'অক্লান্ত সংগ্ৰামী':: অভিনন্দন হেমেন দাস
ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
(১)
তিৰান্নবৈ বছৰত ভৰি দিয়া অক্লান্ত সংগ্ৰামী হেমেন দাসৰ অভিনন্দন গ্ৰন্থখন প্ৰকাশ হোৱাৰ পিছতেই পঢ়িবলৈ মন গৈ আছিল ৷ পৰমানন্দ মজুমদাৰে জনাইছিল যে কিতাপখন ‘বান্ধৱ’ত পাম ৷ অলপতে পাণবজাৰলৈ যাওঁতে কিতাপখন সংগ্ৰহ কৰিলোঁ আৰু প্ৰায় চাৰিশ পৃষ্ঠাৰো অধিক বৃহৎ কলেৱৰৰ কিতাপখন শেষ কৰিবলৈ এক সপ্তাহো নালাগিল ৷ মই ব্যক্তিগতভাবে প্ৰেৰণা লাভ কৰা আৰু অতি শ্ৰদ্ধাৰ আসনত ৰখা এগৰাকী ব্যক্তি হ’ল হেমেন দাস ৷ আশ্বৰ্যকৰ যেন লাগিলেও এটা কথা সঁচা যে হেমেন দাসৰ সান্নিধ্যলৈ অহাটো দূৰৈৰ কথা , মানুহজনক মই দেখাই নাই ৷ দোষ তেওঁৰ নহয় মোৰ ৷ গান্ধীকো মই দেখা নাই , ৰবীন্দ্ৰনাথকনো ক’ত দেখিছোঁ , এমাৰছনক জানো দেখিছো , কিন্তু তেওঁলোক জানো মোৰ প্ৰেৰণাৰ উৎস নহয় ৷ প্ৰেৰণাৰ উৎস হ’বলৈ ব্যক্তিগত সান্নিধ্য বা পৰিচয় জৰুৰী নহয় ৷ কাৰোবাৰ ব্যক্তিত্বত কিবা প্ৰেৰণাদায়ক উপাদান থকা বুলি ধাৰণা হ’লে , সান্নিধ্যহীনতাৰ প্ৰাচীৰ অতিক্ৰম কৰি তেনে ব্যক্তিৰ বিষয়ে অধিক জানিবলৈ তীব্ৰ কৌতুহল হয়৷ সেই কৌতুহলৰ বাবেই পাণবজাৰলৈ গৈ কিতাপখন সংগ্ৰহ কৰিলোঁ৷
পঢ়িবলৈ অনা বহু কিতাপে অপেক্ষা কৰি থকা স্বত্বেও এই কিতাপখনকহে মই অগ্ৰাধিকাৰ দিলোঁ ৷ এয়াও তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু কৌতুহলৰ প্ৰকাশ ৷ প্ৰায় ষাঠি গৰাকী লেখকৰ লেখাৰে সমৃদ্ধ গ্ৰন্থখন অতি সুন্দৰভাবে ‘বান্ধৱে’ প্ৰকাশ কৰি উলিয়াইছে ৷ সম্পাদনা কৰিছে ৰণজিৎ দাস আৰু ড. চুলতান আলী আহমেদে ৷ অসমত এটা পৰম্পৰা চলি আছে যে বামপন্থী শিবিৰৰ কোনো ব্যক্তিৰ অভিনন্দন গ্ৰন্থৰ সম্পাদনা বামপন্থী চিন্তাধাৰাৰ ব্যক্তিয়েই কৰে ৷ ওলোটাকৈও কথাটো সত্য৷ এই পৰম্পৰা ভঙ্গ হৈ শিবিৰ -নিৰ্বিশেষে যিকোনো আদৰ্শৰ ব্যক্তিয়ে অভিনন্দনযোগ্য ব্যক্তিৰ অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰাৰ এটা নতুন পৰম্পৰা আৰম্ভ হ’লে মই অতিশয় সুখী হ’ম৷ মানৱতাবাদী ভাল উদাৰ মানুহৰ কোনো বন্ধ শিবিৰ নাথাকে ৷
