গ্ৰন্থ আলোচনাঃ ‘নিউটনৰ আপেল’ আৰু বিজ্ঞান-চিন্তা :: ড০ নৱজ্যোতি দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনাঃ ‘নিউটনৰ আপেল’ আৰু বিজ্ঞান-চিন্তা  :: ড০ নৱজ্যোতি দত্ত

গ্ৰন্থ আলোচনাঃ ‘নিউটনৰ আপেল’ আৰু বিজ্ঞান-চিন্তা :: ড০ নৱজ্যোতি দত্ত

Share This

 ‘নিউটনৰ আপেল’ আৰু বিজ্ঞান-চিন্তা

ড০ নৱজ্যোতি দত্ত

‘নিউটনৰ আপেল’ আৰু বিজ্ঞান-চিন্তা  ড০ নৱজ্যোতি দত্ত

নিউটনৰ আপেলজোপাক লৈ বিভিন্ন কাহিনী আছে। ইংলেণ্ডৰ গ্ৰান্থাম চহৰৰ কিংচ্‌  স্কুল, য’ত নিউটনে পঢ়িছিল, সেই বিদ্যালয়খনৰ কৰ্তৃপক্ষই তেওঁলোকৰ চৌহদৰ সমীপৰে পথাৰ এখনত থকা  মূল গছজোপা পৰৱৰ্তীকালত নিজা চৌহদত ৰোপন কৰা বুলিও এক কাহিনী প্ৰচলিত আছে। তাৰ পৰাই ডাল কাটি নি ‘গ্ৰাফ্‌টিং’ অৰ্থাৎ অংগজ প্ৰজননৰ  জৰিয়তে পাছত কেম্ব্ৰিজৰ ত্ৰিনিটি কলেজৰ চৌহদত, নিউটনে এসময়ত তাৰ যিটো কক্ষত থাকি অধ্যয়ন কৰিছিল, সেই কোঠাটোৰ ঠিক কাষতে গছজোপা পুনৰ ৰোৱা হৈছিল। সেইজোপা যে মূল গছজোপা, যিজোপাৰ তলত বহি নিউটনে মধ্যাকৰ্ষণ শক্তি আৱিষ্কাৰ কৰিছিল, সেইজোপাৰে অংশ, সেই কথা পৰৱৰ্তী সময়ত কৰা বংশগতিৰ পৰীক্ষাই  প্ৰমাণ কৰিছে। 

‘নিউটনৰ আপেল’ আৰু বিজ্ঞান-চিন্তা  ড০ নৱজ্যোতি দত্ত

এই গছজোপা সৰ্বকালৰ বাবে বিশ্বৰ বিভিন্ন ঠাইৰ পৰ্যটকৰ আকৰ্ষণ হৈ ৰ’ব। আপেল গছজোপাৰ তলত বহিয়েই যে বা আন ফলৰ সলনি আপেল সৰি পৰা দেখিহে যে নিউটনে মধ্যাকৰ্ষণৰ তত্ত্ব আৱিষ্কাৰ কৰিলে... সেইবোৰ কথাক লৈও যে সাধাৰণ জনতাৰ মাজত আজিও যে কিমান গুজৱ চলি আছে, তাৰ কোনো সীমা-সংখ্যা নাই। ষোল্ল শতিকাৰ দ্বিতীয়াৰ্ধত ইংলেণ্ডত হোৱা প্লেগ ৰোগৰ সময়ছোৱাত দেশৰ আন শিক্ষানুষ্ঠানৰ দৰে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদানো বন্ধ থকাত নিউটনেও সুদীৰ্ঘ আঠোটাকৈ মাহ তেওঁৰ গাঁৱৰ ঘৰত কটাবলগীয়া হৈছিল। পৰৱৰ্তীকালত তেওঁ বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰ কৰিছিল যদিও আচলতে সেই সময়ত ২৪ বছৰীয়া নিউটনে তেওঁৰ  গাঁৱত কটোৱা সেইখিনি সমতেই এই  ধৰণৰ নতুন চিন্তাৰ আধাৰ গঢ় লৈছিল বুলি বহুতো বিদ্বানেই এই পৰ্যন্ত মানি লৈছে। এই যে আপেলটো সৰি পৰোঁতে তেওঁৰ মনলৈ আপেলটো কিয় তললৈ সৰি পৰিল, ওপৰলৈ বা সমান্তৰালভাৱে বা আন বিভিন্ন দিশলৈ নগ’ল কিয় ধৰণৰ চিন্তা অহাৰ ফলশ্ৰুতিতে যে মধ্যাকৰ্ষণ বলৰ লগতে মহাকৰ্ষণৰ বিখ্যাত সূত্ৰকেইটাও নিউটনে আৱিষ্কাৰ কৰিলে, সেই  কথা নজনা শিক্ষিত লোক নাই বুলিলেও অত্যুক্তি কৰা নহ’ব। নিউটনৰ আপেলৰ এই কাহিনীটো যে পুৰাতাত্ত্বিক তথা পুৰাতাত্ত্বিক ৱিলিয়াম ষ্টাক্‌লীয়েই প্ৰথমবাৰৰ বাবে লিপিবদ্ধ কৰিছিল আৰু সংশ্লিষ্ট কিতাপখনৰ পাণ্ডুলিপিটো যে এতিয়া সৰ্বসাধাৰণে লণ্ডনৰ ৰয়েল ছচাইটিৰ ৱেবচাইটলৈ গৈও পঢ়িব পাৰিব, সেই  কথা বিপুলজ্যোতি শইকীয়াৰ কলমেৰে নিসৃত এখন মনোগ্ৰাহী বিজ্ঞান বিষয়ক গ্ৰন্থৰ শীৰ্ষক-লেখাটোত উল্লেখ আছে। হেইলিয়াৰেও নিউটনৰ আপেলৰ কাহিনীটো তেওঁৰ ‘Essay on Epic Poetry’ শীৰ্ষক পুথিখনতো উল্লেখ কৰাৰ কথা এই  গ্ৰন্থখনত  ব্যক্ত কৰা হৈছে।

