আলোড়িত আমাৰ ৰাষ্ট্ৰঃ কোন পথে ৰাজনীতি?
#ভোগেশ্বৰ দত্ত
স্বাধীন ভাৰতৰ ৰাষ্ট্ৰ গাঁঠনি হৈছে অংগৰাজ্য সমূহৰ সন্মিলিত ৰাষ্ট্ৰ৷ ৰাষ্ট্ৰসংঘতো সাৰ্বভৌম স্বাধীন ৰাষ্ট্ৰৰ মৰ্যদা লাভ কৰিছে, আমাৰ মাতৃভূমি ভাৰতে৷ এই ৰাষ্ট্ৰখনৰ অংগৰাজ্য অংগৰাজ্যই আছে বহু জাতি, বিকাশমান জনগোষ্ঠী, ভিন্ন ভাষা, ভিন্ন ধৰ্ম, সুকীয়া সুকীয়া কৃষ্টি সংস্কৃতিৰ অপূৰ্ব মিলনত ভাৰত ৰাষ্ট্ৰ জাতিষ্কাৰ৷
সাজ-পোচাকৰ পিন্ধন উৰণ, খাদ্য প্ৰণালীটো ভিন্নতাৰ উপাদান বিদ্যমান৷
কিন্তু সমগ্ৰ মানুহৰ জীৱন ধাৰণৰ উৎপাদন প্ৰণালী সাদৃশ্যতাপূৰ্ণ৷ কৃষকৰ উৎপাদিত ফচল সকলো নাগৰিকৰ খাদ্য সামগ্ৰী৷ শ্ৰমিক কৰ্মচাৰীৰ শ্ৰমেৰে উৎপাদন কৰা সামগ্ৰী, সকলো লোকৰ ব্যৱহাৰ্য সামগ্ৰী৷ একেখন বজাৰৰ সামগ্ৰীৰ ক্ৰেতা-বিক্ৰেতা একেখন দেশৰ নাগৰিক৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj1mggfGyiCF3IwEdTvwWpFp1PASsU3mi9u6VBWsbNPXrGIS0tN7tXLyRDZ7FpJTB-Kiy2vptMI5eJO7Vys8Y-cuKQNlRM3D-ugdEIBZHR05vi1PPrk-y-0fahF0Z9eAP8LjYERde1Vypg/s320/baba_1.jpg)
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj1mggfGyiCF3IwEdTvwWpFp1PASsU3mi9u6VBWsbNPXrGIS0tN7tXLyRDZ7FpJTB-Kiy2vptMI5eJO7Vys8Y-cuKQNlRM3D-ugdEIBZHR05vi1PPrk-y-0fahF0Z9eAP8LjYERde1Vypg/s320/baba_1.jpg)
দুই দশকৰ পূৰ্বে আজিৰ প্ৰধানমন্ত্ৰী জনেই নব্য উদাৰীকৰণৰ নীতি প্ৰৱৰ্তনৰ সময়ত কৈছিল- “এই নীতিৰ ফলত দেশৰ নাগৰিক সকলে ভোক-ৰোগৰ পীড়নৰ পৰা মুক্তি পাব৷ জন-জীৱনত দাৰিদ্ৰতা কমি যাব, সকলো কৰ্মঠ লোকে মনোমত কাম পাব৷ খেতিয়ক বনুৱা শ্ৰেণী স্বাৱলম্বী হব৷ অত্যাৱশ্যকীয় সামগ্ৰী সুলভ মূ্ল্যত পাব৷ নাৰী সকলৰ স্ব-অধিকাৰ সুৰক্ষিত হব৷ অনুসূচিত জাতি জনজাতি, ভাষিক-ধৰ্মীয় সংখ্যালঘুৱে সাংবিধানাকি ৰক্ষণা-বেক্ষণ পাব৷ দেশত হত্যা-হিংসাৰ পৰিবৰ্তে শান্তি সম্প্ৰীতিৰ পৰিবেশ গঢ়ি উঠিব, ইত্যাদি ইত্যাদি”৷
এই দুয়ো দশকৰ ভিতৰতে ইউ-পি-এ আৰু এনডিএৰ শাসনৰ তিতা-মিঠা দেশৰ জনগণে পাইছে৷
দেশৰ শাসক শ্ৰেণীৰ প্ৰধান দল, কংগ্ৰেছ বিজেপিৰ নেতৃত্বৰ দুই জোঁটৰ শাসনৰ সোৱাদ দেশে পালে৷ দেশৰ আশী শতাংশ লোকৰ অভিজ্ঞতাই কয় যে কংগ্ৰেছ-বিজেপি নেতৃত্বৰ প্ৰৱৰ্তিত নীতি-শাসন প্ৰণালী একেই, বা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিহে!
