(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. পথাৰত মৈ দিবলৈ গৈ বোকাত পৰিল পোনাকন গগৈ! সেই দুৰ্লভ মুহূৰ্তটো ধৰি ৰখাৰ বাবে কেমেৰামেনক কইনাধৰাৰ বৰঘৰত এসাজ খাবলৈ কৰিলে আমন্ত্ৰণ৷ চ’চিয়েল মেডিয়াত বোকাত পৰা পোনাকনক লৈ হ’ল সৰৱ চৰ্চা৷ বিলাত ফেৰৎ তথা বিলাতী বোৱাৰী আনিব লগা পোনাকনে পথাৰত নামি আদৰ্শ দেখুওৱা ফলত বাইক লৈ ঘূৰি ফুৰা ডেকা সকলে ঘৰত তামাম গালি শপনি খোৱাৰ খবৰ৷
সচেতন যুৱক সংঘই, কেমেৰা ৰেডি হৈয়ে আছিল নে? পৰিব আৰু তুলিব ধৰণত, বুলিও প্ৰশ্ন তুলিছে৷ এইটো এটা পলিটিকেল ষ্টাণ্ট বুলি অভিহিত কৰি সংঘই নিজৰ মাক-দেউতাকক বুজাবলৈ কঠোৰ চেষ্টা কৰাৰ বাতৰি৷
![]() |
আমাৰ পোনাও পৰে... পিছে পেপাৰতহে ফটো নোলায় দেই |
২. জেলত থকা অভিযু্ক্ত বা অপৰাধীয়ে নিৰ্বাচন খেলিবলৈ দিবই লাগিব বুলি লৈ হাই-উৰুমিৰে ঐক্যবদ্ধ হ’ল সকলো ৰাজনৈতিক দল৷ এতিয়া উচ্চতম ন্যায়ালয় ৰায়ক চলে-বলে-কৌশল বাতিল কৰি অপৰাধীৰ বাট নিকা কৰিব নোৱাৰিলে দেশৰ জনতাৰ আগত নাক কটা যাব বুলি কৰিলে মত প্ৰকাশ! ৷ ৰাজনীতিত ন্যায়ালয়ৰ কি কাম, অযথা হস্তক্ষেপ সহ্য কৰা নহব আদি শ্ল’গানেৰে কৰিলে প্ৰতিবাদমুখৰ ৷
৩. উত্তৰ কাছাৰৰ কেলেংকাৰী বিষয়ক এটা গোচৰত দোষমুক্ত হ’ল জৱলে-নিৰঞ্জন-আৰ এইচ খান সহ ১৩জনকৈ ভদ্ৰলোকঃ এইবাৰ মানহানিৰ গোচৰেৰে চলাবলৈ ঐক্যবদ্ধ হোৱাৰ খবৰ৷ ঘৰৰ মানুহে ব্যক্ত কৰা মতে, তেওঁলোকক উকীলে কৈছে, যে এনেকুৱা মানহানিৰ গোচৰ তৰিব, যে মানুহে কেলেংকাৰী গোচৰ তৰিবলৈ যোৱাৰ আগতে ব্ৰহ্মা-বিষ্ণু ভগৱানক স্মৰণ কৰি লব লাগিব৷ এয়া এক দৃষ্টান্তমূলক মানহানিৰ ৰায় হব বুলিও তেওঁলোকৰ উকীলে কনফিডেন্স প্ৰকট কৰিছে৷
৪. উত্তৰ কামৰূপ বন সংমণ্ডলত দুৰ্নীতি উদঙালে ছাত্ৰ মুক্তিয়েঃ পঢ়াই পঢ়ে ৰোৱে পাণ, কিয়নো বাৰু কৰে দুৰ্নীতিলৈ কান বুলি ক্ষোভ প্ৰকাশ কৰিলে পঢ়া শুনা মন্ত্ৰীয়ে৷
৫. মাজুলী সুৰক্ষাৰ নামত ব্ৰহ্মপুত্ৰ বৰ্ডে কৰিছে ভেকোঁ-ভাওনা, জিঅ’বেগত বালিৰ সলনি ওলাল কহুৱা৷ ব্ৰহ্মপুত্ৰ বৰ্ডে ভাওনা কৰি সংস্কৃতি ৰক্ষা কৰিবলৈ লোৱাৰ বাবে সচেতন মহলে প্ৰকাশ কৰিলে আনন্দ৷ নৈ পাৰত কহুৱা নোলাই জিঅ’বেগত তিনি টকীয়া চাউল ওলাব বুলি আশা কৰিছিল নেকি বুলি ঠিকাদাৰ সন্থাই তুলিলে প্ৰশ্ন ৷
৬. পুৰণিগুদাম মহাবিদ্যালয়ত ৩২বেগ চিমেণ্ট পুতি থোৱা অৱস্থাত উদ্ধাৰ৷ ধন পুতি ৰাখি বাতৰিৰ শিৰোনামত স্থান পোৱা মানসিকতাৰ বিপৰীতে চিমেণ্টৰ বেগ পুতি ৰাখি এক ব্যতিক্ৰমী পদক্ষেপ লোৱা বাবে অধ্যক্ষ প্ৰশংসিত৷ ব্যতিক্ৰমী অধ্যক্ষক এই বৰ্ষৰ শিক্ষক দিৱসত এটা ব্যতিক্ৰমী পুৰষ্কাৰ দিবলৈ স্থানীয় সংগঠনে জনালে দাবী, পঢ়া শুনা বিভাগক ৷
৭. বাঢ়নীক আম আদমী পাৰ্টি দলৰ নিৰ্বাচনী প্ৰতীক ঘোষণাক লৈ উৎসাহিত হৈ পৰিছে সচেতন ৰাইজ৷ সমাজখন নিকা কৰিবলৈ এতিয়া বাঢ়নী মৰাৰ বাহিৰে উপায় নাই বুলি কৰিলে মত প্ৰকাশ৷ এই যাদুকৰী বাঢ়নী লৈ অচিৰেই অৰবিন্দ কেজৰিৱালক ভাৰতীয় "হেৰি পটাৰ"ৰ ৰূপত চাবলৈ বিচাৰিছে৷
শেহতীয়া লোকেল গুজৱ পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক৷
শেহতীয়া লোকেল গুজৱ পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক৷
No comments:
Post a Comment