অসমীয়াসকলে মাতৃভাষাক বচাই ৰাখিব পাৰিবনে?
অনন্ত কলিতা
তদানীন্তন পূব পাকিস্তানত উৰ্দু ভাষাক ৰাষ্ট্ৰীয় ভাষাৰ মৰ্য্যাদাৰ বিৰুদ্ধে বাংলা ভাষাক ৰাষ্ট্ৰীয়মৰ্য্যাদা প্ৰদানৰ দাবীৰ আন্দোলনত চাৰিজন আন্দোলনৰ নেতা শ্বহীদ হোৱাৰ ২১ ফেব্ৰুৱাৰীৰ [১৯৫২] দিনটোক ইউনেস্কোই ১৯৯৯ চনৰ ১৭ নৱেম্বৰৰ দিনা ‘আন্তৰ্জাতিক মাতৃভাষা দিৱস’ হিচাপে সমগ্ৰ বিশ্বতে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ধৰ্মৰ বান্ধোনৰ শক্তিতকৈ মাতৃভাষাৰ বান্ধোনৰ শক্তি অনেক গুণ যে বেছি সেইটো প্ৰমাণিত কৰিছিল পূব পাকিস্তানৰ মুছলমান ধম¹য় বাংলাভাষী সকলে৷ পশ্চিম পাকিস্তান আৰু পূব পাকিস্তানৰ সকলো লোকেই মুছলমান ধম¹য় লোক যদিও সমগ্ৰ পাকিস্তানৰ সকলো মুছলমান লোক এটা জাতিৰ বুলি স্বীকাৰ নকৰি ভাষাভিত্তিক জাতিসত্তাৰ বাবে বাংলাভাষীসকলে বাঙালী জাতিসত্তাৰ ভিত্তিত আন্দোলন কৰিছিল আৰু পূব পাকিস্তানত বাঙালী জাতিৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত বহু লোকে জীৱন বলিদান দিছিল৷ এই ভাষাভিত্তিত জাতি গঢ়াৰ ভিত্তিতে ১৯৭১ চনত মুক্তিযুদ্ধ সংগঠিত কৰি পূব পাকিস্তানৰ হিন্দু-মুছলমান নিৰ্বিশেষে বাঙালীসকলে বাংলাদেশৰ সৃষ্টি কৰিছিল৷ পূব পাকিস্তানত [অধুনা বাংলাদেশত] বাংলা ভাষাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনটোৰ দিনটোকে ইনেস্কোৱে স্বীকৃতি দি সমগ্ৰ বিশ্বৰ জাতিবোৰৰ মাতৃভাষাৰ অস্তিত্ব ৰক্ষাৰ তথা বিকাশ কৰাৰ লক্ষ্যত ‘আন্তৰ্জাতিক মাতৃভাষা দিৱস’ হিচাপে সমগ্ৰ বিশ্বতে পালন কৰাৰ সিদ্ধান্ত লৈছে৷
পূব পাকিস্তানত বাংলাভাষা প্ৰতিষ্ঠা কৰাৰ পটভূমিত আমি অসমীয়া ভাষাৰ অস্তিত্বৰ বিষয়ত পৰ্য্যালোচনা কৰিলে প্ৰতিফলিত হয় যে ১৮চ্ছ চনৰ পৰা বিভিন্ন ঘাট-প্ৰতিঘাট, দুখ-নিৰ্য্যাতনৰ মাজেৰে অতিক্ৰম কৰি আহিছে৷ যদিও অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষাই প্ৰতিষ্ঠা লাভ কৰিছে, কিন্তু নিশ্ছিন্ন হোৱাৰ বিপদ আঁতৰা নাই৷ ১৮চ্ছ চনত অসম বৃটিছে দখল কৰা দিন ধৰি অসমীয়া ভাষাৰ প্ৰতি এক দুৰ্যে্যাগপূৰ্ণ সন্ধিক্ষণ আহি পৰিছিল৷ তদানীন্তন অসমৰ বাসিন্দাসকলৰ মাতৃভাষা অসমীয়া ভাষা যে এটা সুকীয়া ভাষা সেই স্বীকৃতিটোৱে পোৱা নাছিল৷ অসমীয়া ভাষা বাংলাভাষাৰেই অপভ্ৰংশ বুলি বৃটিছ চৰকাৰে পতিয়ন গৈছিল বা স্বাৰ্থান্বেষীসকলে উদ্দেশ্যপ্ৰণোদিতভাৱে