দেশৰ আৰ্হিমূলক জৰীপ সংগঠন SSOৰ প্ৰকাশিত তথ্য মতে ইউ.পি.এ চৰকাৰৰ শাসনত আশী শতাংশ জনগনে অকথ্য ৰূপত অত্যাৱশ্যকীয় সামগ্ৰী, বিশেষকৈ খাদ্য সামগ্ৰী জুই ছাই দামত কিনিব লগা হৈছে৷ অথচ দেশৰ কৃষক সমাজে সুষম ধৰণেৰে আয় উপাৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ অপাৰগ হৈছে৷ কেইবা হাজাৰ কৃষকে দেশত আত্মহত্যাৰ পথ বাচি লব লগীয়া হৈছে৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjerpwaYrqQaRfCcdzD4JkyKkjxvMGYqEHWTy1jBj_mj_CizykKgScBvRLiO-ojFsBnW9hTq_7tEesc1M3Q24cOACJRg9bNhV6gu_QblmR-sPORxeKPOMncvJbdSzz9tk65-ZIGnwoi76c/s1600/Baba_2.jpg)
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjerpwaYrqQaRfCcdzD4JkyKkjxvMGYqEHWTy1jBj_mj_CizykKgScBvRLiO-ojFsBnW9hTq_7tEesc1M3Q24cOACJRg9bNhV6gu_QblmR-sPORxeKPOMncvJbdSzz9tk65-ZIGnwoi76c/s1600/Baba_2.jpg)
যোৱা ২০১০-১২চনৰ তথ্যমতে দেশত ১০.২ শতাংশ কৰ্মহীন নিৱনুৱা বাঢ়িছে৷ দেশৰ পাঁচ বছৰৰ তলৰ ৪৫% শিশুৱে অপুষ্টিত ভূগিছে৷ জীৱন-দায়িনী ঔষধ আৰু স্বাস্থ্য সুৰক্ষাৰ সুযোগ-সুবিধা বোৰ লাভ কৰাত জনজীৱনৰ নিম্নস্তৰত থকা লোকসল বঞ্চিত হৈছে৷
জনজীৱনত এনে ব্যৱস্থা চলি থকাৰ বিপৰীতে দিল্লীৰ শাসন-কৰ্তা ইউপিএ চৰকাৰে একচেতিয়া পুঁজিপতি আৰু বৃহৎ ব্যৱসায়ী গোষ্ঠীক মাটি, খনিজ সম্পদ, গেছ আৰু টেলিকম স্পেকট্ৰামৰ দৰে প্ৰাকৃতিক তথা সামূহিক সম্পদ সমূহ লুণ্ঠন কৰিবলৈ এৰি দিছে৷ ইউপিএ চৰকাৰে প্ৰবৰ্তন কৰা নব্য উদাৰীকৰণ নীতি কাৰ্যকৰী কৰা প্ৰশাসন যন্ত্ৰই দেশজুৰি দুৰ্নীতি ভ্ৰষ্টাৰৰ বীজানু বিস্তাৰ কৰি আছে৷ এনে কদৰ্য বিজানু বিস্তাৰিত নোহোৱা কোনো খণ্ডই আজি বাচি থকা নাই৷ শাসক চক্ৰই যোৱা বাজেট ব্যৱস্থাৰ যোগেদি একচেতিয়া পুঁজিপতি ধনিক-বনিক সকলক হাজাৰ হাজাৰ কোটি টকাৰ কৰ-কাটল ৰেহাই দিছে!
আনহাতে শাসক চক্ৰই পেট্ৰলজাত সম্পদ আৰু সাৰ উৎপাদনত পূৰ্বে দি অহা ৰাজ-সাহাৰ্য বন্ধ কৰিছে৷ ধনিক-বনিক শ্ৰেণীক এহাতে চহকী কৰিছে, আনহাতে মিতব্যয়ীতাৰ নামত নিম্নস্তৰৰ জনগণৰ মূৰত ৰাম টাঙোন মাৰিছে৷
শাসক চক্ৰই ব্যাপক অংশৰ দেশৰ জনস্বাৰ্থক আঘাতকাৰী বিদেশী পুঁজিক তোষনক অগ্ৰাধিকাৰ দিছে৷ বিদেশী এদনীয়া ব্যৱসায়ীক দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ খুচুৰা বেপাৰ বাণিজ্য গতাই দি দেশৰ কেইবাকোটি থলুৱা ব্যৱসায়ীৰ জীৱন জীৱিকাৰ পথ বন্ধ কৰি দিব ধৰিছে৷
আমাৰ সমাজজীৱনৰ মূল্যবোধক বেপাৰীৰ পণ্য ৰূপে ব্যৱহাৰ কৰা আৰু নাৰীসকলক ভোগ-বিলাসৰ সামগ্ৰীলৈ পৰ্যবসিত কৰিছে৷ মহিলা সমাজৰ মান-সন্মান আৰু মৰ্যদা পদ-দলিত কৰি কেৱল যৌন ক্ষুধা পূৰণৰ আহিলালৈ পৰ্যবসিত কৰিছে৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEguywo82EI4ZR-laKscx8Jb_xT6ow6P3W0xFHUKAMR4pvb4s54sobivBuIMF1pSEpHOV7WFIyufWTCBqM8pbs-RtfUvNu7k-Ql9SDg5Kp4DmAOnTIGn9phIy3B38qP2a91QbTmaClOP58Y/s1600/baba1.jpg)
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEguywo82EI4ZR-laKscx8Jb_xT6ow6P3W0xFHUKAMR4pvb4s54sobivBuIMF1pSEpHOV7WFIyufWTCBqM8pbs-RtfUvNu7k-Ql9SDg5Kp4DmAOnTIGn9phIy3B38qP2a91QbTmaClOP58Y/s1600/baba1.jpg)
দলিতসকলৰ ওপৰত অন্যায়, অত্যাচাৰ ধাৰাবাহিক ভাৱে চলাই থকা হৈছে৷ জনগণৰ মৌলিক অধিকাৰ বিলাকক অস্বীকাৰ কৰি সৃষ্টিমূলক প্ৰতিভাক বাধা দিয়া হৈছে৷
জনজাতিসকলৰ দেশজুৰি অৱস্থিতি বিপদৰ সমুখত পৰিছে৷ স্থায়ী বসবাসৰ ভূমিৰ পৰা বাধ্যতামূলক ভাৱে স্থানান্তৰিত আৰু পৰম্পৰাগত সামাজিক ৰীতি-নীতি সমূহ প্ৰত্যাহ্বানৰ মুখামুখি হৈছে৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh_7zlezqiLyxCH8VhwOzxLpFLZ5ONmRyxm7tpypwzIPsRvmPSV9rRRPe5H7geKlN94iU5VP2rggor3Xz5yRhCqP1vFzIXsZhc-QwBrrFUGLHG2FRF-yoO6JTuWh0bX3PtAopM5GEK5DEY/s1600/baba7.jpg)
