প্ৰৱন্ধঃ ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব :: ড° বুলজিৎ বুঢ়াগোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব :: ড° বুলজিৎ বুঢ়াগোহাঁই

প্ৰৱন্ধঃ ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব :: ড° বুলজিৎ বুঢ়াগোহাঁই

Share This
ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব
ড° বুলজিৎ বুঢ়াগোহাঁই
ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব ড° বুলজিৎ বুঢ়াগোহাঁই, অসমীয়াৰ সুখ-দুখ Xukhdukh.Com :: Asomiyar Xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমী
অসম সাহিত্য সভাৰ চলিত নাৰায়ণপুৰ অধিবেশনৰ ডিজিটেল সাহিত্য সন্মিলনলৈ এজন বক্তা হিচাপে আমন্ত্রণ পোৱাৰ পিছতো বিশেষ অসুবিধাৰ বাবে সন্মিলনখনত উপস্থিত থাকিব নোৱাৰিলো ৷ মোৰ আলোচনাৰ বিষয় আছিল- 'ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব'। এই বিষয়টোৰ লগত সংগতি ৰাখি ইণ্টাৰনেটত অসমীয়া ভাষাৰ সংযোজনৰ লগত কেনেদৰে জড়িত হৈ পৰিছিলো সেই বিষয়ে উল্লেখ কৰিব বিচাৰিছো।
ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব ড° বুলজিৎ বুঢ়াগোহাঁই, অসমীয়াৰ সুখ-দুখ Xukhdukh.Com :: Asomiyar Xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমী
২০০৬ চনৰ ১৪ মাৰ্চ তাৰিখে য়াহু গ্রুপ(yahoogroup)ৰ যোগেদি ‘শব্দ ডট অৰ্গ (http://www.xobdo.org) সম্পৰ্কীয় এটা ই-মেইল লাভ কৰিছিলো ৷ই-মেইলটো প্ৰেৰণ কৰিছিল এজন দাদা বিক্ৰম এম. বৰুৱাই ৷ ‘শব্দ ডট অৰ্গ’ হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু বৰ্তমান সময়ৰলৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান । এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত উপলব্ধ কৰা হৈছিল ৷ ২০০০ চনৰ পৰাই অসমৰ ভাল খবৰ তথা বিভিন্ন তথ্য ইণ্টাৰনেটৰ বিভিন্ন মাধ্যমৰ জৰিয়তে প্রচাৰ কৰি আহিছো । পূৰ্বতে যেতিয়া বাতৰি কাকত সমূহৰ ইণ্টাৰনেট সংস্কৰণ প্রকাশ হোৱা নাছিল সেই সময়চোৱাত মই নিজা প্ৰচেষ্টাৰে ভাল খবৰবোৰ স্কেন কৰি ৰাইজৰ মাজত বিলোৱাৰ চেষ্টা কৰিছিলো ৷ পৰৱৰ্তী পৰ্যায়ত এই কামত ৰাইজৰ পৰাও যথেষ্ট সহায় পাইছিলো আৰু বহুজনে ভাল খবৰৰ তথ্য পালেই সৰ্বপ্ৰথমে মোক অৱগত কৰাইছিল ৷ বৰ্তমান ইণ্টাৰনেটৰ অধিক ব্যৱহাৰ আৰু ইণ্টাৰনেট সেৱা সহজলভ্য হোৱাত খবৰ প্ৰকাশৰ উৎসও বৃদ্ধি হৈছে। সেয়ে ,বৰ্তমানেও সক্রিয়তাৰে এই কাম অব্যাহত ৰাখিব পাৰিছো।