বৃটিছক পতিয়ন নিয়াইছিল৷ বৃটিছে অসমৰ লোকসকলক বাঙালী জাতিৰ লোক বুলি ভাবিছিল আৰু অসমীয়া বুলি জাতি এটা আছে সেইটো গমকে পোৱা নাছিল৷ সেয়ে ১৮চ্ছ চনৰ পৰা অসমত অসমীয়াৰ পৰিৱৰ্তে চৰকাৰী কাম-কাজত বাংলাভাষা চলাইছিল আৰু শিক্ষাৰ মাধ্যমো বাংলা আছিল, মুঠতে বাংলাভাষা অসমৰ ৰাজ্যভাষা আছিল৷ অসমীয়া ভাষা বঞ্চিত হৈছিল সকলো চৰকাৰী-বেচৰকাৰী সকলো সা-সুবিধাৰ পৰা৷ অসমীয়া যে এটা সুকীয়া ভাষা সেই কথা বৃটিছক পতিয়ন নিয়াবলৈ অহোপুৰুষাৰ্থ কৰা প্ৰথমজন ব্যক্তি হ’ল আনন্দৰাম ঢেকিয়াল ফুকন৷
ঢেকিয়াল ফুকন বৃটিছ চৰকাৰৰ উচ্ছ বিষয়া হোৱা সত্ত্বেও নিম্নোক্তধৰণে দাবী জনাইছিল চৰকাৰক বাংলাভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষা অসমত প্ৰৱৰ্তন কৰিবলৈ–
‘‘For more than ten years after annexation of the province the Assamese was the language of the courts. On what groundes the Bengallee has been now allowed to supersede the vernacular we are at a loss to understand. The Assamese being the vernacular language as well of the people as of the majority of the judges and ministerial officers of the courts, no inconvenience can possibly arise from its use, and if it be advanced that the Bangallee bears an affinity with the Assamese, we would beg to point out that the Bengallee bears no closer resemblance to the Assamese than it does to the Uria language, and if the courts of Orissa be allowed the previlege of using the language of the country, we are unable to understand why the same benefit sould have been withheld to the Assamese.’’ [আনন্দৰাম ঢেকিয়াল ফুকনৰ ৰচনা-সংগ্ৰহ ঃ নন্দ তালুকদাৰ, পৃষ্ঠা ২৫] আনন্দৰাম ঢেকিয়াল ফুকনে মাতৃভাষাৰ মাধ্যমে শিক্ষা দিবলৈ উপযুক্ত শিক্ষক গঢ় দিবলৈ নৰ্মাল স্কুল স্থাপনৰো দাবী কৰিছিল৷ ‘‘In our humble opinion the following arrangements ahpear to be best calculated to promote the cause of education– viz. the substitution, in the school, of the vernacular language in lieu of the Bangallee, the publication of a series of popular works on the different branches of Native and European Knowledge in the Assamese language, the establishment of a Normal School to train up a body of teachers and creation of a separate department for the study of Sanskrit in the vernacular schools.’’ [ঐ, পৃষ্ঠা ২৪] অসমৰ শিক্ষিত লোকসকলে যাতে অসমীয়া ভাষা অসমত প্ৰৱৰ্তনৰ দাবী কৰে আৰু অসমীয়া ভাষা যে বাংলাভাষাৰ অপভ্ৰংশ নহয় সেই বিষয়ে ঢেকিয়াল ফুকনে ইংৰাজী ভাষাত এখন পুস্তিকা লিখি প্ৰচাৰ কৰিছিল৷ গুণাভিৰাম বৰুৱাই তেখেতৰ ‘আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰ’ত এইদৰে লিখিছে, “অসমীয়া ভাষা আৰু অসম দেশৰ দেশীয় ভাষা শিক্ষা’ এই বিষয়ে এখনি পুস্তক ৰচনা কৰি ৪০ টকা দি ১০০খন শিৱসাগৰৰ ব্যাপ্তিষ্ট মিচন যন্ত্ৰত ছপা কৰি বিনামূল্যে দেশৰ প্ৰধান লোকসকলক দিলে৷ তাৰে একখণ্ড বঙলা গবৰ্ণমেণ্টলৈ প্ৰেৰণ কৰা হৈছিল৷ সেই পুস্তকত অসমীয়া আৰু বঙলা ভাষাৰ বিভিন্নতা দেখুওৱা হৈছে আৰু অসমীয়া ভাষাত যে স্বাধীনৰূপে সাহিত্য, নাটক, অংক, বৈদ্যশাস্ত্ৰ, ইতিহাস ইত্যাদি সৰ্বপ্ৰকাৰৰ গ্ৰন্থ আছে এই বিষয়ত প্ৰদৰ্শিত হৈছে৷” [আনন্দৰাম ঢেকিয়াল ফুকনৰ ‘জীৱন চৰিত্ৰ’, পৃষ্ঠা ১১৪]
বৃটিছে অসম ৰাজ্য দখল কৰাৰ পাছত অসমীয়া ভাষাটোকে নিশ্ছিন্ন কৰাৰ যি ষড়যন্ত্ৰ চলিছিল, আনন্দৰাম ঢেকিয়াল ফুকনৰ নিচিনা অসমপ্ৰেমী অসমীয়া ভাষা সম্বন্ধে অগাধ জ্ঞান থকা লোক এজনৰ জন্ম নহ’লে বিশ্বৰ সমাজখনৰ পৰা অসমীয়া ভাষাটোৰে বিলুপ্তি ঘটিলহেঁতেন৷ এই অসমপ্ৰেমী মহাপুৰুষ, পণ্ডিতজন মাত্ৰ ২৯ বছৰ দহ মাহ জীয়াই আছিল৷ ঢেকিয়াল ফুকনৰ ১৮৫৯ চনৰ ১৬ জুনত মৃত্যু হয়৷ ঢেকিয়াল ফুকন জীয়াই থাকোঁতেই অসমত অসমীয়া চৰকাৰী ভাষা তথা শিক্ষাৰ মাধ্যমলৈ পৰিৱৰ্তন কৰা নহ’ল৷ আনন্দৰাম ঢেকিয়াল ফুকনৰ যুক্তিপূৰ্ণ দাবী আৰু সংগ্ৰামৰ ফলতেই বৃটিছ চৰকাৰ পতিয়ন গৈছিল যে অসমীয়া ভাষা বাংলাভাষাৰ অপভ্ৰংশ নহয়, ই এটা সুকীয়া ভাষা আৰু বৃটিছ চৰকাৰ বাধ্য হৈছিল ১৮৭৩ চনৰ ১৯ এপ্ৰিলৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম কৰিবলৈ৷ ড॰ অমলেন্দু গুহৰ ‘Planter-Raj to Swaraj’ নামৰ গ্ৰন্থখনত এইদৰে লিখিছে, ‘‘The memorial Dhekial Phukan submitted also espoused the cause of the persecuted Assamese language. It had lost its rightful place to Bengali in local schools and courts