পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. উত্তৰ পূৱ পৰিষদৰ নৱ-নিযুক্ত সচি মামিছিং লুইখাম উপস্থিত হ’লহি গুৱাহাটীৰ বি.বৰুৱা কৰ্কট প্ৰতিষ্ঠানতঃ প্ৰতিষ্ঠানটোৰ বিষয়া, কৰ্মচাৰী. চিকিৎসকৰ সতে আলোচনাত মিলিত হৈ বিভিন্ন দিশৰ বুজ লয় আৰু এই প্ৰতিষ্ঠানৰ সেৱাৰ প্ৰশংসা কৰাৰ লগতে উত্তৰ-পূৱ পৰিষদৰ পৰা আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে পৰ্যাপ্ত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷
হিংসাৰ দাৱানলৰ মাজত আজিৰ সময়ৰ আহ্বান


২. অসম গ্ৰামীণ বিকাশ বেংকে উৰুৱাইছে সফলতাৰ ধ্বজঃ ৰাজ্যৰ ২৫খন জিলাৰ ২৭৪৮খন গাঁও সামৰি লোৱা বেংকটোৱে কৰিলে ৮৯৩০কোটি টকাৰ ব্যৱসায়৷ বেংকিং সম্পৰ্কে সজাগতাৰ বাবেও গ্ৰহণ কৰিছে নতুন উদ্যমঃ প্ৰতি শনিবাৰে একোখনকৈ গাঁৱত অনুষ্ঠিত কৰিব বিশেষ বেংকিং শিক্ষা আঁচনিৰ অধীনত সজাগতা সভা৷

৩. মহাপুৰুষ দুজনাৰ ভক্তি আন্দোলনৰ মূল প্ৰাণকেন্দ্ৰ বৰপেটা সত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে স্বীকৃতি দিয়াৰ বাবে দাবী উত্থাপন কৰিলে বৰপেটা বিশ্ব ঐতিহ্য দাবী সমিতিয়ে৷ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু সংশ্লিষ্ট বিভাগলৈকো প্ৰেৰণ কৰিলে প্ৰস্তাৱ ৷

৪. দেশৰ নতুন বৈদিশক সচিবৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিলে সুজাতা সিঙেঃ তেখেত ১৯৭৬চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ কেডাৰ আছিল৷

৫. অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত গঢ় লৈ উঠা আম-আদমী পাৰ্টিয়ে নিৰ্বাচনৰ প্ৰতীক ৰূপে লাভ কৰিলে "ঝাড়ু": এই ঝাড়ুৰেই দুৰ্নীতিনাশি এক নিকা-সুন্দৰ ভাৰত গঢ় দিয়াৰ কাম কৰিবলৈ ৰাইজক জনালে আহ্বান৷

৬. উত্তৰ প্ৰদেশত বালি মাফিয়াৰ বিৰুদ্ধ মাত মাতি চৰকাৰৰ ৰোষত পৰি নিলম্বিত হোৱা আইএএছ বিষয়া দুৰ্গা শক্তিৰ সমৰ্থনত একগোট হৈ পৰিল দেশৰ আই.এ.এছ বিষয়া সন্থাঃ ন্যায় বিচাৰি দাবী কৰিলে প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ৷

৭. সংখ্যালঘু আৰু চাহ জনগোষ্ঠীৰ বাবে উন্নয়নমূলক আঁচনি সমূহ তৰান্বিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবলৈ দিলে তাৎক্ষণিক নিৰ্দেশঃ কামকাজৰ পৰ্যালোচনা কৰি এমাহৰ ভিতৰত ৰিপৰ্ট দিবলৈ গঠন কৰি দিলে বিশেষ মন্ত্ৰীগোট৷

৮. শৈক্ষিক দিশত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশংসনীয় সাফল্যঃ মহাবিদ্যালয়খনৰ প্ৰথমটো বৰ্গই এইবাৰ এমবিবিএচ পৰীক্ষাত অৱতীৰ্ণ হৈ চাৰিগৰাকীয়ে শীৰ্ষ দহটা স্থানৰ ভিতৰত, তথা ৯গৰাকীয়ে ২০টা স্থানৰ ভিতৰত স্থান দখল কৰে৷ লগতে উত্তীৰ্ণৰ হাৰ ৮০%ৰে বুটলিলে বিদ্বৎমহলৰ প্ৰশংসা ৷

৯. নাথ যোগী উন্নয়ন পৰিষদৰ উদ্যোগত মৰিগাঁৱৰ চৰাইবাহীত অনুষ্ঠিত হয় মহিলা সৱলীকৰণ সজাগতা শিবিৰঃ কেৰিয়াৰ পৰামৰ্শদান কাৰ্যসূচীৰে অৰ্থপূৰ্ণ জীৱন বাট বুলিবলৈ পৰিকল্পনাৰে কেনেকৈ আগবাঢ়িব লাগে সেই সন্দৰ্ভে বিশদ বাখ্যা আগবঢ়ায় সমল ব্যক্তি ডঃ বুলজিৎ বুঢ়াগোহাঁইয়ে৷

১০. পানেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ কেম্পত আছাম ভৰলী এংগলিং এণ্ড কনজাৰভেচন এছ’চিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত হয় এক কৰ্মশালাঃ সংবাদ মাধ্যমৰ ত্ৰিশ গৰাকী প্ৰতিনিধিয়ে যোগদান কৰা কৰ্মশালাৰ বিষয় আছিল "সংবাদ মাধ্যম আৰু পৰিবেশ"৷

১১. অৰুণাচল বন বিভাগৰ সফলতাৰ ধ্বজ উৰুৱালে পাক্কে বাঘ্ৰ্য প্ৰকল্পইঃ বিগত পাঁচ বছৰত এটাও চোৰাং চিকাৰৰ ঘটনা নোহোৱাকৈ বনজ সম্পদ তথা বন্যপ্ৰাণীক দিলে সুৰক্ষা ৷

No comments:

Post a Comment