মনৰ কথাঃ হিংসাত্মক অপৰাধৰ আঁৰৰ মনৰ জগত আৰু মেডিয়াৰ সংযমশীলতা :: দীপাংকৰ মল্ল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ হিংসাত্মক অপৰাধৰ আঁৰৰ মনৰ জগত আৰু মেডিয়াৰ সংযমশীলতা  :: দীপাংকৰ মল্ল বৰুৱা

মনৰ কথাঃ হিংসাত্মক অপৰাধৰ আঁৰৰ মনৰ জগত আৰু মেডিয়াৰ সংযমশীলতা :: দীপাংকৰ মল্ল বৰুৱা

Share This

হিংসাত্মক অপৰাধৰ আঁৰৰ মনৰ জগত আৰু মেডিয়াৰ সংযমশীলতা

দীপাংকৰ মল্ল বৰুৱা

হিংসাত্মক অপৰাধৰ আঁৰৰ মনৰ জগত আৰু মেডিয়াৰ সংযমশীলতা, দীপাংকৰ মল্ল বৰুৱা, asomiyar xukhdukh, media trial on crime news
(১)

আমাৰ সমাজত কেতিয়াবা কিছুমান মানুহৰ কাম কাজে হতচকিত কৰি তোলে। সদায় এক সামাজিকভাৱে উজ্জ্বল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি এজনেও এনে কিছুমান কাম কাজত লিপ্ত হ’ব পাৰে যিবোৰে আন মানুহক আচৰিত কৰে। আমি বাতৰি কাকততো এনে কিছুমান খবৰ পঢ়িবলৈ পাওঁ, যিবোৰত একোজন সাধাৰণ মানুহ হত্যাকাৰীলৈ পৰিবৰ্তিত হয়। শেহতীয়াকৈ এনে বহুতো বিষ্ফোৰক হিংসাত্মক ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। হয়তো মানুহৰ ক্ৰমবৰ্ধমান মানসিক অস্থিৰতা আৰু মানসিক ভাৰাসাম্যহীনতাই এই ক্ষেত্ৰত বিপুলভাৱে প্ৰভাৱিত কৰিছে।

হিংসাত্মক অপৰাধৰ আঁৰৰ মনৰ জগত আৰু মেডিয়াৰ সংযমশীলতা, দীপাংকৰ মল্ল বৰুৱা, asomiyar xukhdukh, media trial on crime news

আজি কিছুদিনৰ ঘটনা প্ৰবাহৰ পৰা এনে অনুভৱ হৈছেযে আমাৰ সমাজত মানুহৰ হিংসাত্মক আচৰণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এনে আচৰণৰ কাৰণ একোটা মানসিক ৰোগো হ'ব পাৰে। মানসিক ৰোগৰ পৰিসৰ বিস্তৃত আৰু এনে ৰোগে ব্যক্তিৰ চিন্তাধাৰা, আৱেগ আৰু আচৰণত প্ৰভাৱ পেলাব পৰা বহুতো অৱস্থাক সামৰি লয়। 


দুৰ্ভাগ্যজনকভাৱে মানসিক ৰোগত আক্ৰান্ত কিছুমান ব্যক্তিয়ে হত্যা বা আত্মহত্যাৰ দৰে হিংসাত্মক আচৰণত লিপ্ত হোৱাৰ আশংকা বৃদ্ধি পায়। শেহতীয়াকৈ আমি এই ধৰণৰ কাণ্ড বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ, আৰু সেয়েহে এনেবোৰ কাণ্ডত অৰিহণা যোগোৱা অন্তৰ্নিহিত কাৰকসমূহ বিশ্লেষণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।