in ১৮৩৭ on the false ground that it was a dialect of the latter language. The battle for due recognition of Assamese as a distinct and separate language was carried on through Dhekial-Phukan’ব্দ long drawn efforts, alongside those of the American Baptist missionaries. Aa a result of the agitation, Assamese was finally recognised for use in courts and schools of Assam proper several years after his death, under the Bengal Government order of ১৯ April, ১৮৭৩.’’ (Page ২২) অসমীয়া ভাষাই এটা ভাষা হিচাপে স্বীকৃতি পোৱাত বা অসমীয়া ভাষা আজি জীয়াই ৰখাৰ ক্ষেত্ৰত অসমীয়াসকলে সদায়ে আনন্দৰাম ঢেকিয়াল ফুকনক মনত ৰাখিব লাগিব৷ অসমীয়াভাষীসকলে ১৯ এপ্ৰিলৰ দিনটো ‘অসমীয়া ভাষা দিৱস’ হিচাপে পালন কৰাটো উচিত আৰু এই দিনটো পালন কৰাৰ মাজেৰে অসমীয়া ভাষাই কেনে ধৰণেৰে ঘাট-প্ৰতিঘাট অতিক্ৰম কৰি প্ৰতিষ্ঠিত হ’বলগীয়া হৈছিল আৰু বৰ্তমানো অসমীয়া ভাষাক অস্তিত্বহীন কৰিবলৈ কেনে ধৰণে হিন্দুত্ববাদী ৰাজনীতিৰ মেৰপাকত সোমাই দিছে, সেই কথা পৰ্য্যালোচনাৰে অসমীয়া ভাষাক জীয়াই ৰখাৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব৷
১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীৰ সংগ্ৰামৰ পাছত বা ১৯৭১ চনৰ মুক্তিযুদ্ধৰ পাছত বাংলা ভাষাই ভৱিষ্যতে বাংলা দেশত কোনো বিপদৰ আশংকা নোহোৱাকৈ প্ৰতিষ্ঠিত হ’ব পাৰিছে৷ বহু ঘাট-প্ৰতিঘাটৰ পাছত অসমীয়া ভাষাই ১৮৭৩ চনৰ ১৯ এপ্ৰিলৰ পৰা প্ৰতিষ্ঠা লাভ কৰিলেও অসমীয়া ভাষাৰ অস্তিত্বহীন হোৱাৰ বিপদ আঁতৰ হোৱা নাই৷ শেহতীয়াভাৱে আকৌ ভাষিক অসমীয়া জাতি হিচাপে অৰ্থাৎ অসমীয়া ভাষিক সংখ্যাগৰিষ্ঠ জাতি হিচাপে বাচি থকাৰ আৱেগ পৰিত্যাগ কৰি হিন্দু জাতি হিচাপেহে বাচি থকাৰ আৱেগহে লৈছে অনেক অসমীয়াই৷ হিন্দুধম¹ নহ’লে যেনিবা কোনো লোক অসমীয়া হ’ব নোৱাৰে৷ বৰ্তমান বিজেপিয়ে শ¡’গান দিছে অসমীয়া জাতি বাচি থাকিবলৈ হেনো বিদেশী অনা-অসমীয়া হিন্দু লোকসকলক অসমলৈ আমদানি কৰি আনিব লাগিব৷ এই পটভূমিত বাংলাদেশী হিন্দু প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ ‘কা’ আইন আনিছে৷ অসমীয়া ভাষাক দুৰ্যে্যাগপূৰ্ণ সন্ধিক্ষণৰ পৰা ৰক্ষা কৰা আনন্দৰাম ঢেকিয়াল ফুকন, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ সংগ্ৰামৰ কথা দোহৰা বা জনাৰ বাবে আজিৰ প্ৰজন্মৰ প্ৰয়োজন নাই৷ দীনদয়াল উপাধ্যায়ৰ, ছাভাৰকাৰৰ, শ্যামাপ্ৰসাদ মুখপাধ্যায়ৰ আদৰ্শইহে যেন অসমীয়া জাতিক ৰক্ষা কৰিব, এনেকুৱা এক ধাৰণা দিয়াৰ প্ৰচেষ্টা চলিছে৷ এই পটভূমিতে ধৰ্ম-জাতি নিৰ্বিশেষে অসমীয়া ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰাসকলে অসমীয়া ভাষা শক্তিশালী কৰাৰ সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ প্ৰয়োজন৷ ধৰ্মৰ নামত অসমীয়াসকলক বিভেদ কৰি অসমীয়া জাতি ধবংস কৰিব খোজাসকলৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰাৰ তথা এইসকলৰ বিৰুদ্ধে সৰ্বশক্তিৰে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবেও প্ৰতিজ্ঞাবদ্ধ হোৱাটো জৰুৰী ভাষা দিৱসৰ দিনা সকলো অসমীয়াই৷ হিন্দু জাতিৰ আৱেগত অনেক অসমীয়াই ভাষিক অসমীয়া জাতিৰ কথা পাহৰিছেই৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া কাকত বিলুপ্তিকৰণত নি(য় অসমীয়া ভাষা অপমানিত হৈছে৷ আগতে আই-এ-এছ, আই-পি-এছ বিষয়াসকলে বাধ্যতামূলকভাৱে অসমীয়া ভাষা শিকিব লাগিছিল, ক’বও পাৰিব লাগিছিল৷ লোকসেৱা আয়োগত অসমীয়া কাকত উঠাই দিয়া মানে আই-এ-এছ, আই-পি-এছ বিষয়াসকলে এতিয়া অসমীয়া নিশিকিলেও হ’ব, ক’ব নোৱাৰিলেও হ’ব হিন্দী ভাষাতে কাম-কাজ চলাই নিব পাৰিব৷ অসমীয়া ভাষাৰ প্ৰচলন, ব্যৱহাৰ আদি হ্ৰাসকৰণৰ দ্বাৰা অসমীয়া ভাষাক বিধবস্ত কৰা হৈছে৷ তদুপৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া ভাষিক জাতিত সংমিশ্ৰণ হৈ যোৱা লোকসকলক হিন্দুত্ববাদী সাম্প্ৰদায়িকতাৰ ভিত্তিত আঁতৰাই দিয়াৰ পদক্ষেপৰ দ্বাৰা ভাষিক অসমীয়া জাতিক অসমতে সংখ্যালঘুত পৰিণত কৰি অস্তিত্বহীন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ ইতিমধ্যে অসমীয়া ভাষী লোকৰ সংখ্যা ক্ৰমে ক্ৰমে প্ৰতি লোকপিয়লতে হ্ৰাস হৈছে, এইদৰে, ১৯৭১ চনত আছিল ৬০.৮৯ শতাংশ, ১৯৯১ চনত ৫৭.৮১ শতাংশ, ২০০১ চনত ৪৮.৮০ শতাংশ, ২০১১ চনত ৪৮.৩৮ শতাংশ৷ বিপৰীতে অসমত বাংলাভাষী লোকৰ সংখ্যা ১৯৭১ চনত আছিল ১৯.৮৫ শতাংশ, ২০০১ চনৰ লোকপিয়লত বৃদ্ধি হয় ২৭.৫৪ শতাংশলৈ আৰু ২০১১ চনৰ লোকপিয়লত বৃদ্ধি হয় ২৮.