(২)
সুলিখিত লেখাসমুহ পঢ়ি অটোৱাৰ পিছত মোৰ সন্মুখত যি গৰাকী হেমেন দাস উদ্ভাসিত হৈ উঠিল , সেই হেমেন দাস আৰু সান্নিধ্যলৈ নহাকৈ মোৰ মনত সৃষ্টি হোৱা হেমেন দাসৰ ধাৰণাৰ বৰ বিশেষ পাৰ্থক্য নাই ৷ বৰঞ্চ কিতাপৰ হেমেন দাস গৰাকী আৰু অধিক উজ্জল , অধিক শ্ৰদ্ধেয় আৰু অধিক প্ৰেৰণাদায়ক ৷ চাক্ষুস পৰিচয় নহ’লেও বহু সময়ত তেওঁ মোৰ লেখা পঢ়ি ফোন কৰিছে, কথা পাতিছে আন্তৰিকতাৰে৷ তেওঁৰ পৰাই জানিব পাৰিছিলোঁ আমাৰ পৰিয়ালৰ বহু কথা তেওঁৰ নখ-দৰ্পনত৷
অকল কাকতত পঢ়া লেখায়েই নহয় , ফেচবুকৰ পোষ্টোতো তেওঁৰ প্ৰশংসাসূচক মন্তব্য পাই উৎসাহিত হওঁ ৷ বিশেষকৈ মোৰ কবিতাৰ সম্পৰ্কত দিয়া মন্তব্যত মই মুগ্ধ হওঁ আৰু ভাবি আপ্লুত হওঁ যে তিৰান্নবৈ বছৰীয়া এগৰাকী বিচিত্ৰ অভিজ্ঞতা আৰু অধ্যয়ণপু™ষ্ট লোককো মোৰ কবিতাই ক’ৰবাত স্পৰ্শ কৰিছে ৷ নব্বৈৰ উদ্ধৰ্ৰ এগৰাকী ব্যক্তিয়ে , তেওঁৰ ৰাজনৈতিক আদৰ্শত অবিশ্বাসী এজন অনুজ লেখকৰ প্ৰতি দেখুওৱা ইতিবাচক মনোভাৱে হেমেন দাসক বামপন্থী শিবিৰৰ এক বিৰল ব্যক্তিলৈ ৰূপান্তৰিত কৰিছে ৷ মানুহ যে ৰাজনৈতিক বিশ্বাসৰ উদ্ধৰ্ত , মানুহৰ সৈতে মানুহৰ সম্পৰ্ক যে ৰাজনৈতিক বিশ্বাসৰ গণ্ডীত আৱদ্ধ কৰি ৰখা উচিত নহয় , সেই বোধৰ এক স্তম্ভ হিচাপে হেমেন দাসতকৈ ওখ আজিৰ সময়ত মই আৰু কাকো বিচাৰি নাপাওঁ৷ এটা লেখাত ৰনজিৎ চৌধুৰীয়ে সঠিকভাবেই লিখিছে - “তেখেত অকল কমিউনিষ্টসকল বা বাওঁপন্থীসকলৰ নেতা হৈ থকা নাই ৷ তেখেত আজি অসমৰ ৰাজনীতি আৰু সমাজ জীৱনৰ এগৰাকী সৰ্বজন শ্ৰদ্ধেয় ব্যক্তিত পৰিণত হৈছে৷” ৰাজনীতিয়ে মনবোৰ কলুষিত কৰা আজিৰ সময়ত এনে ব্যক্তি বিৰল ৷
ৰাজনৈতিক আদৰ্শৰ ভিন্নতা স্বেত্বও যে বহুধাবিভক্ত হৈ নাথাকি কিছুমান উমৈহতীয়া ভাল কামৰ বাবে সহযোগিতাৰে আগবাঢ়িব লাগে, সেই কথা হেমেন দাসৰ সৈতে হোৱা সাক্ষাতৰ পিছত উদয়াদিত্য ভৰালীয়ে অলপ হ’লেও উপলব্ধি কৰাৰ কথা স্বীকাৰ কৰিছে ‘ হেমেনদাৰ মধুৰ সান্নিধ্য ” নামৰ ৰচনাখনত ৷ কেশৱ মহন্ত আছিল চি পি আইত , হেমেন দাস চি পি আই [এম]ত , ভৰালী চি পি আই [ এম এল ]ত ৷ ৰাজনৈতিক দৃষ্টিভঙ্গীয়ে বহুধাবিভক্ত কৰি ৰখাৰ বাবে তেওঁলোকে বহু সুযোগৰ সৎ ব্যৱহাৰ কৰিব নোৱাৰিলে ৷ এই স্বীকাৰোক্তিৰ পৰা এটা কথা উপলব্ধি কৰিবলৈ কঠিন নহয় যে ৰাজনৈতিক দৃষ্টিভঙ্গীয়ে আমাক সকলো সময়তে আঁতৰাই ৰাখিলে দেশখনৰ মঙ্গলৰ বাবে অহা বহু সুযোগ আমি হেৰুৱাব লাগিব ৷ তেনে এটা সুযোগ যে অসমবাসীয়ে হেৰুৱালে তাৰ এটা ইঙ্গিত দি অজিত কুমাৰ ভূঞাই ‘ মানুহৰ মানুহ হেমেন দাস ’ নামৰ লেখাটোত অসম আন্দোলনৰ প্ৰসঙ্গ উল্লেখ কৰিছে ৷ অসমৰ স্বাৰ্থতকৈ ৰাজনৈতিক বাধ্যবাধকতাক অগ্ৰাধিকাৰ দিয়াৰ বাবে তেওঁ হেমেন দাসকো সমালোচনা কৰিছে ৷ অজিত ভূঞাই লিখিছে - অসম আন্দোলনৰ সময়ত “ জাতীয় আশা-আকাঙ্খা জড়িত হৈ থকা এটা গণ-আন্দোলনৰ সন্মুখত হেমেন দাসৰ চি পি এমে যেনেধৰণে স্থিতি গ্ৰহণ কৰিলে, সি মুঠেও গ্ৰহণযোগ্য নহয় আৰু সেই ভুল নীতিৰ বাবেই সাধাৰণ কম¹সকল অসহায় হৈ পৰিল, ডাঙৰ বিপদত পৰিল ৷ এটা কথা নি(য় অস্বীকাৰ কৰাৰ উপায় নাই যে , সেই সময়ৰ পশ্চিম বঙ্গৰ অতি প্ৰভাৱশালী চি পি এম নেতৃত্বৰ পৰামৰ্শ অনুসৰিয়েই অসমৰ নেতৃত্বই সিদ্ধান্তসমুহ ল’বলগীয়া হৈছিল ৷ হেমেন দাসে এইবোৰ কথা নি(য় বুজি পাইছিল, কিন্তু শৃঙ্খলিত এটা দলৰ নেতা হিচাপে তেওঁ কৰিব পৰাত চাগৈ একোৱেই নাছিল ৷” জনগণৰ উপলব্ধি আৰু দেশৰ স্বাৰ্থতকৈ ৰাজনৈতিক আদৰ্শক অধিক গুৰুত্ব দিবলৈ গ’লে জনগণ, দেশ আৰু শেষত গৈ সেই আদৰ্শৰো ক্ষতি হয় ৷ কি ঠিক , সেই সময়ত যদি সেই শৃঙ্খল ছিঙি বামপন্থী শিবিৰে দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিলেহেতেঁন, অসমৰ ইতিহাস আজি বেলেগ হ’লহেতেঁন , বিদেশী সমস্যাৰে ভাৰাক্ৰান্ত হৈ আজি সমাধান বিচাৰি হাহাকাৰ কৰিবলগীয়া নহ’লহেতেঁন ৷
(৩)
হেমেন দাসৰ জীৱনৰ যিটো কথা আমাৰ সকলোৰে বাবে আদৰ্শ হোৱা উচিত , সেইটো হ’ল তেওঁৰ জীৱন-শৈলী ৷ বিশেষকৈ হঠাতে ভোগবাদৰ বিভিন্ন সুযোগ সহজলব্ধ হৈ পৰা বিধায়কসকলৰ বাবে এই কথাষাৰ অধিক প্ৰযোজ্য ৷ চাৰি বাৰকৈ বিধায়ক হিচাপে অসম বিধান সভালৈ নিবাৰ্চিত হোৱাৰ পিছতো , তেওঁ যি এক সহজ-সৰল জীৱন যাপন কৰি তৃপ্ত হৈ আছে, সেয়া আনৰ কথা বাদেই দিছো , সৰ্বহাৰাৰ কথা কোৱা বামপন্থী নেতা, বুদ্ধিজীৱীৰ মাজতেই বিৰল ৷ অকল বামপন্থীসকলেই নহয় , সম্পত্তিৰ পাহাৰ গঢ়াত নিজৰ প্ৰতিভা জ্বলাঞ্জলি দিয়া বিষয়া , শিক্ষিত স্ৰেণীটোৱেও হেমেন দাসৰ লোভ আৰু প্ৰৰোচনাৰ প্ৰতি নিৰ্লিপ্ত জীৱনশৈলীৰ মৰ্মকথা উপলব্ধি কৰিবলৈ চেষ্টা কৰা উচিত ৷ ভোগবাদী সমাজক যদি তেওঁৰ জীৱনে সহজ-সৰল জীৱনৰ মাধুৰ্য শিকাব পাৰে , অসহিষ্ণু লোকক তেওঁ শিকাব পাৰে ভিন্ন ৰাজনৈতিক আদৰ্শৰ ব্যক্তিক ভেঙুচালি কৰাৰ পৰিবৰ্তে কিদৰে শ্ৰদ্ধা আৰু সন্মান জনাব লাগে , তাৰ পাঠ ৷ বামশিবিৰৰ লোকসকলে হেমেন দাসৰ পৰা যদি এই সহিষ্ণুতা আৰু শ্ৰদ্ধাৰ পাঠ কিঞ্চিতমানো আয়ত্ব কৰিব পাৰে, ই বামশিবিৰক সমাজত অলপ হ’লেও অধিক গ্ৰহণযোগ্য কৰি তুলিব ৷
আজি-কালি ৰাজনৈতিক নেতাই হওক বা বৌদ্ধিক জগত বা আন ক্ষেত্ৰৰ লোকেই হওক , এটা সহজতে ধৰা পৰা বিসদৃশ দৃশ্য হ’ল , তেওঁলোকে কয় বা লিখে এটা , কৰে আন এটা , বাহিৰত আদৰ্শৰ কথা কৈ নিজৰ স্বাৰ্থৰ বাবে সামান্য প্ৰৰোচনাতে সকলো জলাঞ্জলি দিয়ে ৷ যিসকলে অন্ততঃ সমাজৰ ৰূপান্তৰৰ বাবে এটা সামাজিক ভুমিকা ল’বলৈ ওলাই আহে, তেনেলোকৰ যে ব্যক্তিগত জীৱন আৰু সামাজিক জীৱনৰ মাজত কোনো পাৰ্থক্য থাকিব নালাগে , সেই কথা নিজৰ জীৱনেৰে বুজাবলৈ হেমেন দাসতকৈ যোগ্য ব্যক্তি এই সময়ত আৰু কোনো নাই ৷
(৪)
গ্ৰন্থখনৰ প্ৰথম ৰচনাখন লিখিছে ড. হীৰেণ গোঁহাইয়ে৷ গোঁহাই মূলতঃ মাৰ্ক্সবাদৰ এক তাত্বিক বুদ্ধিজীৱী ৷ কিন্তু সমাজৰ ৰূপান্তৰৰ বাবে সেয়াই যথেষ্ট নহয়, বাস্তৱৰ অভিজ্ঞতাও জৰুৰী ৷ হীৰেণ গোঁহাইক কাৰ্যকৰী ৰাজনীতিৰ শিক্ষা দিয়াৰ দায়িত্ব প্ৰাৰম্ভিক অৱস্থাত পালন কৰিছিল হেমেন দাসে৷ গ্ৰন্থখনত গোঁহাই আৰু হেমেন দাসৰ সম্পৰ্কৰ সেই সময়ৰ কেবাটাও কথা বেচ আমোদজনক উদাহৰণেৰে বৰ্ণিত হৈছে৷ তথাপি ক’বই লাগিব গোঁহাইয়ে ৰাজনৈতিক আদৰ্শ আৰু দৃষ্টিভঙ্গীৰ উদ্ধৰ্লৈ গৈ মানৱতাৰ জয়গান