‘শব্দ ডট অৰ্গ’ৰ বিষয়ে সেই সময়ত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন য়াহু গ্রুপ (yahoogroup) তথা orkutৰ community বোৰত প্ৰচাৰ কৰিছিলো । ইয়াৰ প্ৰসাৰৰ অৰ্থে বিভিন্ন সংবাদ মাধ্যমক অৱগত কৰাৰ লগতে নিজাববীয়াকৈ বিভিন্ন উৎসৰ পৰা ই-মেইলৰ সংগ্ৰহ কৰি ‘শব্দ ডট অৰ্গ’ৰ বিষয়ে জনাইছিলো আৰু বৰ্তমানেও সেই প্ৰচেষ্টা অব্যাহত ৰাখিছো ৷

অসম সাহিত্য সভাৰ ‘অসমীয়া ভাষা : সংৰক্ষণ, সংবৰ্ধন, সম্প্ৰচাৰ’ শীৰ্ষক জাতীয় আলোচনা-সত্ৰত ২৮জুন ২০১১ তাৰিখে ইউনিকোড সম্পৰ্কে ‘শব্দ’ৰ হৈ প্ৰস্তুত কৰা পিপিটি উপস্থাপন কৰো আৰু সাহিত্য সভায়ো‘অসমীয়া ভাষাক ইন্টাৰনেটত অন্তৰ্ভুক্তিৰ বাবে ইউনিকোড এনকডিঙৰ ব্যৱস্থা কৰাৰ সম্পৰ্কত প্ৰথমবাৰৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে৷

প্ৰথম অসমীয়া দ্বিভাষীক অনলাইন আলোচনী ’এনাজৰী’ৰ লগতো জন্ম লগ্নৰ পৰাই জড়িত হৈ আছিলো । ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে এই আলোচনী খনৰ ৱেৱছাইট গুৱাহাটী প্ৰেছ ক্লাবত সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰে। আলোচনীখনৰ মুখ্য পৰিকল্পনাকাৰী আৰু মূখ্যসম্পাদক হিমজ্যোতি তালুকদাৰ ৷ ইয়াৰ পিছতো ভালে সংখ্যক অনলাইন আলোচনী প্রকাশ হৈ আছে যিবোৰৰ তথ্য ‘অসম সম্পৰ্কীয় ৱেবছাইটৰ তালিকা (http://websitebuljit.blogspot.com)’ নামৰ মোৰ নিজা ব্ল’গত অন্তৰ্ভুক্ত কৰিছো।
২০১০ চনৰ ২৭ নবেম্বৰ তাৰিখে ডা: বনজিৎ পাঠক দাদাৰ আহ্বানৰ প্রতি সহাঁৰি জনাই মই প্রথম ফেচবুক profile image-ত নিজৰ নামটো অসমীয়া লিখো ৷ উল্লেখ্য যে উক্ত দিনটোতে ফেচবুকত “অসমীয়াত কথা-বতৰা” নামৰ গোটটোৰ জন্ম হৈছিল আৰু ইয়াৰ জন্মদাতা হ’ল ড° পংকজ বৰা । তেনেদৰেই “অসমীয়াত কথা-বতৰা” গোটটোৰ প্রতিষ্ঠাপক সদস্য ৰূপে অন্য সদস্যৰ লগতে মোৰ নামটোও অন্তৰ্ভূক্ত হৈ পৰিল ।

এভ্র' চ'ফটৱেৰৰ সহায়ত কিদৰে ইউনিক'ডত অসমীয়া লিখিব পাৰি ,সেই বিষয়ত বিভিন্ন জনক সহায় কৰাৰ লগতে বিভিন্ন মাধ্যমত ইউনিক'ডত অসমীয়া লিখাৰ গুৰুত্বৰ বিষয়ে বাতৰি কাকত তথা আলোচনীত লেখা-মেলা কৰিছো আৰু এই সম্পৰ্কে বিভিন্ন সময়ত টিভি চেনেলৰ আলোচনাত অংশ গ্রহণ কৰিছো। 'অসমীয়া ৱিকিপিডিয়া'ৰ লগতো প্রথম পয্যায়ত সক্রিয় সদস্য ৰূপে আছিলো ৷

