ভাল খবৰঃ ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ ক'ৰ কমিটীৰ সদস্য মনোনীত তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° পংকজ বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ ক'ৰ কমিটীৰ সদস্য মনোনীত তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° পংকজ বৰা

ভাল খবৰঃ ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ ক'ৰ কমিটীৰ সদস্য মনোনীত তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° পংকজ বৰা

Share This
ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ ক'ৰ কমিটীৰ সদস্য মনোনীত তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° পংকজ বৰা
ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমী ক'ৰ কমিটীৰ সদস্য মনোনীত তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° পংকজ বৰা, DR PANKAJ BARAH, TEZPUR UNIVERISTY, INDIAN NATIONAL ACADEMY
ভাৰতীয় ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমী (Indian National Young Academy of Sciences) ভাৰতৰ একমাত্র স্বীকৃত যুৱ বিজ্ঞান একাডেমী। ২০১৫ চনত ভাৰতীয় বিজ্ঞান একাডেমীৰ বিশেষ উদ্যোগত গঠিত হৈছিল। দেশৰ যুৱ বিজ্ঞানীসকলৰ মাজত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমন্বয় সাধন, দেশৰ ভিন্ন প্ৰান্তত বিজ্ঞানৰ প্ৰচাৰ-প্ৰসাৰ আৰু বিভিন্ন বিষয়ত কেন্দ্ৰীয় চৰকাৰ তথা নীতি নির্ধাৰণ কমিটীক সহযোগ কৰা এই যুৱ বিজ্ঞান একাডেমীৰ অন্যতম দায়িত্ব। 
ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমী ক'ৰ কমিটীৰ সদস্য মনোনীত তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° পংকজ বৰা, DR PANKAJ BARAH, TEZPUR UNIVERISTY, INDIAN NATIONAL ACADEMY
বর্তমান এই যুৱ বিজ্ঞান একাডেমীত ১১০ সদস্য আৰু ৯জন ৰাষ্ট্ৰীয় ক'ৰ কমিটীৰ সদস্য আছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° পংকজ বৰা ২০২৩-২৫ বৰ্ষৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ ৰাষ্ট্ৰীয় ক'ৰ কমিটীৰ সদস্য ৰূপে মনোনীত হৈছে। ১৭-১৯ ফেব্ৰুৱাৰীত দিল্লীস্থ ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীত অনুষ্ঠিত বছৰেকীয়া সাধাৰণ সভাত ড° পংকজ বৰাক এই গুৰুত্বপূৰ্ণ সদস্য পদৰ বাবে মনোনীত কৰা হৈছে। 

তেওঁ বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱ বিজ্ঞান আৰু জৈৱ-প্ৰযুক্তি বিজ্ঞান বিভাগত সহকাৰী অধ্যাপক তথা ডি বি টি ৰামালিংগস্বামী ফেলো হিচাপে কৰ্মৰত। নৰৱে, ডেনমার্ক, বেলজিয়াম, ফ্রান্স, ইংলেণ্ড, ইটালী, জার্মানী আদি দেশত সুখ্যাতিৰে কাম কৰি অসমলৈ ঘূৰি অহা ড° পংকজ বৰা ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ ক'ৰ কমিটীৰ সদস্য ৰূপে মনোনীত হোৱা উত্তৰ-পূব ভাৰতৰ প্ৰথমজন যুৱ বিজ্ঞানী। শেহতীয়াভাৱে ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা (Principal scientific adviser to the Government of India)ৰ কাৰ্যালয়ৰ পৰা লাভ কৰ নিমন্ত্ৰণ অনুসৰি ড° বৰাক ভাৰতৰ যুৱ বৈজ্ঞানিকসকলকৰ ভৱিষ্যৎ কর্মপন্থা তথা নীতি নির্ধাৰণ কৰিবৰ বাবে গঠন কৰা ৫জনীয়া পেনেলৰ এজন সদস্য হিচাপেও অন্তভুৰ্ক্ত কৰিছে।

উল্লেখযোগ্য যে ড° পংকজ বৰা ডাঙৰীয়াই গৱেষক ৰূপে বিদেশত কৰ্মৰত হৈ থকাৰ সময়ৰ পৰাই অসমীয়া ভাষাক ইউনিকোড মাধ্যমত জনপ্ৰিয় কৰাৰ বাবে ফেচবুকৰ 'অসমীয়াত কথা-বতৰা গোট' আৰু সাহিত্য.অৰ্গৰ সৈতে সক্ৰিয়তাৰে জড়িত থাকি সেৱা আগবঢ়াই আহিছে। 'অসমীয়াৰ সুখ-দুখ' প্ৰকল্পৰো এজন শুভাকাংখী তথা লেখক হিচাবে অৰিহণা যোগোৱা ড° বৰা দেশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চৰ্চাৰ বাবে নেতৃত্ব দিবলৈ নিৰ্বাচিত হোৱাৰ বাবে 'সুখ-দুখ'ৰ পৰিয়ালৰ পৰাও জনাইছো আন্তৰিক অভিনন্দন।

তেখেতৰ বিষয়ে অধিক জানিবলৈ লিংকডইনৰ তলৰ সূত্ৰ ক্লিক কৰিব পাৰেঃ

1 comment: