সুখৰ খবৰঃ
১. উচ্চতম ন্যায়ালয়ত বিচিচিআইৰ মুখথেকেচাঃ তদন্ত কমিটি অবৈধ ঘোষণা কৰা বম্বে’ উচ্চ ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰিবলৈ কৰিলে অস্বীকাৰ ৷
আৰ জি বৰুৱা চুপাৰ ডিভিজন ফুটবলঃ নৱজ্যোতি ক্লাৱে পৰাজিত কৰিলে অসম পুলিচ দলক |
২. কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত গঠিত হ’ল জিলা ভিত্তিৰ ৰেগিং বিৰোধী কমিটিঃ ট’ল ফ্ৰী নম্বৰ ১৮০০-১৮০০-৫৫২২ কৰা হ’ল মুকলি৷
৩. ত্ৰিশ বছৰীয়া হ’লহি অভিৰুচি ক্ৰীড়া দিৱসঃ অহা তিনি ছেপ্তেম্বৰত অৰ্জুন বঁটা বিজয়ী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত এই দিৱস অসমৰ শতাধিক ঠাইত উদযাপনৰ কৰা হৈছে আয়োজন ৷
৪. বিশ্ব দেহাংগ দান দিৱসত দিল্লীত ১১০০ চিৰিপিএফ জোৱানে অংগ পুনঃব্যৱহাৰ বেংকিং সংস্থা অ’আৰবিঅ’ক দিলে মৃত্যুৰ পাছত দেহাংগ দান কৰাৰ প্ৰতিশ্ৰুতি ৷
৫. ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰম্ভ হ’ল কণ্ঠ সংগীতৰ স্নাতকোত্তৰ পাঠ্যক্ৰমঃ ডঃ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰত আনুষ্ঠানিকতাৰে এই পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়৷
৬. নিজৰ দখলত অবৈধ ভাৱে ৰখা ১৫১ বিঘা মাটি ঘূৰাই দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিলে এ আই ইউ ডি এফ দলৰ নেতা তথা সাংসদ বদৰুদ্দিন আজমলক ৷
৭. জন্মভূমি চফ্ৰাইত মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিলে মৃত্যুঞ্জয়ৰ স্ৰষ্টাকঃ অপ্ৰমাদী কবি মাধৱকন্দলীৰ সমপৰ্যায়ৰ সাহিত্যিক ৰূপে ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাতাৰ্যক আখ্যা দিব পাৰি বুলি মত প্ৰকাশ কৰিলে সভাই৷
৮. অসম চৰকাৰৰ বিষয়া বদলিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰিঃ দুই বছৰ অতিক্ৰম কৰিলে সেই ঠাইৰ পৰা বদলিৰ বাবে প্ৰয়োজন নহ’ব মুখ্যমন্ত্ৰীৰ অনুমোদন৷
৯. উদযাপিত হ’ল নগাঁও কলেজৰ ৬৯তম প্ৰতিষ্ঠা দিৱসঃ মন্ত্ৰী ৰকিবুল হুছেইনে ছাত্ৰ-ছাত্ৰী সকলক ইতিবাচক চিন্তাৰে আগবাঢ়ি আহিবলৈ জনালে আহ্বান৷
১০. বঙাইগাঁৱত বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট উদ্ধাৰ কৰি সফলতা লভিলে বঙাইগাঁও আৰক্ষীয়েঃ আক্ৰাছুৰ এজন কেন্দ্ৰীয় আৰু এজন জিলা পৰ্যায়ৰ নেতা সেই সন্দৰ্ভত হ’ল গ্ৰেপ্তাৰ ৷
১১. অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীৰ পুনৰ নিযুক্তি সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব জিতেশ খোচলাৰ নেতৃত্বত চৰকাৰে গঠন কৰি দিলে বিশেষজ্ঞ কমিটি৷
১২. বড়ো, কাৰ্বি, কোঁচ ৰাজবংশীলৈ একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ আহ্বান জনালে আটাছুৱেঃ ক’লে চ্যুকাফাই গঢ়ি থৈ যোৱা বৰ অসমৰ ভেটি খণ্ডিত কৰিবলৈ দিয়া নহব কেতিয়াও৷
১৩. কাশ্মীৰৰ সীমান্তত পাঁচ ভাৰতীয় সেনা হত্যাৰ প্ৰতিবাদ জনালে অসমৰ ৰাইজেওঃ জ্বলাই দিলে পাকিস্তানৰ জাতীয় পতাকাৰ প্ৰতীকি৷
১৪. মাত্ৰ আঠ খন বচা বচা সত্ৰলৈ মুখ্যমন্ত্ৰীৰ পাঁচ কোটি টকা সাহাৰ্য কিয়ঃ মাজুলীৰ বঞ্চিত ২৮খন সত্ৰই প্ৰতিবাদকল্পে আদালতৰ কাষ চপাৰ বাবে গ্ৰহণ কৰিলে সিদ্ধান্ত৷
১৫. কইনাধাৰত মুখ্যমন্ত্ৰীয়ে কৰিলে আইন-শংখলাৰ পৰ্যালোচনাঃ স্বাধীনতা দিৱসত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ বাবে দিলে নিৰ্দেশ, স্থাপন হব চিচিটিভিও ৷
১৬. বড়োলেণ্ডৰ দাবীৰে দিল্লীৰ যন্তৰ-ম্নতৰ কঁপালে হাগ্ৰামা বাহিনীয়েঃ ছোনিয়া গান্ধীক সাক্ষাৎ কৰিলে কাৰ্বি-ডিমাছা প্ৰতিনিধিয়ে ৷
১৭. অচিৰেই ছোনিয়া গান্ধী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰে অনুষ্ঠিত হব আক্ৰাছুৰ বৈঠকঃ আন্দোলন প্ৰত্যাহাৰৰ দাবীৰে এই আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে ৷
No comments:
Post a Comment