সাহিত্য ডট অৰ্গ (https://xahitya.org/) ৰ লগতে অসমীয়া ভাষাত প্ৰকাশিত প্রায়বোৰ ই-আলোচনীতে মোৰ কেৰিয়াৰ বিষয়ৰ লেখা প্রকাশ পাইছে আৰু এইদৰে লেখাৰ মাধ্যমেৰেও ইউনিক'ডত অসমীয়া ভাষাৰ সমল বঢ়োৱাত চেষ্টা কৰি আহিছো।

বিভিন্ন সময়ত অংশ গ্রহণ কৰা কেৰিয়াৰ সজাগতা সভা আৰু কৰ্মশালা বোৰত ইণ্টাৰনেটত অসমীয়া ভাষাৰ প্রয়োজনীয়তাৰ বিষয়ে তথা ইউনিক’ডত অসমীয়া লিখন সঁজুলি সমূহৰ বিষয়েও উল্লেখ কৰিছো।

‘সম্পাদকলৈ চিঠি’ শিতানৰ যোগদি বাতৰি কাকত আৰু আলোচনী সমূহক ই-মেইল যোগেদি প্রেৰণ কৰা লেখা গ্রহণ কৰিবলৈ অনুৰোধ জনাইছিলো আৰু সুখী হৈছিলো যে , পৰৱৰ্তী পৰ্যায়ত মোৰ এই অনুৰোধ বাতৰি কাকত আৰু আলোচনী সমূহে গ্রহণ কৰিছিল ।

অসমীয়া ভাষাৰ লগত জড়িত "ই-জোনাকী যুগ" নামৰ প্রকল্পকে ধৰি ইন্টাৰনেটৰ প্রায়বোৰ প্রকল্পৰ লগতে বৰ্তমানেও প্রত্যক্ষ বা পৰোক্ষভাবে অংশ গ্রহণ কৰি কৃতাৰ্থ হৈছো ৷

ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্বৰ বিতং তথ্য পাবৰ বাবে আমি সকলোৱে ড° ৰীতা চৌধুৰী বাইদেউৰ সম্পাদনাত প্রকাশ হোৱা ‘গৰীয়সী’ আলোচনীখনৰ আগষ্ট, ২০২২ সংখ্যাটোৰ প্রচ্ছদ কাহিনী ‘ই-জোনাকী যুগ’ পঢ়িব লাগিব। যিহেতু কম সময়ত সকলো কথা সামৰা সম্ভৱ নহয়। এই বিষয়ত প্রকাশ হোৱা লেখাবোৰ হ’ল – মনজিৎ নাথ আৰু ড° সত্যকাম দত্তৰ ‘ই-জোনাকী যুগ’; সত্যজিৎ নাথৰ ‘ডিজিটেল জগতত অসমীয়াৰ কিছু কাম’; পল্লৱ শইকীয়াৰ ‘সঁফুৰা , শব্দ আৰু আমেৰিকাত অসমীয়া স্কুল’; বিক্রম মজিন্দাৰ বৰুৱাৰ ‘XOBDO.ORG-ৰ জন্ম.বিকাশ, সংঘাত আৰু বহুতো’; মিতালী বৰ্মনৰ ‘অংকীয়(ডিজিটেল) পৃথিৱীত অসমীয়াত কথা-বতৰা গোট’; উচ্চজিৎ দশগিৰিৰ ‘অসমীয়া ভাষাৰ অঙ্কীয় বা ডিজিটেল যুগৰ অন্যতম বাটকটীয়া ;ই-আলোচনী ‘সাহিত্য ডট অৰ্গ’ৰ ইতিহাস আৰু অৱদান (২০১১-২০১৫)’; ডা° গীতাৰ্থ বৰদলৈৰ ‘অসমীয়া ৱিকিপিডিয়া’; ড° গুণদীপ চেতিয়াৰ ‘ৰ’দালি:অসমীয়া ইউনিক’ড লিখন সঁজুলি’; মনজিৎ নাথৰ ‘মাইক্র’ছফটৰ লেংগুৱেজ ইণ্টাৰফেচ পেক(LIP)’; পল্লৱপ্রাণ গোস্বামীৰ ‘নীলা চৰাই সম্পৰ্কে কিঞ্চিৎ’; ড° বুলজিৎ বুঢ়াগোহাঁইৰ ‘অসমীয়া ই-সাহিত্যৰ প্রচাৰৰ অভিজ্ঞতা’; নিতুল বৰাৰ ‘ অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস’; ড° সত্যকাম দত্তৰ ‘গুগলৰ ট্রান্সলেশ্বন প্রকল্পত অসমীয়া’; ডা° প্রদীপ কুমাৰ শৰ্মাৰ ‘বিকাশপিডিয়া:ইয়াৰ জন্মলগ্ন আৰু মোৰ যোগসূত্র’; ড° অঞ্জল বৰাৰ ‘ৱিকিউৎস: ডিজিটেল পুথিভঁৰাল আৰু অন্যান্য অসমীয়া সমল সংগ্রহ’ আৰু সুশান্ত কৰৰ ‘আন্তৰ্জালত অসমীয়া লিখামেলাৰ আঁৰৰ স্মৃতি কাহিনী’ ।
সম্পাদকীয়(হৃদয়ে কঢ়িয়ায় জাতীয় চেতনা)ত এনেদৰে লিখিছে- “…জোনাকী যুগৰ দৰেই বিশ্বৰ বিভিন্ন ঠাইত বাস কৰি থকা কিছু ভাষা আৰু জাতিৰ প্রতি দায়বদ্ধ তৰুণে একগোট হৈ ইণ্টাৰনেটত এদিন আৰম্ভ কৰিলে এক নতুন আন্দোলনৰ । তৰুণ প্রজন্মকেই নহয়, অনুপ্রাণিত কৰিলে অগ্রজ প্রজন্মকো অসমীয়া ভাষাৰ ইণ্টাৰনেটত চৰ্চা কৰিবলৈ। সৃষ্টি হ’ল নতুন লেখকৰ।কলম নমাই থোা বহুতেই আকৌ সৃষ্টিশীল পথলৈ উভতি আহিল। এই ল’ৰা-ছোৱালীবোৰৰ বহু বছৰৰ নীৰৱ আৰু নিৰলস সাধনাই অসমীয়া ভাষা-সাহিত্যত যি নতুন জাগৰণৰ সৃষ্টি কৰিছে – সেই ইতিহাসক সঠিকভাৱে সংৰক্ষণ কৰাৰ প্রয়োজন আছে। যি জাতিয়ে যোগ্যজনক যথাযথ স্বীকৃতি আৰু সন্মান দিব জানে , যি জাতিয়ে প্রকৃত পথপ্রদৰ্শকক চিনাক্ত কৰিব পাৰ , যি জাতিয়ে সন্মিলিত প্রচেষ্টাৰে ইতিবাচক দিশেৰে আগ বাঢ়ি যাবলৈ চেষ্টা কৰে সেই জাতিয়েই প্রত্যাহ্বান পাৰ কৰি তিষ্ঠি থকাৰ যোগ্য। এই ‘ই-জোনাকী যুগ আৰম্ভ হৈছে মাত্র। অসমৰ মুদ্রিত সাহিত্য ক্ষেত্রলৈও নতুন সজীৱতা আহিছে।…..”