এতিয়ালৈকে মই কোৱা নিউটনৰ আপেল সম্পৰ্কীয় কথাখিনি এই লেখাত আলোচনা কৰিবলৈ লোৱা অসমীয়া ভাষাৰ গুৰুত্বপূৰ্ণ বিজ্ঞান বিষয়ক ৰচনা-সংকলন এখনৰ পৰা লোৱাৰ লগতে সমান্তৰালভাৱে তথ্যানুসন্ধানৰ স্বাৰ্থত আন গ্ৰন্থ বা ইণ্টাৰনেটৰ বিভিন্ন উৎসও মই  স্বাভাৱিকতেই খুঁচৰিছোঁ। সেয়ে হ’লেও, অসমীয়া ভাষাত একবিংশ শতিকাৰ দ্বিতীয়টো দশকৰ শেষৰফালে প্ৰকাশ পোৱা বিজ্ঞান বিষয়ক জনপ্ৰিয়, ৰসোপম, বস্তুনিষ্ঠ ৰচনাৰ সংকলন হিচাপে বিপুলজ্যোতি শইকীয়াৰ ‘নিউটনৰ আপেল’ শীৰ্ষক গ্ৰন্থখন এক অনন্য আস্বাদনৰ আধাৰ বুলি মই অনুভৱ কৰোঁ। নিউটনৰ আপেল বিষয়ৰ লগতে আন বিষয়তো  সাৱলীল ভাষাৰে, সাধাৰণ পাঠকৰো বোধগম্য হোৱাকৈ  ৰচনা কৰা  মুঠ তিনিকুৰি বিষয়ৰ চুটি চুটি ৰচনাবোৰে পাঠকৰ মন গহন চুই যাব। এই লেখাসমূহে বিজ্ঞানৰ সামান্য অনুৰাগী অসমীয়া পাঠককো নিশ্চিতভাৱে বিজ্ঞান-চিন্তাৰ মহাসাগৰখনত বুৰ মাৰি এচলু হ’লেও পানীৰ স্বাদ ল’বলৈ স্বাভাৱিকতেই উদ্বুদ্ধ কৰিব বুলি মই বিশ্বাস কৰোঁ।


