অসমীয়া ই-আলোচনী আৰু ইয়াৰ গতি-প্ৰকৃতি
পংকজজ্যোতি মহন্ত
শেহতীয়াকৈ ‘অসম সাহিত্য সভা’ৰ অধিৱেশনত অনুষ্ঠিত হৈছিল ‘ডিজিটেল সাহিত্য সন্মিলন’। এই আলোচনা সত্ৰতে অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ গ্ৰহণ কৰি মঞ্চত 'অসমীয়া ই-আলোচনী'ৰ বিষয়ে কিছু কথা উত্থাপন কৰিলৈ সুযোগ পাইছিলো। লেখাৰ মাধ্যমেৰে কথাবোৰ প্ৰকাশ কৰি ভাল পাওঁ, সেয়ে বিষয়টোৰ সম্পৰ্কত কিছু কথা লিখি উলিয়াইছিলোঁ, আৰু আপোনালোকৰ সমুখত প্ৰকাশ কৰিব বিচাৰিছোঁ।
আমি আজি যিখন পৃথিৱী লাভ কৰিছোঁ, সেইখনক গঢ়ি তোলা এটা প্ৰধান উপাদান হৈছে ছপাশাল। গুটেনবাৰ্গে ছপাশালৰ বিকাশ সাধন কৰা খবৰটো পাবলৈ বা সেই ছপাশাল অসম আহি পাবলৈ তিনিশ বছৰ সময় লাগিছিল। তলস্তয়ে তেওঁৰ অমৰ উপন্যাস ‘যুদ্ধ আৰু শান্তি’ যেতিয়া লিখি আছিল, তেতিয়া অসমীয়া ভাষাৰ প্ৰথম উপন্যাস লিখোঁতা, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱা জন্মই হোৱা নাছিল। কিন্তু বৰ্তমানৰ ডিজিটেল ব্যৱস্থাই এই ব্যৱধানটো নাইকীয়া কৰি পেলালে।
প্ৰৱন্ধঃ ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ প্ৰস্তুতি পৰ্ব :: ড° বুলজিৎ বুঢ়াগোহাঁই
যোৱা দহ বছৰত অসমীয়া ই-আলোচনীসমূহত, কোনো কোনো ক্ষেত্ৰত অতি উৎকৃষ্ট কাম সম্পন্ন হৈছে। অধিক সংখ্যক পাঠকৰ মাজলৈ যোৱাতেই হওক বা বিষয়-বস্তুৰ ক্ষেত্ৰতে হওক। উদাহৰণস্বৰূপে চাওক, ইণ্টাৰনেটৰ জনক বুলি কোৱা হয়-- ভিণ্ট চাৰ্ফ আৰু বব কানক। আইনষ্টাইন, এডিছন আদিৰ দৰে ভিণ্ট চাৰ্ফ এজন অমৰ বিজ্ঞানী। ইণ্টাৰনেটৰ জন্মদাতা, সেই ভিণ্ট চাৰ্ফৰ সম্পূৰ্ণ আছুতীয়া সাক্ষাৎকাৰ আমাৰ ‘গণিত চ’ৰা’ ই-আলোচনীত প্ৰকাশ পাইছে। দুজনকৈ ফিল্ডছ মেডেলিষ্টৰ আছুতীয়া সাক্ষাৎকাৰ প্ৰকাশ পাইছে। আৰু সেইবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰিও প্ৰকাশ কৰা হৈছে। সাহিত্য ডট অৰ্গত শিশু-সাহিত্য লিখি সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। ‘মুক্ত-চিন্তা’ ই-আলোচনীখনলৈ যদি চোৱা হয়, তাৰ প্ৰায় প্ৰতিটো লেখাত অধ্যয়ন, বিশ্লেষণ আৰু সমাজৰ প্ৰতি তীক্ষ্ণ দৃষ্টি দেখা যায়। সেইদৰে ‘অসমীয়াৰ সুখ-দুখ’, ‘ফটাঢোল’, ‘সন্ধান’, ‘মণিকূট’, ‘মহাবাহু’ আদি ই-আলোচনীবোৰৰ বহুতো লেখা উচ্চমানৰ। ‘অনুবাদক’ ই-আলোচনীখনে ভাল ভাল লেখা অনুবাদ কৰিছে। এইদৰে, প্ৰবন্ধ, তথ্য বা জ্ঞান বিস্তাৰৰ ক্ষেত্ৰত ভালেখিনি কাম হৈছে। ইয়াৰ কিছুমান কাম হয়তো ছপা আলোচনীতকৈ অতি উচ্চখাপৰ।