৯২ শতাংশলৈ৷ অসমৰ বাবে বা অসমীয়া জাতিৰ বাবে বিপদজনক কথা হ’ল, অসমীয়াভাষী লোক ক্ৰমে ক্ৰমে অসমত হ্ৰাস পাই আহিছে, বিপৰীতে বাংলাভাষী লোক ক্ৰমে ক্ৰমে অসমত বৃদ্ধি হৈ আহিছে৷ সেই বাবেই ‘কা’ আইন ভাষিক অসমীয়া জাতিৰ বাবে অশনি সংকেত আৰু ভাষিক অসমীয়া জাতি অসমত সংখ্যাগৰিষ্ঠ জাতি হিচাপে অস্তিত্ব ৰক্ষা কৰিবলৈ হ’লে বা অসমীয়া জাতিৰ সংখ্যাগৰিষ্ঠতাৰ নিশ্চয়তা প্ৰতিপন্ন কৰিবলৈ হ’লে ‘কা’ আইনৰ ষড়যন্ত্ৰ পৰাজিত কৰিবই লাগিব৷ অমসীয়াৰ প্ৰজন্মই মাতৃভাষাৰ বিকাশ আৰু উন্নয়নত কোনো গুৰুত্বই নিদিয়ে৷ হিন্দুত্ববাদীসকলৰ প্ৰৰোচনাৰ বলি নহৈ সাম্প্ৰদায়িক ৰাজনীতিৰ নাগপাশৰ পৰা মুক্ত হ’ব পাৰিলেহে ভাষিক অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা পৰিব৷
এই পটভূমিতে বৰ্তমান শাসকীয় দলৰ ৰাজনীতিৰ তাত্ত্বিক দিকদশ¹ আৰ-এছ-এছ আৰু বিজেপিৰ লক্ষ্য হ’ল এক জাতি এক দেশ এক ভাষা৷ অৰ্থাৎ হিন্দু-হিন্দুস্থান-হিন্দী৷ বিজেপি আৰু আৰ-এছ-এছৰ বাবে অসমত অসমীয়া জাতি মৰিলে মৰক, হিন্দু জাতিহে বাচি থাকিব লাগিব৷ এই পটভূমিতে ক্ষুদ্ৰ অসমীয়া জাতি৷ হিন্দুত্বৰ ধুমুহাত অসমীয়া জাতিৰ অস্তিত্ব উৰি যোৱাৰ উপক্ৰম হৈছে৷ হিন্দুত্বৰ আৱেগ সৃষ্টি কৰি হিন্দু জাতি ৰক্ষাৰ নামত অসমখন দেশী-বিদেশী অনা-অসমীয়া হিন্দু লোকেৰে ভৰ্তি কৰি দি হিন্দু ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰি দিয়াৰহে লক্ষ্য আৰ-এছ-এছৰ৷ আৰ-এছ-এছৰ বাবে অসমীয়া জাতি গৌণ হিন্দু জাতিহে মুখ্য৷ লুইতপৰীয়া অসমীয়া জাতি বুলি আমাৰ যি আৱেগ আছিল এতিয়া সেইটো লুইতপৰীয়া হিন্দু জাতিলৈহে পৰিৱৰ্তন হ’ব৷ হিন্দু জাতিৰ মুখ্য ভাষা অসমীয়াৰ পৰিৱৰ্তে হিন্দী বা বাংলা হ’ব৷ হিন্দু অসমীয়াসকলে হিন্দু জাতি গঢ়াৰ আৱেগত মত্ত হৈ হিন্দু বাংলাদেশী আমদানি কৰি আনি লুইতৰ পাৰ ভৰ্তি কৰি দিয়া কাৰ্য্যক সমৰ্থন কৰক আৰু হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপিত কৰিব খোজা বিধেয়কখনৰ বিৰোধিতা নকৰক৷ সেয়ে আজি জাতিৰ গভীৰ সংকটৰ সময়ত অসমীয়াসকলৰ মাজত প্ৰশ্ন জাগৰিত হওক ধৰ্মনিৰ্বিশেষে অসমীয়া জাতি হিচাপে বাচি থাকিবনে অসমীয়া ভাষা পৰিত্যাগ কৰি হিন্দু জাতি হিচাপে বাচি থাকিবলৈ বাংলা বা হিন্দীক ৰাজ্যভাষা হিচাপে গ্ৰহণ কৰিব৷
ফোনঃ ৯৪৩৫০৪১২০৩, লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত প্ৰৱন্ধৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/ANANTA-KALITA
No comments:
Post a Comment