সাধাৰণ গ্ৰন্থৰ কলেৱৰতকৈ সৰু আকাৰৰ, সূচীপত্ৰ পৰ্যন্ত বাদ দিলে মুনীন বায়নৰ আগকথা আৰু লেখকৰ টোকাকো সামৰি মুঠ ১৮২ পৃষ্ঠাৰ সংকলনখনত সন্নিবিষ্ট চুটি চুটি ৰচনাসমূহ দৰাচলতে ‘দৈনিক অসম’ কাকতৰ ‘দেওবৰীয়া চ’ৰা’ৰ দায়িত্ব লৈ মুনীন বায়নে বিপুলজ্যোতি শইকীয়াক অনুৰোধ কৰি তেওঁৰ কলমেৰে নিসৃত কৰোৱা ‘বিজ্ঞান-প্ৰযুক্তি-সমাজ’ শীৰ্ষক শিতানটোৰ  প্ৰথম তিনি বছৰৰ সময়ছোৱাৰ লেখাসমূহৰ ২০১৭ চনৰ ডিচেম্বৰত প্ৰকাশিত এক মনোজ্ঞ সংকলন। দৈনিক সংবাদপত্ৰ এখনে, কাকতখনৰ যথাৰ্থ বিজ্ঞানমনষ্ক বিভাগীয় সম্পাদকে বিজ্ঞান-চিন্তাৰ সম্প্ৰসাৰণৰ বাবে ইচ্ছা কৰিলে কিয়েই যে কৰিব নোৱাৰে পৰোক্ষভাৱে চাবলৈ গ’লে এই সৰু অথচ  মনপৰশা বিজ্ঞান বিষয়ক সংকলনখনো জানো একপ্ৰকাৰৰ প্ৰমাণ নহয়!

বিশিষ্ট  কবি তথা এগৰাকী বিজ্ঞানী ৰূপে সুপৰিচিত বিপুলজ্যোতি শইকীয়াৰ সংশ্লিষ্ট  গ্ৰন্থখনৰ আভাস দিয়াৰ লগতে বিজ্ঞানৰ কথাবোৰ বুজাৰ প্ৰয়াস, ভালপোৱাৰ প্ৰয়াস আমাৰ সমাজৰ সকলোৱেই কৰক। সংশ্লিষ্ট গ্ৰন্থখনৰ ‘নিউটনৰ আপেল’ লেখাটোৰ প্ৰসংগ উনুকিয়াইছোঁহে মাথোন। সংকলনখনৰ আন লেখাসমূহৰ শীৰ্ষকসমূহ জানিলেও আমাৰ পাঠকসকল গ্ৰন্থখন তথা বিজ্ঞান বিষয়ক এনে ধৰণৰ গ্ৰন্থসমূহৰ প্ৰতি আকৃষ্ট হ’ব বুলি ধাৰণা কৰিছোঁ। সংকলনখনৰ শীৰ্ষ লেখাটোৰ বাদে সূচীপত্ৰত থকাৰ ধৰণেৰে আনসমূহ লেখাৰ শীৰ্ষক হ’লঃ অন্তহীন বিষ্ময়, গোলকীয় উষ্ণতাৰ উষ্ম বিতৰ্ক, আকাশত নতুন চকু, চিনেমেথিক্সঃ চিনেমাৰ গণিত, মহানাদৰ আঁত বিচাৰি, ফ্লপী ডিস্কৰ মৃত্যু, ‘হেংঅ’ভাৰৰ বিজ্ঞান, চকুৰ বিজুলী নে মনৰ বিজুলী?, মনালিছাৰ হাঁহি, ছুপাৰবাগ, চেম্পেন’ বকাৰ বিজ্ঞান, ডা ভিন্সিৰ সপোন, দ্বিমাত্ৰিক পদাৰ্থ, বেলিয়ে আনিব পাৰে বিপৰ্য্যয়, সুপ্ৰাচীন এক তাৰকাৰাজ্য, ষ্টিফেন হৱকিঙলৈ দহোটা প্ৰশ্ন,গানে কি আনে?, অসুখ-বিসুখ আৰু পদাৰ্থবিজ্ঞান, জাপানৰ ভূমিকম্পটো, অতিপৰিবাহিতাৰ শতবৰ্ষ, আইনষ্টাইনৰ কথাই ঠিক, প্ৰতিপদাৰ্থ আৰু কৃষ্ণ পদাৰ্থৰ সন্ধানত, ম’বাইল ফোন আৰু কেন্সাৰ; বিদায়, মহাকাশ ফেৰী; ভেষ্টা, চিৰীজ আদি আমাৰ পৃথিৱীৰ অঙহী-বঙহীসকল, জোনবাইৰ বয়স, হীৰাৰে গঠিত গ্ৰহ, নাৰ্চিছিজমৰ ক্ৰমবিকাশঃ অত্যধিক আত্মবিশ্বাস, নিউট্ৰিনৰ গতিবেগ আৰু আইনষ্টাইন; বিদায়, টেভাট্ৰন!, প্ৰথম ছল্‌ভে সন্মিলনৰ এশ বছৰ, সাতশ কোটি মানুহ!, খাদ্যৰ তিতা-মিঠা, সৌৰজগতৰ সীমান্তত ভয়েজাৰ, বেলিৰ বুকুৰ ধুমুহা, বিষাক্ত বতাহ , ঈতা কাৰিণাই শেষৰ সেইদিন, আলোকোত্তৰ বেগৰ নিউট্ৰিন’ৰ দশা!, কেতকী গুলাব জুহি চম্পকবন ফুলে, মহাজাগতিক নিসংগতাঃ মাউৰা গ্ৰহ আৰু তৰা, সংগীত আৰু মানুহৰ দৰ্শন-চেতনা; বিশ্বাসে মিলয় হৰি, তৰ্কে বহুদূৰ; হাতত কফি একাপ লৈ খোজ  কাঢ়ি গ’লে পৰে, কিয়?, শুক্ৰ গ্ৰহৰ অতিক্ৰমণ, মানৱ-দেহৰ ‘ভাল’ বেক্টেৰিয়াবোৰ, ঈশ্বৰ কণিকাৰ অপেক্ষাত, অৱশেষত ঈশ্বৰ কণিকাৰ সন্ধান!, কেন্সাৰৰ নতুন চিকিৎসা পদ্ধতিৰ সম্ভাৱনা, অদৃশ্যমান তাৰকাৰাজ্য, মঙল গ্ৰহত কিউৰিঅ’ছিটী, মহানাদ নে মহাশীতলতা?, কৰ্ণকীটঃ আমাৰ মনত গান এটা লাগি ধৰে কিয়?, এবিচি কঞ্জেক্‌ছাৰৰ সমাধান?, বাইফাইঃ জীৱবৈজ্ঞানিক ইণ্টাৰনেট, আটাইতকৈ অপ্ৰীতিকৰ ধবনিকেইটা, মহাজাগতিক চোৰ, কাৰ্বন নেন’টিউবভিত্তিক কম্পিউটাৰৰ দিশে, আইনষ্টাইনৰ মস্তিষ্ক  সবাতোকৈ প্ৰাচীন ডাইনোচৰ।


