শ্রীমন্ত শংকৰদেৱ সঙ্ঘই আৰু বহুদূৰ বাট অতিক্রম কৰিব লাগিব
অজন্ত কুমাৰ বৰা
শ্রীমন্ত শংকৰদেৱ সঙ্ঘ কেৱল উত্তৰ-পূর্বাঞ্চলৰে নহয় সমগ্র ভাৰতবর্ষৰ ভিতৰতে সর্ববৃহৎ, শক্তিশালী আৰু অৰাজনৈতিক অনুষ্ঠান । অনুষ্ঠানটিৰ লক্ষাধিক অনুগামী আৰু ভক্ত আছে । এখন সংবিধানৰ আধাৰত এই অনুষ্ঠানৰ কাম-কাজ পৰিচালিত হয় ।
কিছুদিনৰ পৰা লক্ষ্য কৰিছো বিভিন্ন কাৰণত এই মহতী অনুষ্ঠানটো অবাঞ্ছিত বিতর্কৰ চাকনৈয়াত সময়ে সময়ে সোমাই পৰিছে । বিতর্ক - সংঘাত - সংকটত পৰি অনুষ্ঠানটোৰ মজিয়াত কিছু কঁপনিও সৃষ্টি হৈছে। একাংশই একো নজনাকৈয়ে শ্রীমন্ত শংকৰদেৱ সঙ্ঘক সমালোচনা কৰিছে, তাচ্ছিল্য কৰিছে । মানুহৰ যিদৰে ভুল হয় , অনুষ্ঠান-প্রতিষ্ঠান- সংগঠনৰো ভুল হয় । কাৰণ ইবোৰ মানুহৰ দ্বাৰাই পৰিচালিত হয় । ইতিবাচক কথা-বতৰাৰ মাধ্যমেৰে ভুলবোৰ শুধৰাব পাৰি । অনুষ্ঠান এটা গঢ়ি উঠাৰ ইতিহাস নজনাকৈয়ে সমালোচনা কৰাতো একেবাৰে উচিত নহয় । এই কথা সত্য যে শ্রীমন্ত শংকৰদেৱ সঙ্ঘ অসমীয়া জাতীয় জীৱনৰ অন্যতম হিমালয়, যি হিমালয়ৰ সুউচ্চ শৃংগক সৰু সৰু হিমপ্রবাহে স্পর্শ কৰিবগৈয়ে নোৱাৰে । একেবাৰে পাতল, তৰল আৰু টুলুঙা যুক্তিবোৰত নিজৰ চৰিত্র-বৈশিষ্ট্যহে প্রকাশ পাই ।
সর্বগুণাকৰ শ্রীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিব লাগে বুলি আমি সদায়ে কৈ আহিছো । অথচ এই গৰাকী যুগ নায়কক আমি আজি পর্যন্ত সর্ব ভাৰতীয় পর্যায়তে শক্তিশালীৰূপত প্রতিষ্ঠা কৰিব নোৱাৰিলো , বিশ্ব দৰবাৰতো বহু দূৰতে থাকিল । অসমৰ দৰে এটি প্রান্তীয় অঞ্চলত আৱির্ভাৱ হোৱা এই গৰাকী মহাপুৰুষক আচলতে আমি প্রথমতে আমাৰ হৃদয়ত , আমাৰ ঘৰখনত প্রতিষ্ঠা কৰিব লাগিব। তেতিয়া বিশ্ব দৰবাৰত গুৰুজনাক প্রতিষ্ঠা কৰাৰ দুৱাৰ আৰু কিছু মুকলি হ'ব। পৰীক্ষাত শংকৰদেৱৰ ৰচনাখন লিখাৰ জোখাৰে শংকৰদেৱ চর্চা কৰিলে বিশ্ব দৰবাৰতো বাদেই ৰাজ্যখনৰ আশে পাশেও তেৰাক প্রতিষ্ঠা কৰা সম্ভৱ নহয় । শ্রীমন্ত শংকৰদেৱ সঙ্ঘই শংকৰদেৱক বিশ্ব দৰবাৰলৈ নিবলৈ অহৰহ প্রচেষ্টা-প্রয়াস কৰি আহিছে আৰু কিছু সফলো হৈছে । শংকৰদেৱৰ গীত- মাত প্রচাৰ - প্রসাৰত শংকৰ সঙ্ঘই সর্বাধিক গুৰুত্ব দি আহিছে । তদুপৰি শ্ৰীমন্ত শংকৰ সংঘৰ উদ্যোগত 'মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ' নামৰ এখন বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হৈছে । ইতিমধ্যে ধুবুৰী , গুৱাহাটী , নগাঁও আৰু যোৰহাটত বিশ্ববিদ্যালয়খনৰ চাৰিটা শাখা আৰম্ভ হৈছে । বিশ্ববিদ্যালয়খনত কেৱল সঙ্ঘৰ পঞ্জীয়নভুক্ত পৰিয়ালৰ ছাত্র-ছাত্রীসকলেহে পঢ়িব পাৰিব আনে নোৱাৰে এনে কোনো নীতি নিয়ম নাই । অসমৰ সকলো জনগোষ্ঠীক সমানে গুৰুত্ব দি এইখন বিশ্ববিদ্যালয়ত পাঠদান কৰা হয় ।
শংকৰদেৱ সঙ্ঘই যুৱ সমাৰোহ, আই মাতৃ সমাৰোহৰ আয়োজন কৰি যুৱক-যুৱতী সকলৰ মাজত , আই সকলৰ মাজত আধ্যাত্মিক চেতনা জাগৃত কৰাৰ লগতে সংস্কাৰ, আচাৰ-ব্যৱহাৰৰ এক আদর্শনীয় পৰিৱেশ গঢ়ি তুলিবলৈ যৎপৰোনাস্তি কৰি আহিছে । আন অনুষ্ঠান বা সংগঠনত এনে পৰিৱেশ নাই । শংকৰদেৱ সংঘই সামগ্রিক অর্থনৈতিক উন্নয়নৰ ক্ষেত্রতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
এইধৰণৰ ইতিবাচক, বিদ্যায়তনিক কথাবোৰৰো আলোচনা , প্রচাৰ-প্রসাৰ হোৱা ভাল । বাকী শংকৰদেৱক ভিত্তি কৰি গঢ়ি উঠা আন ধর্মীয় অনুষ্ঠানবোৰ এই দিশবোৰত প্রায় বিফল । সময়ৰ সোঁতত সকলোৰে পৰিৱর্তন হোৱাতো স্বাভাৱিক আৰু এই পৰিৱর্তন গ্ৰহণ কৰিব পাৰিব লাগিব । আমাৰ অনুভৱ সময়ৰ লগে লগে শংকৰদেৱ সংঘই সঙ্ঘৰ মজিয়াত প্রগতিশীল বাতাৱৰণৰ এক পৰিৱেশ সৃষ্টি কৰিব লাগিব । অসমৰ সর্বাধিক গণ সমর্থন লাভ কৰিবলৈ সঙ্ঘই আৰু বহুদূৰ বাট অতিক্রম কৰিব লাগিব ।
মহাপুৰুষ জনাৰ দৰে সমাজ বিজ্ঞানী, প্রজ্ঞাশীল- চিন্তাশীল ব্যক্তি, দ্রষ্টা- স্রষ্টা সর্বগুণাকৰ বিশ্বতে বিৰল । অথচ তেৰাৰ লক্ষ্য- আদর্শ - উদেশ্য অনুকৰণ কৰাত, প্রতিষ্ঠা কৰাত আমি দুখ লগাকৈ বিফল হৈছো । মাহটোৰ এদিন আমি ঘৰখনত শংকৰদেৱ চর্চা কৰি পাইছোঁনে ? নলিনীধৰ ভট্টাচার্যই কৈছিল - " আমি শংকৰদেৱৰ তত্ত্বৰে নিজক বিবেকসম্পন্ন কৰিবলৈ চেষ্টা কৰাৰ উপৰি তেওঁ দি থৈ যোৱা কলা-সংস্কৃতিৰ ৰক্ষণাবেক্ষণ , তাৰ প্রচাৰ আৰু তেওঁ দি থৈ যোৱাৰ আধাৰতে নতুন কিবা সৃষ্টিৰ প্রয়াস আমি কৰিব পাৰো । উদাহৰণ স্বৰূপে এসময়ৰ জাতীয় নাটশাল নামঘৰটোলৈ মন কৰক । এতিয়া নামঘৰৰ অৱস্থা জৰাজীর্ণ । এই নামঘৰতেই নাম প্রসংগ নিয়মীয়াকৈ হয় নে ? যিখিনি কৰে সেইখিনি নিৰাসক্তভাবে কৰেনে ? আমাৰ সত্র, সংঘ আৰু অন্যান্য শংকৰী অনুষ্ঠানসমূহে এই বিষয়ে চিন্তা কৰিবৰ হ'ল । সত্র সঙ্ঘই হওক বা শংকৰ সংঘই হওক বছৰেকীয়া সভা সমিতি পাতি বুজন সংখ্যক টকা খৰচ কৰাতে যদি আবদ্ধ থাকে তেন্তে শংকৰদেৱক আমি মহিমান্বিত কৰিব নোৱাৰিম । চৰকাৰে কৰি দিব বুলিও আমি ভবাটো যুক্তিসংগত নহয়, কিয়নো আমাৰ চৰকাৰ আৰু আমোলাতন্ত্র যি সকলৰ হাতত ন্যস্ত তেওঁ বিলাকৰ অন্তর্দৃষ্টি , বৌদ্ধিক চর্চা , দেশপ্রেম আৰু জীৱন জিজ্ঞাসা নাই । "
মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতিক 'বিশিষ্ট আয়তন' দি থৈ গৈছে। তেখেতৰ আদর্শৰে পৰিচালিত হৈ আমি নিভাঁজ- নিখুঁত এখন সমাজ প্রগতিশীল সমাজ নির্মাণ কৰিব পৰা নাই । এয়া জাতিটোৰ বাবেই কম দুর্ভাগ্যজনক নহয় । বর্তমান অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতিক কিছুমান অপশক্তিয়ে নি:শেষ কৰাৰ নিকৃষ্ট ষড়যন্ত্র কৰিছে । শ্রীমন্ত শংকৰদেৱ- মাধৱদেৱৰ নীতি- আদর্শ , চিন্তা ভাবনাৰো অপব্যাখ্যা কৰা হৈছে । একাংশই দুয়োজনা গুৰুক নস্যাৎ কৰিবৰ বাবে অতি গোপনে পৰিকল্পনা কৰিছে । নিজৰ সংস্কৃতি-পৰম্পৰাক আগত লৈ অসমীয়া জাতি আগবাঢ়ি গ'লে বিশ্বৰ কোনো অপশক্তিয়ে অসমীয়া জাতিক নিশেষ কৰিব নোৱাৰে আৰু যেতিয়াই অৱমাননা কৰিবলৈ ল'ব তেতিয়া কোনো শক্তিয়ে জাতিটোক ৰক্ষা কৰিব নোৱাৰিব ।
শংকৰদেৱ সঙ্ঘই শংকৰদেৱৰ নীতি-আদৰ্শ এৰি ৰাজনৈতিক দিশত কাম কৰিছেনেকি ? অথবা সমাজ বিৰোধী, অসমীয়া জাতি বিৰোধী কাম কৰিছে নেকি? সঙ্ঘই এনে কোনো কাম কৰা চকুত পৰা নাই । সঙ্ঘই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ বৰ অসম গঢ়াৰ বাবেহে কাম কৰি আহিছে । কিন্তু ইয়াৰ মাজতে সংঘৰ দুই-এক বিষয়ববীয়াই মাজে-সময়ে অভিযোগ উত্থাপন কৰে যে সংঘৰ শীর্ষ বিষয়বাবত থকা একাংশই সংঘৰ মজিয়াত ৰাজনীতি কৰাৰ অপচেষ্টা কৰে । যদি এনে কৰিছে ইয়ো বিচার্যৰ বিষয় । সময় থাকোতেই সংঘৰ মজিয়াতে এনে বিষয়বোৰ আলোচনা হোৱা উচিত ।
লেখকৰ ফোন নম্বৰঃ 7636822985
No comments:
Post a Comment