গোৱা হেমেন দাসৰ দৰে বিশাল ব্যক্তিগৰাকীক বামশিবিৰৰ গণ্ডীৰ মাজতেই বন্দী কৰি ৰাখিলে ৷ গোঁহাইৰ ৰচনাখনৰ শিৰোণামেই হ’ল ‘বাম শিবিৰৰ প্ৰেৰণা’ ৷ হেমেন দাস যে অকল বাম শিবিৰৰেই প্ৰেৰণা নহয় , তেওঁৰ সৰল ভণ্ডামিবিহীন জীৱন , মানৱতা , উদাৰতা , আনৰ প্ৰতি সন্মান আদিৰে যে তেও বাম শিবিৰৰ বাহিৰৰ লোকৰো এক প্ৰেৰণাৰ উৎস হৈ পৰিছে, তাৰ এক উদাহৰণ হ’ল এই অ-বামপন্থী লেখক ৷ দেশৰ স্বাৰ্থত যে ৰাজনৈতিক আদৰ্শৰ ভিন্নতাৰ উদ্ধৰ্ত শ্ৰদ্ধা , সহনশীলতা, মানৱতাৰ আধাৰত এখন বিচৰণ ক্ষেত্ৰ সৃষ্টিৰ সপোন দেখা উচিত, সেই কথা উপলব্ধি কৰাবৰ বাবেই হেমেন দাসৰ দৰে ব্যক্তিৰ জীৱনৰ বিশালতাৰ মৰ্ম বিয়পাই দিয়াৰ প্ৰয়োজন ৷ ছয় ফুট ওখ মানহজনো ওখ ৷ কিন্তু আঠ ফুট ওখ মানুহ এজনক আঠ ফুট ওখ বুলিয়েই কোৱা উচিত ৷ গোঁহাইৰ চুটি ৰচনাখন পঢ়ি এনেকুৱা লাগিল যেন আঠ ফুট ওখ মানুহ এজনৰ উচ্ছতা দেখুওৱা হ’ল ছয় ফুট হিচাপে ৷ ৰচনাখনৰ নাম ‘বাম শিবিৰৰ প্ৰেৰণা’ৰ পৰিবৰ্তে ‘ সমাজৰ বাবে প্ৰেৰণা’ হোৱাহেতেঁন সুখী হ’লোহেতেঁন ৷ হেমেন দাসে তেনে এটা শিৰোণামেই দাবী কৰে ৷ ৰাজনৈতিক আদৰ্শৰ গণ্ডীতকৈ মানুহৰ সম্ভাৱনা বহু বেচি বিশাল, সেই বিশালতাক গণ্ডীত বন্দী কৰাৰ পৰিবৰ্তে গণ্ডীৰ উদ্ধৰ্লৈ লৈ যোৱাৰ প্ৰয়াসতহে আছে মানুহৰ মুক্তি ৷ গণ্ডীৰ সীমাবদ্ধতা নহয়ঃ মানুহৰ প্ৰয়োজন মুক্তিৰ বিশালতা ৷
সংযোজনঃ
(ক)
কালি ʼআমাৰ অসমʼত প্ৰকাশ পোৱা লেখাটোৱে ইমান বিতৰ্কৰ সৃষ্টি কৰিব বুলি ভবা নাছিলোঁ ৷ ৰাজনীতিয়ে কলুষিত আৰু বহুধাবিভক্ত কৰা সমাজখনত এনে ব্যক্তিৰ সন্ধানৰ প্ৰয়োজন হৈছে , যাৰ ব্যক্তিত্বত এনে কিবা এটা আছে , যিয়ে ৰাজনৈতিক বিশ্বাসৰ গণ্ডী অতিক্ৰম কৰি বৃহত্তৰ সমাজখনৰ বাবে প্ৰেৰণা হʼব পাৰে ৷ হেমেন দাসৰ মাজত তেনে কিছু গুণ দেখাৰ বাবে তেওঁক সমাজৰ প্ৰেৰণা হিচাপে উপস্থাপন কৰাত গুৰুত্ব দিছিলো ৷পক্ষ-বিপক্ষ ৰাজনীতিত থাকিলেও , তাৰ উৰ্ধতো এখন মানৱীয় সমাজ থকা উচিত বুলি মই বিশ্বাসী আৰ তাৰেই প্ৰেৰণাৰ উংৎসৰ মই সন্ধান কৰোঁ ৷ গান্ধী , জ্যোতিপ্ৰসাদ আদিৰ মাজত