হিংসাৰ লগত জড়িত অন্যতম মানসিক ৰোগ হ’ল স্কিজ’ফ্ৰেনিয়া (Schizophrenia)। এই ৰোগটোৱে আনুমানিক ১% জনসংখ্যাক প্ৰভাৱিত কৰে আৰু ইয়াৰ বৈশিষ্ট্য হৈছে ভ্ৰম, মোহ আৰু বিশৃংখল চিন্তাধাৰা। এনে ৰোগীয়ে নিজৰ আচৰণৰ ভাল, বেয়াৰ বিচাৰ কৰিব পৰা ক্ষমতা হেৰুৱায়। স্কিজ’ফ্ৰেনিয়া হোৱা ৰোগীৰ সৰহ সংখ্যক লোক হিংসাত্মক নহ’লেও অধ্যয়নত দেখা গৈছে যে চিকিৎসা নকৰা স্কিজ’ফ্ৰেনিয়া ৰোগীসকলৰ সঠিক চিকিৎসা গ্ৰহণ কৰাসকলতকৈ হিংসাত্মক আচৰণৰ আশংকা বেছি।


হিংসাত্মক আচৰণত অৰিহণা যোগাব পৰা আন এক মানসিক ৰোগ হ’ল তীব্ৰ মানসিক চাপজনিত বিকাৰ (Post Traumatic Stress Disorder)। এই অৱস্থাৰ কাৰণ হয় কোনো আঘাতজনক পৰিঘটনা, যেনে যুদ্ধ, দুৰ্ঘটনা, যৌন নিৰ্যাতন বা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা বা প্ৰত্যক্ষ কৰা। অতীতত সন্মুখীন হোৱা কোনো ভয়লগা বা লজ্জাজনক ঘটনাই এনে ৰোগীৰ মনোজগত আলোড়িত কৰি ৰাখে। এনে ৰোগীয়ে তীব্ৰ ভয়, উদ্বেগ আৰু পুৰণি স্মৃতিৰ ৰোমন্থন অনুভৱ কৰিব পাৰে, যাৰ ফলত তেনে ৰোগীয়ে আক্ৰমণাত্মক আচৰণ কৰিব পাৰে।


হিংসাৰ লগত জড়িত আন এটা অৱস্থা হ’ল সীমাবদ্ধ ব্যক্তিত্ব বিকাৰ (Borderline Personality Disorder)। এই অৱস্থাৰ বৈশিষ্ট্য হৈছে তীব্ৰ আৰু অস্থিৰ আৱেগ, আৱেগিক আচৰণ আৰু বিকৃত আত্মবোধ। সাধাৰণতে এই ধৰণৰ মানসিক ৰোগীৰ সংখ্যাই অধিক। তেওঁলোক অত্যাধিক আবেগপ্ৰবণ আৰু স্বাৰ্থপৰ হয়। তেওঁলোকে প্ৰায় সকলো মানুহকে নিজৰ শত্ৰু জ্ঞান কৰিবলৈ লয়। সীমাবদ্ধ ব্যক্তিত্ব বিকাৰগ্ৰস্ত বেছিভাগ ব্যক্তিয়ে হিংসাত্মক আচৰণত লিপ্ত নহ’লেও কিছুমানে সৰু সৰু কথাতে তীব্ৰ খং অনুভৱ কৰিব পাৰে, যাৰ ফলত নিজৰ বা আনৰ প্ৰতি হিংসাৰ সৃষ্টি হ’ব পাৰে।


বিশেষকৈ আত্মহত্যাৰ ক্ষেত্ৰত নিজৰ ক্ষতি কৰিব পৰা আন এটা অৱস্থা হ’ল হতাশা। যেতিয়া হতাশাগ্ৰস্ত ব্যক্তিয়ে আশাহীন অনুভৱ কৰে, জীৱনটোকে অনৰ্থক বুলি অনুভৱ কৰে, তেতিয়া তেওঁলোকে আত্মহত্যাক নিজৰ বিষৰ পৰা মুক্তিৰ একমাত্ৰ উপায় হিচাপে ল’ব পাৰে। হতাশাৰ লগত মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ আশংকাও জড়িত হৈ থাকে, যিয়ে হিংসাত্মক আচৰণৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিব পাৰে।