কিন্তু, গল্প, কবিতা, উপন্যাস আদিৰ ক্ষেত্ৰত ই-আলোচনীসমূহ কিছু পিছ পৰি আছে। গল্পৰ কথাই কওঁ। নিজৰ শ্ৰেষ্ঠতম গল্পটো যেতিয়া কোনোবাই লিখে, সেইটো প্ৰকাশৰ বাবে ‘গৰীয়সী’, ‘সাতসৰী’, ‘প্ৰকাশ’, ‘প্ৰান্তিক’ আদিলৈ পঠিয়াবই লাগিব। এই ক্ষেত্ৰত ‘অন্যযুগ’ আলোচনীখনৰ কিছু প্ৰচেষ্টা দেখা যায়। কিন্তু সেয়াও পৰ্যাপ্ত হ’বলৈ বাকী আছে। এই ক্ষেত্ৰত সম্পূৰ্ণ সুকীয়াকৈ, দূৰদৰ্শী আৰু দৃঢ় প্ৰচেষ্টা এটাৰ প্ৰয়োজন আছে। তাৰ বাবে এজন বিশেষ সম্পাদক লাগিব। চন্দ্ৰপ্ৰসাদ শইকীয়া বা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এজনেই। সেইধৰণৰ প্ৰত্যাহ্বানটো ই-জগতখনতো কোনোবাই ল’ব লাগিব। যদি তেনেকুৱা এখন ই-আলোচনী ওলায়, তেন্তে অসমীয়া ভাষা-সাহিত্য বহু দিশৰ পৰা সমৃদ্ধ হ’ব।
ইতিমধ্যে প্ৰকাশিত অসমীয়া ভাষাৰ যিসমূহ শ্ৰেষ্ঠ গল্প, তাৰে কিছু সংখ্যক ডিজিটেল জগতত প্ৰকাশ পোৱাটোও প্ৰয়োজন। এই ক্ষেত্ৰত ‘nezine’ ই-আলোচনীখনে কিছু কাম কৰিছে। ‘নীলা চৰাই’ ই-আলোচনীখনেও অলপ কৰিছে।
এইবাৰ মনোজ কুমাৰ গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা আৰু ড৹ প্ৰণৱজ্যোতি ডেকাই অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছে। তেওঁলোকৰ নাম আগতে নুশুনা কোনোবা কলেজীয়া ছাত্ৰই ইণ্টাৰনেটত বিচাৰিলে মনোজ কুমাৰ গোস্বামীৰ কেৱল এটা গল্প পাব। সেইটো nezine আলোচনীখনত আছে। প্ৰণৱজ্যোতি ডেকাৰ এটাও গল্প ক’তোৱেই নাই। সেইদৰে, পৰহিলৈ বিদায় ল’বলগীয়া সভাপতি কুল শইকীয়াৰ এটা গল্প nezine আলোচনীখনত আছে।
যদিহে তাহানি দিনৰ পৰা আজিলৈকে অসমৰ বিশিষ্ট গল্পকাৰসকলৰ প্ৰত্যেকৰে কমেও পাঁচটাকৈ গল্প পোৱা যায়, অতি ভাল কথা হ’ব। ই গ্ৰন্থ ব্যৱসায়ত বেয়া প্ৰভাব নেপেলায়, হয়তো ভাল প্ৰভাৱহে পেলাব। আৰু ইয়াৰ দ্বাৰা লেখকসকল নিজেও অধিক মানুহৰ কাষলৈ যাব পাৰিব। কম বয়সৰ গল্পকাৰসকলে নিজৰ ফালৰ পৰাও এই ক্ষেত্ৰত অলপ আগভাগ ল’লে যথেষ্ট সুপ্ৰভাৱ পৰিব। কেৱল গল্পই নহয়, শ্ৰেষ্ঠ প্ৰবন্ধ, শ্ৰেষ্ঠ সাহিত্য-সমালোচনা আদি সকলো দিশতে এই কাম বাকী আছে।
আন এটা অতি প্ৰয়োজনীয় বস্তু হৈছে অসমীয়া সাহিত্য, অসমৰ অৰ্থনীতি, ৰাজনীতি, সংস্কৃতি আদি সকলো বিষয় সামৰি লৈ এখন অনলাইন জাৰ্নেল। আজিকালি সকলো জাৰ্নেল অনলাইনত প্ৰকাশ পায়। WordPress, Blogger আদি ব্যৱস্থাবোৰ ওলোৱা লগে লগে ক’ডিঙৰ জটিল কামবোৰ নকৰাকৈয়ো ই-আলোচনী উলিওৱাটো সহজ হৈ পৰিল। অসমীয়া ই-আলোচনীসমূহো তেনেকৈ প্ৰকাশ হৈছে। জাৰ্নেল একোখন উলিওৱাৰো সুকীয়া কাৰিকৰী ব্যৱস্থা আছে, সেইটো আমি গ্ৰহণ কৰিব লাগে।