মই সেই পক্ষৰ উৰ্ধৰ প্ৰেৰণা বিচাৰি পাওঁ৷ আমি সৰু মানুহ বুলি ভবা লোকৰ মাজতো তেনে উপাদান দেখিছোঁ ৷ হেমেন দাসৰ মাজতো দেখিছো ৷তাকেই প্ৰতিষ্ঠা কৰিব বিচাৰিছিলোঁ ৷ বিতৰ্কৰ ৰূপ দেখি আচৰিত হʼলো ৷কোনোবাই কʼলে- মই অবামপন্থী হৈ বামপন্থী নেতাক প্ৰশংসা কৰিম কিয় ৷ আমি এনে এখন সমাজ নিৰ্মাণ কৰিছো নেকি যʼত বামপন্থী লোকৰ বিয়োগত বামপন্থীয়েহে শোক কৰিব আৰু সোপন্থীৰ বিয়োগত সোপন্থীয়ে ৷আমি বাঁওপন্থী-সোপন্থীৰ উৰ্ধতো এখন মানৱীয় সমাজ বৰ্তাই ৰাখিবই লাগিব , যাৰ বাবে প্ৰয়েজন সকলোৰে প্ৰেৰণা হʼব পৰা ব্যক্তি ৷ লোকনাথ গোস্বামীয়ে লিখিছে- হেমেন দাস , হীৰেণ গোঁহাই সকলোৰে বাবে প্ৰেৰণা হʼব নোৱাৰে ৷মই ভাবো দুয়োগৰাকীৰ মাজত তাৰ উপাদান আছে ৷গোঁহাইৰ গভীৰ আৰু ব্যাপক অধ্যয়ণ স্পৃহা , নিজৰ বিশ্বাস প্ৰতিষ্ঠাৰ দৃঢ়তা আৰু সাহস দল-নিৰ্বিশেষে সকলোৰে প্ৰেৰণা হʼব পাৰে ৷ এই কথা সকলোৱে উপলব্ধি কৰিব নোৱাৰে , গোস্বামীয়েও নোৱাৰিলে ৷ হেমেন দাস আৰু গোঁহাইৰ গণ্ডীৰ উৰ্ধলৈ যাব পৰা উপাদানসমুহ বামশিবিৰৰ একচেটিয়া সম্পত্তি বুলি প্ৰতিষ্ঠা কৰিলে সমাজ আৰু ব্যক্তি দুগৰাকীৰ প্ৰতি অন্যায় কৰা হʼব ৷ সেই কাৰণে লিখিছিলোঁ গোঁহাইৰ লেখাটোৰ শিৰোণাম ʼবাম শিবিৰৰ প্ৰেৰণাʼতকৈ ʼসমাজৰ বাবে প্ৰেৰণাʼ হোৱাহেতেঁন সুখী হʼলোহেঁতেন৷ তাৰ বাবে শৈলেন বৰকটকীয়ে মই গোঁহাইৰ বিৰুদ্ধে অভিযোগ কৰা বুলি লিখিলে ৷ কিনো কথা এয়া৷ এজন লেখকৰ লেখাৰ ওপৰত যুক্তি-ব্যাখ্যাসহ দিয়া মতামত যদি ব্যক্তি গৰাকীৰ বিৰুদ্ধে অভিযোগ হয় , তেনেহʼলে দেখোন গোঁহাইৰ বেচিভাগ সাহিত্য সম্পৰ্কীয় লেখাকে সমালোচনা সাহিত্য বুলি নধৰি ব্যক্তিৰ বিৰুদ্ধে অভিযোগ বুলি ধৰি লʼব লাগিব ৷ লেখাটোত বামপন্থীক সমালোচনা কৰি লিখা মোৰ নিজৰ একো বিশেষ কথা নাই ৷তথাপি লেখাটো বামপন্থীৰ বিৰুদ্ধে লিখা লেখা বুলি এচাম গতানুগতিকভাবে জাঙুৰ খাই উঠিল ৷ হেমেন দাসৰ পৰা যে সহনশীলতাৰ পাঠ শিকিবলৈ এতিয়াও বাকী, তাৰ প্ৰমাণ বেলেগে দিয়াৰ প্ৰয়োজন নাই ৷
(খ)
No comments:
Post a Comment