‘ই-জোনাকী যুগ’ৰ প্রচ্ছদ কাহিনীত ‘অসমীয়াত কথা-বতৰা গোট’ৰ সদস্য মনজিৎ নাথ আৰু ড° সত্যকাম দত্তই এইদৰে উল্লেখ কৰিছে – ‘…বহু সময়ত খুজি খুজি বা দাবী কৰি বস্তু আহৰণ কৰা আমি সকলোৱে গুগলৰ দৰে আন্ত:ৰাষ্ট্রীয় সংস্থা এটিৰ সিদ্ধান্ত এটাকো বেলেগ ধৰণে ব্যাখ্যা কৰা যেন আমাৰ অনুমান হ’ল। মুনাফা অৰ্জন কৰা আন্ত:ৰাষ্ট্রীয় অনুষ্ঠান এটিৰ সিদ্ধান্ত এটাৰ ক্ষেত্রত কোনো জাতীয় অনুষ্ঠান বা গাইগুটীয়া প্রচেষ্টাৰ পোনপটীয়া প্রভাৱ থকা বুলি ভবাটো ভুল । অসমীয়াৰ লগতে অন্তৰ্ভুক্ত হোৱা মিজো ভাষাৰ ক্ষেত্রত ইমান হুলস্থূল হোৱা দেখা নগ’ল। আমাৰ অনুভৱ হ’ল, ডিজিটেল মাধ্যমৰ কাৰিকৰিতাখিনি সকলোৱে বুজি নোপোৱা বাবে কিছুমান ব্যক্তি আৰু অনুষ্ঠানে বহুত তথ্য বিকৃতভাৱে উপস্থাপন কৰিছে। আটাইতকৈ দুখ লাগিল যেতিয়া ডিজিটেলমাধ্যমত অসমীয়া ভাষাতউপলব্ধতা আৰু প্রসাৰ সম্পৰ্কীয় ইতিহাসৰ কিছুমান তথ্য ভুলকৈ বুজোৱা বা গাপ দিবলৈ চেষ্টা কৰা হ’ল।….”

‘ই-জোনাকী যুগ’ৰ প্রচ্ছদ কাহিনীতে তেওঁলোকে উল্লেখ কৰিছে – “আমি যোগাযোগ কৰা কিন্তু প্রবন্ধৰ লগত সংলগ্ন কৰিব নোৱৰা লিখকসকল আৰু বিষয়সমূহ :

১। ৱাহিদ চালেহে ই-জোনাকী যুগ পদক্ষেপ (শাৰীৰিক অসুস্থতাৰ বাবে লিখনি দিব নোৱাৰিলে, দূৰ্ভাষেৰে বহু তথ্য যোগান ধৰিছে),