শান্তনু কৌশিক বৰুৱাই প্ৰায় ২৫শ পৃষ্ঠাৰ ‘সংক্ষিপ্ত অসম বিশ্বকোষ’ প্ৰণয়ন কৰি আছে, তাৰে প্ৰকাশিত প্ৰথম খণ্ডত মই কাইথেলী অংকৰ বিষয়ে লিখিছিলোঁ। তেতিয়া, ‘গণিত চ’ৰা’ ই-আলোচনীৰ সহ-প্ৰতিষ্ঠাপক ড৹ মঞ্জিল প্ৰতিম শইকীয়াই মোক ড৹ দীনেশ বৈশ্যৰ থেচিছখন দিছিল, তেওঁ এগৰাকী লেখক আৰু বি. বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। দীনেশ বৈশ্যই ডক্টৰেট ডিগ্ৰী লৈছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা, ড৹ বীৰেন্দ্ৰনাথ দত্তৰ তত্ত্বাৱধানত। বীৰেন্দ্ৰনাথ দত্ত আছিল অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ অধিৱেশনৰ সভাপতি। তেওঁলোকে অসম তথা উত্তৰ-পূৱ ভাৰতৰ পৰম্পৰাগত জ্ঞান-চৰ্চাত বিজ্ঞান-প্ৰযুক্তি সম্পৰ্কে গৱেষণা কৰিছিল, আৰু সেই থেচিছখনত কাইথেলী অংক সম্পৰ্কতো বিস্তৃতভাবে আছে। (এইখিনিতে উল্লেখ কৰিব পাৰি যে, থেচিছখনত এটা অংকৰ উত্তৰত ভুল ৰৈ যোৱা দেখা পাইছিলোঁ, অৱশ্যে তাৰ বাবে তেওঁলোকৰ মূল গৱেষণাত কোনো প্ৰভাৱ নপৰে।) মই আন আন বস্তুও পঢ়িছিলোঁ, কিন্তু থেচিছখনেও সহায় কৰিছিল। এতিয়া চাওকচোন, তেওঁলোক দুজন হৈছে ‘সংস্কৃতি অধ্যয়ন বিভাগ’ৰ ছাত্ৰ বা অধ্যাপক, কিন্তু বিশ্বকোষৰ পাঠকসকল বা মই নহয়। অথচ আমাৰো কামত আহিছে। যদি এখন গৱেষণা-পত্ৰ ৰূপে সেইখিনি অনলাইন জাৰ্নেল এখনত থাকিলহেঁতেন, কিমান কামত আহিলহেঁতেন! এই কামটোক জ্ঞানৰ সম-বিতৰণ বুলি ক’ব পাৰি। ইয়াৰ হকে বিশ্বত ঠায়ে ঠায়ে বহু যুঁজ চলি আছে। জ্ঞানৰ সম-বিতৰণে সভ্যতাৰ বিকাশত সহায় কৰে।
অসমীয়া ভাষা-সাহিত্য আৰু সভ্যতাৰ বিকাশত আলোচনীয়ে বিশেষ ভূমিকা লৈ আহিছে। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনতে সভাপতি পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ অভিভাষণত সেই সময়ৰ আলোচনীৰ গুৰুত্ব আৰু তথ্য উল্লেখ কৰিছিল। তেতিয়াৰ পৰা এতিয়ালৈ বহু বৰ্ণাঢ্য অধ্যায় পাৰ হৈ গৈছে। কিন্তু অলেখ অসমীয়া আলোচনী অতি কম দিনতে মৃত্যুও হৈছে। ই-আলোচনীৰ ক্ষেত্ৰতো সেইটো হোৱা দেখা গৈছে। তেনেকুৱা ই-আলোচনীসমূহৰ উন্নত লেখাবোৰ একেঠাইত সংগ্ৰহ কৰিবলৈ আন এক ই-আলোচনীৰ ব্যৱস্থা কৰাৰো প্ৰয়োজন আছে।
এনে কামবোৰত অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানে যদি ভাগ লয়, তেন্তে ভাষাটো সমৃদ্ধ কৰাটো বা অধিক মানুহৰ জ্ঞান-তৃষ্ণা দূৰ কৰাটো সহজ হৈ উঠিব। এই অনুষ্ঠানে তাৰো এক শুভ বাৰ্তা দিছে। ধন্যবাদ। চিৰ চেনেহী মোৰ ভাষা জননী।
No comments:
Post a Comment