বিপুলজ্যোতি শইকীয়া ‘ৰামানুজন’, ‘সোণালী সংখ্যা’, ‘লিঅ’নাৰ্ডো ডা ভিঞ্চি’, ‘ঈশ্বৰ কণিকা আৰু অন্যান্য প্ৰবন্ধ’, ‘এলবাৰ্ট আইনষ্টাইন সমীপেষু’, ‘গানৰপৰা বিজ্ঞানলৈ’ আদি বিজ্ঞান বিষয়ক গ্ৰন্থৰ লগতে অনূদিত বিজ্ঞান-গ্ৰন্থ ‘বিষ্ময়কৰ চিপ’ৰো স্ৰষ্টা। আলোচ্য সংকলনখনিত বৰ্ণিত বিজ্ঞানৰ বিষয়বোৰৰ কোনো কোনোটোৰ ক্ষেত্ৰত  যোৱা বছৰকেইটাত বিজ্ঞানৰ গৱেষণাই নতুন নতুন তথ্যৰো সন্ধান দিছে । অনিসন্ধিৎসু পাঠক মাত্ৰেই সেইসমূহ নিজেই বিচাৰি উলিয়াব পাৰিব। সামগ্ৰিকভাৱে সংকলনখনৰ বিষয়বস্তুৰ আলোচনাসমূহে একবিংশ শতিকাৰ অসমীয়া পাঠকৰ মনত যে বিজ্ঞান-চেতনা তথা বিজ্ঞান-মনষ্কতাৰ এক অনুৰাগ তথা সাঁচ সুগভীৰভাৱে বহুৱাবলৈ সক্ষম হ’ব, এগৰাকী সাধাৰণ বিজ্ঞান-অনুৰাগী পাঠক হিচাপে সেই  কথা মই  গভীৰভাৱে বিশ্বাস কৰোঁ।

***

(লেখক ডিব্ৰুগড়ৰ  ডি. এইচ. এছ্‌. কে. বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান। ম’বাইল ফ’নঃ ৯৮৫৪৪-৩১৮৬৮)

No comments:

Post a Comment