৰা আৰু মৰিয়াডোংগাত দুশ বিঘা মাটিত ৰজনীগন্ধা, অমিতা, ভেণ্ডি আদিৰ খেতিৰে সাতজনীয়া উদ্যমী যুৱকৰ দলে দেখুৱালে স্বাৱলম্বনৰ আদৰ্শ ৷
মহিলাৰ জুনিয়ৰ বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ
দেশৰ জীয়াৰী ৰাণী ৰামপাল

২.অসম পেট্ৰ’কেমিলেকলচ লিমিটেডৰ নতুন ৫০০মেট্ৰিক টন মিথানল, ২০০ মেট্ৰিক টন এচিটিক এচিড সম্প্ৰসাৰণৰ অত্যাধুনিক প্ৰকল্পৰ আধাৰশিলা কাইলৈ স্থাপন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়েঃ অসমৰ উদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত ই পৰিগণিত হব এক প্ৰশংসনীয় পদক্ষেপ ৰূপে৷

৩. আয়াৰলেণ্ডৰ বেলফাষ্টত পাঁচ আগষ্টৰ পৰা অনুষ্ঠিত বিশ্ব পুলিচ আৰ্চাৰী আৰু ফায়াৰ গেমছত অসমৰ ডিপুল বড়োৱে জয় কৰিলে স্বৰ্ণ পদকঃ চিআৰপিএফত কৰ্মৰত ডিপুলে ব্যক্তিগত ট্ৰেডিশ্বনেল লং ব’ শাখাত লাভ কৰিলে এই সফলতা৷

৪. দান কৰিলে সংস্থাপনযোগ্য সকলো অংগঃ দুঘৰ্টনাগ্ৰস্ত হৈ ব্ৰেইন-ডেড হোৱা পুত্ৰক জীয়াই ৰখাৰ প্ৰচেষ্টাৰে আদৰ্শ দেখুৱালে দিল্লীৰ জুনেজা দম্পত্তিয়ে৷

৫. মহিলাৰ জুনিয়ৰ হকী বিশ্বকাপত শ্ৰেষ্ঠ খেলুৱৈ সন্মানেৰে জামাৰ্নীত জিলিকিল ভাৰতীয় দলৰ সদস্যা তথা হাৰিয়ানাৰ শ্বাহবাদৰ ৰাণী ৰামপালঃ এজন ঠেলাচালকে নিজৰ জীয়াৰীক লৈ দেখা সপোন হ’ল আলোকিত৷

৬. দেশজুৰি বৃদ্ধি হব মধ্যাহ্ন ভোজন আঁচনিৰ ৰান্ধনী আৰু সহায়কৰ পৰিতোষিকঃ ৰাজ্যসভাক কেন্দ্ৰীয় মন্ত্ৰী ডঃ শশী থাৰুৰে জনালে যে এই দুটাবৰ্ষত ১৫০০ টকা আৰু তাৰ পাছৰ বছৰৰ পৰা এয়া হব মাহে ২০০০টকাকৈ৷

৭. নৰ্থ ইষ্ট আৰ ডি বৰ্মন ফেন ক্লাৱৰ উদ্যোগত গুৱাহাটীৰ জিলা পুথিভঁৰালত অহা ১০আগষ্টত শিল্পী গৰাকীৰ ৭৪তম জন্মদিৱসৰ অনুষ্ঠানৰ আয়োজনৰ সুখবৰঃ অনুষ্ঠিত কৰিব শিল্পী গৰাকীয়ে সুৰাৰোপিত কৰা গীতৰ এক বিশেষ প্ৰতিযোগিতাও ৷

৮. বৰপেটাত হাইব্ৰীড ধানৰ খেতিৰে স্বাৱলম্বী হৈ উঠিছে কৃষকঃ প্ৰতি বিঘাই ২৯ মোনলৈকে উৎপাদনৰ নেতৃত্ব দি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে জিলা কৃষি বিষয়া এম পি ৰোণিয়াৰ৷

৯. বুলগেৰিয়াত চলি থকা বধিৰ অলিম্পিকত ভাৰতীয় মল্লযুঁজাৰু বীৰেন্দৰ সিঙে ৭৫কেজি ফ্ৰী-ষ্টাইল শাখাত স্বৰ্ণ পদক জয়েৰে দেশলৈ কঢ়িয়ালে গৌৰৱ ৷

১০. সবাতোতকৈ কম বয়সত ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হোৱাৰ গৌৰৱ কঢ়িয়াই  প্ৰখ্যাত অৰ্থনীতিবিদ ৰঘুৰাম ৰাজন হব দেশৰ অৰ্থনৈতিক সংস্থাটোৰ পৰবৰ্তী মুৰব্বী ৷

১১. মাওবাদক মূল বিষয় বস্তুৰূপে নিৰ্মাণ কৰা প্ৰসিদ্ধ পৰিচালক সঞ্জয় কাকৰ শেহতীয়া তথ্যচিত্ৰ "ৰেড এণ্ট ড্ৰীম"ৰ প্ৰদৰ্শন আজি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত৷

১২. গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনৰ মঞ্চত চলি আছে "নটসূৰ্য"ৰ অষ্টাদশ বাৰ্ষিক সাত দিনীয়া সমাৰোহঃ "ৰোমিঅ’-জুলিয়েট"ৰ সফল মঞ্চায়নৰ পাছত আজি "তিচৱি শতাব্দী" ৷

১৩. কাৰ্বি-আংলং আৰু ডিমা হাচাওৰ ত্ৰিশ জনীয়া প্ৰতিনিধৰ দলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীকঃ ব্যক্ত কৰিলে ৰাইজে বিচৰা পৃথক ৰাজ্যৰ দাবী ৷

১৪. পৃথক ৰাজ্যৰ দাবীৰ উত্তাল অসমত আজি আক্ৰাছু, এবছু, বিএনচিৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী তৰুণ গগৈ৷

১৫. বান্দৰদেৱা প্ৰেছ ক্লাৱৰ উদ্যোগঃ হাৰমতীত অনুষ্ঠিত হ’ল জিলাভিত্তিক সংবাদ প্ৰস্তুতিৰ এক কৰ্মশালা ৷

১৬. মিৰ্জাস্থিত দক্ষিণ কামৰূপ কলেজৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনঃ অহা ২০-২২ আগষ্টত সদৌ অসম ভিত্তিক আন্তঃ মহাবিদ্যালয় স্নাতক পৰ্যায়ৰ বিহুৱতী প্ৰতিযোগিতা হৈছে আয়োজিত ৷

১৭. অধিবক্তা বিজন মহাজন অগপৰ নতুন মুখপাত্ৰ নিযুক্ত৷

No comments:

Post a Comment