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEh_7zlezqiLyxCH8VhwOzxLpFLZ5ONmRyxm7tpypwzIPsRvmPSV9rRRPe5H7geKlN94iU5VP2rggor3Xz5yRhCqP1vFzIXsZhc-QwBrrFUGLHG2FRF-yoO6JTuWh0bX3PtAopM5GEK5DEY/s1600/baba7.jpg)
মুছলমান সংখ্যালঘু সকলৰ আৰ্থ-সামাজিক বাধা সমূহ দূৰ কৰাৰ সমাধানসূত্ৰ চাচাৰ কমিটিৰ প্ৰতিবেদনত দাঙি ধৰা হৈছিল৷ কিন্তু বাস্তৱিক বাধা সমূহ পূৰণ কৰাত কাৰ্যব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে আজি-কোপতি লোৱা পৰিলক্ষিত হোৱা নাই৷
কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে দেশত প্ৰতিস্থিত বৈদেশিক নীতিৰ ৰূপায়নত ক্ৰমে ক্ৰমে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সহযোগী কৰি তুলিছে৷ ভাৰতৰ স্বাধীন বৈদেশিক নীতি ক্ষতিগ্ৰস্ত হৈ পৰিছে৷
আগশাৰীৰ ৰাজনৈতিক ভাষ্যকাৰ সকলৰ মতে ভাৰতৰ ৰাষ্ট্ৰশক্তি ক্ৰমবৰ্ধমান হাৰত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু নাটোৰ সামৰিক জোঁটৰ পুতলাত পৰিণত হৈছে৷ ভাৰতৰ বন্ধুৰাষ্ট্ৰ, ধৰ্ম-নিৰপেক্ষ গণৰাষ্ট্ৰ চিৰিয়াত মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু নাটোৰ হস্তক্ষেপ আৰু ইৰাণৰ পৰা ভাৰতে তেল আমদানিৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰশক্তিয়ে স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰসংঘৰ সদস্য হিচাবে আমাৰ দেশৰ বৈদিশিক নীতিৰ প্ৰয়োগৰ প্ৰক্ৰিয়াত সৱল অৱস্থান ৰক্ষা কৰাত বিফল হৈছে৷
সেয়ে এনে অৱস্থাত, দেশৰ গণতান্ত্ৰিক দেশপ্ৰেমিক ধৰ্ম-নিৰপেক্ষ ভাৰতৰ সমাজ-জীৱনক সুৰক্ষিত কৰিবলৈ মনেপ্ৰাণে কৰ্মব্ৰতী ৰাজনৈতিক-সামাজিক দল-সংগঠন শক্তি ব্যক্তিয়ে ভাৰতক উন্নত আৰু সমৃদ্ধ আৰু আত্ম-নিৰ্ভৰশীল ৰাষ্ট্ৰসত্তালৈ ৰূপান্তৰৰ পদক্ষেপ হিচাবে অহা লোকসভা নিৰ্বাচনত বিকল্প নীতি কৰ্মসূচীৰ আধাৰত বিকাশমান সন্মিলিত নতুন ৰাজনৈতিক শক্তিৰ পৰিপোষণৰ অনুকূলে সাম্প্ৰতিকে ভাৰতত জনমত আলোড়িত হোৱা পৰিলক্ষিত হৈছে৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiP1snbIjeDWJ6sHj2QYBWwoVnQZP20f6S-EgZIshR0HK7morrad4g18zfICNcC9Y-0kCKE1Nn-N6gsd6GxSTj0HECF6nPUdJWZ1oParppWrhX9vyxta5ObdZmfyw5oBH4heeSEF83iErY/s1600/baba5.jpg)