মানসিক ৰোগৰ অন্তৰ্নিহিত কাৰণবোৰ প্ৰায়ে জটিল আৰু বহুমুখী। বংশগত, মানসিক আৰু পৰিৱেশগত কাৰকবোৰে মানসিক ৰোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মানসিক ৰোগৰ চিকিৎসা উপলব্ধ যদিও উপযুক্ত চিকিত্সা লাভৰ ক্ষেত্ৰত এতিয়াও যথেষ্ট অসুবিধা আছে, যেনে মানসিক ৰোগীৰ প্ৰতি সমাজৰ নিচাত্মক মনোভাৱ, আৰোপিত সামাজিক কলংক, বীমাকৰণৰ বাবে অনুপযোগিতা, পেছাদাৰী মানসিক ৰোগৰ স্বাস্থ্যকৰ্মীৰ অভাৱ আদি।

মানসিক ৰোগৰ সৈতে জড়িত হিংসাত্মক আচৰণ বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ আমি এই অৱস্থাসমূহৰ অন্তৰ্নিহিত কাৰণসমূহৰ সমাধান কৰা বহুমুখী পন্থা গ্ৰহণ কৰিব লাগিব। এনে পন্থাত মানসিক স্বাস্থ্যসেৱাৰ সুবিধা বৃদ্ধি কৰা, সামাজিক কলংকৰ পৰিৱেশ হ্ৰাস কৰা, আৰু মানসিক ৰোগ আৰু ইয়াৰ লগত জড়িত বিপদৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আদি অন্তৰ্ভুক্ত হ’ব লাগে। বন্ধুত্বপূৰ্ণ কথা বতৰাৰ জৰিয়তে পৰামৰ্শ দিয়া বা কাউঞ্চেলিং মানসিক ৰোগীৰ বাবে সকাহৰ কাৰণ হ’ব পাৰে। মনৰ সকলো কথা খুলি ক’ব পৰা এজন বন্ধুৰ উপস্থিতিয়েও মানসিক ৰোগ প্ৰশমনত মহৌষধৰ দৰে কাম কৰিব পাৰে।

সামৰণিত ক’ব পাৰি যে হত্যা আৰু আত্মহত্যাকে ধৰি হিংসাত্মক আচৰণৰ বাবে মানসিক ৰোগ এক অৰিহণা যোগোৱা কাৰক হ’ব পাৰে। মানসিক ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ অধিকাংশই হিংসাত্মক আচৰণত লিপ্ত নহ’লেও যিসকলে হিংসাত্মক আচৰণ কৰে, তেওঁলোকৰ বাবে উপযুক্ত চিকিৎসা আৰু যত্নৰ প্ৰয়োজন হয়। মানসিক ৰোগৰ অন্তৰ্নিহিত কাৰণসমূহৰ সৈতে মোকাবিলা কৰাটো অতি প্ৰয়োজনীয় আৰু মানসিক ৰোগীসকলক তেওঁলোকৰ অৱস্থা উন্নত কৰিবলৈ আৰু হিংসাত্মক আচৰণৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ প্ৰয়োজনীয় সহায় আৰু সুবিধা প্ৰদান কৰাটো অতি দৰকাৰী।
(২)
এই যে শেহতীয়াকৈ সংবাদ মাধ্যম, টিভি চেনেলে, ৱেব পৰ্টেলত মুখৰিত হৈছে, বন্দনা নে বন্দিতা। অৰূপ নে অজয়। ধনজিত নে ধনটি। সংবাদদাতা সকলৰ মুখত নামবোৰেই খেলিমেলি হৈ গৈছে। তথাপিও টেলিভিছন, নিউজ পৰ্টেলত প্ৰায় অবিৰত ভাৱে চলি আছে দ্বৈত হত্যাকাণ্ডৰ ভয়ানক খবৰবোৰ।

তদন্তকাৰী বিষয়াজনেও তদন্ত সম্পূৰ্ণ নোহোৱাকৈয়ে ডাঁৰৰ খবৰ ডাঁৰে দিবলৈ মেডিয়াৰ সন্মুখত ভাষ্য প্ৰদান কৰিছে। টিভিৰ সাংবাদিক বোৰে তৰণি নোহোৱাকৈ শেহতীয়া গৰম খবৰৰ সন্ধানত ঢপলিয়াই ফুৰিছে। সকলোকে মছলাদাৰ নতুন খবৰ লাগে। শোকত ভাঙি পৰা বৃদ্ধ পিতৃ মাতৃ, সম্পৰ্কীয় লোক, ওচৰ চুবুৰীয়া কাকো ৰেহাই দিয়া নাই। ঘনে ঘনে টিভিৰ পৰ্দাত দেখুৱাবলৈ ব্ৰেকিং নিউজ লাগে।

