
'মোৰ লক্ষ্য'
# চন্দন জ্যোতি ভূঞা
মই হাঁহিৰাম কাইৰ দৰে হ'ম
পাৰিলে ইংলেণ্ডতে মাটি লম,
ইম্পৰ্টেণ্ট মেটাৰেৰে জগত জিনিম
আমেৰিকাৰ কথাহে ক'ম
মই হাঁহিৰাম কাইৰ দৰে হ'ম।
মই উল্লাস মহন্ত হ'ম
মাজ তপা ধনী
দুই টকাত কণী
হাতীৰ মালিক মাউত হ'ম
দুজনীৰ নামত যৌৱন উজাৰি থ'ম,
বেমাৰ যি লম্ভিছে, হৈছে চাউল কম
মই উল্লাস মহন্ত হ'ম।
![]() |
এনেই বিহু বিহু |
মই হ'ম মনৰ মোহন-লাল
মৌনতাৰ সাগৰ সাতুৰি
পাতিম নিৰব জাল
মই হ'ম মোহন-লাল।
মই হ'ম অ’খিলখিল
নদীৰ পানীত জুই জ্বলাই, হিলাই দিম দিল,
ৰাস্তাত শুই অসম কপাঁই
কানাই লংঘি, সোৱনশিৰি নেওচি
বঢ়াই থাকিম দম,মই অ’খিলখিল হ'ম।
মই হ'ম মনি-সেনআঢ়ৈ টকাৰ মেজিক মেন,
চাকৰিয়ালৰ উন্নতি সাধিম
ধাবা মালিকৰ কঙালী মাতিম
লোকৰ ভৰিত নিজে ঠিয় দিম ৷
দামী ভাত কৰিম বেন
মই হ'ম মহাপুৰুষ মনি-সেন।
মই হ'ম মনোহাৰী, পৃথক তিনিখন ৰাজ্য লাগে
ৰাজ্যপাল মোৰ মানুহজনীয়েই চব চাগে!
ৰেল আদি জ্বলাই দিম'ৰংছিনা ভৱনো" উলোটাই দিম
ফিফটি ফিফটি অসম লাগে তাৰাতাৰী
মই হ'ম মনোহাৰী। (আগলৈ)
ৰাস্তাত শুই অসম কপাঁই
কানাই লংঘি, সোৱনশিৰি নেওচি
বঢ়াই থাকিম দম,মই অ’খিলখিল হ'ম।
মই হ'ম মনি-সেনআঢ়ৈ টকাৰ মেজিক মেন,
চাকৰিয়ালৰ উন্নতি সাধিম
ধাবা মালিকৰ কঙালী মাতিম
লোকৰ ভৰিত নিজে ঠিয় দিম ৷
দামী ভাত কৰিম বেন
মই হ'ম মহাপুৰুষ মনি-সেন।
মই হ'ম মনোহাৰী, পৃথক তিনিখন ৰাজ্য লাগে
ৰাজ্যপাল মোৰ মানুহজনীয়েই চব চাগে!
ৰেল আদি জ্বলাই দিম'ৰংছিনা ভৱনো" উলোটাই দিম
ফিফটি ফিফটি অসম লাগে তাৰাতাৰী
মই হ'ম মনোহাৰী। (আগলৈ)
No comments:
Post a Comment