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiP1snbIjeDWJ6sHj2QYBWwoVnQZP20f6S-EgZIshR0HK7morrad4g18zfICNcC9Y-0kCKE1Nn-N6gsd6GxSTj0HECF6nPUdJWZ1oParppWrhX9vyxta5ObdZmfyw5oBH4heeSEF83iErY/s1600/baba5.jpg)
ইতিমধ্যে এনডিএৰ প্ৰধান অংশীদাৰ বিজেপিয়ে দলীয় নেতা নৰেন্দ্ৰ মোদীৰ সেনাপতিত্বত দেশত ন্যস্ত-স্বাৰ্থৰ শক্তিবোৰক ঐক্যবদ্ধ কৰা, ইং-মাৰ্কিন মুলুকৰো অনুমোদন লাভৰ বহুমুখী প্ৰচাৰ বিতৰ্কৰ পাতনি মেলিছে৷ বিজেপিৰ সভাপতি ৰাজনাথ সিঙে দেশ-বিদেশৰ একচেতিয়া লুণ্ঠনকাৰী কৰ্পৰেট সকলক নিশ্চিতি দি দেশত প্ৰৱৰ্তিত সংস্কাৰৰ প্ৰক্ৰিয়াক দ্ৰুত কৰাত বিজেপিক আগৰণুৱা শক্তিলৈ পৰিণত আহ্বান জনাইছে৷ অৰ্থাৎ দেশৰ ৰাজনৈতিক স্থিতাৱস্থাত পুনৰ সঞ্জীৱিত কৰাৰ সপক্ষে বিজেপিৰ কাৰ্যবাহী নেতৃত্বই দেশে-বিদেশে সমগোত্ৰীয় শক্তিৰ দৃষ্টি আকৰ্ষণ কৰিছে৷
ভাৰত প্ৰজাতন্ত্ৰৰ অংগৰাজ্য অংগৰাজ্যই নিবাসী দলমত নিৰ্বিশেষে আশী শতাংশ কৃষক-বনুৱা-চাকৰিয়াল-মধ্যবিত্ত তথা শাৰিৰীক মানসিক কৰ্মজীৱি গণতান্ত্ৰিক দেশপ্ৰেমিক চিন্তা-চেতনাক পৰিপোষণ কৰা ভাৰতীয় জনগণৰ বাস্তৱিক অভিজ্ঞতাই এটা কেন্দ্ৰীয় প্ৰশ্ন তুলি ধৰিছে যে-" ভাৰতৰ ৰাজনীতি, অৰ্থনীতি আৰু সাংস্কৃতিক নীতিয়ে দেশৰ ১২০কোটি মানুহ ভৱিষ্যতক সমৃদ্ধ কৰিব নে দেশ-বিদেশৰ ১০০টা এদনীয়া পুঁজিৰ মালিকক সমৃদ্ধ কৰিব"?
সেই ৰাষ্ট্ৰনীতিৰ বিচাৰধাৰাই আজি গণতান্ত্ৰিক মানুহক উদ্বুদ্ধ কৰিব আৰু বাস্তৱত ইয়েই দেশৰ কল্যানৰ বাবে প্ৰয়োজনীয় ৰাজনৈতিক সজাগতা সৃষ্টিত অগ্ৰাধিকাৰ লাভ কৰিব বুলিয়েই আমাৰ দৃঢ় বিশ্বাস৷
----------------------------------------------
লেখক সাপ্তাহিক জনমত কাকতৰ সম্পাদকীয় মণ্ডলীৰ সদস্য তথা ৰাজ্যৰ এজন প্ৰবীণ বাওঁপন্থী ৰাজনীতিবিদ
------------------------------------------------------------
একে লেখকৰ শেহতীয়া প্ৰৱন্ধ পঢ়িবলৈ তলৰ শিৰোনামত ক্লিক কৰক
একে লেখকৰ শেহতীয়া প্ৰৱন্ধ পঢ়িবলৈ তলৰ শিৰোনামত ক্লিক কৰক
চিৰিয়া ধৰ্ম-নিৰপেক্ষ গণৰাষ্ট্ৰ ?????
ReplyDelete