তদন্ত সম্পূৰ্ণ নোহোৱাকৈয়ে এটা অপৰাধৰ ঘটনা দ্বায়িত্বজ্ঞানহীন সংবাদমাধ্যম আৰু আৰক্ষীয়ে এখন ৰহস্যঘন টিভি ছিৰিয়েল সদৃশ কৰি পেলাইছে। সকলোৰে যেন একেই উদ্দেশ্য, মানুহক মছলাদাৰ এটা নতুন খবৰ দিব লাগে, মানুহক উত্তেজিত কৰি ৰাখিব লাগে। বিষ্ফোৰক তথ্য লাগে৷

এইখিনিতে প্ৰশ্ন হয় এটা অপৰাধৰ ঘটনাই ইমান বেছিকৈ মেডিয়া কাভাৰেজ পোৱাটো উচিতনে? অপৰাধৰ এনে বহুল প্ৰচাৰে এচাম অপৈনত মগজুৰ মানুহৰ মনত এনে ভাৱৰ সৃষ্টি কৰিব পাৰেযে, এনে অপৰাধ কৰাটো একো ডাঙৰ কথাই নহয়। মানুহক মাৰি পেলোৱাটোও অতি সাধাৰণ কথা বুলি এচাম মানুহে ভাবিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত কম বয়সীয়া ল'ৰা ছোৱালীৰ এক বিকৃত মানসিকতা গঢ়ি উঠিব পাৰে।

সকলো মানুহৰে টিভিৰ পৰ্দাত নিজৰ মুখখন উলিয়াবলৈ অলপ হ'লেও এটা গোপন হাবিয়াস থাকে। মানুহ মাৰিও যে টিভি, বাতৰি কাকতত ওলাব পাৰি এই কথাই কিছুমান মানুহক এনে কামৰ প্ৰতি আকৰ্ষিত কৰাটোও আচৰিত কথা নহয়।

অপৰাধীৰ সকলো কৌশল পুংখানুপুংখভাৱে বাৰে বাৰে আলোচনা কৰি থাকিলে, ভয়ানক দৃশ্যবোৰ বাৰে বাৰে দেখুৱাই থাকিলে কিছুমান মানুহৰ অপৰাধী মানসিকতা গঢ়ি উঠিব পাৰে। মানুহ মাৰি টুকুৰা টুকুৰকৈ কাটি মেঘালয়ত পেলাই থৈ অহাৰ আইডিয়াটো এতিয়ালৈ কিমান অপৰাধীয়ে শিকি ল'লে তাৰ হিচাপ কোনে ৰাখিছে?

তদুপৰি অপৰাধী কেইজনৰ ঘৰৰ মানুহবোৰৰ কেনে অৱস্থা হ'ব পাৰে, সেই কথাৰ প্ৰতিও সংবাদ মাধ্যম অলপ সহানুভূতিশীল হোৱাটো ভাল। একেবাৰে সাধাৰণ ঘৰৰ পিতৃ মাতৃ কেইজনক তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকৰ সন্তানৰ কৃতকৰ্মৰ বিষয়ে বাৰম্বাৰ সোধা পোচা কৰি থকাটো উচিত হোৱা নাই।
সেয়েহে মই ভাবো, এনেবোৰ জঘন্য আৰু ভয়ানক অপৰাধৰ ঘটনা প্ৰচাৰ কৰোঁতে সংবাদ মাধ্যম কিছু সংযত হ'ব লাগে। আৰক্ষীয়েও বাৰে বাৰে সংবাধ মাধ্যমৰ আগত বিবৃতি দি বাহ বাহ লোৱাৰ প্ৰবণতা বাদ দি সোনকালে তদন্ত সম্পূৰ্ণ কৰি দোষীক অনতিপলমে উচিত শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে।

No comments:

Post a Comment