২। হিমজ্যোতি তালুকদাৰ; ‘এনাজৰী'ৰ বিষয়ে,

৩। ভগৎ লাল দত্ত; উনিক্সত অসমীয়া ভাষাবিজ্ঞান,

৪। পংকজ বৰা; ইউনিক'ড,

৫। অজয় লাল দত্ত; ‘অসমীয়াৰ সুখ-দুখ’ৰ বিষয়ে,

৬। সুৰেশ ৰন্জন গদুকা; 'বিশ্ব দৰবাৰত অসমীয়া ভাষা' প্ৰেছ মিটিং,

৭। প্রিয়াংকু শর্মা; প্রথম অসমীয়া ব্ল’গ,

৮। ৰসিকা শইকীয়া; গুগলৰ কৰ্মচাৰী হিচাপে অসমীয়া ভাষা,

৯। সত্যকাম ফুকন; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

১০। অমিতাভ চক্ৰৱৰ্তী; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

১১। অশোক শৰ্মা; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

১২। দেবব্ৰত গগৈ; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

১৩। কাঞ্চন গগৈ; Google in Your Language (GIYL)ৰ বিষয়ে,

১৪। প্ৰণৱজ্যোতি ভূঞগ; তেওঁৰ গাই গুটীয়া প্রচেষ্টাৰ বিষয়ে,

১৫। ড° প্রবীণ বৰা, বন্দিতা শৰ্মা; IIT Guwahati পদক্ষেপৰ বিষয়ে,

১৬। অভিজিৎ কলিতা; অন্বেষা ইত্যাদি,

১৭। ইন্দুকল্প শইকীয়া; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

১৮। মনোজ মন কলিতা; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

১৯। বর্ণালী হাজৰিকা; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

২০। সুস্মিতা বৰা; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

২১। জ্যোতি প্রকাশ নাথ; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

২২। উদ্দীপ তালুকদাৰ, তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

২৩। আজিজুল হক; ইউনিক'ডত অসমীয়াৰ যাত্ৰা,

২৪। বনজিৎ পাঠক; ইউনিক'ডৰ কৰ্মশালা,

২৫ । অংকুৰ বৰা; ইণ্টাৰনেটত অসমীয়া সমলৰ আদি-কথা,

২৬। মৃদুল শর্মা; টাইপিং কী-বোর্ড (লাচিত),

২৭। উৎপল ফুকন; টাইপিং কী-বোর্ড (জাহ্নৱী),

২৮। ড° মৃণাল জ্যোতি গোস্বামী; অসমীয়া লিপি,

২৯। দিব্যজিৎ দত্ত; ভাৰত চৰকাৰৰ পদক্ষেপ,

৩০। ত্রিদীপ কুমাৰ বৰুৱা; ‘ৰামধেনু' টাইপিং কী-বোর্ডৰ বিষয়ে,

৩১। বিতোপন দাস; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

৩২। লক্ষ্য প্ৰহৰ বৰদলৈ, তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

৩৩ । অৰূপ কুমাৰ নাথ; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

৩৪। দ্বীপজ্যোতি বৰা; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

৩৫। দিগন্ত কুমাৰ ভট্টাচার্য; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে,

৩৬। প্রভাকৰ শৰ্মা নেওগ; তেওঁৰ গাইগুটীয়া প্ৰচেষ্টাৰ বিষয়ে”

আমি ভাবো এওঁলোকৰ লগতে অনিল বৰুৱা, ডিজিটেল অসমীয়া অভিধানৰ বিষয়ে আৰু দুৰ্লভ গগৈ, ডিজিটেল অসমীয়া অভিধানৰ বিষয়ে প্রবন্ধ লিখে তেন্তে আমি ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্বৰ বিষয়ে আৰু তথ্য পাবলৈ সক্ষম হ’ম ।

“ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ উপলব্ধতা আৰু প্ৰসাৰ” শীৰ্ষক ইতিহাস সংৰক্ষণ প্ৰকল্পৰ কাম হাতত লোৱাৰ বাবে মনজিৎ নাথ আৰু ড° সত্যকাম দত্তক ধন্যবাদ জনাইছো । অসমৰ জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে এই প্রকল্পত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালো। আমি ভাবো ‘গৰীয়সী’ৰ এই সংখ্যাটো অসমীয়া লেখা-পঢ়া কৰিব জনা সকলোৱে পঢ়া উচিত আৰু সংখ্যাটো সংৰক্ষণ যোগ্য ।

“ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ উপলব্ধতা আৰু প্ৰসাৰ” প্ৰকল্পটো আগুৱাই যোৱাৰ বাবে অসম সাহিত্য সভাই বিশেষ পদক্ষেপ গ্রহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। লগতে ,আমাক এখন পূৰ্ণাঙ্গ অসমীয়া অভিধান লাগে আৰু অসমীয়া লিপিয়ে যাতে ইউনিক’ডত স্বতন্ত্র স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ,তাৰ বাবে অসম সাহিত্য সভাই পদক্ষেপ গ্রহণ কৰাটো আমি বিছাৰো ।

(বি . দ্র. : অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ ডিজিটেল সাহিত্য সন্মিলনত ০১।০২।২০২৩ তাৰিখে পাঠ কৰিবৰ বাবে প্রেৰণ কৰা হৈছিল, কিন্তু সময় কম হোৱাৰ বাবে সম্পূৰ্ণকৈ পাঠ কৰিব নোৱাৰিলে ।)

লেখকৰ ঠিকনাঃ মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়, ফোন: ৯৪৩৫১৮৮৬৩০, ই-মেইল: buljit@gmail.com , www.buljit.com

No comments:

Post a Comment